বদমাচ আৰক্ষী!

বদমাচ আৰক্ষী!

মৃদুল কুমাৰ সন্দিকৈ

পুলিচ মানেই বেয়া মানুহ নেকি? পুলিচ মানেই দুই নম্বৰী নেকি? টকা পইচাৰ বাদে পুলিচে আন একো চিনি নাপাই নেকি? তেনে এক স্বাভাৱিক ধাৰণা এতিয়া পুলিচৰ প্ৰতি। কিন্তু পুলিচৰ মাজতো যে বহু ভাল মানুহ থাকে সেই কথাবোৰ চৰ্চা নহয়।

পুলিচত কৰ্মৰত সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰাৰ সুযোগ পুলিচে লাভ কৰিলেও কৰ্তব্যৰ তাগিদাত বা আন কিছু কাৰণত পোহৰলৈ কমকৈ আহে। এনে পুলিচো আছে, যি দায়িত্ব আৰু কৰ্তব্যৰ প্ৰমাণ দি আইনে দিয়া দায়িত্ব সুচাৰুৰূপে পালন কৰি ৰোষৰ বলি হয়।

ন' পাৰ্কিঙত গাড়ী ৰখোৱাৰ বাবে জনপ্ৰতিনিধিৰ গাড়ীৰ হুইল কেপ লগাই চৰ্চালৈ আহিছিল এজন যান-বাহন শাখাৰ কনিষ্টবল। বৰষুণত তিতি কৰ্তব্য সম্পাদন কৰি বাতৰি চেনেলৰ কেমেৰাত বন্দী হৈছিল কৰ্তব্য নিষ্ঠাৰ প্ৰমাণ দিয়া আৰক্ষী।

এইবোৰ কথাৰ বিপৰীতে আন কিছু খবৰো বিশেষ চৰ্চা লাভ কৰে। যেনে- থানালৈ গ'লে আৰক্ষীয়ে চাহ খাবলৈ কিবা এটা দিয়ক, দুৰ্ঘটনাত পতিত হোৱা লোকক সহায় কৰাৰ সলনি এই সমস্যা সমাধানৰ নামত ধন বিচৰা আদি আৰক্ষীৰ কথা অলপ বেছিকৈ চৰ্চা হয়।

পুনৰ চৰ্চাত অসম আৰক্ষীৰ এজন উপ পৰিদৰ্শক। তেওঁ দাবী কৰা মতে, এটা ল'জত তেওঁ তালাচী চলাই জুৱা খেলি থকা কিছু লোকক আটক কৰিছিল। সেই স্থানৰ পৰা উদ্ধাৰ কৰিছিল কেইবা লক্ষাধিক টকা। চিজাৰলিষ্ট বনাই সেই ধন তেওঁ আদালতত জমা দিছিল।

ইয়াৰ বিপৰীতে আৰক্ষীৰ বিষয়াজনৰ বিৰুদ্ধে প্ৰাক্তন এজন উচ্চপদস্থ বিষয়াৰ অভিযোগ- তেওঁ মালিকাধীন ল'জটোৰ পৰা তালাচী চলাই আৰক্ষীয়ে পত্নীৰ চিকিৎসাৰ বাবে মাটি বিক্ৰী কৰি সংগ্ৰহ কৰি থোৱা ধন লৈ গৈছিল।

কোন সঁচা সেয়া অনুসন্ধানত ওলাব। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পাছতে বিষয়টো তদন্ত কৰি নিলম্বন কৰিছে এই আৰক্ষী বিষয়াজনক। আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে এই ঘটনা সন্দৰ্ভত চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে তেওঁলোকে।

চিচি টিভি ফুটেজত ধন লৈ দুটা মোনাত সেই ল'জ ত্যাগ কৰা দৃশ্য বন্দী হৈছে। নিয়ম অনুসৰি আৰক্ষী বিষয়াজনে স্থানীয় লোকক সাক্ষী কৰি সেই ধন হিচাপ আৰু চিজাৰ লিষ্ট তৈয়াৰ কৰি তাৰ এটা ক'পী উক্ত ধনৰ গৰাকীজনক দিয়াৰ প্ৰয়োজন আছিল।

এই কাম নকৰাৰ বাবেই বিষয়াজনৰ বিৰুদ্ধে নিলম্বনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহানগৰীৰ এখন থানাৰ এই উপ পৰিদৰ্শকগৰাকীয়ে ইয়াৰ পূৰ্বে আন এখনৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল। সেই সময়তো তেওঁ ধন দাবী কৰাৰ অভিযোগো উত্থাপন হৈছিল।

আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছিল। তাৰ বিপৰীতে আৰক্ষী বিষয়াগৰাকীৰ দাবী- নীতিগতভাৱে তেওঁ কাম কৰাৰ বাবে এনেদৰে তেওঁ আক্ৰোশৰ বলি হৈ আহিছে।

সমগ্ৰ বিষয়টো এতিয়া তদন্তৰ আওতাত। কোন সঁচা বা কোনে মিছা মাতিছে সেই কথা সময়ত ওলাই পৰিব। কিন্তু তাৰ বিপৰীতে এনেবোৰ চৰ্চাই আৰক্ষীৰ প্ৰতি মানুহৰ সন্দেহ বৃদ্ধি কৰিছে। সমান্তৰালভাৱে মানুহৰ মনত আন এক প্ৰশ্নও উত্থাপন হৈছে। সেয়া হ'ল- কঠোৰভাৱে কোনোবা উচ্চপদস্থ বিষয়া বা ক্ষমতাশালী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱ্স্থা গ্ৰহণ কৰিলে তেনে কিছু অভিযোগত তেওঁলোকক অভিযুক্ত কৰা হয় নেকি?

অসম আৰক্ষীৰ এজন কনিষ্টবলে দীৰ্ঘদিন ধৰি অন্যায়-অনিয়মৰ বিৰুদ্ধে যুঁজ দি আহিছিল। এটা বেটেলিয়ানত কৰ্মৰত এই জোৱানজনে তেওঁৰ দৰমহাৰ ধন কৰ্তৃত্বশীলভাৱে কৰ্টন কৰা, বেটেলিয়ানটোৰ অধিনায়কগৰাকীয়ে পক্ষপাত ভূমিকা গ্ৰহণ কৰা, বেটেলিয়ানৰ কাৰ্যালয়ৰ চৌহদত বিনা অনুমতিত গছ-বন কটাৰ বিৰুদ্ধে সৰৱ হৈছিল।

এই কনিষ্টবলজনৰ অভিযোগ তদন্তৰ নামত তেওঁক বহু হাৰাশাস্তি কৰা হ'ল। কনিষ্টবলজনৰ অভিযোগৰ উপযুক্ত তদন্ত কৰাৰ সলনি উচ্চপদস্থ বিষয়াই অনুসন্ধানৰ নামত দীৰ্ঘদিন তেওঁক দৰমহাৰ পৰা বঞ্চিত কৰি নিলম্বন কৰিলে। তাৰপাছত কনিষ্টবলজনক চাকৰিৰ পৰা বর্খাস্ত কৰা হ'ল।

এনে অলেখ উদাহৰণ ওলাব। আৰক্ষীৰ চাকৰি ৪ লাখ টকাত বিক্ৰী কৰাৰ এক চক্ৰ শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। লখিমপুৰৰ ৰাজখোৱা গাঁৱৰ পৰা মনোজ তামুলী নামৰ এই দালালটোক তেওঁৰ প্ৰেয়সীৰ সৈতে গ্ৰেপ্তাৰ কৰিলে। কিন্তু বদনাম হ'ল আৰক্ষীৰ। সাধাৰণ মানুহে ভাবি ল'লে আৰক্ষীৰ চাকৰি ৪ লাখ টকা দিলেই পায়।

এনেবোৰ উদাহৰণ এই কাৰণেই উত্থাপন কৰা হৈছে যে, আৰক্ষীৰ ভাবমূৰ্তিত এইবোৰ ঘটনাই আঘাত হানে। আৰক্ষী সঞ্চালক প্রদান বা অসম আৰক্ষীৰ নিয়োগ প্ৰক্ৰিয়াৰে জড়িত উচ্চপদস্থ বিষয়াই ক্ষীপ্ৰব্যৱস্থা গ্ৰহণেৰে সেই কথাবোৰ মিছা বুলি উল্লেখ কৰিলেও মানুহৰ মাজত ৪ লাখ টকাৰ বিনিময়ত চাকৰি বিক্ৰী কৰিবলৈ লোৱা সেই চক্ৰটোৰ কথোপকথনৰ অডিঅ' ক্লিপহে বেছি ভাইৰেল হৈ পৰিল।

কেইদিনমানৰ পূৰ্বে অসম আৰক্ষীৰ এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। বিষয়াজনে ৰাজ্যৰ এগৰাকী মন্ত্ৰীক আৰু তেওঁৰ পৰিয়ালক প্ৰাণনাশৰ ভাবুকি দিছিল। সেই নিৰ্দিষ্ট মানুহজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ আৰু আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ বিপৰীতে চৰ্চা হৈছিল আৰক্ষীয়ে মন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া বুলি।

