কোৰোনাৰ মাজতেই স্বাধীনতা দিৱস…

কোৰোনাৰ মাজতেই স্বাধীনতা দিৱস…

মৃদুল কুমাৰ সন্দিকৈ

আকৌ আহিল স্বাধীনতা। সমগ্ৰ দেশে উদযাপন কৰিব ৭৪ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭চনৰ ১৫ আগষ্টত ভাৰত ইংৰাজৰ শাসনৰ কৱলৰ পৰা মুক্ত হৈছিল। সেই ঐতিহাসিক দিনটো এইদৰে দেশবাসীয়ে প্ৰতি বছৰে উদযাপন কৰি আহিছে।

পূৰ্বৰ সকলোবোৰ স্বাধীনতা দিৱসৰ দৰেই এইবাৰ নহ'ব স্বাধীনতা দিৱস। কোভিডৰ পৰিৱেশৰ মাজত এইবাৰ স্বাধীনতা দিৱস মুলতঃ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব। লাল কিল্লাত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীয়ে কি বাৰ্তা প্ৰেৰণ কৰে সেয়া লক্ষণীয় হ'ব।

ইতিমধ্যে কোৰোনাৰ বাবে সমগ্ৰ বিশ্বতে আৰ্থিক, সামাজিক আৰু আন আন দিশত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। ভাৰততো কোৰোনাৰ এই প্ৰভাৱৰ বাবে এক প্ৰকাৰৰ স্থবিৰ হৈ পৰিছিল জনজীৱন। তেনে সময়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে দেশবাসী বা ৰাজ্যবাসীক আশ্বস্ত হ'ব পৰাকৈ দিব পৰা বাৰ্তাই সাধাৰণ মানুহৰ মনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰিব নে নাই সময়ে ক'ব।

কোৰোনাৰ বাবে প্ৰথমে লকডাউন আৰু পৰৱৰ্তী সময়ত স্বাস্থ্য মন্ত্ৰালয়ে বা আন বিভাগসমূহে জাৰি কৰা নীতি-নিৰ্দেশনা সৰ্বসাধাৰণে মানি চলিছে। কোৰোনাৰ ভয়ত, আৰক্ষী প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকা উপাৰ্জনৰ বাট-পথ বন্ধ হৈ পৰা এই মানুহবোৰৰ আচল সংগ্ৰাম লাহে লাহে আৰম্ভ হৈছে।

২০ লাখ কোটি টকীয়া পেকেজ ঘোষণা কৰিছিল প্রধানমন্ত্ৰীয়ে । ইয়াৰ প্ৰভাৱ সাধাৰণ লোকৰ মাজত কেনেদৰে পৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অসমৰ ক্ষেত্ৰতো একেই অৱস্থা । চাকৰি হেৰুৱাই, ব্যৱসায়ত বিধ্বস্ত হৈ মানুহ দিশহাৰা হৈ পৰিছে।

তথাপিও মানুহৰ আশা- ভাল দিন ঘূৰি আহিব। গুৱাহাটী মহানগৰীতে অতি লাভত চলা ৰেষ্টুৰেন্টসমূহ গ্ৰাহকৰ অভাৱ, লকডাউনৰ প্রভাৱত বন্ধ কৰি দিব লগা হৈছে। সামাজিক অনুষ্ঠানসমূহ প্ৰায় বন্ধ হৈ থকাৰ দৰে। বিবাহ বাহৰবোৰত এতিয়া ভেঁকুৰ গজিছে।

সাধাৰণতে এপ্ৰিলত বিয়াৰ বতৰ হয়। সোণৰ গহণা, কাপোৰৰ দোকানৰ বিক্ৰী বাঢ়ে। এইবোৰ এতিয়া সপোন হৈছে এই সকল ব্যৱসায়ীৰ বাবে। মহানগৰীতে নহয়, সমগ্ৰ দেশ তথা চহৰ-নগৰত এনে অৱস্থা। শ্বপিং মলসমূহো পলমকৈ আনল'ক প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হ'লেও সেইবোৰত কৰ্মৰত হাজাৰ হাজাৰ যুৱক-যুৱতীক চাকৰিৰ পৰা চাটাই কৰা হৈছে।

ভেকচিন ওলালে কোৰোনাৰ প্ৰভাৱ হয়তো অন্ত পৰিব। কিন্তু কোৰোনাই পেলোৱা এই বিৰূপ প্ৰভাৱে মানুহৰ জীৱন আৰু কিমান দিনলৈ অস্থিৰ কৰি ৰাখিব সেয়া এতিয়া কোনেও ন দি ক'ব নোৱাৰে। ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক সকাহ দিবৰ বাবে মাহিলী ধন দিয়াৰ এক আঁচনিৰ কথাও ঘোষণা কৰিছে। দেখাত এই আঁচনিবোৰে দৰিদ্ৰ লোকসকলক উপকৃত কৰিব যেন লাগিলেও ইয়াৰ প্ৰকৃত লক্ষ্য কিন্তু ২০২১।

অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবেও সাজু হ'ব লগা হৈছে চৰকাৰ তথা দলসমূহ। কোৰোনাৰ মাজতে সেইবোৰ কথাতো দৃষ্টি ৰাখিব লগা হৈছে। শ শ কোটি টকা ব্যয়ৰে দৰিদ্ৰক সকাহ দিয়াৰ নামত ঘোষণা কৰা এই আঁচনিবোৰে প্ৰকৃতাৰ্থত মানুহৰ সংস্থাপন আৰু এজন কৰ্মদক্ষ লোক হিচাপে জীয়াই থকাৰ বাট কৰ্ষণ কৰিব নে সেয়াও এক ডাঙৰ প্ৰশ্ন।

৭টা দশকৰো অধিক কাল পাৰ হ'ল স্বাধীন হোৱা। এই ৭ দখলত দৰিদ্ৰ শ্ৰেণীটো দৰিদ্ৰ হৈয়ে ৰ'ল। অথচ সেই দৰিদ্ৰ লোকসকলৰ কথা কৈ ক্ষমতালৈ আহে ৰাজনৈতিক দলবোৰ। ইয়াৰ লগতে ধৰ্মীয় উন্মাদনাৰ সৃষ্টিৰে , সহজাত আঁচনি ঘোষণাৰে এই লোকসকলক সন্মোহন কৰি ৰাখে।

কোৰোনাৰ সময়ত প্ৰতিজন বনোৱাই নিজৰ অঞ্চলৰ সমীপত এমজিএনৰেগাৰ আঁচনিৰ অধীনত কৰ্মসংস্থাপন পাব বুলি কোৱা হৈছিল। সেইবোৰ ঘোষণাতেই ৰৈ গ'ল। কোৰোনা সৃষ্ট এই পৰিৱেশে কেৱল সমাজ জীৱনকে নহয়, ক্ৰীড়া, চিনেমা, অৰ্থনীতি আদি সকলোতে প্ৰভাৱ পেলাইছে।

সাংস্কৃতিক ক্ষেত্ৰখনেৰে জড়িত লোকসকলৰ এতিয়া উপাৰ্জন প্ৰায় শূন্য। ব্যৱসায়-বাণিজ্যৰে জড়িত লোকসকলে কোৰোনাৰ পাছত নতুনকৈ জীৱন আৰম্ভ কৰিব লগা হৈছে। শূন্যৰ পৰা পুনৰ আৰম্ভ কৰি পূৰ্বৰ দৰে স্বচ্ছল অৱস্থা এটা লাভ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব।

স্বাধীনতা দিৱসৰ যি আনন্দ আৰু উৎসাহ পূৰ্বৰ সময়ত দেখা পোৱা গৈছিল, সেই উৎসাহ যেন এইবাৰ নাই। কোৰোনাৰ বাবে বান্ধি দিয়া নীতি নিয়মৰ মাজত মানুহৰ জীৱন এতিয়া পৰিচালিত হৈছে। কিন্তু এইখিনিতে এই কথাও লক্ষণীয় যে, কোৰোনাৰ বাবে যিবোৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা হৈছিল, সেইবোৰে প্ৰকৃতাৰ্থত কোৰোনা নিয়ন্ত্ৰণ কৰিব পাৰিলেনে নে মানুহক গিনিপিগ সজোৱা হ'ল?

তথাপিও স্বাধীনতা দিৱস উদযাপন কৰিব লাগিব। পূৰ্বৰ দৰে এইবাৰ স্বাধীনতা দিৱসত কেৱল কুটাঘাতকাৰীৰ প্ৰতিয়েই সতৰ্ক নহয়, কোৰোনাৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিব লগা হৈছে। এই সন্দৰ্ভত কিছু প্ৰট'ক'ল অসম চৰকাৰেও জাৰি কৰিছে।

স্বাধীন ভাৰতৰ এই প্ৰেক্ষাপট সাধাৰণ লোকৰ বাবে বৰ জটিল। স্বাধীনতাৰ সোৱাদ যেন দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছ পৰা লোকসকলে আজিও পাবলৈ সক্ষম হোৱা নাই। স্বাধীনতা দিৱস কেৱল আহে আৰু যায়। সেই দিৱসৰ প্ৰকৃত উদ্দেশ্য আৰু এখন কল্যাণকামী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে তেওঁলোক কিমান বঞ্চিত তাৰ হিচাপো কোনো নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in