মনিকা-উৎপলৰ বাবে সিজুবাৰীত কান্দিছে আইতা…

মনিকা-উৎপলৰ বাবে সিজুবাৰীত কান্দিছে আইতা…

মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ দৰে বিচিত্ৰ জীৱ নাই। মানুহৰ সংকীৰ্ণ প্ৰাণী নাই। প্ৰেম-ভালপোৱা, আৱেগ, অনুভূতি সকলো আপেক্ষিক। সময়ত মানুহৰ স্বৰূপ ওলায়। আন্তৰিকতাৰে গঢ় দিয়া অনুষ্ঠান এটাও মানুহৰ এই স্বাৰ্থপৰতাৰ বলি হয়। সময় তেতিয়া ৫ বাজি গৈছিল। হাতীগাঁৱৰ সিজুবাৰীত থকা মাডাৰ্ছ অল্ড এজ হোমৰ ভিতৰত গৈ উপস্থিত হোৱাৰ সময়ত পূৰ্বৰ সেই প্ৰাণচঞ্চল পৰিৱেশ দেখিবলৈ পোৱা নগ'ল।

২০১২চনৰ ২১ জুন। আজিৰ পৰা ৯ বছৰৰ পূৰ্বে এই বৃদ্ধাশ্ৰমখন স্থাপন কৰা হৈছিল। আঁৰত আছিল এজন যুৱক। নাম উৎপল হৰ্ষবৰ্ধন। তেওঁ সংগী কৰি লৈছিল আন এগৰাকী যুৱতীক। নাম মনিকা শৰ্মা। এই বৃদ্ধাশ্ৰমখনৰ নাম মনলৈ আহিলেই চকুৰ সন্মুখতে ভাহি আহে দুখন ছবি। তাৰে এখন মনিকাৰ আৰু আনখন উৎপলৰ।

মনালিছা ছ'চাইটিৰ নামত আৰম্ভ কৰা এই বৃদ্ধাশ্ৰমখনৰ জৰিয়তে উৎপল-মনিকাই মানুহৰ পৰা কেৱল আদায় কৰিছিল মৰম-চেনেহ আৰু আশীৰ্বাদ। তেওঁলোকৰ আলপৈচানতে বহুতে জীৱনৰ অন্তিম বয়সত ঘূৰাই পাইছিল চৰম সুখ। পৰিয়ালৰ পৰা বঞ্চিত হৈ বা সময়ৰ হাতত জীৱনৰ সৰ্বস্ব এৰি দি এই বৃদ্ধাশ্ৰমখনত পোৱা সুখেই তেওঁলোকৰ জীৱনৰ গতি সলনি কৰি দিছিল।

বৃদ্ধাশ্ৰমখনলৈ যিয়েই যায় তেওঁৱেই পৰম সন্তোষেৰে ঘূৰি আহে। ইয়াত কোনো স্বাৰ্থ নাই, আছে কেৱল মানৱ সেৱা আৰু মানুহে মানুহৰ প্ৰতি কিবা এটা কৰাৰ তীব্ৰ হেঁপাহ আৰু প্ৰয়াস। সেই বাবেই এই ভাড়াঘৰত থকা এই বৃদ্ধাশ্ৰমখনৰ ককা-আইতাসকলে এবাৰ ভাড়াঘৰৰ অভাৱত পৰাত অসমৰ ৰাইজেই নখ জোকাৰিছিল।

ভাবিব নোৱাৰা ধৰণে কম সময়ৰ ভিতৰতে প্ৰতিদিন টাইমৰ উদ্যোগত বৃ্দ্ধাশ্ৰমখনৰ স্থায়ী ঘৰ নিৰ্মানৰ বাবে সংগ্ৰহ হৈছিল প্ৰয়োজনীয় ধন। মুকুল মহন্তৰ দৰে বিশিষ্ট চিন্তাবিদৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালে মহানগৰীৰ মাজমজিয়াত থকা এটুকুৰা ভূমি এই বৃদ্ধাশ্ৰমখনক দি স্থায়ী ঠিকনা দিছিল। সেইদিনা বৃদ্ধাশ্ৰমখনৰ আইতাসকল মাজত কি ফূৰ্তি!