২৬ ছেপ্টেম্বৰ, ২০১৯ত দিছপুৰ আৰক্ষী থানাৰ এজন উপ পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই। ভাৰতীয় ষ্টেট বেংকৰ এজন বিষয়াৰ পৰা ৫০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল এই বিষয়াগৰাকীয়ে। তেওঁৰ নাম আছিল ৰবীন পেগু।

২০১৯ৰ জুলাইত হিৰণ্য পাথাৰী, প্ৰাঞ্জল বৰা আৰু বিপুল হাজৰিকা নামৰ আৰক্ষীত কৰ্মৰত দুজন উপ পৰিদৰ্শক, এজন হোম গাৰ্ডৰ বিৰুদ্ধে অভিযোগ উঠিছিল ডকাইতিৰ। ২০ লাখ টকা এগৰাকী মহিলাৰ পৰা লুটি নিয়া অভিযোগত গ্ৰেপ্তাৰো হৈছিল তিনিও। কিন্তু বদনাম হৈছিল সমগ্ৰ আৰক্ষী বিভাগৰ।

আৰক্ষী কঠোৰ অনুশাসনৰ মাজেৰে পৰিচালিত এটা বিভাগ। তাৰ মাজতো এনেবোৰ ঘটনা ঘটি যায়। ৬০টাকৈ সোণৰ বিস্কুট লৈ পলাই যোৱা নিপু কলিতা, ফাইজুৰ ৰহমান আৰু আফজল আলীক লৈও চৰ্চা হৈছিল। ইয়াৰে নিপু কলিতা আছিল আৰক্ষীৰ উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া। ফাইজুৰ ৰহমান কনিষ্টবল আৰু আফজল আলী হোমগাৰ্ড।

ধন দাবী কৰি নিলম্বিত হোৱা বা গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াৰ সংখ্যাও কম নহয়। সহজ ধনৰ মোহত আৰক্ষীয়ে এনেবোৰ দুষ্কাৰ্য কৰে। অপব্যৱহাৰ কৰে ক্ষমতাৰ। ইয়াৰ বাবে দায়ী কৰা হয় এটা বিভাগক। অথচ এই বিভাগতে নিষ্ঠা আৰু আন্তৰিকতাৰে কৰ্তব্য সম্পাদন কৰা বিষয়া-কনিষ্টবলক লৈ আমি বৰ বেছি গুৰুত্ব প্ৰদান নকৰো।

বেয়া কাম কৰা আৰক্ষীক লৈ চলা আলোচনাৰ বিপৰীতে ভাল কাম কৰা আৰক্ষীক লৈও চৰ্চা হোৱাৰ প্ৰয়োজন। সাহস আৰু সততাৰে দায়িত্ব পালন কৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও এনে মেৰপাকত পৰি জে'লৰ আলহী হোৱাৰ উদাহৰণো আছে।

অসম আৰক্ষীত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা কৈ অহা হৈছে। কিন্তু সেই সংস্কাৰ আজিও পূৰ্ণ পৰ্যায়ত আৰম্ভই হোৱা নাই। কোভিড-১৯ৰ সময়ত আৰক্ষীৰ ভূমিকা আছিল মন কৰিব লগা। চিকিৎসক, চিকিৎসা কৰ্মীৰ দৰেই সন্মুখৰ শাৰীত এই সময়চোৱাত কৰ্তব্য পালন কৰি বহু আৰক্ষী কোভিড-১৯ত আক্ৰান্ত হৈছে।

অসম আৰক্ষীৰ কেইবাগৰাকীও জোৱান কোভিড-১৯ৰ সংক্ৰমণৰ বলি হৈ মৃত্যু হৈছে। চিকিৎসাৰ সময়ত আৰক্ষীয়ে উপযুক্ত চিকিৎসা পাইছে নে নাই তাক লৈ আমি সচেতন নহয়। আৰক্ষীক বিভিন্ন কাৰণত আমি উপেক্ষা কৰি চলো। এয়া আমাৰো আন এক ডাঙৰ দোষ।

ভাল আৰক্ষী, বেয়া আৰক্ষীৰ ধাৰণা আপক্ষিক। ভাল কাম কৰিব পৰা এক পৰিৱেশ আমাৰ সমাজেই গঢ়ি দিব পৰা নাই। দুৰ্নীতিগ্ৰস্ত বুলি কোৱা আৰক্ষীজনক দুৰ্নীতি কৰিবলৈ আমিয়েই সুযোগ প্ৰদান কৰো। একাংশ আৰক্ষীয়ে সেই সুযোগৰ ব্যৱহাৰেৰে সহজ ধন ঘটাৰ অভিযানত নামি পৰে।

এখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী বা এখন জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে দৈনিক কিমান ফোন পায়। কি ধৰণৰ অনুৰোধ আহে তেওঁলোকলৈ। সেই অনুৰোধ বোৰ পূৰণ কৰিবলৈ যাওঁতে আৰক্ষী বিষয়াসকলে ক'ব নোৱাৰাকৈয়ে দুৰ্নীতিৰ জালত বন্দী হৈ পৰে।

কিছু দিনৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান ৰূপে অৱসৰ লোৱা আৰু বৰ্তমানৰ এপিচিচিৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যক এক সাক্ষাৎকাৰত সোধা হৈছিল- আপুনি ৰাজনৈতিক নেতা বা ক্ষমতা শালী পক্ষৰ ৰোষৰ বলি হৈছেনে? এই প্ৰশ্নৰ উত্তৰত তেখেতে কোৱা কথা কেইটা আছিল মন কৰিব লগা।

পল্লৱ ভট্টাচাৰ্যই কৈছিল- তেনে অনুৰোধ আহে। কিন্তু প্রথমবাৰতে সেই অনুৰোধ প্ৰত্যাখান কৰি বুজাই দিলে পৰৱৰ্তী সময়ত আৰু অনুৰোধ নকৰে। বুজাই দিলে বুজি পায়। অসম আৰক্ষীত কিছু দিনৰ আগলৈকে ৰাজনৈতিক হস্তক্ষেপে এনে এক পৰ্যায় পাইছিল গৈ যে, এই বিষয়টো প্ৰায় সাধাৰণ লোকৰো দৃষ্টিগোচৰ হৈছিল।

তেতিয়াই অসম আৰক্ষীক লৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ২০০২চনৰ ফেব্ৰুৱাৰীত আৰক্ষী বিভাগে লোৱা সিদ্ধান্ত অনুসৰি, মন্ত্ৰী বা কোনো ক্ষমতাশালী লোকে থানালৈ ফোন কৰি দিয়া নিৰ্দেশ জেনেৰেল ডায়েৰীত লিপিবদ্ধ কৰিছিল।

ইয়াক লৈ আশাবাদী আছিল সাধাৰণ ৰাইজ। কিন্তু সেই ব্যৱস্থা হয়তো এতিয়া নাই। আৰক্ষীক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। কোৱা হয় আৰক্ষী চৰকাৰৰ নিৰ্দেশ পালন কৰা এক বাহিনী। আইন শৃংখলা নিয়ন্ত্ৰণ আৰু সুচাৰুৰূপে পৰিচালতি কৰিবৰ বাবে দিয়া হোৱা ক্ষমতা আৰক্ষীৰ মাধ্যমেৰে অপব্যৱহাৰ ৰোধ কৰিব নোৱাৰিলে অপৰাধ প্ৰবৃত্তিৰ মানুহক কঠোৰ শাস্তিৰে বিভাগটোৰ পৰা চিৰবিদায় নিদিয়ালৈকে এনে ঘটনা পুনৰাবৃত্তি হৈয়ে থাকিব।

এনেদিনাই আৰক্ষীক ধোৱা তুলসীৰ পাত কৰি দিব নোৱাৰি। আৰক্ষীত কৰ্মৰত মানুহবোৰ আন গ্ৰহৰ পৰা অহা নহয়। কিন্তু তেওঁলোকৰ মানসিকতাক সেই পৰ্যায়লৈ উত্তৰণ কৰিবলৈ প্ৰচেষ্টা লাগিব। আন বিভাগটো দুৰ্নীতি হয়। কিন্তু সেই বিভাগৰ তুলনাত আৰক্ষীৰ দুৰ্নীতি হ্ৰাস কৰাতো প্ৰয়োজন।

মানসিক চেতনা আৰু এক সামাজিক দায়ৱদ্ধতাৰে আৰক্ষীৰ মানসিকতা গঢ়ি দিব পাৰিলে তেনেবোৰ ঘটনা হ্ৰাস পাব। ইয়াৰ বাবে লাগিব উদ্যোগ আৰু পৰিৱেশ। নহ'লে আৰক্ষীত বদমাচ আৰক্ষী ওলাইয়ে থাকিব।

সেই দুই-এক আৰক্ষীৰ বাবেই সমগ্ৰ বিভাগটোৰ বদনাম হ'ব। কিন্তু আৰক্ষী মানেই যে বদমাচ সেই মানসকিতা আমিও আঁতৰাব লাগিব। সঁচা অৰ্থত ভাল কাম কৰা, ন্যায়ৰ পক্ষত থকা আৰক্ষীক শাস্তিৰ সলনি উদগনি দিয়া উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in