হেৰাই গ’ল ‘গীতা’ৰ কাষৰ গীত সম্ৰাজ্ঞী…

হেৰাই গ’ল ‘গীতা’ৰ কাষৰ গীত সম্ৰাজ্ঞী…

ৰাজৰ্ষি চহৰীয়া

যোৱা দশকটোত বিহু গীতৰ সম্ৰাজ্ঞী ৰূপে নিজৰ সুৰ আৰু কন্ঠৰে অসমৰ সাংস্কৃতিক জগতৰ লগতে অগণন লোকক মোহাচন্ন কৰি ৰাখিছিল ভিতালী দাসে। সৌ সেইদিনা ৰঙালী বিহুৰ দিনাও জৰ্জ ফিল্ডত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি অগণন লোকক অসুস্থ দেহাৰেই মন্ত্ৰমুগ্ধ কৰিছিল ১৫ বছৰীয়া এটি কন্যা সন্তানৰ মাতৃগৰাকীয়ে।

সমগ্ৰ ৰাজ্যখনত বিহু গীতৰ কৰ্মশালা সমূহত সমল ব্যক্তি তথা বিচাৰক হিচাপেও অংশ লৈ এক জাতীয় দায়িত্ব পালন কৰা অনন্য এই শিল্পীগৰাকীৰ দায়ৱদ্ধতাৰ বাবেই সাংস্কৃতিক জগতৰ সকলোৱে সমীহ কৰাৰ লগতে অতিকৈ আপোন বুলি গণ্য কৰিছিল তেওঁক।

আজি তেওঁ নাই আমাৰ মাজত

সংস্কৃতিৰ প্ৰেমে স্বামীৰ অসুস্থতা, সন্তানৰ প্ৰতি পালন কৰিব লগা দায়িত্ব আৰু নিজৰ অসুস্থ দেহাৰ মাজতো তেওঁক যেন অহৰ্নিশে টানি ৰাখিছিল সংস্কৃতিৰ পথাৰখনে। ১৪ এপ্ৰিলত জৰ্জ ফিল্ডৰ অনু্ষ্ঠানত গীত গাই উঠিহে তেওঁ কৈছিল নিজৰ দেহৰ অসুস্থতাৰ কথা। জ্বৰীয়া দেহাৰে হ'লেও বিহু গাবই লাগিব বুলিও কৈছিল তেওঁ।

পিছদিনা কোভিড টেষ্ট কৰাইছিল যদিও, ১৬ এপ্ৰিলত ফলাফল অহালৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ভিতালী দাসক জিএমচিএইচৰ কোভিড হাস্পতালত ভৰ্তি কৰা হয়। লগে লগে কেওফালে হুৱাদুৱা লাগে। কিয়নো স্বামী আৰু নিজৰ অসুস্থতাৰ বাবে কেইদিনমান আগেয়ে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰাই আহিছিল শিল্পীগৰাকীয়ে।

উৎকন্ঠিত আত্মীয় আৰু অগণন লোকে আশাৰে বাট চাইছিল তেওঁ ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহাৰ দৰেই কালাপাহাৰৰ কোভিড হাস্পতালৰ পৰাও সুস্থ শৰীৰেৰে উভতি আহিব। কিন্তু চিকিৎসালয়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আইচিইউত ভৰ্তি কৰাই নহয়, দুদিন পাছত তেওঁক ভেন্টিলেশ্যন ছাপৰ্ট দিব লগা হ'ল।

