হৰ্ছ ট্ৰেডিং : টাৰ্গেটত কোন কোন…

হৰ্ছ ট্ৰেডিং : টাৰ্গেটত কোন কোন…

মৃদুল কুমাৰ সন্দিকৈ

আৰম্ভ হ'ল খেল । বজাৰ মেলি দিছে শাসকীয় দলে । এই অভিযোগ বিৰোধীৰ । তেওঁলোকৰ নিৰ্বাচিত জন প্ৰতিনিধিক ক্ৰয় কৰিবলৈ আগতীয়াকৈ ৰাজনীতিৰ বজাৰত অবিৰ্ভাব হৈছে বিজেপিৰ বেপাৰী ।হৰ্ছ ট্ৰেডিঙৰ চৰ্চাই অসমৰ ৰাজনীতিত আকৌ এবাৰ জোকাৰণি তুলিলে । মহাজোঁটৰ দুই অংশীদাৰী দল বিপিএফ আৰু এআইইউডিএফত সোমাইছে শাসকীয় দলৰ বিধায়ক কিনিব বিচৰা দালাল ।

এই অভিযোগ তুলি থবৰ অনুসৰি এআইইউডিএফৰ চাৰি জন প্ৰাৰ্থীৰ সৈতে যোগাযোগ আৰম্ভ কৰিছিল এক পক্ষই । এআইইউডিএফৰ মানকাচাৰ সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইচলাম,আলগাপুৰৰ নিজামুদ্দিন চৌধুৰী,গৌৰীপুৰৰ নিজীনুৰ ৰহমান আৰু জনীয়াৰ ৰফিকুল ইচলামৰ ওপৰত পৰিছে হৰ্ছ ট্ৰেডাৰ্চৰ চকু ।

খবৰ আহিছে যে এই ৪ প্ৰাৰ্থীক এআইইউডিএফৰ নেতৃত্বই ঘোঁৰা বেপাৰীৰ পৰা ৰক্ষা কৰিবলৈ বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে । বিপিএফৰ নেতৃত্বইও তেনে গোন্ধ পাই দলটোৰ প্ৰতিজন প্ৰাৰ্থীকে শুকুৰবাৰৰ দিনা জৰুৰী ভাবে কোকৰাঝাৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে ।

বিৰোধীৰ এই অভিযোগৰ পিছতেই ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত এক আভাষ আৰু ইংগিত পোৱা গৈছে । ১০০ প্লাছ আসনেৰে পুনৰ দিছপুৰ দখল কৰিম বুলি কৈ থকা বিজেপিয়ে বুজি উঠিছে নেকি যে দিছপুৰ তেওঁলোকৰ বাবে বহু দূৰ ।

সাধাৰণতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত পৰিস্থিতি অনুসৰি এনে বিধায়ক বেছা কিনাৰ খেল হয় । অসমৰ প্ৰেক্ষাপটত ৰাজ্য সভা নিৰ্বাচনত হৰ্ছ ট্ৰেডিঙৰ অভিজ্ঞতা ৰাজ্যবাসীৰ হৈছিল ।এতিয়ালৈকে অবশ্যে বিধানসভা নিৰ্বাচনত হৰ্ছ ট্ৰেডিঙৰ ঘটনাৰ সাক্ষী অসমৰ ৰাইজ হোৱা নাই ।তেনে অভিজ্ঞতাই এইবাৰ অসমৰ ৰাইজে লাভ কৰাৰ সম্ভাবনা আছে যেনেই বোধ হয় ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে বুজি উঠিছিল যে মুখত যিমান ডাঙৰ কথা নক'লেও ভিতৰি ভিতৰি শাসকীয় দলটোৰ বিৰুদ্ধে সাধাৰণ লোকৰ মাজত এক প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি হৈছিল ।

উজনি অসমৰ আটাইতকৈ শক্তিশালী বুলি ভবা সমষ্টি সমূহত বিজেপিৰ এনে প্ৰত্যাহ্বান শুভ ইংগিত নাছিল । তথাপিও দিছপুৰ দখলৰ স্বপ্নত বিভোৰ হৈ থকা দলটোৱে আশা এৰি নিদি বিকল্প পথৰ সন্ধান কৰাটো আচৰিত হ'ব লগা একো নাই ।

প্ৰাৰ্থিত্ব প্ৰদানৰ সময়তে যি আভাষ পোৱা গৈছিল তাত নিৰ্বাচন জয়ী হোৱা দৃষ্টি কোনতকৈ আন কিছু ৰহস্য জনক সমীকৰণৰ ইংগিত পোৱা যায় । নিজৰ মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ এই দৌৰত আগবাঢ়ি থকা সকলে অব্যক্ত সপোনেৰে হৰ্ছ ট্ৰেডিঙৰ দৰে পৰিবেশৰ ৰচনা কৰিলেও আচৰিত হ'ব লগা একো নাথাকিব ।

নিৰ্বাচন ক্ষমতাৰ খেল । নিৰ্বাচন অংকৰ খেল । নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত বিজেপিয়ে হেঙাৰাবাৰী মুখ্য কাৰ্যলয়ত ৮ এপ্ৰিল ২০২১ত এখন সংবাদমেল আয়োজন কৰিছিল ।পূৰ্বতেও বিজেপি নেতৃত্বই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত সংবাদমেল আয়োজন কৰে । প্ৰায়ে দেখা যায় এই সংবাদমেলত ৰাজ্যৰ হ'লে ৰাজ্য খনৰ বিজেপি সভাপতি গৰাকী আৰু ক্ষমতাত থাকিলে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত অংশ লয় ।

