প্ৰাশ্চুৰ্য্য প্ৰাণলৈ পৰেশ বৰুৱাৰো ফোন…

প্ৰাশ্চুৰ্য্য প্ৰাণলৈ পৰেশ বৰুৱাৰো ফোন…

মৃদুল কুমাৰ সন্দিকৈ

'গো মাংস মই বহুদিন ধৰি খাই আছো। গুৱাহাটী বিশ্ববিদ্যালয়ত মই যেতিয়া পঢ়িছিলো আৰু লেফট আইড'লজীত বিশ্বাস কৰা কাৰণে, মাক্স মোৰ আদৰ্শ হোৱাৰ বাবে মই উদাৰ নৈতিক চিন্তা ধাৰাৰে পৰিপুষ্ট হৈছো। গতিকে মই গো মাংস মই নিজেই খাওঁ। আজি বহু বছৰ ধৰি খাই আছো। গাহৰি যেনেকৈ খাওঁ, গৰুও মই তেনেকৈ খাওঁ।'- ফেচবুক লাইভত আহি ক্ষোভ আৰু অসন্তুষ্টিৰে এই প্ৰতিবাদী ভাষ্য আগবঢ়াইছিল প্ৰাশ্চুৰ্য্য প্ৰাণ নাথ নামৰ এজন যুৱকে।

চিৰিয়াখানাৰ বাঘক গৰু খাদ্য হিচাপে দিয়াত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিৰুদ্ধে উদাৰ আৰু যুক্তিসংগতভাৱে বিভিন্ন সময়ত সুস্থ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত বিশ্বাস ৰখা প্ৰাশ্চুৰ্য্য প্ৰাণ নাথৰ এনে বক্তব্যই একাংশ লোকক আঘাত কৰিছিল।

তাৰপাছত এই যুৱকজন ধৰ্মীয় গৌড়ামীৰে পৰিপুষ্ট এচাম লোকৰ লক্ষ্য হৈ পৰে। জীৱনৰ প্ৰতি ভাবুকি অহা প্ৰাশ্চুৰ্য্য প্ৰাণৰ নগাঁৱৰ বঢ়মপুৰৰ ঘৰলৈ গৈ কেইজনমান যুৱকে হত্যাৰো ভাবুকি প্ৰদান কৰিলে। কিন্তু সাহসী প্ৰাশ্চুৰ্য্য প্ৰাণে এনে ভাবুকিলৈ ভয় নকৰি পূৰ্বতকৈ অধিক কঠোৰ আৰু দৃঢ়তাৰে সেই সকল ধৰ্মীয় ৰক্ষণশীলতাৰে নিজকে হিন্দু বুলি দাবী কৰা তথাকথিত লোকসকলক প্ৰত্যাহ্বান জনালে।

প্ৰাশ্চুৰ্য্য প্ৰাণ এতিয়া ক'ত? তাৰপাছত প্ৰাশ্চুৰ্য্য প্ৰাণে কি স্থিতি লৈছে? সেয়া বহুতৰ বাবে বিচাৰ্যৰ বিষয় নহ'লেও নাটক আৰু সাহিত্যৰ মাজেৰে, আধুনিক চিন্তা চৰ্চাৰে সমাজৰ প্ৰতি দায়ৱদ্ধতাৰে আগবাঢ়িব খোজা এই যুৱকজন আছিল আমাৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

কিছুদিনৰ পূৰ্বে আলফা স্বাধীনৰ সেনা প্রধান পৰেশ বৰুৱাইয়ো তেওঁলৈ ফোন কৰিছিল। বহু কথাই পাতিছিল প্ৰাশ্চুৰ্য্য প্ৰাণৰ সৈতে। সেই কথাও প্ৰাশ্চুৰ্য্য প্ৰাণে ক'লে। তেওঁ পৰেশ বৰুৱাৰ সৈতে পতা সেই কথাখিনিৰ মাজত ধৰ্মীয় চিন্তা চেতনাতকৈ জাতিৰ সত্বাৰে প্ৰগতিশীল এক ধ্যান ধাৰণাৰ মাজত আগবাঢ়িব খোজা মানসিকতাৰ প্ৰতিফলন ঘটিছিল।

