ভাগ মিলখা ভাগ…

ভাগ মিলখা ভাগ…

ৰাজৰ্ষি চহৰীয়া

তেওঁ দৌৰা নাছিল, তেওঁ উৰিছিল। বতাহৰ সৈতে কথা পাতিছিল। গতি তীব্ৰতৰ আছিল তেওঁ। তেওঁৰ ভৰি দুখনেই লিখি গৈছিল বহু ইতিহাস। ভাৰতক দেখুৱাইছিল সপোন, দিছিল বৃহৎ জয়ৰ সোৱাদ। ক্ৰীড়া জগতখনৰ তেওঁৱেইতো দ্যা ফ্লায়িং শ্বিখ (The Flying Shikh), তেওঁৱেই মিলখা সিং। ১৮ জুন, ২০২১ৰ নিশা প্ৰায় ১১.৩০ বজাত আহিল এক দুঃখবৰ। জানিব পৰা গ'ল যে ফ্লায়িং শ্বিখ আৰু নাই। বিশ্বৰ দিগ্বজ দৌৰবিদসকলৰ চকুত চকু থৈ ট্ৰেকত দৌৰি সকলোৰে সন্মুখৰ পৰা স্বৰ্ণ পদক কাঢ়ি আনিবলৈ সক্ষম হোৱা মিলখা সিং অৱশেষত হাৰ মানিলে কোৰোনাৰ সন্মুখত।

তেওঁৰ জীৱনটো যেন এখন ৰোমাঞ্চকৰ ছবি। তেওঁৰ বিষয়ে এবাৰ জানিবলৈ আৰম্ভ কৰিলে শেষ কৰিব মন নোযোৱা এখন কিতাপৰ দৰে দ্য ফ্লায়িং শ্বিখৰ জীৱনি। বহু কষ্ট, দৰিদ্ৰতা তথা পিতৃ-মাতৃৰ মৃত্যু নিজৰ সন্মুখত দেখা এজন শ্বিখ যে এনেদৰে ভাৰতক ক্ৰীড়া জগতত আগুৱাই লৈ যাব হয়তো কোনোৱে এসময়ত কল্পনাই কৰিব পৰা নাছিল। কিন্তু সেয়াই বাস্তৱ, সেয়াই তেওঁৰ গৌৰৱ, ভাৰতবাসীৰ গৌৰৱ।

তেতিয়া ভাৰত আৰু পাকিস্তান আছিল এখনেই দেশ। হোৱা নাছিল সেই সময়ত বিভাজন। ১৯২৯চনৰ ২০ নবেম্বৰত তেতিয়াৰ গৌবিন্দপুৰা নামৰ এখন সৰু গাঁৱত জন্ম লাভ কৰে এইগৰাকী ফ্লায়িং শ্বিখ। মুজাফাৰগড়ৰ পৰা ১০ কিলোমিটাৰ দূৰৈৰ এই গাওঁখন বিভাজনৰ পাছত এতিয়া পাকিস্তানত অৱস্থিত।

মিলখা সিঙৰ জীৱনটো বৰ্তমান সময়ৰ কোনো লোকে কল্পনা কৰিব নোৱাৰে। কিয়নো ভাৰত বিভাজনৰ সময়ত যিধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰ বাবে সেই সময়ত পীড়িত লোকসকলেহে কেৱল অনুভৱ বা বুজিব পাৰিব। তেতিয়া ভাৰত বিভাজনৰ সময়। ভাৰত আৰু পাকিস্তান দুখন দেশ হোৱাৰ পাছত মানুহে মাৰিছিল মানৱতাক। তাৰ মাজতেই সৌভাগ্যক্ৰমে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল মিলখা সিঙে।

তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ 'ভাগ মিলখা ভাগ' ছবিখনৰ প্ৰম'ছনৰ সময়ত সাংবাদিকৰ আগত কৈছিল- 'এফালৰ গাড়ীত নশ্বৰদেহ আনি আছিল, আনফালে নশ্বৰ দেহ নি আছিল গাড়ীৰে।' বিভাজনৰ সময়ত মানুহে মানুহ কাটি মাৰি পেলোৱাৰ সময়তে মিলখা সিঙক তেওঁৰ পিতৃয়ে মৃত্যুৰ পূৰ্বে কৈছিল- 'ভাগ মিলখা ভাগ'। আৰু সেই নাম দিয়া হয় তেওঁৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবিখনৰ।

হিন্দু আৰু শ্বিখ ধৰ্মী লোকক মাৰি কাটি পেলাই থকা সেই ভয়াৱহ পৰিস্থিতিৰ সময়তে তাৰ পৰা পলায়ন কৰি তেওঁ পঞ্জাৱলৈ আহে। আৰু ১৯৪৭চনত কিছু সময়ৰ বাবে তেওঁৰ বিবাহিত জ্যেষ্ঠ ভগ্নীৰ বাসগৃহত আশ্ৰয় লয়। কিন্তু বৰ্তমানৰ পাকিস্তানৰ পৰা ভাৰতলৈ টিকট বিহীনভাৱে ৰে'লত অহাৰ বাবে তেওঁক তিহাৰ জেললৈও প্ৰেৰণ কৰা হৈছিল। কিন্তু কম বয়সীয়া ভাতৃ মিলখা সিঙক জে'লৰ পৰা মোকলাবলৈ জ্যেষ্ঠ ভগ্নী ইশ্বৰে বিক্ৰী কৰিছিল নিজৰ পিন্ধি থকা অলংকাৰ।

সঁচাকৈ তেওঁৰ জীৱনৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিলে এখন ছবিয়েই চকুৰ আগত ভাহি থকা যেন লাগে। উৰন্ত শ্বিখ হোৱাৰ পূৰ্বে তেওঁ এজন সাধাৰণ ব্যক্তিয়েই আছিল। কিন্তু তেওঁৰ জীৱন সলনি হ'ল ভাৰতীয় সেনাত যোগদান কৰাৰ পাছতহে। ১৯৫১চনৰ এনিশা ঘোষণা কৰা হৈছিল যে- অনুষ্ঠিত হ'ব এখন ক্ৰছ কাউন্ট্ৰী ৰেচ। য'ত প্ৰায় ৫০০জন লোক দৌৰিব। আৰু এইখন ৰেচ শেষ হোৱাৰ পাছত মিলখা সিঙৰ চকুৰ পৰা নিগৰিল চকুলো। কিয়নো প্ৰথম ১০জনৰ ভিতৰত এজন আছিল এইজন শ্বিখ।

মিলখা সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোতেই খেলজগতত প্ৰৱেশ কৰে। ২০১৩চনলৈকে কমনৱেল্থ গেমছত ব্যক্তিগত শাখাত এথলেটিকছৰ স্বৰ্ণ পদক দখল কৰা একমাত্ৰ ভাৰতীয় পুৰুষ তেওঁ। চন ১৯৫৬ত প্ৰথমবাৰৰ বাবে মিলখা সিঙে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে মেলবৰ্ণ গ্ৰীষ্মকালীন অলিম্পিকত। তাৰপাছত ৰোমৰ ১৯৬০ গ্ৰীষ্মকালীন অলিম্পিক আৰু টকিঅ'ৰ ১৯৬৮ গ্ৰীষ্মকালীন অলিম্পিকত কৰিছিল অংশগ্ৰহণ তেওঁ।  ১৯৫৯চনত ক্ৰীড়া জগতত তেখেতৰ যি অৱদান তাৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান 'পদ্মশ্ৰী' উপাধি প্ৰদান কৰা হয় দ্য ফ্লায়িং শ্বিখক।

