অসমৰ গছ-বনঃ নকৰেহে আপুনি মন, পাহাৰে-ভৈয়ামে পৰি আছে ধন…

অসমৰ গছ-বনঃ নকৰেহে আপুনি মন, পাহাৰে-ভৈয়ামে পৰি আছে ধন…

মৃদুল কুমাৰ সন্দিকৈ

অসমত প্ৰাকৃতিক পৰিৱেশত পোৱা বহু গছ-বনে এতিয়া আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দৃষ্টি আকৰ্ষণ কৰিছে। গচকত পৰা বাটৰ দুবৰি বনৰ এটা পাতে দিব পাৰে সৰগৰ বতৰা। ৰাজ্যত উপলব্ধ এনে কিছু ঔষধি গছ-বনৰ লগতে ঔষধি গুণ সম্পন্ন কাঠফুলক লৈ অলপতে প্ৰকাশ পাইছে এখন তথ্য আৰু গৱেষণালব্ধ গ্ৰন্থ।

দুটা খণ্ডত প্ৰকাশ পোৱা এই মূল্যবান গ্ৰন্থখনৰ নাম 'Medicinal Plants and Mushrooms of India'। বন বিভাগৰ উচ্চপদস্থ বিষয়া যতীন্দ্ৰ শৰ্মাই অতি কষ্টৰে প্ৰস্তুত কৰা এই গ্ৰন্থখনে বিশেষকৈ অসমত উপলব্ধ ঔষধি গছ-বনৰ চৰ্চা আৰু বিশ্ব পৰ্যায়ত ইয়াৰ অধ্যয়ন তথা গৱেষণাৰ এক নতুন বাট মুকলি কৰিলে।

লিখক যতীন্দ্ৰ শৰ্মা…

২০১৮চনতে এই গ্ৰন্থখনৰ প্রথম সংস্কৰণ প্ৰকাশ পাইছিল যদিও ২০২১চনত দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছে দেশৰে এটা প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী এনে বুকছ প্ৰাইভেট লিমিটেডে (ane Books Pvt. Ltd.)।গ্ৰন্থখনৰ প্রথম ভাগতেই কেইবাজনো বিশেষজ্ঞ ব্যক্তিয়ে এই গ্ৰন্থখনৰ প্ৰাসংগিকতাক লৈ আগকথা লিখিছে।

দ্বিতীয় সংস্কৰণত গ্ৰন্থখনৰ সন্দৰ্ভত Weihenstephan-triesdorf university of applied science, Germanyৰ অধ্যাপক ড০ হাৰবাৰ্ট ৰিপেলে। এই গ্ৰন্থ সন্দৰ্ভত লিখিছে যে- বিশ্বৰ পৰা ঔদ্যোগিকৰণৰ ফলত প্ৰকৃতি তথা গছ বনে বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যাৰ বাবে বন সংৰক্ষণটো এটা বিষয় হৈ পৰিছে।

Medicinal Plants and Mushrooms of India

এই অঞ্চলত পোৱা গছ বনৰ সবিশেষ অধ্যয়ন আৰু ইয়াৰ সন্দৰ্ভত এই গ্ৰন্থখনত থকা বৰ্ণনাই বিদেশৰ অধ্যাপক গৰাকীকো সন্মোহিত কৰিছে। একেদৰে আমেৰিকাৰ এজন বন বিশেষজ্ঞ তথা গৱেষক জন ডি মুডেও এই গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰজাতিৰ ঔষধি গুণ সম্পন্ন গছ বনৰ ব্যাখ্যা তথা অধ্যয়নক লৈ সন্তুষ্টি ব্যক্ত কৰিছে।

অসমৰো কেইবাগৰাকী বন বিষয়াও গ্ৰন্থখনৰ প্ৰাসংগিকতাক লৈ প্ৰশংসা কৰিছে লিখকক। মেডিচিনেল প্লেনটছ এণ্ড মাছৰূম অৱ ইণ্ডিয়া উইথ স্পেচিয়েল ৰেফাৰেন্স টু আছাম এই গ্ৰন্থখন লিখিবলৈ ১৩ বছৰ অধ্যয়ন কৰিছিল। বন বিষয়া হোৱাৰ সূত্ৰে প্ৰকৃতিৰ সৈতে তেওঁৰ আছে ওচৰৰ সম্বন্ধ। সেই সুযোগ গ্ৰহণ কৰিয়েই চাকৰিৰ ব্যস্ততাৰ মাজতেই অসমৰ ঔষধি গছ বনক লৈ কৰা এই অধ্যয়ন আৰু গৱেষণামূলক কামে ৰাজ্যখনত অনাদৰ হৈ পৰি থকা বহু গছ বনৰ প্ৰাসংগিকতাক তুলি ধৰিলে।

