কইনাধৰাই কন্দুৱালে…

কইনাধৰাই কন্দুৱালে…

মৃদুল কুমাৰ সন্দিকৈ

কইনাধৰা। এসময়ত অসমৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত শব্দ আছিল এইটো। কইনাধৰা পাহাৰৰ টিলাত থকা এটা ঘৰৰ পৰাই নিয়ন্ত্ৰিত হৈছিল অসম। মুলতঃ এই কইনাধৰাৰ সেই ঘৰটোৱে আছিল আন এখন দিছপুৰ।

২০০১চন। গুপ্তহত্যা, দুৰ্বল আৰ্থিক অৱস্থাই জৰ্জৰিত অসমবাসীয়ে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অগপৰ হাতৰ পৰা শাসনৰ বাকজৰী কাঢ়ি আনি গতাই দিছিল কংগ্ৰেছৰ হাতত। শাসকীয় দলটোৰ নেতৃত্বলৈ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল তৰুণ গগৈয়ে।

তেতিয়াই এক প্ৰশ্ন উত্থাপন হৈছিল- নতুন মুখ্যমন্ত্ৰী থাকিব ক'ত? পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আছিল দিছপুৰৰ ভিতৰত থকা আৱাসগৃহত। নতুনকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰফুল্ল কুমাৰ মহন্তই ব্যৱহাৰ কৰা মুখ্যমন্ত্ৰী আৱাসগৃহতোকে তেওঁৰো মুখ্যমন্ত্ৰী আৱাসগৃহ হ'ব বুলি সকলোৱে ভাবিছিল।

সেই আৱাসগৃহলৈ তৰুণ গগৈ নগ'ল। তেওঁ নিৰ্বাচন কৰিলে কইনাধৰা। তাতেই আছিল এটা ৰাজ্যিক অতিথিশালা। অৱস্থা বৰ ভাল নাছিল। কিন্তু এই অতিথিশালাটোৰ এক ইতিহাস আছিল। মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লৈ তেওঁ কইনাধৰাৰ ১ নম্বৰ ৰাজ্যিক অতিথিশালাটোকে নিজৰ চৰকাৰী আৱাস ৰূপে থকাৰ সিদ্ধান্ত ল'লে।

এসময়ত অসমৰ ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ আছিল কইনাধৰা…

এই কইনাধৰাত ১৯৭৬ চনত নিৰ্মাণ কৰা হৈছিল এই অতিথিশালা। সেই বৰ্ষৰ কংগ্ৰেছৰ অধিবেশন হৈছিল খানাপাৰাৰ জৱাহৰ নগৰত। দেৱকান্ত বৰুৱা আছিল তেতিয়া কংগ্ৰেছৰ সভাপতি। ইন্দিৰা গান্ধীকে ধৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতৃত্ব আহিছিল এই অধিবেশনলৈ। কিন্তু তেওঁলোক থাকিব ক'ত?

মুলতঃ ইন্দিৰা গান্ধী থাকিবৰ বাবেই নিৰ্মাণ কৰা হৈছিল এই অতিথিশালা। কংগ্ৰেছৰ অধিবেশন সুকলমে পাৰ হৈ গ'ল। এলাগী হৈ পৰিছিল কইনাধৰাৰ এই ৰাজ্যিক অতিথিশালাটো। পুনৰ প্ৰাণ পাই উঠিছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱাৰ পাছত । তাৰ পাছৰে পৰা কইনাধৰা পৰিচিত হৈ পৰিছিল অসমবাসীৰ বাবে।

কইনাধৰাৰ স্মৃতি সোঁৱৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল- 'মই যেতিয়া মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হ'লো তেতিয়া ক'ত থাকিম তাক লৈ প্ৰশ্ন উঠিছিল। চৰকাৰী বিষয়াসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ল কইনাধৰাৰ এই অতিথিশালাতে থাকিম। প্রফুল্ল মহন্ত যিটো বাসগৃহত আছিল তেওঁ সেই বাসগৃহটো এৰিব বিচৰা নাছিল। তেখেতেৰ পত্নীয়ে তাতেই তেওঁলোক থকাৰ যুক্তি দিছিল। নিৰাপত্তাৰ খাটিৰত তেওঁলোকে সেই ঘৰটো এৰিব নিবিচাৰে।'

