পেৰা অলিম্পিকঃ আগবাঢ়িছে ভাৰত…

পেৰা অলিম্পিকঃ আগবাঢ়িছে ভাৰত…

ৰাজৰ্ষি চহৰীয়া

ক্ৰীড়া জগতখনত যেন এতিয়া অতি তীব্ৰবেগত ভাৰতীয় খেলুৱৈয়ে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈ গৈ আছে। ১৩০ কোটিৰো অধিক লোক বাস কৰা এইখন দেশত আছে বহু দ্বিগজ খেলুৱৈ। আৰু সময়ৰ সৈতে এজনৰ পাছত আন এজন খেলুৱৈয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। টকিঅ' অলিম্পিকৰ পাছত এতিয়া টকিঅ' পেৰা অলিম্পিকতো ভাৰতীয় খেলুৱৈ সকলে ভাল খেল প্ৰদৰ্শন কৰিছে।

২৯ আগষ্ট, ২০২১ অৰ্থাৎ দেওবাৰৰ দিনটোত ভাৰতৰ দুগৰাকীকৈ খেলুৱৈ অৰ্জন কৰিলে দুটা ৰূপৰ পদক। পুৱা ভাগত টেবুল টেনিছত ভাবিনাবেন পেটেলে ৰূপৰ পদক লাভ কৰাৰ পাছত আৱেলি ভাগত আকৌ হাই জাম্পত ২.০৬ মিটাৰ উচ্চতালৈ জঁপিয়াই নিষাদ কুমাৰে ভাৰতৰ বাবে কাঢ়ি আনটো ৰূপৰ পদক। ভাবিনাবেন পেটেলে স্বৰ্ণ পদক অৰ্জন কৰাৰ সপোন দেখিছিল যদিও মহিলাৰ টেবুল টেনিছত ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিলে। চীনৰ ইয়িং ঝাউ নামৰ খেলুৱৈ গৰাকীৰ বিৰুদ্ধে ফাইনেলত ১১-৭, ১১-৫, ১১-৬ পইন্টৰ ব্যৱধানত পৰাস্ত হৈ স্বৰ্ণৰ পৰা এখোজ পিছতে থমকি ৰ'ল ভাবিনাবেন। কিন্তু ৰূপৰ এই সফলতাও কম নহয়। কিয়নো চলি থকা টকিঅ' পেৰা অলিম্পিকৰ প্ৰথমটো পদক ভাবিনাবেনেই আজুৰি আনিলে দেশৰ নামত।

উল্লেখযোগ্য যে, ২৪ আগষ্ট ২০২১ৰ পৰা আৰম্ভ হোৱা এইবাৰৰ পেৰা অলিম্পিক অন্ত পৰিব ৫ ছেপ্টেম্বৰ, ২০২১ত। অন্তিম দিনলৈকে প্ৰতিটো দিনতেই যেন ভাৰতীয় খেলুৱৈসকলে এনেদৰে পদক অৰ্জন কৰি আনে সেয়াই দেশৰ ক্ৰীড়া প্ৰেমীৰ লগতে প্ৰতিগৰাকীৰ ভাৰতীয়ৰ আশা।

উল্লেখ কৰাৰ প্ৰয়োজন যে- ১৯৪৮চনত লণ্ডন অলিম্পিকৰ সমান্তৰালকৈ ছাৰ লুডৱিগ গাটমেনে ২য় বিশ্বযুদ্ধৰ সময়ত আহত সৈনিক সকলৰ পুনৰ্সংস্থাপনৰ কাৰণে কেইখনমান চিকিৎসালয়ৰ মাজত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। পাছলৈ ষ্ট'ক মেণ্ডেভাইল গে'মছ নামেৰে এই প্ৰতিযোগিতা এটা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতালৈ পৰিণত হয়। তাৰ পাছৰ ১২ বছৰলৈকে গাটমেন আৰু তেওঁৰ সহযোগীসকলে এই প্ৰতিযোগিতাৰ আয়োজন কৰি যায়।

