জীৱনে নকৰে বাতিল, নলয় “অনলাইন” পৰীক্ষা, …

জীৱনে নকৰে বাতিল, নলয় “অনলাইন” পৰীক্ষা, …

ৰাজৰ্ষি চহৰীয়া

প্ৰতিবছৰে পৰীক্ষাৰ ফলাফলৰ দিনটোৰ আগৰ নিশা পৰীক্ষাৰ্থী সকলৰ টোপনি নাহে। ভয়, আশাবোৰে হেঁচা মাৰি ধৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক। বিশেষকৈ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ হয় তেনে অৱস্থা। কিন্তু এইবাৰ সম্পূৰ্ণ পৃথক পৰিস্থিতি-পৰিৱেশ দেখা গ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোত।

৩০ জুলাইত, হাইস্কুল শিক্ষান্ত পৰীক্ষা-হাই মাদ্ৰাছা আৰু ৩১ জুলাইত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিন্তু ছাত্ৰ-ছাত্ৰীৰ মনত দেখা পোৱা নগ'ল তেনে কোনো বিশেষ উৎসাহ। সাধাৰণ গোট পৰীক্ষাৰ ফলাফলৰ দৰেই যেন হ'ল এইবাৰৰ এই দুয়োটা পৰীক্ষাৰ ফলাফল । অৱশ্যে তেনে পৰিস্থিতিৰ বাবে দায়ী কোৰোনা পৰিস্থিতি।

কোৰোনাৰ পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল। যাৰ ফলত দুখন বিশেষ কমিটী গঠন কৰি নম্বৰ মূল্যায়নৰ দায়িত্ব দিয়া হ'ল এই কমিটী দুখনক। পূৰ্বৰ পৰীক্ষাৰ নম্বৰসমূহৰ ভিত্তিতে এইবাৰ দিয়া হ'ল নম্বৰ। অৱশ্যে তাৰ মাজতো বহু প্ৰশ্ন উত্থাপন হৈছিল যে- যিসকলে বিগত বৰ্ষত পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল বা অধিক ভাল ফলাফলৰ বাবে পুনৰ পৰীক্ষাত অৱতীৰ্ণ (বেটাৰমেন্ট) হৈছিল তেওঁলোকৰ ক্ষেত্ৰত কেনেধৰণে কৰা হ'ব নম্বৰৰ মূল্যায়ন। পিছে সকলো প্ৰশ্নৰ উত্তৰ ৩১ জুলাই, ২০২১ৰ পুৱা ফলাফল ঘোষণাৰ পাছতে লাভ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখযোগ্য যে, ২০২১চনৰ উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাতে ফলাফল ভালেই বুলিব পাৰি। কিয়নো কলা শাখাত উত্তীৰ্ণ হোৱা হাৰ ৯৮.৯৩ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬%  আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭%। কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৯১৮৫৫জন পৰীক্ষাৰ্থী। ইয়াৰে ৫৮,২৮৮জন প্ৰথম বিভাগত, ৮৯৫২০জন দ্বিতীয় বিভাগত আৰু ৮২,০২৯জন তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

ঠিক একেদৰে বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে প্রথম বিভাগত উত্তীৰ্ণ হৈছে ৩২,৯১৭জন, দ্বিতীয় বিভাগত ৪৬০৯জন আৰু তৃতীয় বিভাগত ৫৪২জন ছাত্ৰ-ছাত্ৰী পাছ হয়। ইফালে, বাণিজ্য শাখাত ১৮৪৪৩জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ১১১৮৯জন প্রথম বিভাগত, ৫৪৯৭জন দ্বিতীয় বিভাগত আৰু ১৬৭৮জন তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

জিলা ভিত্তি যদি চাবলৈ যায় তেন্তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হাৰ ক্ৰমে- বাক্সাত ৯৯.৩৬ %, বৰপেটাত ৯৯.৬০ %, বিশ্বনাথত ৯৯.৫১ %, বঙাইগাঁৱত ৯৮.৬৫ %, কাচাৰত ৯৮.৩৩%, চৰাইদেউত ৯৬.১৭ %, চিৰাঙত ৯৮.১৯ %, দৰঙত ৯৯.৬৮ %, ধেমাজিত ৯৮.৫৩%, ধুবুৰীত ৯৯.০৯ %, ডিব্ৰুগড়ত ৯৯.১৪ %, ডিমা হাচাওত ৯৭.৫৪ %, গোৱালপাৰাত ৯৯.২৮ %, গোলাঘাটত ৯৯.৫২ %, হাইলাকান্দিত ৯৮.২১ %, হোজাইত ৯৬.৮৬ %, যোৰহাটত ৯৯.৪৫ %, কামৰূপ মেট্ৰ'ত ৯৯.৩১ %, কামৰূপ গ্ৰাম্যত ৯৮.৩৪ %, কাৰ্বি আংলঙত ৯৮.৯১ %, কৰিমগঞ্জত ৯৯.৬৯ %, কোকৰাঝাৰত ৯৯.২০ %, লখিমপুৰত ৯৮.৬৫%, মাজুলীত ৯৯.৯১ %, মৰিগাঁৱত ৯৮.৫৮ %, নগাঁৱত ৯৯.৪৫ %, নলবাৰীত ৯৯.২৮ %, শিৱসাগৰত ৯৯.৪৫ %, শোণিতপুৰত ৯৮.৩৪ %, দক্ষিণ শালমাৰাত ৯৯.৮৬ %, তিনিচুকীয়াত ৯৭.২৪ %, ওদালগুৰিত ৯৯.৫৭ শতাংশ আৰু পশ্চিম কাৰ্বিআংলঙত উত্তীৰ্ণৰ হাৰ ৯৯.৫৮ শতাংশ। অসমত কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ। ঠিক একেদৰে অসমত বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৯.০৬%  আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭%।

