পৰেশ বৰুৱাই কি কৈ পঠিয়ালে প্রণৱ কুমাৰ গগৈক…

পৰেশ বৰুৱাই কি কৈ পঠিয়ালে প্রণৱ কুমাৰ গগৈক…

মৃদুল কুমাৰ সন্দিকৈ

'পৰেশ বৰুৱাৰ লগত এবাৰেই কথা পাতিছিলো। তাত মই কিতাপ লিখা নাছিলো। এইবোৰ কথা মই ঘৰলৈ আহিহে শুনিছো।'- প্ৰায় চাৰে তিনি মাহ এক প্ৰকাৰৰ বন্দ্বিত্ব জীৱন কটাই সোশৰীৰে ঘৰলৈ ঘূৰি অহা প্ৰণৱ কুমাৰ গগৈৰ ভাষ্য এয়া।

কুইপ'ৰ এই বিষয়াগৰাকীক আলফাই অপহৰণ কৰি নিছিল ২১ ডিচেম্বৰ, ২০২০ত। তাৰপাছত বহু উৎকন্ঠা। বহু ঘটনা প্ৰবাহ। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সংবাদ মাধ্যমযোগে এই অপহৰণৰ সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যক লৈ দুই পৰিয়ালৰ লগতে ৰাজ্যবাসীৰ মনতো শংকা বিৰাজ কৰিছিল।

মুকলি আকাশৰ তললৈ ৩ এপ্ৰিল, ২০২১ত ঘূৰি আহি প্ৰণৱ কুমাৰ গগৈয়ে পৰিয়ালৰ কাষ পালেহি। কিন্তু ৰাম কুমাৰ ক'ত? দুয়োজন কুইপ'ৰ বিষয়াক একেলগে এৰি দিব বুলি ভবা হৈছিল। কিন্তু সেয়া নহ'ল। ৰাম কুমাৰক লৈ পুনৰ শংকা।

ঘৰখনলৈ খবৰ ল'বৰ বাবে মানুহ আহিছে। সকলোৱে এই সুখৰ সমভাগী হৈছে। চৰম শংকাৰ মাজেৰে আলফা স্বাধীনৰ শিবিৰত সময় অতিবাহিত কৰিছিল প্ৰণৱ কুমাৰ গগৈয়ে। অৱশ্যে ৰাম কুমাৰক লৈ তেওঁ চিন্তিত।

কেনেদৰে তেওঁক অপহৰণ কৰা হৈছিল। এই অপহৰণৰ উদ্দেশ্য কি আছিল? পৰেশ বৰুৱাই কোৱাৰ দৰে আলফা স্বাধীনৰ শিবিৰত তেওঁ এই অভিজ্ঞতাক লৈ কিতাপ লিখিছিল নে? খোৱা-বোৱা, কি কি অসুবিধা পাইছিল তেওঁ? আৰু তেওঁ আলফা স্বাধীনৰ শিবিৰত কি কি দেখিছিল? পুনৰ কুইপ'ৰ কামলৈ ঘূৰি কেতিয়া যাব?

এনে কিছু প্ৰশ্ন স্বাভিকতে মানুহৰ মনত জাগ্ৰত হৈছে। তেওঁক মুক্তি দিয়া খবৰ সকলোৱে দিছে। কিন্তু তেওঁৰ মনত দোলা দি থকা কথাবোৰ কোনোবাই জানো সুধিছে? সেই সময়ত তেওঁৰ মনৰ অৱস্থা কি হৈছিল? প্ৰণৱ কুমাৰ গগৈক সোধা হৈছিল এইবোৰ কথা।

প্ৰণৱ কুমাৰ গগৈয়ে কৈ গৈছিল তেওঁৰ অভিজ্ঞতা। কেনেদৰে তেওঁক অপহৰণ কৰি নিছিল সেই কাহিনীও ক'লে। অৱশ্যে তেওঁ জনালে আলফা স্বাধীনৰ শিবিৰত কোনো গ্ৰন্থ লিখাৰ কামত তেওঁ ব্যস্ত নাছিল। নিৰাপত্তাৰ স্বাৰ্থত তেওঁক ইঠাইৰ পৰা সিঠাইলৈ লৈ যোৱা হৈছিল। দিনৰপাছত দিন খোজকাঢ়িব লগা হৈছিল। তেওঁকো পিন্ধাই দিয়া হৈছিল সামৰিক পোছাক।