এনেকৈয়ে এদিন কইনাধৰাত সোমাইছিল তৰুণ গগৈ। তাৰপাছত তিনিটা কাৰ্যকাল আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰাৰ পাছতো দুবছৰ সেই বাসগৃহত কটাইছিল। ২০১৮চনৰ ২৭ জুলাইত কইনাধৰা এৰিছিল তৰুণ গগৈয়ে। তেওঁৰ নতুন ঠিকনা হৈছিল সচিবালয়ৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰা মিনিষ্টাৰ্ছ কলনী।এম-৭ নম্বৰৰ বাসগৃহটোত থাকিবলৈ লৈছিল তৰুণ গগৈ।

১৮ বছৰ কইনাধৰাত থাকি, কইনাধৰা এৰি নতুন বাসগৃহত প্ৰৱেশ কৰাৰ দিনা…

কইনাধৰাৰ সৈতে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ, অসমৰ ৰাজনীতিৰ যোৱা ২০টা বছৰ বহু স্মৃতি জড়িত হৈ আছে। এসময়ত কইনাধৰালৈ কোনোবা যাবলৈ অনুমতি পোৱাটো সৌভাগ্য বুলিয়েই গণ্য কৰিছিল বহুতে। কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী সৰকি প্ৰৱেশ কৰিব লগা হৈছিল কইনাধৰাত।

এফালে, কইনাধৰাত ১৮ টা বছৰ কটাই অসমক শাসন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম যাত্ৰা আৰু আমি সমান্তৰালভাৱে কইনাধৰাৰ তৰুণ গগৈৰ স্মৃতি বিজৰিত পূৰ্বৰ সেই বাসগৃহৰ অভিমুখে যাত্ৰা কৰিছিলো।

নাই কোনো বাধা। পূৰ্বতে কইনাধৰাৰ প্ৰৱেশ পথৰ পৰা তাত থকা নিৰ্দিষ্ট বাহনেৰে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ অৰ্থাৎ তৰুণ গগৈৰ কাষলৈ যাব লগা হৈছিল। এতিয়া সেই কইনাধৰাত তেনে কোনো বাধ্য-বাধকতা নাই। মুল প্ৰৱেশ পথত ৰৈ আছিল এজন আৰক্ষী। তেওঁ সুধিলে- ক'ত যাব? আমি ক'লো- কইনাধৰাৰ সেই ঘৰটো এবাৰ চাই আহো।

আগৰ দৰে নাই তাত কোনো বাধা…

পাহাৰৰ একা-বেকা বাটেৰে উঠি গ'লো। মাজে মাজে দেখা পালো পূৰ্বতে নিৰাপত্তাৰক্ষী থাকিবৰ বাবে নিৰ্মাণ কৰা কিছু নিৰাপত্তাৰক্ষীৰ ঘৰ। সেইবোৰতো এতিয়া কোনো নাথাকে।খালী ঘৰবোৰৰ চৌকাষে হাবি-বননি।

কেইবাটাও তেনে নিৰাপত্তাৰক্ষীৰ ঘৰ পাৰ হৈ যাওঁতে বাটত নাছিল কোনো মানুহ। কইনাধৰায়ো যেন গম পাইছে নাই আৰু সেই কইনাধৰাৰ মাটি-পানী-বায়ুৰে সুপৰিচিত প্ৰিয় ব্যক্তিজন। তাৰপাছত বাধাহীন ভাৱে আগবাঢ়িলো।

কইনাধৰাত আজি কোনো নাই…

২৪ নবেম্বৰ, ২০২০ৰ পুৱা ৯.৪৫ বজাৰ পৰা আৰম্ভ হৈছিল অন্তিম যাত্ৰা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পাছত পুনৰ চৰ্চালৈ আহিছে কইনাধৰা। মনত পেলাইছে এদিন এই কইনাধৰাত থাকিয়েই তেওঁ তিনি কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব পালন কৰিছিল।