২০১৩চনত তেওঁ এবাৰ সাংবাদিকৰ আগত কয় যে- 'সমগ্ৰ বিশ্বত ৮০খন ইন্টাৰনেশ্যনেল ৰেচত দৌৰি ৭৭খনতে জয়ী হোৱা এথলিট বৰ্তমানেও বিশ্বত দ্বিতীয়জন নাই।' তেওঁ এসময়ত ৰে'লৰ সৈতে দৌৰিছিল। সেই সময়ত মিটাৰ গজ ৰে'ল চলিছিল দেশত। ছেকুণ্ডৰাবাদত এই ৰে'লখন ক্ৰিছ ক্ৰ'ছ কৰি পাৰ হোৱা সময়তে ৰে'লৰ সৈতে দৌৰিছিল তেওঁ। তেতিয়া ৰে'লৰ সৈতে দৌৰা মিলখা সিং জনে জনাই নাছিল যে- এনেকৈ দৌৰোতে দৌৰোতে এদিন তেওঁক সকলোৱে ফ্লায়িং শ্বিখ বুলি উপাধি দিব।

তেওঁক ফ্লায়িং শ্বিখ নাম অৱশ্যে পাকিস্তানতহে দিয়া হৈছিল। ১৯৬০চনত তেওঁক দৌৰ প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ নিমন্ত্ৰণ জনোৱা হয়। কিন্তু তেওঁ পাকিস্তান যাব বিচৰা নাছিল। ইয়াৰ কাৰণো স্পষ্ট আছিল। পাকিস্তান সেইখন দেশ য'ত মিলখা সিঙে শৈশৱ পাৰ কৰাৰ লগতে তেওঁৰ পিতৃ-মাতৃকো কাঢ়ি নি তেওঁ মাউৰা হ'ব লগা হৈছিল।

তাৰপাছত সেই সময়ৰ ভাৰতৰ প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে মিলখা সিঙক বুজাই আৰু কয়- 'সময়ে সকলো দুখ পাহৰাই দিয়ে। আপুনি পাকিস্তানলৈ যাবই লাগিব।  পাকিস্তান আৰু চুবুৰীয়া ৰাষ্ট্ৰ। ক্ৰীড়াই প্ৰেম বঢ়াই, ভালপোৱা বঢ়ায়। আমি পাকিস্তান যামেই।' সেয়া আছিল ৪০০ মিটাৰৰ দৌৰৰ প্ৰতিযোগিতা। এছিয়াৰ আগশাৰীৰ দৌৰবিদসকলৰ ভিতৰৰ এজন আব্দুল খালিকৰ সৈতে তেওঁৰ মুল প্ৰতিদ্বন্দ্বিতা হয়।

সেই সময়ত সকলোৱে ভাবিছিল যে এইজন ক্ষীণ চৰ্দাৰে কেনেকৈ ৪০০ মিটাৰৰ দৌৰত আব্দুল খালিকক হৰুৱাব? কিন্তু যেতিয়া ৰেচ আৰম্ভ হয় মিলখা সিঙে সকলোকে ভুল ধাৰণা লৈ থকা বুলি স্পষ্ট কৰি দিয়ে। এই ৰেচত মিলখা সিঙে আব্দুল খালিকক পৰাস্ত কৰে। তেতিয়া ৰেচ চাবলৈ আহিছিল প্ৰায় ১০ হাজাৰ গোৰ্খা পিন্ধা মহিলা। তেওঁলোকে মিলখা সিঙক চাবলৈয়ে নিজৰ গোৰ্খা উঠাই দিয়ে। তাৰপাছত সেই সময়ৰ পাকিস্তানৰ জেনেৰেল আয়ুব খানে পঞ্জাৱীতে কয়- 'মিলখাই দৌৰা নাই বতাহৰ সৈতে কথা পাতি উৰিলে।' আৰু তেতিয়াৰে পৰা 'দ্য ফ্লায়িং শ্বিখ' উপাধি মিলখা সিঙৰ নামৰ সৈতে যোগ দিয়া হয়।