তেওঁলোকৰ মনত আনন্দ জোঁৱাৰ উঠিছিল। নিজাকৈ বৃদ্ধাশ্ৰমৰ এটা ঘৰ হ'ব। উৎপলক পুত্ৰৰ দৰে জ্ঞান কৰে। আৰু উৎপলেও আইতা-ককাসকলক পিতৃ-মাতৃৰ দৰে সেৱা, শুশ্ৰূষা কৰি যায়। বৃদ্ধাশ্ৰমখনৰ পৰা বাহিৰলৈ কিবা কাৰণত যাব লগা হ'লে এই সকল আবাসিক তেওঁ সেৱা নকৰাকৈ ওলাই নগৈছিল।

মনিকাক জীয়াৰীৰ দৰেই ভাবিছিল। কোনোবাই মাতিছিল মনি, কোনোবাই মাতিছিল সোণ। কেতিয়াবা মনিকা দুই এদিন আহিব নোৱাৰিলে আইতাসকলৰ চকুৰ টোপনি হৰিছিল। উৎপলক নেদেখিলে থাকিব নোৱাৰিছিল তেওঁলোকে। প্ৰতিগৰাকী আইতাৰ কাষলৈ গৈ উৎপলে তেঁওলোকৰ খবৰ ৰাখিছিল।

প্রথম অৱস্থাত এই বৃদ্ধাশ্ৰমখন স্থাপনৰ বাবে বহু পৰিশ্ৰম কৰিছিল উৎপলে। আনকি চাকৰীয়াল মাতৃৰ ৭ মাহৰ দৰমহা বৃদ্ধাশ্ৰমখন চলাওতেই ব্যয় কৰিছিল। একাগ্ৰতা আৰু নিষ্ঠাৰে মানৱ সেৱাৰ বাবে ওলাই অহা এই ল'ৰাটো এতিয়া তেওঁৰেই এসময়ৰ সহযোগী মনিকাৰ দৃষ্টিত অপৰাধী। কেৱল অভিযোগেই নহয়, দুবাৰকৈ আৰক্ষী থানা গৰকিব লগা হৈছে উৎপলে।

সংঘাত য'ৰ পৰাই আৰম্ভ নহওঁক, এই সংঘাতে এতিয়া বৃদ্ধাশ্ৰমখনত থকা ৭০ গৰাকী ককা-আইতাৰ মনত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ সৃষ্টি কৰিছে। কোনোৱে কৈছে- মইনো কেনেকৈ ভাত খাওঁ? উৎপলেও দিনটো একো খোৱা নাই। তাক এৰি আমি খাব নোৱাৰো। সি কৈছে বৃদ্ধাশ্ৰমখন এৰি গুচি যাব। যদি তেনে হয় তেন্তে আমিও গুচি যাম তাৰ সৈতে।

সংঘাতৰ সেই কাৰণ এতিয়া গৌণ। বৃদ্ধাশ্ৰমখনৰ প্ৰতিগৰাকী আইতাই বিচাৰে পূৰ্বৰ দৰে শান্ত-সৌম্য পৰিৱেশে বিৰাজ কৰক। অভিযোগ উৎপলৰো আছে। সেই অভিযোগ উৎপল- মনিকাৰ পৰস্পৰ কেন্দ্ৰিক। কিন্তু তাৰ মাজত এই ৭০ গৰাকী ককা-আইতাৰ জীৱনক লৈ কোনোবাই প্ৰতিষ্ঠাৰ যুঁজ কৰিলে সেয়া জানো সমৰ্থনযোগ্য?

উৎপলৰ বিৰুদ্ধে মনিকাৰ অভিযোগ। সেই অভিযোগৰ কাৰণ দুয়োৰে মাজত থকা এক ভাল সম্পৰ্ক অন্ত পৰাৰ পাছত। সেইবোৰ ব্যক্তিগত কথা। কিন্তু তাৰ আধাৰত এই বৃদ্ধাশ্ৰমখনৰ ভৱিষ্যতৰ প্ৰতি এনে পৰিৱেশ সৃষ্টি কৰাতো কাৰোৰেই কাম্য নহয়। উচুপি উচুপি উৎপলে কৈছিল – মই এৰি গুচি যাওঁ। মনিকাই যদি ভালকৈ চলাই তাই চলাওঁক। তাত মোৰ কোনো আপত্তি নাই।

আইতাসকলে উৎপলক কোনো মতেই এৰি নিদিয়ে। সমাজ কল্যাণ বিভাগৰ বিষয়াক আনি অভিযোগো দিয়া হৈছে। বৃদ্ধাশ্ৰমখনৰ আইতাক গালি-গালাজ কৰা হৈছে। কিন্তু সেই অভিযোগৰ প্ৰমাণ নোলাল। বৰঞ্চ পৃথক এখন ছবিহে দেখা পোৱা গ'ল। সংঘাতৰ পৰিণতিতেই এখন কমিটী গঠন কৰা হৈছে। মনিকাও নিজৰ পচন্দৰ কিছু লোকক সেই কমিটীত ভৰাইছে।