ম'বাইলৰ সিটো পাৰে তেওঁ কৈ গৈছিল সেই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা। চিন্তা ব্যক্ত কৰিছিল তেওঁৰ সতীৰ্থ ৰাম কুমাৰক লৈ। ৪ মাৰ্চ ২০২১তে তেওঁৰ কাষৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল ৰাম কুমাৰক। ক'লৈ লৈ গৈছিল তেওঁ নাজানে। তাৰপাছত তেওঁ ৰাম কুমাৰক লগ পোৱা নাই বা তেওঁৰ বিষয়ে একো নাজানে।

মুক্তি দিয়াৰ আগদিনা পৰেশ বৰুৱাই তেওঁৰ সৈতে কথা পাতিছিল। সংগঠনৰ স্বাৰ্থত তেওঁক এনেদৰে আনিব লগা হোৱাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিছিল। আৰু অনুৰোধ জনাইছিল তেওঁৰ অভিজ্ঞতাখিনিক লৈ এখন গ্ৰন্থ লিখিবলৈ।

সেই অনুৰোধ তেওঁ ৰক্ষা কৰিবনে? এই কথাও সোধা হৈছিল। তেওঁ ক'লে- পৰিৱেশ-পৰিস্থিতি চাই সিদ্ধান্ত ল'ব। ক'ত নি তেওঁক ৰখাইছিল সেয়া তেওঁ নাজানে। অনুমানহে কৰিছে সেয়া ম্যানমাৰেই হ'ব। এটা কথা তেওঁ জানিছিল তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে ম্যানমাৰৰ সেনায়ো অভিযান চলাইছিল।

জীৱন হাতৰ মুঠিত লৈ অতিবাহিত কৰিছিল সময়। গম পোৱা নাছিল তেওঁলোকক লৈ কি হৈ আছে। আহিহে শুনিছে বহু খবৰ। তেওঁলোকক চৰম মৃত্যুদণ্ডৰে দণ্ডিত কৰিব বুলি আলফা স্বাধীনে দিয়া বিবৃতি সন্দৰ্ভতে জ্ঞাত নাছিল।

প্ৰণৱ কুমাৰ গগৈয়ে এক বিৰল অভিজ্ঞতা লৈ উভতি আহিল। মানসিকভাৱে তেওঁ ভাগি পৰিছিল। এতিয়াও স্বাভাৱিক হ'ব পৰা নাই। কুইপ'ৰ বিষয়াই তেওঁৰ খবৰ লৈছে। আলফা স্বাধীনে অপহৰণ কৰি নিয়া প্ৰণৱ কুমাৰ গগৈৰ সৈতে হোৱা বাৰ্তালাপৰ লিখিত ৰূপ এয়া-

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনাক যথেষ্ট দিন আলফা স্বাধীনৰ শিবিৰত ৰখালে। শেষ মুহূৰ্তত কেনেধৰণে আপোনাক বিদায় দি পঠিয়ালে?

প্ৰণৱ কুমাৰ গগৈ- বিদায় দিয়া মুহূৰ্তটো মানে এনেকুৱা হ'ল, দিনে দিনে নতুন নতুন ঠাই দেখা, নতুন অভিজ্ঞতাখিনিতো আছেই। বাকী মুক্তি দিয়াৰ কথাটো কোৱাৰ লগে লগে বহু আনন্দ লাগিলে। ২ তাৰিখৰ দিনা প্ৰেছাচিং তাৰপাছত ৩ তাৰিখৰ দিনাখন আপুনি গম পায়েই কেনেকৈ মই ৰিলিজ হৈ আহিলো।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনাক কোন ঠাইত ৰখা হৈছিল সেই কথা আপুনি গম পোৱা নাছিল?

প্ৰণৱ কুমাৰ গগৈ- সেই কথা মই গম পোৱা নাছিলো। আৰু নকয় সুধিলে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপুনি যেতিয়া তাত আছিল তেতিয়া আপোনাৰ স্বাস্থ্য বা খোৱা-বোৱাৰ অসুবিধা হৈছিল নেকি?