তেওঁৰ অন্তিম যাত্ৰাত অংশ লোৱা অজস্ৰজন গুণমুগ্ধৰ ভিৰ। অসমৰ ইতিহাসত কোনো ৰাজনীতিবিদৰ বাবে এনে সৌভাগ্য হোৱা নাছিল। মৃত্যুৰ পাছত ইমান মানুহ কাৰো সৈতে তেওঁৰ অন্তিম যাত্ৰাৰ সংগী হোৱা নাই।

সুধাকন্ঠৰ কথা অৱশ্যে পৃথক। কিন্তু তৰুণ গগৈৰ বাবে সকলো আহিছে। দল-সংগঠন, আদৰ্শ পৰিহাৰ কৰি সকলোৱে তৰুণ গগৈ নামৰ অসম আৰু অসমীয়াক ভাল পোৱা আপোন বোলা মানুহজনৰ বাবে বিদায়ত চকুলো টুকিছে।

জিএমচিএইচৰ পৰা তেওঁৰ নশ্বৰ দেহ চৰকাৰী বাসভৱনলৈ নিয়া হৈছিল। তাৰপাছত নিয়া হৈছিল সচিবালয়লৈ। আৱেগিকভাৱে সকলোৱে তেওঁৰ নশ্বৰ দেহৰ কাষত গুজি দিছিল ফুলৰ থোপা। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনক বিদায় জনাবলৈ আহি চকুলো নোটোকাকৈ কোনো উভতিব পৰা নাছিল।

অন্তিম যাত্ৰাৰ এটা ক্ষণ…

ৰাজনৈতিক ভেদা-ভেদ পাহৰি চৰকাৰেও অসমৰ ৰাইজৰ প্ৰিয় নেতাজনক শেষ বিদায় জনোৱাৰ সকলো প্ৰস্তুতি কৰিছে। নিষ্ঠাৰে পালন কৰিছে দায়িত্ব। সচিবালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহ লৈ অহা হৈছিল ৰাজীৱ ভৱনলৈ।

ৰাজীৱ ভৱনতো কংগ্ৰেছ কৰ্মীসকলে তেওঁক অন্তিম বিদায় জনোৱাৰ পাছত আগবাঢ়িল এই সমদল কলাক্ষেত্ৰৰ দিশে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰখা হৈছিল। সাধাৰণ লোকসকলে যাতে আহি অন্তিম বিদায়জনাব পাৰে তাৰ বাবে সাজু কৰি ৰাখিছিল পূৰ্বৰে পৰা তেওঁৰ অন্তিম শয়ন।

কলাক্ষেত্ৰত সাজু কৰা অন্তিম শয়ন…

অস্থিৰ সময়ত তেওঁ আছিল আশাৰ পোহৰ। হত্যা-হিংসা, গুপ্তহত্যৰ বিভীষিকাৰে ভৰা অসমৰ অভিভাৱক। তাৰপাছত তিনিটাকৈ কাৰ্যকাল তেওঁ গধুৰ দায়িত্ব পালন কৰি গৈছিল। মৃত্যুৰ ওচৰত হাৰ মানিব নিবিচৰা অদম্য এই মানুহজনৰ সৰলতাত সকলো মুগ্ধ।

কায়িকভাৱে আঁতৰি গ'লেও তৰুণ গগৈ অসমৰ সমাজ আৰু জাতীয় জীৱনত সদায়ে জীয়াই থাকিব। ইতিহাসে সুঁৱৰিব সদায় তেওঁক। এক সাধাৰণ জীৱনৰ পৰা তেওঁ অসাধাৰণ জীৱনৰ গৰাকী হৈ ৰাজনীতি আৰু সমাজৰ বাবে দিব পৰা সকলো খিনি দি গুচি গ'ল।