ইমান সৰু সৰু কথাত এই সংঘাত বোৰ ডাঙৰ হৈ পৰিছে যে, এই বৃদ্ধাশ্ৰমখনৰ প্ৰতি থকা মানুহৰ আন্তৰিকতা আৰু দায়িত্ববোধ শেষ হৈ যাবলৈও বেছি সময় নালাগে। সেই কথা হয়তো উৎপলে বুজি উঠিছে। তেওঁৰ অভিযোগ তৃতীয় পক্ষৰ উপস্থিতিয়ে বৃদ্ধাশ্ৰমখনৰ পৰিৱেশ ইমান বেয়া কৰি পেলাইছে যে তেওঁ নিজৰেই প্ৰাণৰ সংশয়ত ভোগিছে।

পৰিয়ালক এৰি দিন-ৰাতি একাকাৰ কৰি গঢ়ি তোলা এই বৃদ্ধাশ্ৰমখনক লৈ সৃষ্টি হোৱা এনে বিতৰ্কই তেওঁক তীব্ৰ মানসিক আঘাত হানিছে। সেই আঘাতৰ বলি হৈছে বৃদ্ধাশ্ৰমখনৰ আবাসিকসকল। নতুনকৈ বৃদ্ধাশ্ৰমখনত প্ৰৱেশ কৰা আৰু ইয়াৰ পৰিচালনাৰ সৈতে জড়িত হ'ব খোজা সকলে কি বুজিব সেই আৱেগ আৰু অনুভূতিৰ মূল্য?

উৎপলে কোৱা বহু কথা একান্ত ব্যক্তিগতভাৱে কোৱা হোৱা নাই। হয়তো সেই কথাবোৰৰ বিপৰীতে মনিকাৰো কিছু ক'ব লগা থাকিব। কিন্তু বৃদ্ধাশ্ৰমখনৰ আইতা-ককা সকলৰ সৈতে পতা কথাখিনিয়ে এক নিৰপেক্ষ পটভূমি বহু দৃষ্টিকোণেৰে সেই সংঘাতৰ বিচাৰ কৰাৰ অৱকাশ দিব। অভিযোগ-প্ৰতিঅভিযোগে, খং-ক্ষোভে কাকো উপকাৰ নকৰে। বৰঞ্চ এই সকল অকলশৰীয়া লোকক পুনৰ সেই পৃথিৱীখনলৈ ঘূৰাই নিব।

টকা-পইচা বা আন এই বৃদ্ধাশ্ৰম কেন্দ্ৰিক কথা-বতৰাবোৰ আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰা যাব। কিন্তু মন ভাঙি পৰা আইতাসকলৰ মনবোৰ পুনৰ বান্ধি এই বৃদ্ধাশ্ৰমখনত তেনে এক পৰিৱেশ বিৰাজ কৰিবলৈ লাখ টকা দিও নোৱাৰিব। মাডাৰ্ছ অল্ড এজ হোমলৈ পুনৰ ঘূৰি আহক সেই পৰিৱেশ। সংঘাতবোৰ শেষ হওঁক। স্বাৰ্থবোৰ সকলোৱে পৰিহাৰ কৰক।

কোনো তৃতীয় পক্ষই যদি এই ষড়যন্ত্ৰৰ জাল মেলিছে তাকো কলিতে মোহাৰি এই বৃদ্ধাশ্ৰমখনক পূৰ্বৰ দৰে কৰি ৰখাৰ দায়িত্ব সকলোৱে ল'ব লাগিব। কিয়নো এইখন বৃদ্ধাশ্ৰম গঢ়াত কেৱল উৎপল-মনিকাৰেই নহয়, বহুতে লোকৰে অৰিহণা আছে। কোনোবাই হয়তো কম পৰিমানে অৰিহনা আগবঢ়াইছে। কম বেছিকৈ বহু আন্তৰিকতাৰে এই বৃদ্ধাশ্ৰমখন গঢ়ি তোলাত সকলোৱে সহায় কৰিছে। মনিকা-উৎপলতকৈ এই সকল আইতাৰ আৱেগ – অনুভূতিৰ আৰু ভৱিষ্যতৰ মূল্য বহু বেছি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in