আমাৰ জুৰীয়াৰ নাজনিন ‘ইছৰ’ৰ বিজ্ঞানী হ’ল…

আমাৰ জুৰীয়াৰ নাজনিন ‘ইছৰ’ৰ বিজ্ঞানী হ’ল…

মৃদুল কুমাৰ সন্দিকৈ

সৰুৰে পৰাই তেওঁ এটা সপোন দেখিছিল। সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। কেৱল পৰীক্ষাৰ বাবে তেওঁ পঢ়া নাছিল। এম. টেক ডিগ্ৰী লোৱাৰ পাছতো নিতৌ ৯-১০ ঘন্টাকৈ অধ্যয়ন কৰিছিল। অৱশেষত আহিছিল সেই খবৰটো। সপোন পূৰণ হ'ল। আৰু মাত্ৰ কেইটামান দিন ঘৰত থাকিব। তাৰপাছত তেওঁৰ কৰ্মভূমি হৈ পৰিব শ্ৰীহৰিকোট্টা।

ছোৱালীজনীৰ নাম নাজনিন ইয়াছমীন। সেই খবৰ পোৱাৰ পাছতে নাজনিনলৈ ফোন কৰিছিলো.। সুখেৰে উপচি পৰিছে ঘৰখন। মাক-দেউতাক, ওচৰ চুবুৰীয়া সকলোৰে মনত বিৰাট স্ফূৰ্তি। আনন্দই নহ'বই বা কিয়! কেৱল নাজনিনৰ পৰিয়ালৰ বাবেই নহয়, অসমবাসীৰ বাবেই যে এয়া এক গৌৰৱৰ খবৰ।

এই সুখে নাজনিনক আৱেগিক কৰি তুলিছে। ঘৰত খবৰ ল'বলৈ ইজনৰ পাছত সিজন মানুহ আহিছে। সৰুৰে পৰাই নাজনিন আছিল মেধাৱী। পঢ়া-শুনাক লৈয়ে ব্যস্ত হৈ আছিল নাজনিন। অক্টোবৰতে সেই আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে। ২৬ ডিচেম্বৰ, ২০২১ত নাজনিন যাবগৈ। ২৭ ডিচেম্বৰত নাজনিনে নতুন কামত যোগদান কৰিব লাগিব।

নগাঁৱৰ জুৰীয়াত নাজনিনৰ ঘৰ। এতিয়া পৰিয়াল থাকে নগাঁৱৰ আজাদ নগৰত। নাজনিনৰ পিতৃ আবুল কালাম আজাদ বৃত্তিত শিক্ষক। নাজনিনৰ মাতৃও শিক্ষয়িত্ৰী। নাম মানজাৰা বেগম। বি. টেক কৰি নাজনিনে তেজপুৰ বিশ্ববিদ্যালয়ৰপৰা এম. টেক কৰিছিল। নাজনিনে এম. টেক কৰা বিষয় আছিল ইলেকট্ৰনিক ডিজাইন এণ্ড টেকন'লজী।

সৰুৰে পৰা মহাকাশৰ প্ৰতি আকৰ্ষিত আছিল নাজনিন। আকাশ চুই চোৱাৰ সপোন তেতিয়াৰ পৰাই তেওঁ লৈ ফুৰিছিল। ইছৰ'. ভাৰতীয় মহাকাশ গৱেষণা সন্থা। বিশ্বৰ ৬ খন দেশৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত সুনাম আছে। তাৰ ভিতৰত ভাৰতো এখন। ১৯৬২চনতে জৱাহৰলাল নেহৰুৱে মহাকাশ গৱেষণাৰ বাবে স্থাপন কৰিছিল ইণ্ডিয়ান নেশ্যনেল কমিটী ফৰ স্পেছ ৰিচাৰ্জ চমুকৈ INCOSPAR।

বিক্ৰম ছাৰভাই আছিল ভাৰতীয় মহাকাশ গৱেষণাৰ অন্যতম পুৰুধা বিজ্ঞানী। ১৯৬৯ চনত এই INCOSPAR ক সলনি কৰা হৈছিল ইছৰ'লৈ। তাৰপাছত ভাৰতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত পিছলৈ চাব লগা হোৱা নাছিল। ১৯৭৫চনৰ ১৯ এপ্ৰিলত ইছৰ'ৱে মহাকাশলৈ নিক্ষেপ কৰিছিল প্রথমটো কৃত্ৰিম উপগ্ৰহ 'আৰ্য ভট্ট'।

তাৰপাছত কিমান উপগ্ৰহ ভাৰতে নিক্ষেপ কৰিছে তাৰ হিচাপ নাই। আন দেশৰো উপগ্ৰহ এতিয়া ভাৰতেই মহাকাশলৈ নিক্ষেপ কৰে। প্ৰথমতে ছোভিয়েট ৰাছিয়াৰ সহযোগত এই উৎক্ষেপন চলিছিল যদিও এতিয়া ভাৰত স্বাৱলম্বী। এছএলভি, পিএছএলভি, এএছএলভি আদি ৰকেট উৎক্ষেপন যানেৰে ভাৰতে মহাকাশ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে নতুন পৰিচয় দাঙি ধৰিছে।