বুধবাৰে দুপৰীয়াৰ ভাগত হঠাতে ব্যক্তিগত টিভি চেনেল এটাত প্ৰথমে প্ৰচাৰিত এক খবৰে ৰাজ্যবাসীক হতশ্বকিত কৰি তুলিলে। দুপৰীয়া প্ৰায় ১২ বজাত বতাহৰ দৰেই ছ'চিয়েল মিডিয়াত বিয়পি গ'ল সৰ্বজনপ্ৰিয় শিল্পী ভিতালী দাসৰ মৃত্যুৰ খবৰ। অৱশ্যে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে সেই খবৰ যে সত্য নহয় কিন্তু তেওঁৰ স্বাস্থ্য অতিকৈ সংকটজনক হৈ পৰা বুলি স্পষ্ট কৰি দি প্ৰচাৰ কৰা খবৰত এই কথাও জনোৱা হ'ল যে কোভিড চিকিৎসালয়ৰ কৰ্তৃপক্ষই স্বামী আৰু পৰিয়ালৰ লোকক বিশেষ আলোচনাৰ বাবে মাতি পঠিয়াইছে।

ভিতালী দাসৰ একমাত্ৰ কন্যা সন্তানটি…

তেতিয়াই আশংকা কৰা হৈছিল- শিল্পীগৰাকীৰ শৰীৰৰ অধিক অৱনতিৰ বিষয়ে। অৱশেষত সেই আশংকাই সঁচা প্ৰমাণিত হ'ল। কিছু পলম হ'লেও পৰিয়ালৰ কাতৰ অনুৰোধ আৰু চিকিৎসকৰ অপ্ৰাণ চেষ্টাক ব্যৰ্থ কৰি কোৰোনাই কৰুণভাৱে প্ৰাণ কাঢ়ি নিলে বিহু সম্ৰাগীগৰাকীৰ।

সাত বিহুৰ মাজতেই বিহু বলীয়া শিল্পীগৰাকীয়ে ৰাজ্যবাসীৰ পৰা বিদায় মালিগে। হ'লেও তেওঁ অসমীয়া সংস্কৃতিৰ জগতত জাতীয় চেতনাৰে সমৃদ্ধ প্ৰতিজন লোকৰ হৃদয়ত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব। আনহাতে, তেওঁৰ এই মৃত্যুক মুঠেও মানি ল'ব খোজা নাই ৰাজ্যখনৰ দুগৰাকী বিশেষ ব্যক্তিয়ে।

বিগত প্ৰায় ১০টা বছৰ সমগ্ৰ ৰাজ্যত অনুষ্ঠিত অসংখ্য বিহুৰ কৰ্মশালা, প্ৰতিযোগিতাত এই দুই ব্যক্তিয়ে ভিতালী দাসৰ সৈতে অংশ লৈছিল। এক কথাত প্ৰায় প্ৰতিটো সপ্তাহত ভিতালী দাসৰ সাংস্কৃতিক যাত্ৰাৰ নিকট সান্নিধ্যত আছিল এই দুই ব্যক্তি। তাৰে এজন হ'ল- সূৰ্য গোস্বামী, আনজন অৱণীৰঞ্জন পাঠক।

বুধবাৰে মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সূৰ্য গোস্বামীয়ে কয়- 'ভিতালীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। আমি একেলগে উত্তৰ-পূব গ্ৰন্থমেলাৰ দলীয় প্ৰতিযোগিতাখন বিগত ৮ বছৰ একেলগে বিচাৰকৰ আসনত বহিছিলো। লগত আছিল অৱণীৰঞ্জন পাঠক। বহু বছৰ আগৰ পৰাই আমি ইজনে সিজনক জানিছিলো। জনপ্ৰিয় গায়িকাগৰাকীৰ তাল-মানৰ ওপৰত আছিল অগাধ দখল। নিজে তবলাও নিখুতভাৱে বজাইছিল। তেওঁৰ অমায়িক ব্যৱহাৰ আছিল শিল্পীগৰাকীৰ সংস্কৃতিবান জীৱনৰ আন এক অলংকাৰ। আজি মই অতিকৈ মৰ্মাহত। একেদৰেই চাগৈ মনোকষ্ট পাইছে আমাৰ সৈতে সদায় সহযোগ কৰা আকাশবাণীৰ উপ সঞ্চালক অৱণীৰঞ্জন পাঠকে।'