এই গ্ৰন্থখনত সন্নিবিষ্ট তথ্য, সুন্দৰ আলোকচিত্ৰ আৰু ইয়াৰ বিজ্ঞানসন্মত ব্যাখ্যা লিখক যতীন্দ্ৰ শৰ্মাই ইমান সুক্ষ্ম আৰু সঠিকভাৱে কৰাৰ চেষ্টা কৰিছে যে এয়া নিঃসন্দেহে এক কালজয়ী কাম। গ্ৰন্থখনৰ প্রথম খণ্ডত মুঠ ৪৭০ পৃষ্ঠা আছে। এই গ্ৰন্থত লিখকে বৰ্ণক্ৰমে এই ঔষধি গছসমূহৰ নাম ইয়াত থকা ঔষধীয় গুণ সম্পন্ন দ্ৰব্য আৰু ৰঙীন আলোকচিত্ৰ সন্নিবিষ্ট কৰিছে।

বৈজ্ঞানিকভাৱে এই ঔষধি গছসমূহৰ ব্যাখ্যা কৰাৰ লগতে ইয়াৰ প্ৰজাতি, ফেমেলী, বৈজ্ঞানিক নাম আদিও উল্লেখ কৰিছে। উদাহৰণ স্বৰূপে গ্ৰন্থখনৰ প্রথম খণ্ডত ভেন্দিৰ বিষয়ে লিখকে উল্লেখ কৰিছে যে- ভেন্দি আমি সকলোৱে খোৱা এবিধ পাচলি। অৱশ্যে কিছু কিছুৱে ভেন্দি বিজলীয়া গুণৰ বাবে খাই বেয়া পায়। কিন্তু ভেন্দি (Okra/Ladies Finger)ৰ আছে অনন্য ঔষধীয় গুণ। তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণ কৰিব পৰা গুণৰ বাবে মধুমেহ ৰোগীৰ বাবে ভেন্দি অতিকৈ উপযোগী। বৃক্ককো সুৰক্ষিত কৰি ৰাখিব পৰাকৈ গুণ আছে ভেন্দিত। এনেবোৰ ভেন্দিৰ ঔষধী গুণৰ ব্যাখ্যা আছে এই গ্ৰন্থখনত।

ভেন্দিৰ ঔষধি গুণ…

গ্ৰন্থখনত ঔষধি গছ সমূহৰ বৈজ্ঞানিক নামৰ লগতে ইয়াৰ ইংৰাজী নাম অসমীয়া নাম, হিন্দী আৰু সংস্কৃতৰ নামো সন্নিবিষ্ট কৰা হৈছে। গ্ৰন্থখনত থকা আন উল্লেখযোগ্য ঔষধি গছসমূহৰ ভিতৰত আছে- বন ভেন্দি, গৰখীয়া কৰৈ, লাতুমণি, আতিবালা, জবাপেটাৰী, কেচেৰী কাঁইট, খৈৰা, আমশিৰিকা, ঠৰুৱা কদম, কিকাৰ, কুচিয়া লতা, সমিধ, মুকুতা মনজৰী, উলটিহট, অপমাৰগা, মৈৰাটিকনী আদি আমাৰ চৌপাশে উপলব্ধ গছ-বন।

লেবাজান…

নতুন প্ৰজন্মই এনে বহু গছ-বন চিনিয়েই নাপায়। জংঘলী কিবি, পেটেৰীচোৱা, কেঁহুৰা, কুচন্দন, জংঘলী পটল, হষ্ণৰাজ, বিদ্যাপাত, বন বাদাম, বেল, ভাতৌ ফুল, মুকুতাজৰী আদি গছ বন অসমৰ পাহাৰে বনে উপলব্ধ যদিও সেইবোৰৰ সঠিক ব্যৱহাৰ এতিয়াও হোৱা নাই। কিন্তু বৰ্তমান সময়ত এই বনৌষধৰ ওপৰত সমগ্ৰ বিশ্বই গুৰুত্ব দিছে।