স্পষ্টবাদী প্ৰাশ্চুৰ্য্য প্ৰাণক পৰেশ বৰুৱাই ফোন কৰি কি কথা পাতিছিল সেই কথাও প্ৰাশ্চুৰ্য্য প্ৰাণে ৰাজহুৱা কৰি দিছিল। এই কথা তেওঁ কথোপকথনৰ মাজতেই পৰেশ বৰুৱাক কৈছিল। তেওঁ জনাইছিল ৰাষ্ট্ৰ ব্যৱস্থা আৰু আৰক্ষী তথা নিৰাপত্তা ৰক্ষীয়ে যাতে পৰেশ বৰুৱাই তেওঁলৈ ফোন কৰা কাৰ্যক সন্দেহ কৰিব নোৱাৰে তাৰ বাবে তেওঁৰ সৈতে পতা কথাখিনি ৰাইজৰ আগত তেওঁ প্ৰকাশ কৰিব।

প্ৰাশ্চুৰ্য্য প্ৰাণ সৰুৰে পৰাই আছিল অত্যন্ত সাহসী আৰু ধৰ্মীয় চিন্তা চেতনাৰ উৰ্ধলৈ গৈ মানুহৰ বাবে ভাবিব পৰা ধ্যান ধাৰণাৰে পুষ্ট। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰাশ্চুৰ্য্য প্ৰাণে দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি, গাঁৱে-ভূঞে ঘূৰি নাটক আৰু আন সামাজিক কাম কাজৰ জৰিয়তে সমাজখনক তুলি ধৰাৰ প্ৰয়াস কৰি আহিছে।

ধৰ্মীয় গ্ৰন্থ আৰু আন আনুসাংগিক গ্ৰন্থ অধ্যয়নেৰে এক পৰিপক্ক মনৰ অধিকাৰী হোৱা প্ৰাশ্চুৰ্য্য প্ৰাণ এতিয়া প্ৰাণৰ মমতাত আত্মগোপন কৰিব লগা হৈছে। ইতিমধ্যে এই ফেচবুক লাইভ দিয়াৰ বাবে দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীৰ ওচৰত।

প্ৰাশ্চুৰ্য্য প্ৰাণে জনালে- এতিয়া তেওঁ পলাই থাকিব লগা অৱস্থা। ধৰ্মীয় ৰক্ষণশীলতাৰ মাজত নিজক আৱদ্ধ কৰিব নোৱাৰাতো ভুল। উত্তৰপ্ৰদেশৰ হাথৰছৰ ঘটনাই তেওঁক উদ্বিগ্ন কৰিছিল। সমাজৰ চাৰিওফালে ঘটি থকা এনে উগ্ৰ ধৰ্মীয়ে চেতনাৰে পুষ্ট কাৰ্য দেখিলে তেওঁ সদায় উদ্বিগ্ন হৈ পৰে।

সেইদিনাও তেওঁ ইয়াৰ বাবে যথেষ্ট উদ্বিগ্ন হৈছে। বাঘৰ খাদ্য ৰূপে ব্যৱহাৰ কৰা গো মাংসক লৈও এচামে ৰাজনীতি কৰাত তেওঁৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল। তাৰপাছত তেওঁ প্ৰতীকি অৰ্থত ক্ষোভ প্ৰকাশ কৰিবলৈকে এই ফেচবুক লাইভ কৰিছিল। যাক লৈ সৃষ্টি হ'ল নতুন বিতৰ্ক।

এজন লোকৰ খাদ্যাভ্যাস কি হ'ব পাৰে তাক আন এজনে কেনেকৈ ঠিক কৰি দিব? তেওঁৰ যুক্তি- গৰুক হিন্দী সকলে ভগৱান ৰূপত কেতিয়াৰ পৰা পূজা কৰিছিল? যদি সেয়াই হয় তেনেহ'লে তেওঁলোকে ভগৱানৰ অৱতাৰ বুলি ধৰা মৎস আৰু বৰাহ অৰ্থাৎ গাহৰি কিয় খায়?

