সততাৰ পুৰস্কাৰঃ চিপাহী হ’ব বৰসিং বে’…

সততাৰ পুৰস্কাৰঃ চিপাহী হ’ব বৰসিং বে’…

মৃদুল কুমাৰ সন্দিকৈ

সততাৰ মূল্য সদায় আছে। ইয়াৰ মূল্য বুজি পোৱা জনে সৎ জনক মূল্যায়ন কৰাত কৃপণালি নকৰে। চৰ্চালৈ আহিছিল এজন গৃহৰক্ষী বাহিনীৰ জোৱান। হিচাপবিহীন টকা ইচ্ছা কৰা হ'লে তেওঁ উপঢৌকন ৰূপে ল'ব পাৰিলে হয়। এটা সৰু আৰু অস্থায়ী চাকৰি কৰা মানুহজনৰ বাবে ধনৰ প্ৰয়োজন বহু আছিল। কিন্তু সততাক তেওঁ টকাৰ ওচৰত বিক্ৰী নকৰিলে।

সেই গৃহৰক্ষী বাহিনীৰ জোৱান বৰসিং বে'ৰ বাবে আছে ডাঙৰ খবৰ। আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই তেওঁক ইতিমধ্যে মাতি আনি ১ লাখ টকাৰ আৰ্থিক পুৰষ্কাৰ আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিছিল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এই গৰাকী সৎ গৃহৰক্ষী বাহিনীৰ জোৱানে কৈছিল- টকা বা প্ৰসস্তি পত্ৰতকৈ তেওঁক প্ৰয়োজন এটা স্থায়ী চাকৰিৰ।

মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত অকলেই তালাচী চলাই ১২ কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰি নায়ক হৈছিল এইজন গৃহৰক্ষী বাহিনীৰ জোৱান। ১৭ বছৰৰো অধিক কাল গৃহৰক্ষী বাহিনীৰ জোৱান ৰূপে কৰ্মৰত সৎ আৰু সহজ-সৰল বে'ৰ মনৰ কথা আৰু তেওঁৰ ইচ্ছা অসম আৰক্ষীৰ সঞ্চালক প্রধানে প্ৰথম দিনাই বুজি পাইছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে প্ৰথম বে'ক যে এটা স্থায়ী চাকৰি দিয়াতো প্ৰয়োজন সেই কথা ৰাজহুৱাভাৱে চৰ্চালৈ আনিছিল তেওঁৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ জৰিয়তে। সেই কথা চৰ্চা লৈ অহা সমান্তৰালভাৱে অসম আৰক্ষীৰ সঞ্চালক প্রধানগৰাকীয়েও বে'ক লৈ অনুৰূপ চিন্তা-চৰ্চাই কৰিছিল।

এই সাহসী আৰু সৎ গৃহৰক্ষী বাহিনীৰ জোৱান গৰাকীক এটা স্থায়ী চাকৰি দিয়াৰ আনুষ্ঠানিকতা পূৰণ কৰাৰ বাবে তেওঁ নিজেই উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্রধান গৰাকীৰ তৎপৰতা এতিয়া বাস্তৱ হোৱাৰ দিশে। এটা স্থায়ী চাকৰি পাব বৰসিং বে'য়ে। এয়া নিশ্চয় এক অনুপ্ৰেৰণা আৰু নিদৰ্শন মূলক কাম হ'ব অসম আৰক্ষীৰ।

একে সময়তে চৰ্চালৈ কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু কনিষ্ঠবল তথা গৃহৰক্ষী বাহিনীৰ জোৱান আহিছে। তাৰে এগৰাকী চৰ্চিত হৈছে সোণৰ চোৰাং বেহাৰ সৈতে জড়িত হোৱাৰ বাবে। বৰ্তমান ৰঙাঘৰৰ আলহী সেইগৰাকী ৰে'লৱে আৰক্ষীত কৰ্মৰত উপ পৰিদৰ্শক। তেওঁৰ সৈতে তদন্তত এই চক্ৰৰ সৈতে জড়িত আন এজন গৃহৰক্ষী বাহিনীৰ জোৱানো আৰক্ষীৰ জালত পৰিল।