অসমত উপলব্ধ এই ঔষধি গছ বন সমূহৰ সঠিক চৰ্চা আৰু অধ্যয়ন হ'লে এখন বৃহৎ বজাৰৰ উপৰিও এই অঞ্চলত ইয়াৰ ব্যৱসায় ভিত্তিক খেতিৰো সম্ভাৱনা আছে। সেই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ প্ৰথম এই গছ বন সমূহৰ ওপৰত সঠিক গৱেষণাৰ প্ৰয়োজন হয়। সেই কামকে অতি দক্ষতাৰে উচ্চপদস্থ বন বিষয়া যতীন্দ্ৰ শৰ্মাই এই গ্ৰন্থখনত কৰিছে।

দুবছৰৰ পূৰ্বে গ্ৰন্থখনৰ প্রথম সংস্কৰণ প্ৰকাশ পালেও দ্বিতীয় সংস্কৰণত নিশ্চয় প্রথম সংস্কৰণৰ কিছু খুটি-নাতি সংশোধন কৰাৰ লগতে নতুন কিছু তথ্য সন্নিবিষ্ট কৰিছে। অতি আন্তৰিকতাৰে অসমৰ এগৰাকী বন বিষয়াই ব্যস্ততাৰ মাজত এনে এক কাম কৰাতো কেৱল প্ৰশংসাৰ যোগ্যই নহয়, ইয়াৰ বাবে তেওঁৰ শ্ৰম আৰু সাধনা তেতিয়াহে সফল হ'ব যেতিয়া সেই অধ্যয়নলব্ধ কামৰ প্ৰকৃত মূল্যায়নেৰে সাধাৰণ লোকৰ মাজত ইয়াৰ চৰ্চা হ'ব।

মুকুতা জৰি

পুৰণি কালত ভেলু গছৰ ফুল চকুৰ বেমাৰৰ বাবে মানুহে ব্যৱহাৰ কৰিছিল। সেই ভেলুৰ ব্যৱহাৰো এতিয়া প্ৰায় নাই বুলিবই পাৰি। একেদৰে মালতী, বিলাতী সোণ, গেন্ধেলী বন আজিৰ ল'ৰাই নিচিনেই। গোন্ধোৱা বন , মোমাই লেতেকু, বনৰীয়া কচু, চিকা মৰলীয়া, চিৰিছ, ক'লা চিৰিছ, বগা চিৰিছ, মতা ধেলা, গিলাচ ফুল, পিঁয়াজ, নগা ৰচুন, নহৰু, বন নহৰু আদি অনেক গছৰ বৰ্ণনা আৰু ঔষধি গুণৰ কথা ইয়াত আছে।

অসমত উপলব্ধ কেইবিধ মান ঔষধি গছ…

গেন্ধেলা বন আমি সাধাৰণতে ব্যৱহাৰ কৰো। আজিও গাঁৱত কোনো লোকক দা-কটাৰীৰে কাটিলে তেজ বন্ধ কৰিবলৈ গেন্ধেলা বনৰ পাত দুটামান ছিঙি লগাই দিয়া হয়। তেজ বন্ধ কৰা লগতে ইয়াতে এন্টী টিটানিক উপাদনো আছে। একেদৰে বিলাতী সোণেৰ ৰস প্ৰশ্ৰাৱজনীত সমস্যাত ভোগা লোকসকলে খায়।

বন নহৰুৱে দেহত কলেষ্ট্ৰ'লৰ পৰিমান কমায়। এইবিধ উত্তৰপূৰ্বাঞ্চলৰ এটা জনপ্ৰিয় শাক। মান কচু অসমত উপলব্ধ আন এবিধ ঔষধি গছ। চালকোঁৱৰী নগা তৰা, জংঘলী তৰা, তৰা বাগিনী, তৰা আদি গছ বনো দেহৰ বাবে অতি উপযোগী। নলডুবা, মাটি কান্দুৰী, জুটুলী, হাতী কুটৰা, লাল মৰিচা, জাতি কুটৰা, বৰ ইলাচী আদিৰ বিষয়েও এই গ্ৰন্থত উল্লেখ আছে।