ভগৱানৰ এই দুই অৱতাৰ খোৱা মানেই জানো ভগৱানকে ভক্ষণ কৰা নহয়? কিন্তু সেয়া যুক্তিগত দৃষ্টিভংগীৰে বিচাৰ কৰাৰ প্ৰয়োজন। এই কথা ঠিক যে, ক্ষোভৰ বহিঃপ্ৰকাশ ঘটনাই প্ৰাশ্চুৰ্য্য প্ৰাণে গো মাংস খোৱাৰ কথা ক'লেও তেওঁ আছিল সম্পূৰ্ণ নিৰামিষ ভোজী।

নিৰামিষ ভোজী হোৱাৰ বাবেই ঘৰৰ মানুহে মাছ মাংস খাবলৈ প্ৰাশ্চুৰ্য্য প্ৰাণক জোৰ কৰিছিল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেললৈ অহা তেওঁ মাছ মাংস খোৱা নাছিল। স্বাস্থ্যৰ অৱনতি দেখি লগৰ বোৰে তেওঁক জোৰ কৰিছিল মাছ মাংস খাবলৈ। এতিয়া তেওঁৰ এটাই কথা – যিবোৰ খাদ্য হজম কৰিব পাৰি সেইবোৰ খোৱাত আপত্তি কিহৰ?

ধৰ্মীয় চেতনাৰে অসমৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবোৰক নিঃশেষ কৰিব খোজা এনে এচাম লোকৰ স্ববিৰোধী মন্তব্যৰেৰে তেওঁক আঘাত দিয়ে। সেই আঘাতৰ বহিঃপ্ৰকাশ ঘটা এইবোৰ মন্তব্যত লুকাই থকা ব্যাংগাত্মক প্ৰতি ভাষা নুবুজাসকলে তাক আন ধৰণে বিশ্লেষণ কৰে।

ঘৰত গৈ ভাবুকি দিয়া সেই সকল লোকৰ প্ৰতি আৰু উগ্ৰ ধৰ্মীয় চেতনাৰে মানুহৰ মাজত ধৰ্মৰ প্ৰকৃত মূল্যবোধক বিকৃতৰূপত উপস্থাপন কৰা সকলৰ প্ৰতি প্ৰাশ্চুৰ্য্য প্ৰাণৰ প্ৰশ্ন- আপোনালোকে যদি সঁচাকৈয়ে মানুহৰ মাজত ভেদা ভেদ নোহোৱাটো বিচাৰে তেনেহ'লে এটা কাম কৰক, সত্ৰাধিকাৰৰ সৈতে নিম্নশ্ৰেণীৰ লোকসকলক একেলগে বহিবলৈ অনুপ্ৰাণিত কৰক। মই বনাই দিয়া ভাত সাজ তেওঁলোকে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক।

প্ৰাশ্চুৰ্য্য প্ৰাণ প্ৰতীকি অৰ্থত সেই ৰক্ষণশীল ধৰ্মীয় চিন্তা চৰ্চাৰে আমাৰ সমাজখনত বিভেদৰ বীজ সিঁচিব খোজা আৰু ধৰ্মীয় গৌড়ামীৰে মানুহক সংকীৰ্ণ চিন্তাৰ পৰিধিৰ মাজত বন্দী কৰি থ'ব খোজাসকলে এক প্ৰত্যাহ্বান হৈ ধৰা দিছে। সেই সকলৰ বিৰুদ্ধে থিয় দি এতিয়া জীৱনৰ প্ৰতি তেওঁৰ ভাবুকি আহিছে। কিন্তু তেওঁ নিজকে এতিয়া প্রশ্ন কৰিছে এখন গণতান্ত্ৰিক দেশত বাস কৰি ইয়াৰ প্ৰতিবাদ কৰাতো কেনেকৈ তেওঁৰ ভুল হ'ল?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in