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত গাটমেনে ৪০০জন এথলিটক এই সমান্তৰাল অলিম্পিকত (parallel Olympic) অংশগ্ৰহণ কৰোৱাই আৰু এই প্ৰতিযোগিতা প্ৰথম পেৰা অলিম্পিক হিচাপে পৰিগণিত হয়। তাৰ পাছৰে পৰা প্ৰতি অলিম্পিক বৰ্ষতে পেৰা অলিম্পিক অনুষ্ঠিত হৈ আহিছে। ১৯৮৮ চনৰ ছিউল (দক্ষিণ কোৰিয়া) অলিম্পিকৰ পৰা অলিম্পিক আয়োজন কৰা চহৰখনেই পেৰা অলিম্পিক আয়োজন কৰি আহিছে।

২০০১ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী চমুকৈ আই অ' চি  আৰু আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটী (আই পি চি)য়ে  একেখন চহৰেই অলিম্পিক আৰু পেৰা অলিম্পিক দুয়োটা প্ৰতিযোগিতা আয়োজন কৰিব লাগিব বুলি আনুস্থানিকভাৱে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি প্ৰথম ৰূপায়িত হয় ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০১০ চনৰ ভেংকুভাৰ শীতকালীন অলিম্পিকত। লণ্ডন অলিম্পিক আয়োজক কমিটীৰ মুৰব্বী লৰ্ড ছেবাষ্টিয়ান ক'ই ২০১২ লণ্ডন অলিম্পিক তথা পেৰালিম্পিকৰ বিষয়ে কয় যে- 'We want to change public attitudes towards disability, celebrate the excellence of Paralympics sport and to enshrine from the very outset that the two Games are an integrated whole.'  ইয়াৰ অৰ্থ হ'ল- 'আমি বিকলাঙ্গতাৰ প্ৰতি জনসাধাৰণৰ মনোভাৱ সলনি কৰিব বিচাৰো, পেৰা অলিম্পিক খেলৰ উৎকৰ্ষতা উদযাপন কৰিব বিচাৰো আৰু আৰম্ভণিৰ পৰাই সন্নিবিষ্ট কৰিব বিচাৰো যে দুয়োখন খেল এক সংহত সম্পূৰ্ণ।'

এইবাৰৰ পেৰা অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে অৰ্থাৎ ১৭ আগষ্ট, ২০২১ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় পেৰা এথলিট দল আৰু পেৰা এথলিট সকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৰিছিল মত বিনিময়। এই অনুষ্ঠানতে উপস্থিত আছিল কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ।

উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে পেৰা এথলিটসকলক তেওঁলোকৰ আত্মবিশ্বাস আৰু ইচ্ছাশক্তিৰ বাবে প্ৰশংসা কৰে। এইসকল খেলুৱৈৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এইবাৰ পেৰা অলিম্পিক গেমছত আটাইতকৈ ডাঙৰ দলটো প্ৰেৰণ কৰাটো সম্ভৱপৰ হৈ উঠা বুলি তেওঁ মন্তব্য কৰে। পেৰা এথলিটসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত টকিঅ' ২০২০ পেৰা অলিম্পিক গেমছত ভাৰতে এক নতুন ইতিহাস সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে- আজিৰ নতুন ভাৰতে ইয়াৰ খেলুৱৈসকলক পদক জয়ৰ বাবে হেঁচা প্ৰয়োগ কৰাতকৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক লৈহে আশা কৰে।

তেওঁলোক খেলুৱৈ-এথলিট। নিজৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম, অনুশীলন, অনুশাসনৰ জৰিয়তে অলিম্পিকত এইবাৰ মেডেল অৰ্জন কৰা তেওঁলোকৰ লক্ষ্য। কিন্তু তেওঁলোকে মেডেল অৰ্জন কৰক বা নকৰক, বৰ্তমানৰ নতুন ভাৰতে দেশৰ খেলুৱৈসকলক পদক জয়ৰ বাবে হেঁচা প্ৰয়োগ কৰাতকৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক লৈহে আশা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in