লিখকে অসমত উপলব্ধ কেইবাটাও প্ৰজাতিৰ গছ-বনৰ নতুনকৈ পৰিচয় দিছে এই গ্ৰন্থখনত। সেইবোৰ গছ বনক লৈও ভৱিষ্যতে অধিক গৱেষণা আৰু অধ্যয়নৰ প্ৰয়োজন আছে। উলকচু, জংঘলী আঙুৰ, গোৱালীয়া লতা, কাজুবাদাম, কাকামাৰী, মাটিকঠাল, বন তিল, লক্ষ্মণ ফল, আতলাছ, সীতাফল, পানী হেলুচ এদিন অসমৰ গাঁৱলীয়া লোকৰ বাবে চিনাকি আছিল যদিও এতিয়া সেইবোৰ পাহৰণিৰ গৰ্ভত।

পানী হেলুচ…

এই বনৌষধি গছ সমূহৰ দুৰ্লভ ফটো সহ ব্যাখ্যা আৰু বৰ্ণনা দিয়াটো অতি পৰিশ্ৰমী কাম। চকুৰ সন্মুখতে দেখি অহা গছ-বনৰ এনে গুণগত উপাদান সমূহক লৈ কৰা অধ্যয়নে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰতাৰ সন্দৰ্ভতো বাহিৰৰ গৱেষণাৰে জড়িত লোকসকলক এক আভাস দিব। তেনে বহু দুষ্পাপ্য গছ বনৰ আলোকচিত্ৰ ইয়াত সন্নিবিষ্ট হৈছে।

ৰক্ত ফুল, জংঘলী খতমুল, বনৰীয়া নেমু, পাহাৰী পালেং, বিলম্বি টেঙা, লেটেকু, ব্ৰাহ্মী, বগী ফুল, ফিদাল, সমুদ্ৰ ফল, ৰৈ শাক, কাঞ্চন, বগা কাঞ্চন, ৰঙা কাঞ্চন, বেগনীয়া, বীট, জয়ন্তী, বন নৰিংগা, সেন্দুৰ, বনৰীয়া ঢেকীয়া, বনৰীয়া আদা, দৰিকআদা, শিমলু, ধূপগছ, কুৰিলীয়া, অৰুণী, মৌ শিলিখা, কাগজমুনী, ধতুৰা, পাতেগজা, মনচেনী আদি ঔষধি গছে স্থান পাইছে এই গ্ৰন্থখনত।

বন চেনী…

টিকনী বৰুৱা লতা পুৰণি দিনত মানুহে চুলি ধূবলৈ ব্যৱহাৰ কৰিছিল। লেতাগুটি নামৰ গছবিধৰ পাত আৰু গুটি জ্বৰ উঠিলে, ডায়েৰীয়াত, সাপে খুটিলে ব্যৱহাৰ কৰাৰ উপৰিও এজমা ৰোগীৰ বাবে উপযোগী। যক্কৃত ৰোগতো এই গছৰ ব্যৱহাৰ কৰা হয়।

লেতাগুটি…

সীতা কচু কৌষ্ঠকঠিন্য ৰোগৰ বাবে উপকাৰী। জাতি বেটৰ কোমল অংশ পাচলি ৰূপে ব্যৱহাৰ কৰা হয়। জাতি বেটৰ গুটি সমূহৰো আছে ঔষধি গুণ। গৰখীয়া পানৰ ফুল আৰু ইয়াৰ গুটিয়ে ডায়েৰীয়া, মধুমেহ, জ্বৰ, দুৰ্বলতা আদি ৰোগৰ পৰা উপক্ষম দিয়ে। পাৰিজাত, ধূনা, কটাহাৰ, খলিয়াপৰা আদিৰ লগতে ঔষধি গুণ সম্পন্ন কেইবা প্ৰজাতিৰ জলকীয়াৰো কথা ইয়াত উল্লেখ কৰিছে।

