‘ছড়ক-২’ৰ দৰেই দশা মোডীৰ!

‘ছড়ক-২’ৰ দৰেই দশা মোডীৰ!

মৃদুল কুমাৰ সন্দিকৈ

দেশৰে নহয়, বিশ্বৰ অন্যতম জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩০ আগষ্ট, ২০২০ৰ আগলৈকে কোনেও ভবা নাছিল এনেদৰে হঠাৎ ছন্দপতন ঘটিব মোডীৰ। লাখ লাখ মানুহে মোডীক বেয়া পোৱাৰ কাৰণ কি হ'ব পাৰে?

সেই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া টীম মোডী আৰু বিজেপিৰ একাংশ নেতা ব্যস্ত। স্বাভাৱিকভাৱেই মোডীয়ে সম্বোধন কৰিছিল দেশবাসীক, কৈছিল মনৰ কথা। কিন্তু ক'ত লাগিল লেঠা? হঠাৎ এনেদৰে এনে এজন জনপ্ৰিয় নেতাক কোনোবাই বেয়া পাইছো বুলি ক'ব পাৰেনে?

এয়া কিহৰ ইংগিত? কোভিড-১৯ৰ সংক্ৰমণৰ পাছত এতিয়া পৰিৱেশ পৰিস্থিতি বহু সলনি হৈছে। জীৱন নিৰ্বাহৰ বাবে মানুহে হাহাকাৰ কৰাৰ লগতে চাকৰি, উপাৰ্জনৰ উৎস হেৰুৱাই অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে।

ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? সেই চিন্তাই মানুহক খুলি খুলি খাইছে। অসমতো এনে বহু জনপ্ৰিয় নেতা-মন্ত্ৰী আছে। লাখ লাখ মানুহে তেওঁলোকক অনুসৰণ কৰে। সেই নেতাসকলে নিজৰ জনপ্ৰিয়তাত গদ গদ হৈ কোনো সংবাদমেল সম্বোধন কৰোতে ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱেই কৈ দিয়ে তেওঁৰ এই সংবাদমেল কোনোবা ছ'চিয়েল মিডিয়াত কৰা লাইভযোগে কিমান মানুহে চাইছে?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো সেই আত্মবিশ্বাস আছিল তুংগত। সেয়েহে তেওঁ প্ৰায়ে ছ'চিয়েল মিডিয়াত তেওঁৰ অনুগামীসকলৰ বাবে বিভিন্ন আলোকচিত্ৰ , ভাষণ আদি শ্বেয়াৰ কৰে। প্রধানমন্ত্ৰী মোডী টুইটাৰ, ফেছবুক, ইনষ্টাগ্ৰাম আদি ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়।

৩০ আগষ্ট, ২০২০ত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক মন কি বাতৰ যোগেৰে সম্বোধন কৰিছিল। সেই ভাষণৰ লাইভ টেলিকাষ্ট কৰা হৈছিল ইউটিউব যোগেও। মুলতঃ পিএমঅ' ইণ্ডিয়া , ভাৰতীয় জনতা পাৰ্টী আৰু দূৰদৰ্শনৰ ইউটিউব একাউণ্টযোগে মোডীৰ এই মন কি বাত প্ৰচাৰ হৈছিল।

কিছুদিনৰ পূৰ্বে চৰ্চালৈ আহিছিল এখন হিন্দী ছবি। ছবিখনৰ নাম আছিল- 'ছড়ক-২'। ১২ আগষ্ট, ২০২০ত এই ছবিখনৰ ট্ৰেইলাৰ প্রথমবাৰৰ বাবে ইউটিউবত ৰাজহুৱা কৰা হৈছিল। প্ৰায় ৭কোটি ৩০ লাখ লোকে চাইছিল এই ট্ৰেইলাৰ।

ইমান বৃহৎ সংখ্যক লোকে এই ট্ৰেইলাৰ চালে যদিও, ছবিখনৰ পৰিচালক মহেশ ভট বা আন অভিনেতা-অভিনেত্ৰীসকলৰ বাবে এই খবৰে সুখৰ বতৰা কঢ়িয়াই নানিলে। ইউটিউবত এই ট্ৰেইলাৰ চোৱা লোকসকলৰ ভিতৰত ১ কোটিৰো অধিক লোকে এই ট্ৰেইলাৰ পছন্দ নকৰিলে। অৰ্থাৎ ইউটিউবৰ ডিছলাইক বুটাম টিপিলে। মাত্ৰ ৬ লাখ ১৩ হাজাৰ লোকে লাইক বুটাম টিপিলে যদিও ডিছলাইক কৰা লোকৰ সংখ্যাই অভিলেখ গঢ়িলে।