১৯৬৯চনত ছেটেলাইট লঞ্চিং ষ্টেচন ৰূপে অন্ধ্ৰপ্ৰদেশৰ এটা দ্বীপক নিৰ্বাচন কৰা হৈছিল। ১৯৭১চনত সেই ষ্টেচনত স্থাপন কৰা হৈছিল আৰএছ ১২৫ ছাউণ্ডিং ৰকেট। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোট্টা নামৰ দ্বীপটো মহাকাশ গৱেষণাৰ বাবে এতিয়া পৃথিৱী বিখ্যাত। ইছৰ' অধীনস্থ সেই স্পেচ চেন্টাৰৰ নাম ছত্তীশ ধৱন স্পেচ চেন্টাৰ।

শ্ৰীহৰিকোট্টাৰ সেই স্পেচ চেন্টাৰটোৱে হ'ব নাজনিনৰ কৰ্মক্ষেত্ৰ। দেশৰ আন প্ৰতিষ্ঠিত বিজ্ঞানীৰ সৈতে অসমৰ জুৰীয়াৰ পৰা গৈ নাজনিনে কাম কৰিব তাত। ২০২১ বৰ্ষৰ শেষৰ ফালে নিঃসন্দেহে এয়া অসমবাসীৰ বাবে এক ভাল খবৰ। নাজনিনৰ পিতৃ-মাতৃ নগাঁৱৰ কদমণি টাউন হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী।

শ্ৰীহৰিকোট্টাত আছে দুখনকৈ লঞ্চপেড। তাৰে এখন ইউনিভাৰ্ছেল লঞ্চপেড। যিখন স্থাপন কৰা হৈছিল ২০০৫চনত। ইছৰ'ৰ এটা অন্যতম লঞ্চিং চেন্টাৰ হোৱাৰ উপৰিও মহাকাশ বিজ্ঞানৰ গৱেষণাৰ গুৰুত্বপূৰ্ণ স্থান শ্ৰীহৰিকোট্টা। ২০১৩চনৰ ৫ নবেম্বৰত ইছৰ'য়ে মংগল গ্ৰহণলৈ পঠাইছিল মংগলযান। ২০১৪ৰ ২৪ ছেপ্টেম্বৰত সফলভাৱে এই মংগলযানৰ উৎক্ষেপন সম্পন্ন হৈছিল।

সমগ্ৰ বিশ্বই ইছৰ'ৰ প্ৰশংসা কৰিছিল। নাছাতকৈ পিছত নহয় ইছৰ'। মংগল গ্ৰহত পানী থকা কথা ইছৰ'ৰ বিজ্ঞানীয়েই পোহৰলৈ আনিছিল। চন্দ্ৰ অভিযানৰো প্ৰস্তুতি চলি আছে ভাৰতৰ। তাৰ আঁৰত ইছৰ'। খোদ প্ৰধানমন্ত্ৰী অধীনস্থ এই ইছৰ'। ইছৰ'ত কাম কৰাৰ সকলোৰে হেঁপাহ থাকে। কিন্তু সেই হেঁপাহ সকলোৰে পূৰণ নহয়।

সৰুৰে পৰা অত্যন্ত মেধাৱী আৰু পৰিশ্ৰমী নাজনিনৰ কিন্তু হেঁপাহ পূৰণ হ'ল। একাগ্ৰতাৰে লাগি থাকি নিজৰ লক্ষ্যত উপনীত হ'ল নগাঁৱৰ এইগৰাকী জীয়াৰী। নতুন কামৰ বাবে সাজু নাজনিন। ক'লে সেই দিনটোৰ প্ৰতিক্ষাতে আছে ইমান দিন। ভাল লাগিছে অসমতে পঢ়া শুনা কৰি ভাৰতৰে নহয় বিশ্বৰ অগ্ৰগনীয় এই মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোৰে নিজক জড়িত কৰিবলৈ পায়।

নাজনিনে জনালে প্ৰয়োজনত সকলো ত্যাগ আৰু কষ্ট কৰিবলৈ সাজু। কম কথা কয় নাজনিনে। সোধা কথাটোৰ পোনপটীয়াকৈ উত্তৰ দিয়ে এটা বা দুটা শব্দত। নাথাকে কোনো পাতনি। হয়তো সেয়াই এগৰাকী বিজ্ঞানীৰ অন্তঃদৃষ্টি বা চিনাকি। অসমীয়া মাধ্যমতে নাজনিনে পঢ়া-শুনা কৰিছিল। উচ্চতৰ মাধ্যমিক শিক্ষাও নাজনিনে নগাঁৱতে লৈছিল।

নাজনিনৰ মতে তেওঁৰ এই সফলতাই আন বহুতকে উৎসাহিত কৰিব। ইয়াৰ বাবে তেওঁ যথেষ্ট সাধনা আৰু পৰিশ্ৰম কৰিব লগা হৈছিল। সেই পৰিশ্ৰমৰ ফল লাভ কৰি তেওঁ অত্যন্ত সুখী। ভাবিয়েই ভাল লাগিছে নাজনিন ইছৰ'ৰ বিজ্ঞানী হ'ব। বিজ্ঞানী ৰূপে নিজৰ দায়িত্ব পালন কৰিবলৈ নাজনিনে সদায় চেষ্টা কৰি যাব। অভিনন্দন নাজনিন ইয়াছমিন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in