বিজেপিৰ এক সূত্ৰ অনুসৰি সেয়া দলটোৰ পৰম্পৰা । লোকসভা নিৰ্বাচনৰ পিছতো দেশবাসীক সম্বোধন কৰিছিল বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।৮ এপ্ৰিলত অসমত ব্যতিক্ৰম দৃশ্য দেখা পোৱা গ'ল । ৰাজ্য বাসীক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ দলটোৱে আয়োজন কৰা সংবাদ মেলত মুখ্যমন্ত্ৰীৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতিৰ ৰঞ্জিত দাসৰ বাওঁকাষে দেখা পোৱা গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

এইবোৰ দৃশ্য প্ৰত্যক্ষ কৰি দলীয় নেতাৰ মাজতে গুণাগঁথা চলিছে । এয়া কিহৰ ইংগিত বুলি চৰ্চা কৰিছে । তাৰ মাজতে হৰ্ছ ট্ৰেডিঙৰ বাবে জাল মেলি দিয়া ঘটনাই কাৰোবাৰ মুখ্যমন্ত্ৰী হোৱাৰ হাবিয়াসৰ বাস্তৱ ৰূপ দিবলৈ কৰা আগতীয়া যেনেই অনুভৱ হৈছে ।

কিছুদিনৰ পূৰ্বে  দ্য লালনট'প নামৰ এটা ৱেব পৰ্টেলৰ সাংবাদিক সৈতে হিমন্ত বিশ্ব শৰ্মাৰ এক সাক্ষাৎকাৰ প্ৰকাশ হৈছিল । এই সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মাই কোৱা কেইটামান উল্লেখযোগ্য বক্তব্য আছিল-

'বদৰুদ্দিন আজমলে মোক মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বহুদিনৰে আশা কৰি আছে। এই আশা নতুন নহয়, এতিয়াৰে পৰা ১০-১২বছৰৰ আগৰে পৰাই তেওঁ মোক মুখ্যমন্ত্ৰী পাতিবলৈ বদুৰু্দ্দিন আজমলে চেষ্টা কৰি আছে, সেই চেষ্টাত তেওঁ ২০০৮চন মানৰে পৰাই ব্ৰতী হৈ আছে ।'

চতুৰ মন্ত্ৰী গৰাকীয়ে কেবল এই মন্তব্যই কৰা নাছিল । তেওঁ হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগ পৰোক্ষ ভাবে হ'লেও স্বীকাৰ কৰি লৈছিল । বদৰুদ্দিন আজমলে বিধায়ক বেচা-কিনা কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি তোলা বুলি সাংবাদিক জনে পূৰ্বৰ প্ৰসংগৰে উল্লেখ কৰাত মন্ত্ৰী গৰাকীয়ে কৈছিল- 'ঠিকেই কৈছে আজমল ডাঙৰীয়াই। প্ৰতিটো নিৰ্বাচনত তেওঁৰ ১-২গৰাকী বিধায়কক মই বিজেপিৰ সপক্ষে ভোট দিয়াওৱেই। এয়া কোনো মিছা বা লুকুৱাবলগীয়া কথা নহয়। এয়া ১০০শতাংশ সচাঁ কথা।'

সেই সাক্ষাৎকাৰতেই সোধা হৈছিল বিভিন্ন দলতো তেওঁৰ এজেন্ট আছে । সেই দলবোৰৰ টিকটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানুহ থিয় কৰাইছে বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আছিল এনে ধৰনৰ-

'সচাঁ কথা। প্ৰতিটো দলৰ প্ৰতিগৰাকী নেতাৰ সৈতে মোৰ ভাল সম্পৰ্ক। মই এটা ফোন কৰিলেই মোৰ কথা কেতিয়াও নেপেলায় তেওলোঁকে।  মই যদি বদৰুদ্দিন আজমলক ফোন কৰি কও- এই দুজন মানুহ মোৰ, তেওঁলোকক টিকট দি দিয়ক। তেতিয়াও তেওঁ এই কথা নেপেলায়।'

এনেবোৰ কথা বতৰাৰ পৰাই আগতীয়া হৰ্ছ ট্ৰেডিংঙৰ প্ৰসংগ নুই কৰিব নোৱাৰি । কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে – বিজেপিয়ে ভুৱা ধ্যান ধাৰণাৰে প্ৰচাৰ চলাইছে । তেওঁলোকে ভবাৰ দৰে ৰাইজে তেওঁলোকক ভোট নিদি প্ৰত্যাখ্যান কৰিলে।এতিয়া এনে অপচেষ্টাত তেওঁলোক নমা বুলি মইও শুনিছো।কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ৰাজ্যত থকা তেওঁলোকৰ নেতৃত্বই যিকোনো প্ৰকাৰে চৰকাৰ গঠন কৰিবৰ বাবে এই অপচেষ্টা কৰিছে ।

লগতে দেবব্ৰত শইকীয়াই কয় প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে পূৰ্বতকৈ তিনিগুন বেছি আসন লাভ কৰিব । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো কংগ্ৰেছ তথা মহাজোঁটৰ অংশীদাৰী দল সমূহৰ ফলাফল ভাল হ'ব ।

কংগ্ৰেছৰ নেতা গৰাকীৰ মতে বিজেপিৰ এই তৎপৰতাই ২ মেত কি ফলাফল হ'ব তাৰেই আগতীয়া ইংগিত দিলে । এতিয়া সকলোৰে দৃষ্টি ২ মেলৈ আৰু দৃষ্টি এই হৰ্ছ ট্ৰেডিঙৰ অভিযোগৰ আঙুলি উঠা সকললৈ । ৰাজনীতিও ক্ৰিকেটৰ দৰেই অনিশ্চিত ৰোমাণ্স,অপ্ৰত্যাশিত খেল হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in