মানুহৰ মাজতেই হেৰাইছে ‘মানুহ’…

মানুহৰ মাজতেই হেৰাইছে ‘মানুহ’…

ৰাজৰ্ষি চহৰীয়া

পৃথিৱীখনত যেন এতিয়া মানুহৰ ভিৰৰ মাজতে হেৰাই গৈছে মানুহ আৰু মানৱীয়তা। বৰ্তমান সময়ত পথত দুৰ্ঘটনা সংঘটিত হ'লে বা কোনো দুজন লোকৰ মাজত মাৰপিটৰ দৰে ঘটনা ঘটে তেন্তে তেওঁলোকৰ সহায়ৰ বাবে খুব কম মানুহ আহে আৰু হাতত ম'বাইলটো লৈ কেমেৰা অন কৰি ভিডিঅ' কৰাহে বেছি দেখা পোৱা যায়।

সঁচাকৈ যিমানেই দিনবোৰ পাৰ হৈছে, সিমানেই যেন মানুহ লাহে লাহে হিংস্ৰ আৰু বনৰীয়া প্ৰাণীৰ দৰে হৈ পৰিছে! কিছুদিনৰ পূৰ্বে শিশুৱেই শিশুক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। এই হত্যাকাণ্ডৰ কাৰণ শুনিলেও বুজিব পাৰি যে বৰ্তমান সময়ত আমাৰ সমাজখন কিমান অধপতনে যাবলৈ ধৰিছে। অশ্লীল ছবি চাবলৈ অমান্তি হোৱাৰ বাবেই এটি ৬-৭ বছৰীয়া কন্যা শিশুক হত্যা কৰি পেলোৱা হ'ল।

মানুহে যেন পাহৰি গৈছে 'মানুহ' আচলতে কি? এখন সমাজত অপৰাধ সংঘটিত নকৰিবলৈ যিবোৰ নীতি-নিয়ম, আইন-কানুন থাকে সেইবোৰ প্ৰায় প্ৰতিদিনেই ভৰিৰে মোহাৰি পেলাই একাংশ মানুহ ৰূপী দানৱে। অপৰাধ এতিয়াৰ সময়ত কৰিবলৈ মানুহে যেন ভয় নকৰা হৈ থাকিল!

২৫ অক্টোবৰ, ২০২১ অৰ্থাৎ সোমবাৰৰ নিশা। নৈশভোজন গ্ৰহণ কৰি প্ৰায় ১০ বজাত শুইছিল এটি বৃদ্ধ দম্পতী। কিন্তু পিছদিনা পুৱা আৰু শোৱাপাটীৰ পৰা নুঠিল। কিয়নো নিশাই ঘটি গ'ল এটি লোমহৰ্ষক ঘটনা। মহানগৰীৰ মাজত মজিয়াত সংঘটিত হৈছে এনে ঘটনা।

গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ চন্দন নগৰৰ হাউছ নং ১ ত ঘটিছিল এই ঘটনা। দৰাচলতে ননী গোপাল বৰুৱা আৰু তেওঁৰ পত্নী মিনা বৰুৱাক নিৰ্মমভাৱে শোৱাপাটীতে হত্যা কৰা হ'ল। এই বৃদ্ধ দম্পতীৰ দুই কন্যা ক্ৰমে মুম্বাই আৰু লণ্ডনত বাস কৰে। আৰু এই দম্পতীহালক চোৱাচিতা কৰাৰ বাবে কেয়াৰ টেকাৰ হিচাপে একেলগে বাস কৰে আকাশ চৌধুৰী নামৰ লোকজন। লগতে থাকে আকাশৰ পত্নী আৰু জীয়াৰী।

কেয়াৰ টেকাৰ চৌধুৰীৰ পত্নীয়ে ২৫ অক্টোবৰৰ নিশা প্ৰায় ৯.৩০ বজাত আহাৰ দিয়াৰ পাছত শুই গৈছিল ননীগোপাল বৰুৱা আৰু মিনা বৰুৱা। কিন্তু পিছদিনা বিচনাতে দেখা গ'ল দুয়োগৰাকী বৃদ্ধৰ মৃতদেহ দুটাহে।

