অমিক্ৰ’নঃ তৃতীয় ঢৌ…

অমিক্ৰ’নঃ তৃতীয় ঢৌ…

ৰাজৰ্ষি চহৰীয়া

নৱবৰ্ষৰ আনন্দ-উচাহৰ মাজতে তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। কোভিড-১৯ৰ প্রথম আৰু দ্বিতীয় ঢৌৱে যিধৰণে সমগ্ৰ বিশ্বৰ লগতে ভাৰতত কিধৰণে প্ৰভাৱ পেলাইছিল বা পেলাই আছে সেয়া সকলোৱেই জানে। কিন্তু এতিয়া আকৌ আহি আছে কোভিডৰ তৃতীয় ঢৌ।

দেশৰ প্রধান মহানগৰীসমূহত বৰ্তমান সময়ত কোৰোনাৰ আক্ৰান্তৰ ভিতৰত ৭৫ শতাংশই নতুন ভেৰিয়েন্ট অমিক্ৰ'নত সংক্ৰমিত। এয়া অতি চিন্তাৰ কাৰণ। কোভিড টাস্ক ফ'ৰ্চৰ মুৰব্বী এন কে অৰ'ৰাই এই সন্দৰ্ভত কয় যে- ভাৰতত স্পষ্টৰূপত কোভিড-১৯ৰ তৃতীয় ঢৌ আহিছে। লগতে তেওঁ জনাই যে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰসকলৰ বাবে ক'ভেকচিন সম্পূৰ্ণৰূপে সুৰক্ষিত।

আচলতে কোৰোনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি কিয় হৈছে? এই প্ৰশ্নৰ উত্তৰ আমি সকলোৱে হয়তো জানো বা বুজি পাওঁ। মাস্ক পৰিধান নকৰা, জনসমাগম কৰা ইয়াৰে একো একোটা কাৰণ। ভাৰতত বৰ্তমান সময়ত অমিক্ৰ'নৰ সংক্ৰমণ অতি দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে। আৰু অধিকাংশ আক্ৰান্তৰ সংখ্যা মহানগৰীসমূহৰ।

দেশত বৰ্তমান সময়ত চাবলৈ গ'লে অমিক্ৰনত আক্ৰান্তৰ ভিতৰত ৭৫ শতাংশ দিল্লী, মুম্বাই আৰু কলকাতাৰ। ডাঃ অৰ'ৰাই লগতে কয়- 'কোভিডৰ আনবোৰ ভেৰিয়েন্টৰ তুলনাত অমিক্ৰনৰ সংক্ৰমণ অধিক গতিত বিয়পি পৰিছে।' উল্লেখ্য যে, ভাৰতত বৰ্তমান সময়ত ১৭০০ৰো অধিক লোক অমিক্ৰনত আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰত বৰ্তমান সময়ত অমিক্ৰ'নত আক্ৰান্তৰ সংখ্যা ৫১০জন।

ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে দেশত কোৰোনাৰ সংক্ৰমণ পুনৰ তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে। ই অতি চিন্তনীয় বিষয়। অমিক্ৰনৰ বাবে বিভিন্ন সময়ত বহু কেইখন ৰাজ্যত এছ অ' পিও জাৰি কৰা হৈছে। অসমতে নিশা ১১.৩০ বজাৰ সান্ধ্য আইন জাৰি কৰা হৈছে। কিন্তু কোৰোনাৰ সংক্ৰমণৰ বাবে যদি পুনৰ সম্পূৰ্ণ ল'কডাউন দিব লগা পৰিস্থিতি হয় তেন্তে কি হ'ব?

ঝাৰখণ্ডত ইতিমধ্যে নিশা ৮ বজাৰ পৰা সকলো দোকান-পোহাৰ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে ৰাজ্যখনৰ চৰকাৰে। ইফালে, প্ৰতিদিনাই দেশত অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰেও বহিঃৰাষ্ট্ৰৰ পৰা অহা লোকৰ সন্দৰ্ভত এক নতুন এছ অ' পি ৫ ডিচেম্বৰ, ২০২১ত ঘোষণা কৰিছিল।

এই এছ অ' পি অনুসৰি- বহিঃৰাষ্ট্রৰ পৰা অহা লোকৰ কোভিড টেষ্ট কৰাটো বাধ্যতামূলক। কোভিড টেষ্ট নিগেটিভ হ'লেও কোৱাৰেণ্টাইন হ'ব লাগিব যাত্রী। ৭ দিনৰ হোম কোৱাৰেণ্টাইনো বাধ্যতামূলক। কোভিড পজিটিভ হ'লে প্রট'কল অনুসৰি কৰা হ'ব চিকিৎসাৰ ব্যৱস্থা। বিমান বন্দৰতে যাত্রীয়ে কৰাব লাগিব RT-PCR টেষ্ট। অৱশ্যে ৫ বছৰৰ শিশু ভ্রমণকাৰীৰ ক্ষেত্রত কোভিড টেষ্টৰ পৰা ৰেহাই দিয়া হৈছে এই এছ অ' পিত। কিন্তু কোভিডৰ লক্ষণ পৰিলক্ষিত হ'লে শিশুৰো কৰা হ'ব কোভিড টেষ্ট।

তদুপৰি বিমান বন্দৰত কোভিড প্রট'কল মানি চলাটো বাধ্যতামূলক। বহিঃৰাষ্ট্রৰ পৰা অহা যাত্রীসকলক নিৰীক্ষণত ৰখা আৰু নিয়মীয়াকৈ যাত্রীসকলৰ সৈতে যোগাযোগ ৰখাৰ নিৰ্দেশনা দিয়া হৈছিল স্বাস্থ্য বিভাগৰ ফালৰ পৰা। বিমান যাত্রীসকলে দাখিল কৰিব লাগিব স্ব-ঘোষণা পত্র। ১৪ দিনৰ বিদেশ ভ্রমণ বৃত্তান্তসহ দিব লাগিব 'এয়াৰসুবিধা' প'ৰ্টেলত। ভ্রমণৰ পূৰ্বৰ ৭২ ঘণ্টাৰ ভিতৰত কৰিব লাগিব কোভিডৰ RT-PCR টেষ্ট। এই টেষ্টৰ নিগেটিভ ৰিপ'ৰ্ট দিব লাগিব 'এয়াৰসুবিধা' প'ৰ্টেলত।

ৰাজধানী চহৰ দিল্লী, পশ্চিমবংগত ইতিমধ্যে ৰাজ্য কেইখন চৰকাৰে এই ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিছে। পশ্চিমবংগত ২ জানুৱাৰী, ২০২১ত চৰকাৰে সকলো পৰ্যটনস্থলীত পৰ্যটক যাব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ লগতে সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পৰাই বুজিব পাৰি যে কি ধৰণে কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে।

কোৰোনাৰ তৃতীয় ঢৌ যদি সঁচাকৈ আহিছে তেন্তে দেশবাসী ইয়াৰ বাবে সাজু থকা উচিত। কিয়নো পুনৰ এক এনে পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত একাংশই নিজৰ কৰ্মসংস্থাপন হেৰুৱাব পাৰে। এই কোৰোনাই দুটা বছৰ মানৱ জাতিক কি ধৰণে প্ৰভাৱাম্বিত কৰিলে সেয়া সকলোৱে দেখিছে। কিন্তু ইয়াৰ পৰা সুৰক্ষিত থকাৰ বাবে নিজেই সজাগ-সচেতন হোৱা অতিকৈ প্ৰয়োজন বৰ্তমান সময়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in