মন কৰিবলগীয়া যে, ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষাত সৰ্বাধিক শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উল্লেখ্য যে, কলা শাখাত ২০১২চনত উত্তীৰ্ণ হাৰ আছিল ৭০.২৩ শতাংশ। তাৰপাছত ক্ৰমে- ২০১৩ চনত ৭০.১১ %, ২০১৪চনত ৭৩.৯১ %, ২০১৫চনত ৭৪.০৭ %, ২০১৬চনত ৭৯.৯২ %, ২০১৭চনত ৭৩.১৬ %, ২০১৮চনত ৭৪.৬৮ %, ২০১৯চনত ৭৫.১৪ % আৰু ২০২০চনত ৭৮.১৮ %। কিন্তু এইবাৰ তাৰ বিপৰীতে কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ।

ঠিক একেদৰে যদি বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰলৈ মন কৰা যায় তেন্তে ২০১২চনত ৮৫.৫৮ %, ২০১৩চনত ৮৩.৮২ %, ২০১৪চনত ৮৫.৩১ %, ২০১৫চনত ৮৬.৭৬ %, ২০১৬চনত ৯০.৯৬ %, ২০১৭চনত ৮৬.২৪ %, ২০১৮চনত ৮৫.৭৪ %, ২০১৯চনত ৮৬.৫৯ %, ২০২০চনত ৮৮.০৬ % আৰু ২০২১ বৰ্ষত এই হাৰ ৯৯.০৬ % লৈ বৃদ্ধি পায়। আনহাতে, বাণিজ্য শাখাতো ক্ৰমে- ২০১২চনত ৮১.১৭ %, ২০১৩চনত ৮০.০৮ %, ২০১৪চনত ৮২.৭০ %, ২০১৫চনত ৮১,৮২ %, ২০১৬চনত ৮৬.০১ %, ২০১৭চনত ৮২.৭২ %, ২০১৮চনত ৮৪.৬৪ %, ২০১৯চনত ৮৭.৫৯ %, ২০২০চনত ৮৮.১৮ % আৰু ২০২১চনত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ।

এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই যদিও পৰীক্ষাত উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বৰ্ষৰ তুলনাত বহু বেছি দেখা পোৱা গৈছে।  ৰাজ্যৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ তিনিওটা শাখাত সৰ্বাধিক উত্তীৰ্ণ হোৱা জিলা সমূহৰ ভিতৰত- কলা শাখাত মাজুলীত সৰ্বাধিক ৯৯.৯১% পৰীক্ষাৰ্থী উত্তীৰ্ণ, বিজ্ঞান শাখাত ডিমা হাচাওত ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ আৰু বাণিজ্য শাখাত ১৩ খন জিলাত ১০০% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

অৱশ্যে এইবাৰ ছাত্ৰ-ছাত্ৰী সকলে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু ভৱিষ্যৎ গঢ়াৰ গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহৰ ভিতৰৰ এটা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হোৱা নাই তথা উত্তীৰ্ণৰ হাৰো সম্ভৱ হয়তো বেছি সংখ্যকেই ভবাতকৈ অধিক লাভ কৰিছে যদিও এই পৰীক্ষাৰ দৰে জীৱনৰ আনবোৰ পৰীক্ষা যে নহ'ব সেয়া নিশ্চিত। কিয়নো এইবাৰ কোৰোনা পৰিবেশ-পৰিস্থিতিৰ বাবে হয়তো এনেদৰে নম্বৰ মূল্যায়ন কৰি ফলাফল ঘোষণা কৰা হৈছে। কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলে বুজিব লাগিব যে বাকীবোৰ পৰীক্ষাত পঢ়া-শুনা কৰি নিজেই পৰীক্ষা কক্ষত বহি সকলো প্ৰশ্নৰ উত্তৰ দি নিজৰ পৰিশ্ৰমৰে অৰ্জন কৰা নম্বৰৰ মূল্য কিমান বা তাৰ প্ৰয়োজনীয়তা কিমান। কিয়নো পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হৈছে যদিও জীৱনৰ কঠিন বাস্তৱৰ সৈতে মুখামুখি হ'লে তাত নাথাকিব কোনো অনলাইন পৰীক্ষা বা পৰীক্ষাত নবহাকৈয়ে নাপাব কোনো ফলাফল। সকলো ছাত্ৰ-ছাত্ৰীক অভিনন্দন। ভৱিষ্যতে অধিক ভালদৰে আৰু কঠোৰ পৰিশ্ৰমৰে পঢ়া-শুনা কৰি ভাল ফলাফল অৰ্জনেৰে সমাজৰ বাবে একো একোজন মানৱ সম্পদ হিচাপে গঢ়ি উঠাৰ বাবে চেষ্টা কৰাটোৱেই হ'ব লাগে ছাত্ৰ-ছাত্ৰীৰ প্রথম উদ্দেশ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in