থেকেৰা অসমত উপলব্ধ আন এবিধ উল্লেখযোগ্য বনৌষধ। এই ঔষধি গছ সমূহৰ নামৰ লগতে স্থানীয়ভাৱে উপলব্ধ ইয়াৰ নামো এই গ্ৰন্থত উল্লেখ কৰিবলৈ লিখকে প্ৰয়াস কৰিছে। কেৱল ইংৰাজী আৰু হিন্দীৰ উপৰিও বহু ঔষধি উদ্ভিদৰ নাম কাৰ্বি, নেপালী আদি ভাষাত কি কয় সেয়া উল্লেখ কৰি দিয়াত স্থানীয়ভাৱে এই গ্ৰন্থখনৰ জৰিয়তে সেই ঔষধি গছসমূহ চিনাক্তকৰণত সহায় হৈছে। অৱশ্যে দুই এবিধ ঔষধি গছৰ অসমীয়া বা স্থানীয় নাম কি সেয়া বাদ পৰি গৈছে।

কটা হাৰ…

যম লাখুতি হাবিত পোৱা অন্যতম ঔষধি গুণ সম্পন্ন উদ্ভিদ। ইয়াৰ উপৰিও আন আন উল্লেখযোগ্য গছ বননীৰ সন্দৰ্ভত উল্লেখ থকা ঔষধি গুণ সম্পন্ন গছ বন হ'ল নগা দালচেনী, টুপুৰী লতা, চপা টেঙা, নেফাফু, ভেত তিতা, কনাই শিমলু, কলিয়া লতা আদি। এই গ্ৰন্থখনত অসমত উপলব্ধ কেইবাটাও প্ৰজাতিৰ হালধীৰ কথাও উল্লেখ আছে। ইয়াৰ ভিতৰত বনৰীয়া হালধী, ক'লা হালধী, হালধী, কেটুৰী আদি বিশেষভাৱে উল্লেখযোগ্য নাম। হাতী ঢেকীয়া, থালিমুৰা, পান্থ লতা, মুঠা বন, মূৰ ফুলা বন, গছ বিলাহী, মেৰমেৰী লতা আদি অনেক নাম উল্লেখ কৰিব পাৰি।

থালিমূৰা…

এই গ্ৰন্থখনৰ প্ৰথম খণ্ডটোত মুঠ ৬৯৯ বিধ ঔষধি গছ বনৰ বৰ্ণনা আছে। ইয়াৰ উপৰিও লিখকে ভাৰত তথা অসমত উপলব্ধ ঔষধি গুণ সম্পন্ন কাঠফুলাৰ বিষয়েও সবিশেষ লিখিছে। প্ৰথম খণ্ডত মুঠ ৩২ বিধ কাঠফুলাৰ বিষয়ে লিখকে ইয়াৰ গুণাগুণ আৰু বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াইছে। দ্য প্ৰিন্স, বুটন মাশ্বৰূম, দ্য ছাইড ৱাক মাশ্বৰূম, মিডৌ মাশ্বৰূম, উড মাশ্বৰূম, ফ্লায় এগাৰিক, জেলী এয়াৰ আদি মাশ্বৰূমৰ প্ৰজাতিৰ কথা উল্লেখ কৰিছে।

কাঠফুলাত যথেষ্ট পৰিমানে প্ৰটিন থাকে। আন এক উল্লেখযোগ্য দিশ হ'ল- কাঠফুলাত সম্পূৰ্ণ প্ৰাকৃতিকভাৱে উৎপাদিত হয় আৰু ইয়াত কোনো কৃত্ৰিম ৰাসায়নিক দ্ৰব্য পোৱা নাযায়। মানুহৰ শৰীৰৰ বাবে উপযোগী ২০ বিধ এমাইন' এচিডৰ বেছিভাগে কাঠফুলাত উপলব্ধ। ইয়াৰোপৰি, কাঠফুলা কৰ্কট ৰোগ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰ আদি ৰোগত আক্ৰান্ত ৰোগীৰ বাবে মহৌষধ।

ভিটামিন বি, ফলিক এচিডৰ উপস্থিতিও আছে কাঠফুলাত। প্ৰতি ১০০ গ্ৰাম কাঠফুলাত ৫.১ গ্ৰাম কাইব'হাইড্ৰেট, ৩.৮ গ্ৰাম প্ৰটিন, ০.২ গ্ৰাম চৰ্বি, ১০ গ্ৰাম কেলচিয়াম আদি থাকে।

