যিবোৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগে…

যিবোৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগে…

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনা ভাইৰাছে অসমত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে । পূৰ্বৰ তুলনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যোৱা কিছু দিনত ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। ৪ ছেপ্টেম্বৰ, ২০২০লৈকে ১,২১,২২৪জন লোক কোৰোনাত আক্ৰান্ত হৈছে অসমত। ইয়াৰে ৯২,৮১৭জন সুস্থ হোৱাৰ বিপৰীতে বৰ্তমান ২৮,১৫৯জন চিকিৎসাধীন হৈ আছে।

কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত মৃত্যু হৈছে ৩৪৫জন লোক।কোৰোনাৰ এই ভয়াৱহতাৰ ছবিৰ মাজতে ৪ ছেপ্টেম্বৰ, ২০২০ত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কোভিড-১৯ৰ বাবে দিয়া আনল'ক প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে।

কেৱল আনল'ক প্ৰত্যাহাৰ কৰাই নহয়, সপ্তাহৰ শনি আৰু দেওবাৰে দিয়া সাপ্তাহিক লকডাউনো উঠাই দিয়া হ'ল। নিশা ভাগত থকা সান্ধ্য আইনো প্ৰত্যাহাৰ কৰিলে ৰাজ্যৰ পৰা। তাৰমাজতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছে যে, এই হাৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিব।

এদিন কোৰোনাত আক্ৰান্ত ৰোগীৰ লগতে আক্ৰান্ত নোহোৱা ৰোগীকো কোভিড চেন্টাৰ বা চিকিৎসালয়লৈ নিয়া এই চৰকাৰে এতিয়া এছিমট'মেটিক ৰোগীসকলক বা সংকটজনক নোহোৱা ৰোগীক হোম কোৱাৰেন্টাইন কৰিছে।

পৰিস্থিতি বহু সলনি হ'ল। পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰৰ ঘোষণা কৰিছে যে- কোভিডৰ সৈতে যুঁজিবলৈ চৰকাৰৰ ধনৰ অভাৱ। চৰকাৰে যি অভাৱৰ বাবে ১২ হাজাৰ কোটি টকা ঋণ ল'ব বুলিও সদৰী কৰিলে।

তাৰমাজতে কিন্তু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইখনৰ পাছত সিখন আঁচনি ঘোষণা কৰি গৈছে ৰাজ্য চৰকাৰে। ৰাজভঁৰালত ধন নাথাকিলেও ঋণৰ ধনেৰে ২০২১চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই তৎপৰতা প্ৰদৰ্শন কৰিছে তেওঁলোকে।

১২ হাজাৰ কোটি টকাৰ ঋণ লৈ এনে নিৰ্বাচনমুখী আঁচনি ঘোষণা কৰা এই চৰকাৰৰ নীতিক লৈ ৰাইজ আচলতে বিবোধিত পৰিছে। ঋণ লোৱাতো সংবিধান প্ৰদত্ত অধিকাৰ বুলি কৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ মহন্ত আৰু তৰুণ গগৈৰ চৰকাৰৰ দিনতো ৰাজ্য চৰকাৰে ঋণ লৈছিল বুলি যুক্তি দৰ্শালেও সাম্প্ৰতিক সময়ত সেই যুক্তি কিমান গ্ৰহণযোগ্য সেই কথা এতিয়া ৰাইজেই আলোচনা কৰিছে।

অসমত এতিয়া সংবাদমাধ্যমৰ ব্যাপক ভিৰ। মুল সুঁতি ছপা মাধ্যমৰ লগতে ইলেকট্ৰনিক মাধ্যম, ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিকৰ জৰিয়তে ৰাজ্য চৰকাৰ বা এই মন্ত্ৰীগৰাকীক অসমৰ ৰাইজে বিভিন্ন প্ৰশ্ন কৰাতো ৰাইজে বিচাৰে।

সংবাদ মাধ্যমেৰে জড়িত লোকসকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে এক গণতান্ত্ৰিক ব্যৱস্থাত শাসক পক্ষৰ প্ৰতি এনে বহু প্ৰশ্ন কৰাৰ অৱকাশ আছে যদিও সেই প্ৰশ্নসমূহ কৰা প্ৰায়ে দেখা নাযায়। সাংবাদিকে নিতৌ হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট প্ৰশ্ন সোধে। এই প্ৰশ্নবোৰৰ মাজত এনে কিছু প্ৰশ্ন ৰৈ যায় যিবোৰ প্ৰশ্ন সাধাৰণতে সোধাৰ অৱকাশ থকাৰ পাছতো সোধা হোৱা নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সুধিব লগা এটা প্ৰশ্ন আছিল- এদিন এই চৰকাৰে কোৰোনাক লৈ যথেষ্ট ক্ষীপ্ৰতাৰ প্ৰদৰ্শন কৰিছিল। কিন্তু এতিয়া কোৰোনা ৰোগীয়ে লাখৰ ঘৰ অতিক্ৰম কৰাত ভৱিষ্যতৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি স্বীকাৰ কৰি লোৱাৰ পাছত আনলক খুলি দি , কোৰোনা ৰোগীসকলক হোম কোৱাৰেন্টাইনত ৰাখি , নিজা খৰচত চিকিৎসা কৰিব লগা এক পৰিস্থিতি সৃষ্টি কৰা কাৰণ কি? ৰাজ্য চৰকাৰে কোৰোনা নিয়ন্ত্ৰণ কৰিব নোৱাৰি হাত দাঙি দিয়াৰ পৰিৱেশ নেকি এতিয়া?

