অলিম্পিকত অসমীয়াঃ পদক, বাস্তৱ আৰু সম্ভাৱনা…

অলিম্পিকত অসমীয়াঃ পদক, বাস্তৱ আৰু সম্ভাৱনা…

মৃদুল কুমাৰ সন্দিকৈ

লাভলীনা বৰগোঁহাই আমাৰ বাবে আৱেগ। আমাৰ বাবে তেওঁ গৌৰৱ। যিখন দেশত অলিম্পিক খেলিবলৈ যোৱাটোৱেই এটা ডাঙৰ সপোন। সেইখনত দেশত অলিম্পিকত এটা পদক পোৱাটো চৰম প্ৰাপ্তি। সেয়া সোণ, ৰূপ , ব্ৰঞ্জ যিয়েই নহওঁক। কঠোৰ অনুশীলন আৰু সাধনাৰ অন্তত এই সফলতা কম কথা নহয়। দেশক গৌৰাৱাম্বিত কৰাৰ লগতে লাভলীনা বৰগোঁহাইয়ে অসমীয়া জাতিক বিশ্বৰ সৈতে পৰিচয় কৰাই দিলে।

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া ক্ষেত্ৰত অসম আৰু অসমীয়াৰ এয়াই সৰ্বশ্ৰেষ্ঠ সফলতা। লুইতৰ পাৰ জিলিকাই লাভলীনাই অত্যন্ত বিনম্ৰতাৰে দেশবাসীক , অসমবাসীক উদ্দেশ্যিক কোৱা সেই কথা কেইষাৰেও হৃদয় জিনিলে। খেলত জয় পৰাজয় থাকে। কিন্তু খেলুৱৈসুলভ আৰু আত্মবিশ্বাসেৰে খেলৰ মঞ্চত যি প্ৰত্যয়বোধৰ উমান দিলে সেই প্ৰত্যয়ে অসমৰ ক্ৰীড়াৰ ইতিহাস নতুনকৈ লিখাৰ সুযোগ আনিলে।

লাভলীনাই পদক পোৱাতকৈ ডাঙৰ প্ৰাপ্তি হ'ল অসমৰ দৰে আন্তঃগাঁথনিৰ অভাৱ থকা এখন ৰাজ্যত কিমান প্ৰতিভা আছে তাক ভবাৰ অৱকাশ আৰু সৰুৰে পৰাই এক ক্ৰীড়া সুলভ পৰিৱেশ গঢ়ি তোলাত এই উদাহৰণে মানুহৰ মনস্তত্বত প্ৰভাৱ পেলাব। কোনেও ভবা নাছিল এদিন এই লাভলীনা বৰগোঁহাইয়ে বিশ্বৰ মজিয়াত দেশৰ নাম উজ্বলাব।

সেয়া যদি অলিম্পিক হয় তেনেহ'লে সেই সুখ আৰু প্ৰাপ্তি কিমান বেছি হ'ব পাৰে তাক আমি অন্তকৰণেৰে অনুভৱ কৰা উচিত। লাভলীনাৰ বাবে সকলোৰে প্ৰাৰ্থনা, তেওঁক দিয়া উৎসাহ-উদ্দীপনা আন এক বিৰল উদাহৰণ হৈ ৰ'ব। খেল বুজি নোপোৱা সকলেও টেলিভিছন বা ম'বাইলৰ স্কীনত অতীক্ষ্ণ চকুৰে চাইছিল। বিশ্বৰ এক নম্বৰৰ বক্সাৰ গৰাকীৰ সৈতে বক্সিং ৰিঙত অৱতীৰ্ণ হৈ লাভলীনাই ভাৰতৰ লগতে টকিঅ'ত অসম আৰু অসমীয়াক প্ৰতিনিধিত্ব কৰিছিল।

লাভলীনাৰ সফলতাৰ পাছত অন্তত ৰাজ্যৰ ক্ৰীড়া নীতি আৰু প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰিব পৰা মানসিক দৃঢ়তা দেখুৱাই খেলো যে শিক্ষাৰে এক অংশ তাক অনুধাৱন কৰা উচিত। কেৱল আত্মপ্ৰতিষ্ঠাৰ দৌৰেই নহয়, এই খেলৰ জৰিয়তে বিশ্বৰ মজিয়াত নিজৰ জাতি-মাটিক পৰিচয় কৰাই দিয়াৰ সুযোগ এজন খেলুৱৈয়ে লাভ কৰে।