তাল মানৰ ওপৰত গভীৰ জ্ঞানেই নহয়, সুন্দৰ তবলা বজাইছিল ভিতালীয়েঃ সূৰ্য গোস্বামী

সঁচা কথা, অৱণীৰঞ্জন পাঠকেও পাইচে অতিকৈ মনোকষ্ট। যিদৰে মনোকষ্ট পাইছে কৃষ্ণমণি চুতিয়াই। কিয়নো গুৱাহাটীত ভৰি থৈয়েই কৃষ্ণমণি চুতিয়াই পাইছিল ভিতালী দাসৰ দৰে সাংস্কৃতিক অভিভাৱিকা এগৰাকী। ভিতালীৰ ঘৰখন কৃষ্ণমণিৰ বাবে হৈ পৰিছিল আপোন ঘৰ আৰু বিভিন্ন সময়ত কেই বছৰমানৰহে সৰু-বৰ হ'লেও অভিভাৱকৰ দৰে আদৰেৰে আশ্ৰয় আৰু সাংস্কৃতিক জগতৰ যাত্ৰাত আগবঢ়াৰ প্ৰেৰণা যুগাইছিল।

সবাতোকৈ মৰ্মান্তিক অৱস্থা তেওঁৰ হৃদৰোগত আক্ৰান্ত স্বামীৰ। কোভিড হাস্পতালৰ সন্মুখত এতিয়াও পত্নীৰ মুখখন এবাৰ চাবলৈ তেওঁ চকুলো টুকি বাট চাইছে। দশম শ্ৰেণীত পঢ়ি থকা কন্যাই বুধবাৰৰ নিশালৈকে গমেই পোৱা নাই মাতৃৰ বিয়োগৰ কথা।

ইতিমধ্যে কোৰোনা পৰীক্ষাত ভিতালী দাসৰ নিগেটিভ ফলাফল আহিলেও স্বাস্থ্য বিভাগে তেওঁৰ নশ্বৰ দেহ বৃহস্পতিবাৰৰ পুৱাহে পৰিয়ালক চমজাই দিব। এয়া এজন স্বামীৰ বাবে অগণন অনুগামী আৰু সতীৰ্থ শিল্পীৰ বাবে কম মৰ্মান্তিক সময় নহয়। জানমণি, জোনবাই, বগীতৰা, মইনা চৰাই মইনা মাত, ৰাংধালী ১-২, ৰহেদৈ, এনাজৰী, নাংচেং, কপৌফুল, টিপটপ, আহিলে বহাগী আদি বিহু গীতৰ এলবামবোৰৰ গীত আৰু ভিতালীৰ কন্ঠ এই মুহূৰ্তত সংগীতপ্ৰেমী প্ৰতিজন অসমীয়াৰ মনলৈ যিমানেই আহিছে, সিমানেই বুকু ধপধপাইছে।

হ'লেও এই সকলৰ মৰমৰ অতিকৈ আপোন শিল্পীগৰাকী আৰু কোনো দিন ঘূৰি নাহে। বৃহস্পতিবাৰে পুৱা পৰিয়ালক তেওঁৰ প্ৰাণহীন, কন্ঠহীন দেহ চমজাই দিয়াৰ পাছত সকলোৱে আকৌ এবাৰ চকুলো টুকি তেওঁক বিদায় দিব। মাডাৰ টেৰেচা পথৰ গীতামন্দিৰৰ সমীপত থকা তেওঁৰ বাসভৱনলৈ যেতিয়া অনা হ'ব, তেতিয়াহে বৃহস্পতিবাৰৰ নিশা কন্যাৰ পৰা দূৰে দূৰে থাকি নীৰৱে চকুলো টোকা অসংখ্য গুণমুগ্ধ আৰু আপোনজনে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীৰ মুখখন শেষ বাৰলৈ এবাৰ চোৱাৰ সুযোগ পাব।