এজোপা বটবৃক্ষ হৈ আদৰ্শৰে ছাঁ দিছিল তেওঁ বহুতক। সেই প্ৰাপ্তিয়েই এতিয়া তেওঁৰ প্ৰতি থকা মানুহৰ আগ্ৰহত ফুঁটি উঠিছে। কপটতা নাছিল তেওঁৰ। ৰাজনৈতিক জীৱনৰ সফলতাই তেওঁক অহংকাৰী কৰি তোলা নাছিল কোনোদিনে।

সেইবাবেই আজি তেওঁৰ কাষত ইমান মানুহ। আদৰ্শৰ সংঘাত পৰিহাৰ কৰি তৰুণ গগৈৰ বাবেই ওলাই আহিছে সকলো। ৰাষ্ট্ৰীয় দলৰ নেতা হৈও বুকুত তেওঁ লৈ ফুৰিছিল শক্তিশালী জাতীয় চেতনা। কোনোদিনেই তেওঁ কোৱা নাছিল মই সফল মুখ্যমন্ত্ৰী। কিন্তু তেওঁ জানিছিল সফল হোৱাৰ কিটিপ।

আনহাতে, কইনাধৰাৰ পৰিৱেশ আজি পৃথক। নাই সেই পূৰ্বৰ ঘৰখন। নতুন ৰূপত কইনাধৰাৰ সেই অতিথিশালা সজাই তোলাৰ প্ৰস্তুতি চলি আছে। মানুহবোৰে কাম কৰি গৈছে। তৰুণ গগৈৰ মৃত্যুৰ খবৰ তেওঁলোকক চুব পৰা নাই।

কইনাধৰা নতুন ৰূপত সজোৱাৰ প্ৰস্তুতি…

বহু প্ৰত্যাহ্বানৰ মাজেৰে কংগ্ৰেছক, ৰাজ্যখনক তুলি ধৰিছিল তৰুণ গগৈয়ে। এসময়ত ৰাজ্যখনত কংগ্ৰেছৰ পক্ষে নাছিল তেতিয়া বতাহ। আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে ভাড়াঘৰ বিচাৰি তেওঁ হাহাঁকাৰ কৰিব লগা হৈছিল। ভাড়াঘৰৰ মালিকে উলিয়াই দিছিল তেওঁৰ বহা চকীখন। তাৰপাছত যি প্ৰজ্ঞা আৰু দৃঢ়তাৰে সফল ৰাজনৈতিক কেৰিয়াৰ গঢ়িলে সেয়াই তেওঁৰ ৰাজনীতিৰ প্ৰতি থকা ভালপোৱা।

২০১৬ত মুখ্যমন্ত্ৰীৰ চকী এৰিব লগা হোৱাৰ পাছত কইনাধৰাও তেওঁ এৰিব লগা হৈছিল। তেওঁ ব্যৱহাৰ কৰা দুই-এপদ সম্পদ পৰি ৰৈছিল তাত। সেইবোৰ এতিয়া জাৱৰ। দেখা পাইছিলো কইনাধৰাত তৰুণ গগৈয়ে ব্যৱহাৰ কৰা কিছু সা-সামগ্ৰী।

এইবোৰ এতিয়া এলাগী…

ক'ত হ'ব তেওঁৰ অন্তিম সমাধি? তাক লৈ চলিছিল বহু জল্পনা কল্পনা। কংগ্ৰেছে বিচাৰিছিল চচলত অৰ্থাৎ গুৱাহাটীৰ মাজমজিয়াত হ'ব লাগে প্ৰিয় নেতাজনৰ সমাধিস্থল। চৰকাৰে দিব লাগে মাটি। হিমন্ত বিশ্ব শৰ্মাই ক'লে- সম্ভৱ নহ'ব চচলত। মুখ্যমন্ত্ৰী হৈ থাকোতেই তৰুণ গগৈয়ে সেই স্থানত এনেধৰণৰ কামৰ বাবে ব্যৱহাৰ যাতে কৰিব নোৱাৰে তাৰ বাবে চচলৰ চৰকাৰী ভূমিত ৱেট লেণ্ড হিচাপে ঘোষণা কৰিছিল।