এনে কেতিয়াও হোৱা নাছিল বলিউডৰ ছবিৰ ক্ষেত্ৰত। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ আওতাত সোমাই পৰা মহেশ ভটৰ প্ৰতি বলিউডৰ ছবি প্ৰেমীৰ এক ক্ষোভ প্ৰকাশ পালে এনেকৈ।

মহেশ ভটে বুজি পালে মানুহে তেওঁক কিমান বেয়া পাইছে। ঠিক একে দশা হ'ল নেকি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ? ৩০ আগষ্টত মন কি বাতৰ এই ভাষণ ইউটিউবত লাইভ টেলিকাষ্ট হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি দেশবাসীৰ যি সঁহাৰি সেয়া আছিল অবিশ্বাস্য।

পিএমঅ' ইণ্ডিয়াত ১৮৪ কে ডিছলাইক…

পিএমঅ' ইণ্ডিয়া নামৰ যিটো ইউটিউব চেনেলৰ পৰা ৩০ আগষ্টত মোডীৰ এই মন কি বাতৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হৈছিল সেই চেনেলত তেওঁৰ এই মন কি বাতত লাইক ৯৮ হাজাৰৰ বিপৰীতে ১লাখ৮৪হাজাৰ লোকে ডিছলাইক বুটাম টিপিছিল।

সাধাৰণতে ইউটিউবত কোনো ভিডিঅ' আপলোড হোৱাৰ পাছত দৰ্শকে সেয়া ভাল পালে লাইক বুটাম আৰু বেয়া পালে ডিছলাইক বুটাম টিপে। ধাৰণা কৰা হয় প্রধানমন্ত্ৰী মোডীৰ ক্ষেত্ৰত কেৱল এই লাইক-ডিছলাইক বুটামে তেওঁৰ মন কি বাতৰ কথাতকৈ তেওঁৰ সামগ্ৰিক ভাৱমূৰ্তিক ইয়াত তুলি ধৰিছে।

ছ'চিয়েল মিডিয়াত বিষয়টো লৈ যথেষ্ট চৰ্চা হৈছে। ৩ ছেপ্টেম্বৰলৈকে মোডীৰ মন কি বাতক এনেদৰে ডিছলাইক কৰা ঘটনাই ৰাজনৈতিক মহলতো বিশেষভাৱে চৰ্চিত হৈছে। ৬৮ সংখ্যক মন কি বাত যোগে দেশবাসীক সম্বোধন কৰা প্ৰধানমন্ত্ৰীৰ এই ভাষণ ভাৰতীয় জনতা পাৰ্টী নামৰ ইউটিউব চেনেলটোৰে জৰিয়তেও সম্প্ৰচাৰ কৰা হৈছিল।

মুঠ ৬৪ লাখ ৭০ হাজাৰ ২৬৯জন লোকে চাইছিল এই মন কি বাত। কিন্তু লক্ষণীয়ভাৱে মাত্ৰ ৩ লাখ ৬৪ হাজাৰ লোকে লাইক বুটাম টিপাৰ বিপৰীতে ইয়াত ১১ লাখ লোকেই টিপিলে ডিছলাইক বুটাম।

ভাৰতীয় জনতা পাৰ্টীৰ ইউটিউবতো একেই অৱস্থা…

দূৰদৰ্শনৰ ইউটিউবত থকা নিজা চেনেলত ৩০ আগষ্টৰ দিনা পোনপটীয়া সম্প্ৰচাৰ কৰিছিল প্ৰধানমন্ত্ৰীৰ মন কি বাত। তাতো ১ লাখ ৯১ হাজাৰ ৬৪৯জন লোকে এই মন কি বাত শুনিলে যদিও প্ৰধানমন্ত্ৰীৰ মনৰ কথা ভাল পোৱাতকৈ বেয়া পোৱা মানুহৰ সংখ্যা বেছি হ'ল।