অসমত উপলব্ধ এবিধ কাঠফুলা…

মেডিচিনেল প্লান্টছ এণ্ড মাশ্বৰূম অৱ ইণ্ডিয়াৰ দ্বিতীয় খণ্ডত মুঠ ৫১২ পৃষ্ঠা আছে। অতি সুন্দৰ ছপাৰে ৰঙীন আলোকচিত্ৰৰে এই গ্ৰন্থখনত লিখকে আন বহু বিধ ঔষধি গছৰ বৰ্ণনা দিছে। চাগল লাডৈ, হিঙৰী লতা, মেশ্বাৰিংগী, কাউৰী কেৰেলা, চালমুগ্ৰা, হালডু, লাবলাব লতা, বনৰীয়া আদা, বগীতৰা, আদি উদ্ভিদৰ ঔষধি গুণৰ সন্দৰ্ভত লিখকে এই দ্বিতীয় খণ্ডত বৰ্ণনা কৰিছে।

বগী তৰা…

কলচী লতা, পানী লাজুকী, কদম, নগাটেঙা, বন কল, বন মচন্দা, ভীম কল, কাচকল, মেকুৰী ভিলা, বলা, নঙী, পানী মেটেকা, জংঘলী তিতা কেৰেলা, বকুল, তৰা আলু, বন আম, চপা, জাগাআলু, ঢেকীয়া বন, হেলছ, লেলুক, পহুকটা, কাচিতৰীয়া বন, আহিনা, জেতুকা, ভূমি চম্পা আদি গছবোৰৰ আছে বহু ঔষধি গুণ।

আমাৰ সমাজ জীৱনত লোকবিশ্বাসত এই গছবোৰৰ ব্যৱহাৰ মন কৰিব লগা । অতীজৰ পৰা মানুহে লোক খাদ্যৰ জৰিয়তে ৰোগ চিকিৎসা কৰি আহিছে। অসমত বাস কৰা জাতি জনগোষ্ঠীসমূহে সেই ঠাইত স্থানীয়ভাৱে উপলব্ধ গছ বনৰ দ্বাৰা চিকিৎসা কৰিছিল। খাদ্য হিচাপে প্ৰাকৃতিক পৰিৱেশৰ পৰা বুটলি নিয়া শিপা, গছপাত , গুটি আদিয়েও স্বাস্থ্য যতনত সহায়ক হৈছিল।

বন কল…

নৰসিংহ, মানিমুনি, ভেদাইলতা, নেফাফু, ঢেকিয়া, দুৰুণ, চিৰতা, বশল্লিকৰণী, পচেতিয়া আদি ব্যৱহাৰ আজিও আছে। বৈদ্যিক যুগৰ পৰাই ব্যৱহাৰ কৰা এই গছ বনৰ জৰিয়তে যি চিকিৎসা পদ্ধতি গঢ় লৈ উঠিছিল তাৰ প্ৰাসংগিকতা বৰ্তমান আৰু অধিক হৈ পৰিছে। সেয়েহে চৰকাৰেও এই বনৌষধি তথা ঔষধি গুণ সম্পন্ন গছ বনৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছে।

লীলা গগৈয়ে তেখেতৰ গ্ৰন্থ 'টাই সংস্কৃতিৰ ৰূপ ৰেখা'ত আহোম যুগত লোক খাদ্য ৰূপে ব্যৱহাৰ কৰা বহু গছ বনৰ কথা উল্লেখ কৰি গৈছে। সেই গছ বনত আছিল বনৌষধি গুণ। গহনী হ'লে মচন্দৈ, মধুমেহৰ বাবে নৰসিংহ, হজম শক্তি বৃদ্ধিৰ বাবে পদিনা, হাপানীত মধুএলেম, হজম আৰু স্মৃতি শক্তি বঢ়াবলৈ দুৰুণ, বীজাণু নাশক হিচাপে মহানিমৰ ব্যৱহাৰ মন কৰিব লগা।