সোণৰ চোৰাং বেপাৰৰে জড়িত আৰক্ষীৰ উপপৰিদৰ্শক গৰাকীৰ সৈতে মিতিৰালি পাতি গৃহৰক্ষী বাহিনীৰ জোৱানজনে তেওঁৰ বেংক একাউণ্টৰ জৰিয়তে লাখ লাখ টকা লেন দেন কৰিছিল। খাকী পোছাক পিন্ধি খাকী পোছকতে দাগ সনা আৰক্ষী আছিল তেওঁলোক। আন এজন উচ্চপদস্থ আৰক্ষী বিষয়াই বাতৰি শিৰোনাম দখল কৰিছিল এটা টেলিফোনিক অডিঅ'ৰ বাবে।

অতিৰিক্ত আৰক্ষী অধীক্ষক পদত কৰ্মৰত এইজন বিষয়াই কয়লা ব্যৱসায়ীৰ পৰা ধন বিচাৰিছিল। পলম হোৱাৰ বাবে টেলিফোনতে ভাবুকি দিছিল। এপ্ৰিলতে দিম বুলি প্ৰতিশ্ৰুতি দিয়া ১৫ লাখ টকা নিদিলে কি হ'ব পাৰে তাৰো পৰোক্ষ ইংগিত প্ৰদান কৰিছিল। জিলাখনত আৰক্ষী অধীক্ষক সলনি হোৱাৰ পাছত সেই চোৰাং কয়লা ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত চোৰাং কয়লা ব্যৱসায়ী গৰাকীয়ে সকলো ফাদিল কৰি দিছিল।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ জৰুৰীভাৱে তেওঁক তলব কৰি মুখ্য কাৰ্যালয়তে তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিল। এই কেইজন আৰক্ষী বিষয়াই চৰকাৰৰ পৰা যথেষ্ট পৰিমানৰ দৰমহা পায়। দৰমহা টকাৰে তেওঁলোকে লাহ-বিলাহৰ এক জীৱন কটাব পাৰে। কিন্তু তাৰ পাছতো তেওঁলোকৰ সহজ ধনলৈ চকু আছিল।

এই সকলৰ বিপৰীতে গৃহৰক্ষী বাহিনীৰ জোৱান বৰসিং বে'ৰ অভাৱৰ সীমা নাছিল। তথাপিও তেওঁ অসৎ পথত ভৰি দিয়া নাছিল। তেওঁক অনুপ্ৰাণিত কৰিছিল বৰ্তমানৰ অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তৰ কিছু কাম-কাজে। ডিলাই থানাত কৰ্মৰত এইগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে সেই কথা ক'বলৈ কুন্ঠাবোধ নকৰিলে।

উচ্চপদস্থ বিষয়াসকল সৎ, সাহসী আৰু দায়বদ্ধশীল হ'লে তলৰ পৰ্যায়ৰ বিষয়াসকলৰ ওপৰত কেনে প্ৰভাৱ পৰে সেয়া এক উদাহৰণ। যদি ওপৰ ৱালাই তলৰ বিষয়া, আৰক্ষী কনিষ্ঠবলক ধন, উপঢৌকন ল'বলৈ উৎসাহিত কৰে তেনেহ'লে দুৰ্নীতিৰ এই বীজ কোনো কাৰণতে আঁতৰ নহয়। এই সকলোবোৰ দিশৰ পৰাই ব্যতিক্ৰম আছিল বে'।

আৰক্ষী সঞ্চালক প্ৰধানৰ হাতৰ পৰা ১ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু গামোচা গ্ৰহণ কৰা মুহূৰ্ততো তেওঁৰ বাবে আছিল সপোনৰ অগোচৰ। ডিলাই থানাৰ আৰক্ষীয়ে এই ঘটনা উচ্চপদস্থ বিষয়াসকলক অৱগত কৰাৰ পাছত আৰক্ষীৰ সঞ্চালক প্রধানৰ কাণতো পৰিছিল সেই কাহিনী। তাৰপাছত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ ফোন কৰি তেওঁ বিচাৰিছিল সেই জোৱানজনক।