প্ৰণৱ কুমাৰ গগৈ- অসুবিধা তেনেকুৱা নাছিল। কিন্তু একেৰাহে খোজেই কাঢ়ি থাকিব লাগে। মোক যি ঠাইৰ পৰা তেওঁলোকে অপহৰণ কৰিছিল তাৰ পৰা প্ৰায় ২৮ দিন খোজকাঢ়ি থাকিবলগীয়া হৈছিল। তাত পোৱাৰ লগে লগে তেওঁলোকে মেডিচিনৰ ব্যৱস্থা কৰিলে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- যিদিনাখন আপোনাক অপহৰণ কৰা হৈছিল, সেইদিনা কেনেধৰণে কি হৈছিল প্ৰকৃততে? বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে। কিন্তু আপোনাৰ মুখৰ পৰা জানিব বিচাৰো আচলতে কেনেদৰে আপোনাক অপহৰণ কৰিছিল?

প্ৰণৱ কুমাৰ গগৈ- দিনটো কাৰ্যসূচী, যিখিনি আমি গধূলি ৰিপৰ্ট কৰো সেইখিনিক লৈ মোৰ অফিচ ৰূমত মই ব্যস্ত আছিলো। তাৰপাছত এজনে খবৰ দিলে যে- আপোনাক বিচাৰি মানুহ আহিছে। মিলিটাৰী ড্ৰেছত মানুহ দুজনমান আহিছিল। বন্দুক দেখুৱাই তেওঁলোকে আমাৰ বাকীখিনি মানুহক বহুৱাই ৰাখিলে। তাৰপাছত মোক সুধিলে আপুনি ইয়াৰে ইনছাৰ্জ নেকি? মই ক'লো- হয়। তাৰপাছত ক'লে আমাৰ লগত কৰ্পাৰেট কৰিব লাগে। আমি আপোনাক লৈ যাম। মই ক'লো- ঠিক আছে। কাৰণ সেইখিনি সময়ত ময়ো জানো যদি আমি পলালো হেঁতেন বা হুলস্থূল কৰিলোহেঁতেন ভুল কিবা এটা হ'লহেঁতেন। বাকী মোক ক'ৰবালৈ নিয়াত যদি কৰ্পাৰেট কৰিব লাগে, তেন্তে নিশ্চয় আলোচনাৰ মাধ্যমেৰে কিবা এটা হ'ব। সেই বাবে তেওঁলোকৰ সৈতে আহিলো। তাৰপাছত পৰিচয় দিলে যে আমি কোনো সৈন্য বাহিনীৰ লোক নহয়, আমি আলফা আৰু এনএছচিএনৰ সদস্য। আপোনাক আমি এতিয়া এটা ঠাইলৈ লৈ যাম। সেইখিনিয়ে কাহিনীটো।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনালোক দুজন ৰাম কুমাৰ আৰু আপোনাক একেলগে অপহৰণ কৰা হৈছিল?

প্ৰণৱ কুমাৰ গগৈ- হয়, একেলগে অপহৰণ কৰিছিল আৰু একেলগে থাকিবলৈ কোৱা হৈছিল। ৪ মাৰ্চৰ দিনা তেওঁক মোৰ পৰা পৃথক কৰি দিলে। উদ্দেশ্যটো সোধাত ক'লে যে দুজনক দুফালৰ পৰা মুক্তি কৰা হ'ব। তাৰপাছত কালি আহিহে গম পাইছো যে ৰাম কুমাৰ এতিয়ালৈ ওলোৱা নাই।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- ৰাম কুমাৰক মুক্তি দিয়া নিদিয়া সন্দৰ্ভত তাত আপুনি কিবা কথা-বতৰা শুনিছিল নেকি?