যদি কোৰোনাৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ হাতত ধনেই নাই, তেনেহ'লে নিৰ্বাচনৰ লক্ষ্যৰে শ শ কোটি টকীয়া আঁচনি ৰূপায়নৰ বাবে চৰকাৰে ঋণ লৈ ৰাজ্যবাসীৰ মূৰতে সেই ঋণৰ বোজা জাপি দিয়া নাইনে?

আমি হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগে- অসমৰ সকলো হাস্পতালত কোভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ সুবিধা আছেনে? কিন্তু আমি তেওঁক সোধো- লুৰিণজ্যোতি গগৈয়ে আপোনাক সমালোচনা কৰিছে, ছুপাৰ চি এম বুলি কৈছে। আপুনি এই সন্দৰ্ভত কি কয়?

এনে অনেক প্ৰশ্ন আছে, যিবোৰ প্ৰশ্নৰ সলনি আন কিছু প্ৰশ্নকহে গুৰুত্ব দিয়া হয়। শিক্ষানুষ্ঠানসমূহত শিক্ষাদান বন্ধ হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলে এই শিক্ষাবৰ্ষ পূৰণৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে? এই প্ৰশ্নবোৰৰ বিপৰীতে তেওঁক সুধিবলৈ ভাল পাওঁ তৰুণ গগৈয়ে আপোনাক পিছফালৰ পৰা ছুৰি মৰা বুলি কৈছে। এই সন্দৰ্ভত আপোনাৰ মতামত কি?

কোৰোনাৰ বাবে দেশৰ আৰ্থিক ব্যৱস্থা ভাঙি পৰিছে। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ ফলত অসমৰ আৰ্থিক ব্যৱস্থা কি ধৰণে ক্ষতি হৈছে? সেই ক্ষতি জোৰা মাৰিবলৈ কি কৰিছে চৰকাৰে? সেই প্ৰশ্নও আমি নোসোধো। আমি তেওঁক সুধি ভাল পাওঁ- কংগ্ৰেছ, এআইইউডিএফৰ মিত্ৰতা হ'লে বিজেপিৰ ক্ষতি নহ'বনে?

বান-গৰাখহনীয়া, কোৰোনাৰ মাজতে ৰাজ্যৰ খেতিয়কক বাৰুকৈ জ্বলা-কলা খোৱালে। এই সমস্যা অন্ত কেতিয়া পৰিব কোনেও নাজানে। সেই সকল লোকৰ ভৱিষ্যৎ কি হ'ব? এই প্রশ্ন সোধাৰ সলনি আমি সোধো- আজমলৰ ভৱিষ্যতৰ কথা।

বাঘজানৰ জুই কেতিয়া নুমাব? ক্ষতিগ্ৰস্ত সকলৰ বাবে চৰকাৰে কি ব্যৱস্থা কৰিছে? সেই প্রশ্ন কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক কোনেও সোধা নাই। সুধিছে- আগন্তুক নিৰ্বাচনত আপোনালোকে কিমান আসন পাব?

কোৰোনাত কাম হেৰুওৱাই কৰ্মসংস্থাপনহীন হোৱা লোকসকলৰ বাবে চৰকাৰে কিবা আঁচনি লৈছেনে? সেই কথা আমি জনাৰ আগ্ৰহ ব্যক্ত নকৰো। আমি জানিব বিচাৰো- জুবিনক ৰাতি আক্ৰমণ কৰা হ'ল। আপোনাৰ প্ৰতিক্ৰিয়া কি?

সেই প্ৰশ্নবোৰৰ সৈতে জীৱন-জীৱিকাৰ কথা জড়িত হৈ আছে। এইবোৰ মৌলিক প্ৰশ্ন। এনে মৌলিক প্ৰশ্নৰে আমি জনপ্ৰতিনিধিজনৰ আগত ৰাইজৰ দুখ-ক্ষোভ আৰু মনৰ কথাবোৰ তুলি ধৰাৰ সলনি এনে কিছু প্ৰশ্ন কৰা হয় যিবোৰ অতি সাময়িকহে, কিন্তু প্ৰাসংগিক বুলি ক'ব নোৱাৰি।

অতি চতুৰ আৰু কৌশলী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰশ্নবোৰৰ সন্মুখীন নোহোৱাকৈয়ে তেওঁ যি কয় তাকেই আমি শুনি তাৰ আধাৰতে খবৰবোৰ দিয়াৰ চেষ্টা কৰো। কিন্তু সেই খবৰবোৰৰ অন্তৰালৰ বা ভিতৰৰ পৰিৱেশক মন্ত্ৰীগৰাকীৰ সন্মুখত তুলি ধৰাত আমি ক'ৰবাত বিফল হৈছো নেকি? সেই কথাও সাংবাদিকসকলে অনুভৱ কৰা উচিত।

এই কথাবোৰক লৈ ছ'চিয়েল মিডিয়াতো চৰ্চা হয়। সাধাৰণ লোকে এতিয়া এইবোৰ কথা ছ'চিয়েল মিডিয়াত নিজস্ব ধৰণে আলোচনা কৰে। যিবোৰ প্ৰশ্ন আচলতে সাংবাদিকে এনে জনপ্ৰতিনিধি বা চৰকাৰৰ প্ৰতিনিধিসকলক সোধাৰ প্ৰয়োজন আছে।

ছ'চিয়েল মিডিয়াত আলোচনা কৰা এই গুৰুতৰ কথাবোৰ সাধাৰণ লোকৰ পোষ্ট বুলি আমি এৰাই চলিলে জনস্বাৰ্থবিৰোধী শাসকৰহে শক্তি বৃদ্ধি হ'ব। আনহাতে এনেবোৰ বিষয়ক লৈ আমাৰ নীৰৱতাক সৰ্বসাধাৰণে দুৰ্বলতা অথবা চিন্তাৰ অগভীৰতা প্ৰতিফলন বুলি গণ্য কৰাৰ অৱকাশ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in