'মিতালী চৌধুৰীৰ পাছত তাৰাচৰত গীত গোৱা শিল্পী হিচাপে মই ভিতালীকেই গণ্য কৰিছিলো। সংগীত প্ৰেমীৰ হৃদয় মনোৰঞ্জিত কৰি এইগৰাকী শিল্পীৰ মৃত্যুৰ খবৰে মোৰ হৃদয় জোঁকাৰি গৈছে। সৌ সেইদিনা জৰ্জ খেলপথাৰত শেষ বাৰলৈ গীত গোৱা ভিতালীৰে কেইদিন পূৰ্বে ফোনত কথা পাতোতে নিজৰ অসুস্থ হৈ থকাৰ কথা কোৱাৰ লগতে কৈছিল গা বেয়া হ'লেও ১৪ এপ্ৰিলৰ অনুষ্ঠানৰ গীতৰ প্ৰস্তুতিৰ কথা কৈছিল। ছাত্ৰ সন্থাই ভৱেন শইকীয়াৰ স্মৃতিত নিৰ্বাচন কৰি দিয়া গীত গাই উঠি পুনৰ আমাক কৈছিল – দাদা, গীতটো মোক ভালকৈ শিকাই দিব। বিহুৰ অনুষ্ঠানবোৰত গাব লাগিব। অতি উচ্চস্বৰত গীত গোৱাৰ সামৰ্থ বহনকাৰী ভিতালীৰ কন্ঠৰ মাদকতাই সংগীত প্ৰেমীৰ হৃদয় সদায় আলোড়িত কৰি ৰাখিব। উত্তৰ-পূব গ্ৰন্থমেলাৰ প্ৰতিটো দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতা সমূহত সূৰ্য গোস্বামীৰ সৈতে আমাৰ লগত একেলগে বিচাৰকৰ আসনত বহি অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ ভৱিষ্যৎ সম্পৰ্কেও বহু কথা তেওঁ আলোচনা কৰিছিল। এনে এগৰাকী গুণী শিল্পীৰ বিয়োগ অসমৰ সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি। আমি এক সম্পদ হেৰুওৱালো।'- এনেদৰেই এগৰাকী আপোন শিল্পীৰ বিয়োগৰ দুখ প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধা জনালে আকাশবাণীৰ উপ সঞ্চালক অৱণীৰঞ্জন পাঠকে।

মিতালী চৌধুৰীৰ প্ৰকৃত উত্তৰাধিকাৰী আছিল ভিতালীঃ অৱণীৰঞ্জন পাঠক

উল্লেখ্য যে, ১৯৭৯চনৰ ৬ জুনত গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰিছিল তেওঁ। ভিতালী দাসে কন্ঠশিল্পী জুবিন গাৰ্গকে ধৰি বহু কেইগৰাকী কন্ঠশিল্পীৰ সৈতে প্ৰায় ৫ হাজাৰৰো অধিক বিহু গীতত কন্ঠদান কৰিছে। ৪১ বছৰীয়া কন্ঠশিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, এটি কন্যা সন্তানক এৰি থৈ গৈছে ইহঃসংসাৰত।

চিকিৎসকে সদৰী কৰিছে যে, তেওঁৰ ২০ এপ্ৰিলত কৰা কোভিড টেষ্টৰ ফলাফল ২১ এপ্ৰিলত নিগেটিভ। আহে কিন্তু জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পাছত পুনৰ তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে চিকিৎসকে। এইবাৰৰ কোভিড টেষ্টত যদি তেওঁৰ ফলাফল নিগেটিভ আহে তেন্তে তেওঁৰ পৰিয়ালক গায়িকাগৰাকীৰ নশ্বৰদেহ চমজাই দিয়াৰ সম্ভাৱনা আছে। এনেদৰেই কোভিডে আমাৰ মাজৰ পৰা কাঢ়ি নিলে বিহু সম্ৰাজ্ঞীগৰাকীক। আৰু শোকস্তব্ধ হৈ পৰিছে তেওঁৰ গুণমুগ্ধ, পৰিয়াল আৰু অসমৰ সংগীত জগতৰ প্ৰতিজন ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in