এই হত্যাকাণ্ডৰ সন্দেহত দিছপুৰ আৰক্ষীয়ে কেয়াৰ টেকাৰ আকাশ চৌধুৰীৰ লগতে আন তিনিজনকো গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক আৰক্ষীয়ে সোধ-পোছত অব্যাহত ৰাখিছে। কিন্তু চৌধুৰীয়ে সংবাদমাধ্যমক জনোৱা মতে- 'পুৱা মই চাইকেল লৈ কামলৈ যাবলৈ ওলোৱা সময়তে ঘৰৰ গাড়ী ৰখা গেৰেজৰ খিৰিকীখন ভাঙি থকা দেখা পাইছিলো। তাৰপাছত মোৰ পত্নীয়ে কান্দি কান্দি গৈ গোতেই ঘৰটোৰ ভিতৰত সকলো লণ্ডভণ্ড হৈ থকা দেখা পায়। তাৰপাছত আইতা আৰু ককাৰ মূৰৰ ওপৰৰ পৰা কাপোৰ আঁতৰাই দিয়াৰ পাছত দেখিলো মূৰত কোনোবাই প্ৰহাৰ কৰিছে।'

কেয়াৰ টেকাৰজনকো সোধপোছৰ বাবে আৰক্ষীয়ে লগত লৈ গৈছে আৰু লাভ কৰিছে ক্লু। কিন্তু তদন্তৰ খাটিৰত সেয়া ক'ব নোৱাৰে আৰক্ষীয়েও। এগৰাকী আৰক্ষী বিষয়াই সাংবাদিকৰ আগত কয়- তদন্ত চলি আছে। আমাৰ ফৰেনছিক টীম, ফিংগাৰ প্ৰিন্ট টীমেও তদন্ত কৰি আছে। আমাক এতিয়াই কি ক্লু লাভ কৰিছো সেই বিষয়ে নুসুধিব। কাৰণ আমি তদন্তৰ খাটিৰত এতিয়া এইবোৰ ক'ব নোৱাৰিম।

স্নিফাৰ ড'গৰ সহায়তো আৰক্ষীয়ে চলাইছে তদন্ত। তথ্য অনুসৰি, বৃদ্ধ দম্পতীহালক মূৰত পিছফালৰ পৰা একে সময়তে প্ৰহাৰ কৰি হত্যা কৰা হয়। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে হত্যাকাৰী কেৱল এজন নহয়। ঘৰটোৰ ভিতৰত আলমাৰী আদি খুলি থকা বা বয়বস্তুসমূহ ইফালে-সিফালে সিচৰিত কৰালৈ চালে এয়া চুৰি বা ডকাইতি কাণ্ড যেন লাগিলেও বহু মূল্যবান অলংকাৰ আদি ঘৰটোতে আছে। সেয়েহে এয়া চুৰি বা ডকাইতি নহয়, পৰিকল্পিত হত্যাকাণ্ডহে।

ইফালে, এই বৃদ্ধ দম্পতীৰ ওপৰত এক ভূমাফিয়াৰ নজৰ থকা বুলিও জানিব পৰা গৈছে। সমীপৰ যিমানবোৰ চিচিটিভি কেমেৰা আছে তাৰ পৰা আৰক্ষীয়ে ইতিমধ্যে ফুটেজসমূহ সংগ্ৰহ কৰিছে। অৱশ্যে এয়া অনুমানিকহে। সকলো সত্য তদন্ত আৰু মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে স্পষ্ট হৈ পৰিব।

মহানগৰীত এতিয়া যে দিনকদিনে অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে সেইটো সঁচা। কিন্তু ক'ৰবাত যেন আৰক্ষীৰ কৰ্তব্যত অৱহেলাও এই অপৰাধ বৃদ্ধিৰ এক কাৰণ। আনহাতে, মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হৈছেহি বৃদ্ধ দম্পতীহালৰ কনিষ্ঠ কন্যা। কিন্তু জ্যেষ্ঠ কন্যা লণ্ডনৰ পৰা বৰ্তমানলৈ গুৱাহাটী আহি পোৱাহি নাই।

সঁচাকৈ এক শিহৰণকাৰী ঘটনা। মহানগৰীত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষা-নিৰাপত্তা যেন লাহে লাহে নোহোৱা হৈ পৰিছে। কেৱল নিশাৰ ভাগত নহয়, দিনৰ পোহৰতো এনে বহু অপৰাধৰ ঘটনা সংঘটিত হৈছে। কিন্তু এই অপৰাধসমূহ কম হ'ব বা নাইকিয়া হ'ব কেতিয়া? হত্যাকাণ্ড, ধৰ্ষণৰ দৰে ঘটনাৰ বাতৰি আমি প্ৰতিদিনেই বাতৰি কাকত বা নিউজ চেনেলত দেখা পাওঁ। কিন্তু প্ৰশ্ন হৈছে যে মানুহে কেতিয়া অমানুহ হোৱা এৰি মানৱতাৰ পথত ঘূৰি আহিব? আৰু কেতিয়া প্ৰতিগৰাকী লোক হ'ব সুৰক্ষিত?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in