বিজেপিৰ আই টি টীমে ইয়াৰ বাবে জগৰীয়া কৰিছে কংগ্ৰেছক। আই টি টীমৰ দাবী- এই ভিডিঅ'টো ডিছলাইক কৰা লোকৰ ভিতৰত ৯৮ শতাংশই বিদেশৰ। মাত্ৰ ২ শতাংশ স্বদেশী লোকেহে ইয়াত লাইক-ডিছলাইক বুটাম টিপিছে।

ইউটিউবৰ জৰিয়তে মোডীৰ ভাৱমূৰ্তিৰ এক প্ৰতিচ্ছবি দেশবাসীয়ে দিলে নেকি? সেই প্ৰশ্ন উত্থাপন হৈছে সৰ্বত্ৰে। বিজেপিয়ে সেই কথা স্বীকাৰ কৰকে বা নকৰক , কংগ্ৰেছ বা আন বিৰোধীলৈ আঙুলি টোৱাওক বা নোটোৱাওক, সত্য কথাটো হ'ল ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ প্রধানমন্ত্ৰী মোডীও ট্ৰ'লৰ লক্ষ্য হৈছে।

ছ'চিয়েল মিডিয়াত জনপ্ৰিয়তা কাৰো স্থায়ী নহয়। পৰিৱেশ, পৰিস্থিতি সাপেক্ষে সেই জনপ্ৰিয়তা হ্ৰাস হ'বলৈ বেছি সময় নালাগে। কিন্তু এইটোও ঠিক যে, এই মাধ্যমৰ যোগেৰে সাধাৰণ লোকে আস্থা আৰু বিশ্বাসৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিলেও আচৰিত হ'ব লগা নাই।

কোটি কোটি লোকৰ কৰ্মসংস্থাপনহীনতা, আৰ্থিক বিকাশৰ হাৰ বিয়োগাত্মক হোৱা , উন্নয়ন স্থবিৰ, নিবনুৱা সংখ্যা বৃদ্ধি আদিৰ সমস্যাৰ লগতে কৃষক, শ্ৰমজীৱী লোকৰ জীৱন ধাৰণৰ প্ৰতি অহা ভাবুকিয়ে জনপ্ৰিয় প্রধানমন্ত্ৰী জনক জনপ্ৰিয়হীন কৰি তুলিবও পাৰে।

অসমতো এনে প্ৰতিচ্ছবি দেখিবলৈ হয়তো বেছি দিন অপেক্ষা কৰিব নালাগিব। জনপ্ৰিয় বুলি ভবা , গৰ্ব কৰা সকলেও ধৰিব নোৱাৰিব কেনেদৰে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰতি মানুহে ক্ষোভ, বেয়া পোৱা প্ৰকাশ কৰিব।

এসময়ত কোভিডৰ চিকিৎসাৰ নামত পানীৰ দৰে ধন ব্যয় কৰা হৈছিল। কোভিড আক্ৰান্তৰ খাদ্যৰ নামত বিলাসী খাদ্য যোগান ধৰাৰ কথা ৰাজহুৱা কৰিছিল। কিন্তু পৰিস্থিতি এতিয়া এনে হ'ল যে, চৰকাৰে হাত দাঙি দিব লগা অৱস্থা হৈছে। কোভিড-১৯ পৰীক্ষা কৰিবলৈও নিজা পকেটৰ ধন ব্যয় কৰিব লাগিব বুলি চৰ্তসাপেক্ষে ঘোষণা কৰিলে।

কোভিডত আক্ৰান্ত সকলক হাস্পতালৰ সলনি হোম কোৱাৰেন্টাইনত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে। অথচ এই সকলেই এদিন কোনো কোভিড ৰোগীয়ে হোম আইছ'লেশ্যনত থাকিব নোৱাৰিব বুলি ঘোষণা কৰিছিল। কোভিডত আক্ৰান্তৰ বাবে ব্যয় কৰিবলৈ চৰকাৰৰ ৰাজভঁৰালত পুঁজিৰ অভাৱ। কিন্তু বিভিন্ন আঁচনি ঘোষণাৰে শ শ কোটি টকা ব্যয় কৰিব বুলি চৰকাৰী পক্ষই ঢাক-ঢোল বজাই ফুৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in