আমিনগাঁৱৰ কথাও ওলাইছিল । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আমিনগাঁৱত সম্ভৱ হ'ব পাৰে যদি পৰিয়ালে বিচাৰে তৰুণ গগৈৰ সমাধি। গুৱাহাটীৰ মাজমজিয়াত তেনে মাটি নহ'ব বুলি স্পষ্ট কৰি দিছিল হিমন্ত বিশ্ব শৰ্মাই।

তাৰমাজতে কোনো কোনোৱে কৈছিল কইনাধৰাতে হ'ব লাগে তৰুণ গগৈৰ সমাধি। যদি সমাধি সম্ভৱ নহয় কইনাধৰাৰ এই অতিথিশালাৰ নাম হ'ব লাগে তৰুণ গগৈ ৰাজ্যিক অতিথিশালা। অসম আৰু অসমীয়াক ইমান দি যোৱা এজন ৰাজনীতিবিদৰ বাবে এইখিনি ত্যাগ কৰিব লাগে চৰকাৰে।

অৱশ্যে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ঘোষণা কৰিলে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে হ'ব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ ঠিকনা। ২৬ নবেম্বৰত পঞ্চভূতত বিলীন হ'ব তৰুণ গগৈ। এই সকলোবোৰ পৰ্যায়ক্ৰমে আগবাঢ়িছিল।

আমাৰ বাবে কইনাধৰাৰ অভিজ্ঞতা সুখকৰ নাছিল। ইয়াৰ বাবে দোষ দিব বিচৰা নাই কাকো। কিন্তু ব্যৰ্থিত কৰিলে সেই দৃশ্যই। এখন আলোকচিত্ৰ ধুনীয়াকৈ বন্ধাই থোৱা আছিল সেই আলোকচিত্ৰখন। কইনাধৰাত তৰুণ গগৈৰ স্মৃতিৰ সন্ধান কৰিব যাওঁতে চকুত পৰিছিল হঠাৎ সেই দৃশ্য।

কইনাধৰাত এনেকৈ পৰি ৰৈছে তৰুণ গগৈ…

অনিচ্ছাকৃতভাৱে কৰা কোনোবা অজ্ঞ ব্যক্তিৰ বাবেই দেখা পোৱা গ'ল সেই দৃশ্য। তাত থকা এজন লোকক সোধাত ক'লে- সেইখন তেওঁলোকে বিশেষ কামত ব্যৱহাৰ কৰে। বন্ধাই থোৱা আলোকচিত্ৰখনত হস্যবদনে প্ৰাক্তন মুখ্যমন্ত্ৰী, কাষত ছোনিয়া গান্ধী।

এই ডাঙৰকৈ বন্ধাই থোৱা ফটোখন তেওঁলোকে ব্যৱহাৰ কৰে শৌচাগাৰত। এফালে শোকৰ লহৰ, আনফালে সেই সময়তে তৰুণ গগৈৰ এখন ফটো এনেদৰে অৱহেলিত হোৱা দৃশ্যই ব্যৰ্থিত নকৰাকৈ থাকে কাক?

সুখকৰ নহ'ল কইনাধৰাৰ এই যাত্ৰা। তাত থকা এজনক কৈ তাৰ পৰা আঁতৰাই অনা হ'ল সেই আলোকচিত্ৰ। বুজাই দিয়া হ'ল এইবোৰ কামত এনে এজন ব্যক্তিৰ আলোকচিত্ৰখন ব্যৱহাৰ কৰাতো ভাল হোৱা নাই।

তেওঁ বুজিলে- নুবুজিলে সেয়া নুবুজিলো। কিন্তু কইনাধৰাৰ এই দৃশ্য দেখিলে আপুনিও হয়তো এই মুহূৰ্তত মুক হৈ পৰিলে হয়। কইনাধৰাৰ এই ৰাজ্যিক অতিথিশালাটো সৰ্বাংগসুন্দৰ হ'ব এদিন। কিন্তু ২০০১ৰ পৰা ২০১৬লৈকে থকা প্ৰাণচঞ্চল পৰিৱেশ কোনেও ঘূৰাই দিব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in