অসমৰ পৰা অলিম্পিক খেলিবলৈ যোৱা খেলুৱৈৰ সংখ্যা মাত্ৰ ৫জন। টি আও, দীপাংকৰ ভট্টাচাৰ্য, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাৰ পাছত পঞ্চম গৰাকী অলিম্পিয়ান হ'ল লাভলীনা বৰগোঁহাই। ব্যৰ্থতা দলিয়াই লাভলীনাই বক্সিঙত ব্ৰঞ্জৰ পদক অলিম্পিকত লাভ কৰাৰ লগে লগে অলিম্পিকত পদক লাভ কৰা সকলৰ ভিতৰত অসমীয়া জাতিৰ নামো সন্নিবিষ্ট হ'ল।

যদিও অসমীয়াৰ সংজ্ঞা নিৰূপন হোৱা নাই, অসমীয়া ধাৰণাৰ মাজতেই যি জাতীয় বোধৰ জন্ম হয় সেই জাতীয়তাবোধে আৰু শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ এনেবোৰ দিশত সফলতা লাভ অৱশ্যেই কৰিব লাগিব। লাভলীনাৰ পৰা অনাগত দিনবোৰতো অধিক সফলতা আশা নিশ্চয় অসম বা দেশে কৰিব।

ধনশিৰিৰ পাৰৰ পৰা গৈ সুদূৰ জাপানৰ টকিঅ'ত বৰপথাৰৰ লাভলীনাই ব্ৰঞ্জৰ পদক জয়ী কৰিও তেওঁ আমাৰ বাবে চিৰকাল, চিৰদিন স্বৰ্ণ কন্যা হৈ উজ্বলি থাকিব। লাভলীনাৰ সফলতাক কেৱল গ্লেমাৰ বা অলিম্পিকত পদক পোৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপনৰ সভা অনুষ্ঠিত কৰাতেই সীমাবদ্ধ নাৰাখি খেলুৱৈ সুলভ এই আত্মীয় তাড়না আৰু সফলতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ দায়িত্ব প্ৰতিজন লোকৰেই আছে।

উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়াৰ যথেষ্ট প্ৰতিভাৰ সমাহাৰ হৈ আছে। সেই সকল প্ৰতিভাধাৰী খেলুৱৈক বিশ্ব পৰ্যায়ৰ, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে প্ৰস্তুতি চলাবলৈ আৰু তেওঁলোকক গভীৰ আত্মবোধৰে এই প্ৰতিযোগিতা সমূহত সফলতা লাভৰ আদিপাঠ সৰুৰে পৰা পঢ়াব লাগিব। তাৰ বাবে আদৰ্শ হ'ব পাৰে লাভলীনাৰ দৰে খেলুৱৈ।

ৰাজ্যত থকা ক্ৰীড়াৰ আন্তঃগাঁথনি সন্দৰ্ভত ৰাজ্য চৰকাৰ তথা দেশৰ ক্ৰীড়া নীতিক আৰু অধিক জনমুখী কৰি সৰু সৰু ঠাইত লুকাই থকা এই প্ৰতিভা সমূহক বিচাৰি উলিয়াই আন উন্নত দেশৰ দৰেই তেওঁলোকক সাজু কৰাৰ দায়িত্ব চৰকাৰেই ল'ব লাগিব। লাভলীনাৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ অকাগ্ৰতা, পৰিয়ালৰ সহযোগিতা আৰু সৌভাগ্যক্ৰমে তেওঁ লগ পোৱা ক্ৰীড়া সংগঠক, প্ৰশিক্ষকসকলৰ আন্তৰিক প্ৰচেষ্টা।

দেখা পোৱা যায় অলিম্পিকত আমেৰিকাৰ দৰে দেশেই ৩ হাজাৰৰো অধিক পদক লাভ কৰিছে। কিন্তু ভাৰতৰ নিচিনা বিশ্বৰ আটাইতকৈ জনবহুল দেশখনৰ পৰা অলিম্পিকত লাভ কৰা পদকৰ সংখ্যাই ৫০ সীমা চুব পৰা নাই। আৰু অসমৰ পৰা প্রথমটো অলিম্পিক পদক লাভ কৰিলে ২০২১ত লাভলীনাই।

বিদ্যালয় সমূহত ক্ৰীড়া এক বিষয় হিচাপে আজিও আনুষ্ঠানিকভাৱে আৰু ব্যৱহাৰিকভাৱে সকলো ছাত্ৰই গ্ৰহণ কৰিব পৰাকৈ আৰম্ভ কৰিব পৰা নাই ভাৰতত। আমাৰ দেশত শিশুসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবপৰাকৈ সাৰ্বজনীন কোনো নীতি সফলভাৱে ৰূপায়ন কৰাত সফল হোৱা নাই চৰকাৰ।