প্ৰণৱ কুমাৰ গগৈ- নাই শুনা।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এটা কথা কৈছিল যে আপুনি এখন কিতাপ লিখিছিল।

প্ৰণৱ কুমাৰ গগৈ- কিতাপ লিখা নাই। তেখেতে লিখিবৰ বাবে কৈছিল। আপুনি ইয়াত যিধৰণৰ অভিজ্ঞতা পাইছে ভাল-বেয়া সেইখিনি কিতাপ হিচাপে প্ৰকাশ কৰিব। এই অনুৰোধ কৰিছিল।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনাৰ পৰেশ বৰুৱাৰ সৈতে কিবা কথা বতৰা হৈছিল নেকি?

প্ৰণৱ কুমাৰ গগৈ- ২ তাৰিখে তেওঁ ফোনেৰে কৈছে যে- অনাকাংশীকভাৱে আপোনাক অনা হ'ল। আপোনাক প্ৰণৱ কুমাৰ গগৈ হিচাপে আমি এইটো কাম কৰা নাই, এটা কোম্পানীৰ প্ৰতিনিধি হিচাপে আপোনাক অনা হৈছিল। বাকী কষ্ট যি পালো তাৰ বাবে তেখেতে ক'ব লগাখিনি কৈছে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনালোক দুজনৰ সন্দৰ্ভত সংবাদমাধ্যমত বিভিন্ন চৰ্চা হৈ আছিল। এটা কথা কোৱা হৈছিল যে চৰম শাস্তি প্ৰদান কৰিব। এই খবৰবোৰ আপোনালোকে পাইছিলনে সেই সময়ত?

প্ৰণৱ কুমাৰ গগৈ- নাই এইবোৰ গম পোৱা নাই। কালিহে ইয়াত আহি এইখিনি কথা গম পাইছো। অসমত কি চলি আছে, ইলেকশ্যন হৈছে নে নাই, পৃথিৱীৰ একো কথাই আমি গম পোৱা নাছিলো।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- পৰেশ বৰুৱাৰ সৈতে আপুনি কেইবাৰ কথা পাতিছিল?

প্ৰণৱ কুমাৰ গগৈ- ২ এপ্ৰিলৰ দিনাখন তেখেতসকলৰ সদস্যজনে ফোনটো লগাই দিছিলে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- তেওঁ কি কৈছিল? আৰু কিতাপ লেখাৰ কথা কি কৈছিল আপোনাক?

প্ৰণৱ কুমাৰ গগৈ-তেখেতে মোক ডাইৰেক্ট কোৱা নাই। আমাক ৰখি থকা যি সদস্য আছিলে তেখেতসকলে এদিন আহি কৈছিল যে ছাৰে আপোনাৰ যি অভিজ্ঞতা সেইখিনি এখন কিতাপ ৰূপত প্ৰকাশ কৰিব লাগে। তেতিয়া কৈছিলো যে যদি মুক্তি দিয়া হয় তেন্তে চেষ্টা কৰিম নিশ্চয়। কাৰণ তাত তেনেকুৱা পৰিৱেশ নাই এইবোৰ কাম কৰিবলৈ। কিন্তু ইয়াতহে আহি শুনিছো আমি বুলে কিতাপ লিখিছো।  

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপুনি তাৰ পৰা যথেষ্ট অভিজ্ঞতা লৈ আহিছে। প্ৰতিটো মুহূৰ্ততে আপুনি চিন্তাত আছিল, আপোনাৰ পৰিয়ালৰ চিন্তাত আছিল। তাৰপাছতো যি শিবিৰত আপোনাক ৰখা হৈছিল, তাত কোনবোৰ কথা আপোনাৰ বিশেষকৈ দৃষ্টিগোচৰ হৈছিল?

প্ৰণৱ কুমাৰ গগৈ- নিশ্চয়, কিন্তু তাত থকা সময়খিনি ভয়ে ভয়ে পাৰ কৰা হৈছিল। আমাক আৰ্মী ড্ৰেছ পিন্ধাই থৈছিল। যিকোনো সময়তে আমাক বেলেগ ঠাইলৈ লৈ গৈছিলে। সেই উদ্বিগ্নতাহে বেছি আছিল।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- মুঠ কিমানজন আলফা স্বাধীন বা এনএছচিএনৰ মানুহ আছিলে?

প্ৰণৱ কুমাৰ গগৈ- ১০ জন আছিলে। আলফা স্বাধীন আৰু এনএছচিএনৰ।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- তেওঁলোকৰ সৈতে কথা বতৰা হৈছিলনে আপোনালোকৰ ?