বে'ৰ সৈতে তেওঁ দীৰ্ঘ সময় কথা পাতিছিল। কেনেকৈ এই তালাচী চলাইছিল সবিশেষ শুনিছিল। তাৰপাছত তেওঁ চাব্বাছ দি এনেদৰে এই গৃহৰক্ষী বাহিনীৰ জোৱানজনক উৎসাহিত কৰিছিল যে তেওঁৰ চকুত সেইদিনা সুখ আৰু প্ৰাপ্তিৰ চকুপানী বৈছিল। তেওঁ ভবা নাছিল খোদ আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই এনেদৰে ফোন কৰিব।

উৎসাহ আৰু প্ৰেৰণাই তেওঁৰ মনত কামৰ প্ৰতি আৰু অধিক দায়বদ্ধ কৰি তোলাৰ কথা কৈছিল। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি গৃহৰক্ষী বাহিনীৰ জোৱান ৰূপে পৰিয়ালটোক পোহ পাল দিবলৈ যথেষ্ট কষ্ট কৰিব লগা হয়। আৰক্ষী সঞ্চালক প্রধানৰ পৰা পুৰস্কাৰৰ ধন আৰু প্ৰশস্তি পত্ৰ গ্ৰহণ কৰি আপোনভোলা মানুহৰ দৰেই মনৰ সকলো কথা তেওঁ কৈ গৈছিল মুকলিকৈ।

মৰমেৰে বাহুত এটা ঘোচা মাৰি আৰক্ষী সঞ্চালক প্রধান গৰাকীয়ে তেওঁৰ হাতত তুলি দিছিল পুৰস্কাৰৰ ধন। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত নায়ক হৈ পৰিছিল এইগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান বে'। তেওঁ এটা কথাই কৈছিল- অসম আৰক্ষীত মালি বা পানী কঢ়িওৱা যিয়েই পদতেই নহওঁক তেওঁক এটা যদি স্থায়ী চাকৰি দিলে হয় তেওঁৰ বাবে সেয়া আশীৰ্বাদ হ'ল হয়।

অৱশেষত সেয়াই হ'বলৈ গৈ আছে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ উদ্যোগত হোম গাৰ্ডৰ জোৱান বৰসিং বে'য়ে পাব এটা ভাল খবৰ। ইতিমধ্যে সকলোখিনি পৰ্ব প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক অধিক গতিশীল আৰু দায়বদ্ধশীল কৰি তোলাৰ লক্ষ্যৰে যি পদক্ষেপ গ্ৰহণৰ উদ্যোগ লৈছিল সেই উদ্যোগক এনেবোৰ ঘটনাই নতুন গতি দিব বুলি বিশ্বাস কৰা যায়।

সকলো ঠিকে-ঠাকে থাকিলে হোমগাৰ্ড বে'য়ে লাভ কৰিব অসম আৰক্ষীত এটা স্থায়ী চাকৰি। সেই ঘোষণা অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে কৰা হোৱা নাই। কিন্তু লাভ কৰা খবৰ অনুসৰি সকলোখিনি পৰ্ব আৰু বিভাগীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে। অতি শীঘ্ৰেই বে' হ'ব অসম আৰক্ষীৰ কনিষ্টবল। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তেনে ইংগিতেই দিলে। অসমৰ ৰাইজে বিচাৰিছিল এয়া।বে'ৰ চকুত হয়তো এতিয়া দেখা পোৱা যাব সুখৰ আভাস। ভাল কামৰ ফলাফল এনেদৰেই আহে। ভাল কামৰ মূল্য বুজি পোৱা মানুহে এনেদৰেই সৰু মানুহকো ডাঙৰ কাম কৰাৰ বাবে প্ৰেৰিত কৰে। সঁচাই এয়া আশাৰ খবৰ। অভিনন্দন বৰসিং বে'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in