মনস্তাত্বিকভাৱেও অভিভাৱকসকলে কেইবিধ মান খেলৰ বাদে বাকী খেলবোৰ খেলি সন্তানৰ কি ভৱিষ্যৎ হ'ব বুলি ভবা মানুহৰ সংখ্যাই বেছি। ৰাজ্যত এতিয়াও বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ দিব পৰা উপযুক্ত প্ৰশিক্ষিত প্ৰশিক্ষকৰ অভাৱ। ৰাজ্য চৰকাৰে লাভলীনাৰ এই সফলতাকেই মুলধন হিচাপে লৈ তেনেবোৰ দিশত নতুন চিন্তা-চৰ্চাৰে নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰি ভৱিষ্যতে লাভলীনাৰ দৰে আন খেলুৱৈ সৃষ্টি কৰিব পাৰিলেহে লাভলীনাৰ এই সফলতাৰ প্ৰকৃত মূল্যায়ন হ'ব।

পদক জয় কৰি টকিঅ'ৰ পৰা ঘূৰি অহা লাভলীনাক সম্বৰ্ধনা জনাবলৈ উথপ-থপ নিশ্চয় চৰকাৰৰ লাগিব। সেই কাম সৰ্বসাধাৰণেও কৰিব। অলিম্পিকত যোগ দিবলৈ যোৱাৰ আগলৈকে লাভলীনাৰ প্ৰতি সেই আকৰ্ষণ বা আগ্ৰহ নাথাকিলেও এতিয়া লাভলীনা এগৰাকী তাৰকা। যদিও লাভলীনাই অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰি ভাল পাই দেশবাসীৰ দৃষ্টিত তেওঁ মধ্যমণি হৈ পৰিছে ইতিমধ্যে।

বহু খেলুৱৈয়ে মানুহৰ মৰম, অত্যাধিক আশাৰ বাবে তেওঁলোকৰ ক্ৰীড়া জীৱনৰ ভৱিষ্যতৰ আধাৰ গ্লেমাৰ কেন্দ্ৰিক কৰি পেলোৱাত খেলপথাৰৰ পৰিৱৰ্তে তেওঁলোকৰ অস্তিত্ব কেৱল সংবাদ মাধ্যম বা আন কিছু মাধ্যমত ৰৈ যোৱাও দেখা পোৱা যায়। সেই সকলৰ বিপৰীতে লাভলীনাই কথা দিছে যে পৰৱৰ্তী অলিম্পিকৰ বাবে তেওঁ আৰু অধ্যৱসায় , অনুশীলনেৰে এতিয়াৰে পৰাই নিজক সাজু কৰি তুলিব।

লাভলীনাক অসমৰ নতুন প্ৰজন্মৰ খেলৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰী, সম্ভাৱনাময় খেলুৱৈৰ সৈতে বাৰ্তালাপৰ সুযোগ দিব লাগে। তেওঁৰ অভিজ্ঞতা আৰু এই অলিম্পিক যাত্ৰাৰ কঠিন সাধনা সেই সকল নতুন প্ৰজন্মৰ খেলুৱৈৰ বাবে প্ৰেৰণা হ'ব। তেনে লক্ষ্যৰ উদ্দেশ্যেৰে লাভলীনাক অসমৰ নতুন খেলুৱৈসকলৰ ৰোল ম'ডেল কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক সঁচা অৰ্থত আগুৱাই নিবৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব।

আজি লাভলীনা, কাইলৈৰ লাভলীনাৰ দৰেই যাতে আন কোনোবাই অসম আৰু অসমীয়াক বিশ্বৰ মঞ্চত উজ্বলাই তুলিব পাৰে তাৰ বাবে আমি আজিৰ পৰাই সাজু হ'লেহে সফলতা লাভ কৰিব পৰা যাব। চুবুৰীয়া চীনে ৩-৪ বছৰ বয়সৰ পৰাই তেওঁলোকৰ সন্তান সকলক অলিম্পিকৰ দৰে প্ৰতিযোগিতাৰ বাবে কঠোৰ অনুশীলনেৰে সাজু কৰি তোলে।

সেই সাধনা আমিও কৰিলে অলিম্পিকত কেৱল খেলিবলৈ যোৱাটোৱেই গৌৰৱৰ কথা বুলি অনুভৱ কৰাৰ সময় অতিক্ৰম কৰি পদক দখলেৰে নিজৰ শ্ৰেষ্ঠত্ব বুটলাৰ বাট কৰ্ষণ হ'ব। ব্ৰঞ্জৰ পদকেৰে অলিম্পিকৰ মজিয়াত উজ্বলি উঠা লাভলীনাৰ পৰা অন্তত আমি অসম আৰু অসমীয়াই এইখিনি কথা অনুধাৱন কৰিব পাৰিলে লাভলীনাই কাটি যোৱা সেই বাটেৰে আন বহুজন আগুৱাই আহিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in