অসমত আন এবিধ শাক হ'ল ব্ৰাহ্মী। স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে হৃদ ৰোগ, বসন্ত, কাঁহ-জ্বৰৰ বাবে ই বৰ উপযোগী। ডাকৰ বচনতো তাৰ আভাস পোৱা যায়। ডাকে কৈ গৈছে- তিতা , টেঙা, সাৰ এই তিনি ভোজনৰ হাৰ। তুলসী, বেলপাত আদিয়ে আজিও আমাৰ গ্ৰাম্য সমাজত গুৰুত্ব লাভ কৰে। আহোম ৰাজত্ব কালতে বনৌষধিৰ ওপৰত গুৰুত্ব দিয়াৰ বাবেই আয়ুৰ্বেদিক চিকিৎসাই জনপ্ৰিয়তা লাভ কৰিছিল।

শিলিখা, কুমুৰা, মান কচু, থুপুৰী লতা, অনন্ত মূল, অপৰাজিতা, চাল কুঁৱৰী, তিতা ভেকুৰী, তেজপাত, সৰ্পগন্ধা আদি বনৌষধি গুণ সমূহক লৈ প্ৰণালীবদ্ধ গৱেষণাৰ প্ৰয়োজন আছে।

মেকুৰী ঘিলা…

দুয়োটা খণ্ডত মুঠ ১৫০০ ঔষধি গছ বনৰ বৰ্ণনা আছে মেডিচিনেল প্লেন্টছ এণ্ড মাশ্বৰূম অৱ ইণ্ডিয়া উইথ স্পেচিয়েল ৰেফাৰেন্স টু আছামত। দ্বিতীয় খণ্ডটো আন কেইবা বিধো কাঠফুলাৰ বিষয়ে সবিস্তাৰে উল্লেখ আছে। মুঠ ৬৫টা প্ৰজাতিৰ অসম তথা ভাৰতত উপলব্ধ কাঠফুলাৰ বিষয়ে লিখকে এই গ্ৰন্থত তথ্য সমৃদ্ধ কৰিছে।

গ্ৰন্থখনৰ দুয়োটা খণ্ডৰ মূল্য ১৪৯৯৫ টকা। এই অমূল্য গ্ৰন্থখনৰ লিখক যতীন্দ্ৰ শৰ্মা ভাৰতীয় বন সেৱাৰ অসম-মেঘালয়ৰ কেডাৰ। বন বিভাগৰ উচ্চপদস্থৰ দায়িত্বৰ লগতে শৰ্মাই ২০১৮চনৰ পৰা ষ্টেট মেডিচিনেল প্লেন্টছ ব'ৰ্ড সদস্য সচিব পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। এনআইআৰডিৰ সন্মানীয় উপদেষ্টা হিচাপে ২০১১ৰ পৰা ২০১৩চনলৈকে উত্তৰ পূৰ্বাঞ্চলৰ মেডিচিনেল এণ্ড এৰ'মেটিক প্লেন্টৰ বিভিন্ন প্ৰকল্পৰ সৈতেও তেওঁ জড়িত আছিল।

অসমৰ বহু দুৰ্গম অঞ্চললৈ গৈ গছ-বননি সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা শৰ্মাই ভাৰতৰ জৈৱ বৈচিত্ৰৰ সন্দৰ্ভত যথেষ্ট অধ্যয়নমূলক কাম ইতিমধ্যে কৰিছে। এই সন্দৰ্ভত দেশৰ আগতে বিদেশতো তেখেতৰ ২৮টাৰো অধিক গৱেষণা প্ৰবন্ধ প্ৰকাশ পাইছে। বিশ্বৰ প্ৰতিষ্ঠিত জাৰ্নেলতো শৰ্মাৰ লেখাই স্থান পাইছে। তেনে এগৰাকী বন বিষয়াৰ এই গ্ৰন্থই অসমত উপলব্ধ ঔষধ জাতীয় গছ বনৰ সন্দৰ্ভত বিশ্বৰ গৱেষক সকলক আকৰ্ষিত কৰিব পৰাকৈ নতুন বাট মুকলি কৰি দিছে। অসমীয়া ভাষাত তেনে কিছু লেখা বা কিতাপ প্ৰকাশ পালেও ইমান সুশৃংখলিতভাৱে ইংৰাজী ভাষাত অধ্যয়ন আৰু গৱেষণালব্ধ গ্ৰন্থ এয়াই প্ৰথম বুলিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in