তেওঁ দৌৰা প্ৰতিটো ৰেচেই একো একোটা আচৰিত কৰিবলগা কাহিনীৰ দৰে। মিলখা সিঙে ভাগ লোৱা সবাতোকৈ বিখ্যাত প্ৰতিযোগিতাখন আছিল ১৯৬০চনৰ অলিম্পিকৰ ৪০০ মিটাৰৰ দৌৰ ফাইনেল, য'ত তেওঁ চতুৰ্থ স্থান দখল কৰিছিল। প্ৰতিযোগিতাৰ অন্যতম জনপ্ৰিয় এথলিট হিচাপে অংশগ্ৰহণ কৰা মিলখা সিং প্ৰথম ২৫০ মিটাৰলৈকে আগবাঢ়ি আছিল যদিও তাৰপিছত বাকী প্ৰতিযোগীয়ে তেওঁক পিছ পেলাই যায়। এই দৌৰত ফটো ফিনিছৰ যোগেদি আমেৰিকাৰ অ'টিছ ডেভিছক দ্বিতীয় স্থানত থকা কাৰ্ল কৌফমেন্তকৈ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত বিজয়ী ঘোষণা কৰা হৈছিল।

মিলখা সিঙে এই ৰেচত ৪৫.৭৩ ছেকেণ্ড সময়ৰে ভাৰতীয় অভিলেখ স্থাপন কৰিছিল, যি প্ৰায় ৪০ বছৰ অক্ষত থাকে। ইফালে, ২০০৮চনত সাংবাদিক ৰোহিত ব্ৰিজনাথে তেওঁক 'ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথলিট' আখ্যা দিয়ে। আৰু ২০১২চনত দ্য ইণ্ডিপেণ্ডেন্ট কাকতে কয় যে- 'ভাৰতৰ সকলোতকৈ সন্মানীয় অলিম্পিয়ানজন এজন সাহসী পৰাজয়ী।

উল্লেখ্য যে,  মিলখা সিঙৰ আত্মজীৱনী 'The Race of My Life'খন তেওঁ আৰু কন্যা ছ'নিয়া ছানৱালে মিলি উলিয়ায়। যাৰ ওপৰত ভিত্তি কৰিয়েই 'ভাগ মিলখা ভাগ' ছবিখন ২০১৩চনত মুক্তি লাভ কৰে। আৰু অৱশেষত সময়ৰ সৈতে নিজৰ জীৱনত এনেদৰে অভিলেখ গঢ়ি গৈ থকা ফ্লায়িং শ্বিখে শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। তাৰ লগতে দুখজনক কথাটো হ'ল কোভিডে তেওঁৰ পত্নী নিৰ্মল কৌৰৰ প্ৰাণ কাঢ়ি নিয়াৰ ৫ দিনৰ পাছতেই আমাৰ মাজৰ পৰা লৈ গ'ল মিলখা সিঙকো।

তেওঁ ৰোম অলিম্পিকত স্বৰ্ণ পদক লাভ নকৰাৰ বাবে এবাৰ সাংবাদিকৰ আগত দুখ ব্যক্ত কৰি কৈছিল যে- 'আমাৰ দেশৰ ১২০-১৩০ কোটিৰ ভিতৰত এজন এনেকুৱা এথলিট জন্ম হওঁক যিয়ে ৰোম অলিম্পিকত গৈ ভাৰত ত্ৰিৰংগা শ্ৰেষ স্থানত উত্তোলন কৰাই আহিব।' চাগে তেওঁৰ দৰে আন এজন মিলখা আমি নাপাম। কিন্তু তেওঁৰ জীৱন আৰু অভিলেখ বোৰৰ পৰা অনুপ্ৰেৰণা লৈ নৱপ্ৰজন্ম আগুৱাই যাব লাগে। যাক সমগ্ৰ দেশবাসীয়ে ক'ব পাৰিব 'ভাগ মিলখা ভাগ' আৰু আজুৰি লৈ আহ সকলো স্বৰ্ণ পদক ভাৰতৰ নামত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in