প্ৰণৱ কুমাৰ গগৈ- হৈছিল।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনালোকৰ মুখ বন্ধা বা চকু ঢাকি ৰাখিছিল নেকি?

প্ৰণৱ কুমাৰ গগৈ- নাই, সেইবোৰ কৰা নাই।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনালোকক যি ঠাইত ৰখা হৈছিল সেই ঠাইখিনি অনুমান কৰিব পাৰিছিলনে ক'ত আছিল?

প্ৰণৱ কুমাৰ গগৈ- নিৰ্দিষ্টকৈ এটা ঠাইত নাছিলো। দুই এদিনৰ মূৰে মূৰে সলাই থকা হৈছিল। হয়তো ম্যানমাৰৰ পৰা অৰুণাচলৰ ফালে আহি থকা হৈছিল।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনাক পৰেশ বৰুৱাই এটা পৰামৰ্শ দি পঠাইছে যে কিতাপ লিখিব লাগে। আপুনি সেয়া কৰিবনে?

প্ৰণৱ কুমাৰ গগৈ- সময়ৰ কথা আছে। যদি তেনে অৱস্থালৈ আহো তেন্তে হয়তো চেষ্টা কৰিম নিশ্চয়।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপোনাক মুক্তি দিয়াৰ পাছতে আপুনি নিশ্চয় হয়তো ভাবিছিল যে আপোনাৰ লগতে ৰাম কুমাৰকো মুক্তি দিয়া হৈছে?

প্ৰণৱ কুমাৰ গগৈ- হয় মই নিশ্চয় ভাবিছো। কিন্তু ইয়াত আহিহে গম পাইছো যে তেখেত এতিয়ালৈকে ওলোৱা নাই।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপুনি মুকলি হৈ অহাৰ পাছত কুইপ'ৰ কোনো বিষয়াই আপোনাৰ সৈতে যোগাযোগ কৰিছে নেকি?

প্ৰণৱ কুমাৰ গগৈ- যোৱা কালিও কৰিছে লগতে আজি ৰাতিপুৱা যিজন চিইঅ' আছে দিল্লী তেখেতে মোৰ সৈতে যোগাযোগ কৰিছে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- আপুনি আকৌ কেতিয়া কুইপ'ৰ কামত জইন কৰিবলৈ যাব?

প্ৰণৱ কুমাৰ গগৈ-  নিশ্চয় যাম। অতি সোনকালে, মানে আমাৰ ছিডিউল থাকে, আগৰজনে কিমানদিনৰ ছুটী পায়। তাৰপাছত যাম আৰু।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক- ধন্যবাদ। আপুনি আপোনাৰ এই অভিজ্ঞতাক লৈ এখন সুন্দৰ কিতাপ লিখক।

প্ৰণৱ কুমাৰ গগৈ- ধন্যবাদ।

তেওঁ নতুন জীৱন পালে। পৰিয়ালৰ তেওঁক লৈ চিন্তা দূৰ হ'ল। সেই চিন্তাই এতিয়া ৰাম কুমাৰৰ পৰিয়ালত। একেলগে যদি মুক্তি দিয়া হৈছিল ৰাম কুমাৰ ক'ত? আছেনে কাৰোবাৰ হাতত সেই খবৰ? প্ৰণৱ কুমাৰ গগৈয়ে সদৰী কৰা মতে, এবাৰেই তেওঁ কথা পাতিছিল পৰেশ বৰুৱাৰ সৈতে।

তেওঁৰ লগত থকা আলফা স্বাধীনৰ এজন সদস্যৰ ফোনত ফোন কৰি কথা পাতিছিল প্ৰণৱ কুমাৰ গগৈৰ সৈতে। এই অবাঞ্চিত ঘটনাৰ বাবে দুখিত বুলি কৈ কিয় তেওঁক অপহৰণ কৰিব লগা হৈছিল তাৰ কাৰণ কৈছিল। প্ৰণৱ কুমাৰ গগৈয়ে লিখিবনে পৰেশ বৰুৱাই কোৱাৰ দৰে সেই অভিজ্ঞতাৰে এখন কিতাপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in