সংগোপনে আহিল শৰৎঃ মা দুৰ্গাৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী…

সংগোপনে আহিল শৰৎঃ মা দুৰ্গাৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী…

ৰাজৰ্ষি চহৰীয়া

শৰতৰ জোনাক ৰাতি। সেমেকা এজাক বতাহে ভুমুকি মাৰিছে অজানিতে। নিশা হ'লে ফুলি পুৱা নিয়ৰত তিতি সৰিছে শেৱালী। এয়াই হেনো দেৱী অহাৰ বতৰ। এনেদৰেই আদৰা হয় মা দুৰ্গাক। দুৰ্গা মহোৎসৱলৈ মাজত আৰু কেইটামান দিন। ৰাজ্যবাসী এতিয়া সাজু হৈছে দুৰ্গতি নাশিনী দুৰ্গা মাক আদৰাৰ বাবে।

২০২০ বৰ্ষত দুৰ্গা পূজা উদযাপন কৰা হৈছিল যদিও পূৰ্বৰ দৰে উৎসাহ পৰিলক্ষিত হোৱা নাছিল সৰ্বসাধাৰণৰ মাজত। কিয়নো সেই বৰ্ষত কোৰোনাৰ কোবত সমগ্ৰ দেশবাসীৰ অৰ্থনীতিৰ কঁকাল বেঁকা হৈ পৰিছিল। তদুপৰি, কোভিড-১৯ত আক্ৰান্ত হোৱাৰ ভয়।

কেৱল সৰ্বসাধাৰণৰেই নহয় মা দুৰ্গাৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়া মৃণ্ময় শিল্পীসকলেও বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰ তুলনাত অৱশ্যে এইবাৰ অৰ্থাৎ ২০২১ৰ দুৰ্গা পূজাত কিছু উন্নত পৰিস্থিতি পৰিলক্ষিত হৈছে। মৃৎ শিল্পীসকলে এইবাৰ মা দুৰ্গাৰ বহু নহ'লেও কিছু প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰিছে। হয়তো তেওঁলোকৰো কিছু সকাহ হৈছে।

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ মৃণ্ময় শিল্পীসকলে জনোৱা মতে- ২০২০চনৰ বিপৰীতে এইবাৰ কিছু পৰিমানে বেছি অৰ্ডাৰ লাভ কৰিছে তেঁওলোকে। প্ৰতিমা নিৰ্মাণ কৰিয়েই নিজৰ পোহপাল দি অহা এই মৃৎ শিল্পী সকলৰ উপাৰ্জনৰ আন পথ নাই। কিন্তু কোভিড-১৯ সৃষ্ট পৰিৱেশত তেওঁলোকক ঠেলি দিছিল অন্ধকাৰলৈ।

কোৰোনা দেশজুৰি বিয়পি পৰাৰ আগৰ বৰ্ষত যিবোৰ দুৰ্গা মাৰ প্ৰতিমা ৫০ হাজাৰ-৬০ হাজাৰ টকাত বিক্ৰী হৈছিল, সেইসমূহ প্ৰতি এই বৰ্ষত তাৰ প্ৰায় ৫০ শতাংশ কম দামত বিক্ৰী কৰিবলগীয়াত পৰিছে শিল্পীসকলে। তাৰ বিপৰীতে এখন প্ৰতিমা প্ৰস্তুত কৰা দোকানত পূৰ্বে যদি প্ৰতিমা বনাবলৈ ৫-৬জন কাৰিকৰ আছিল, এই বৰ্ষত কিন্তু ২-৩জনহে কাৰিকৰে কাম কৰিছে।

ইয়াৰ পৰাই বুজিব পাৰি যে কোৰোনাই আনবোৰ ব্যৱসায়ৰ লগতে প্ৰতিমা বনোৱা এই মৃণ্ময় শিল্পীসকলকো সামৰি লৈছে। অৱশ্যে এগৰাকী মহিলা মৃৎ শিল্পীয়ে সদৰি কৰে যে- আমি ভগৱানৰ বাবে , ভগৱানৰ নামত এই প্ৰতিমাবোৰ বনাওঁ। সেয়েহে হয়তো লোকচান হ'লেও আমি এই কাম কৰি যাওঁ প্ৰতি বছৰে। আগৰ দৰে মা দুৰ্গাৰ প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰা নাই যদিও যিমান পাইছো সকলো আমি কৰি গৈছো।

পূজাৰ মাত্ৰ এটা মাহ পূৰ্বৰে পৰা তেওঁলোকে যিমান পাৰে সিমানবোৰ প্ৰতিমা নিৰ্মাণ কৰি বিক্ৰী কৰে। কিয়নো দুৰ্গা পূজা পুনৰ উদযাপন কৰিবলৈ মাজত এটা সম্পূৰ্ণ বছৰ আছে। পুনৰ মা দুৰ্গাৰ প্ৰতিমা বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ বাবে এটা বছৰ অপেক্ষা কৰিব লাগিব।

উল্লেখ্য যে, ১১ অক্টোবৰ, ২০২১ৰ পৰা ১৫ অক্টোবৰ, ২০২১লৈ সমগ্ৰ দেশৰ তথা অসমৰ ৰাইজে মা দুৰ্গাৰ আশীষ লৈ উদযাপন কৰিব দুৰ্গোৎসৱ। এইবাৰো সম্পূৰ্ণৰূপে কোৰোনাৰ নিঃশেষ হোৱা নাই। কিন্তু ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে কিছু শিথিলতা প্ৰদান কৰিছে এইবাৰ দুৰ্গা পূজাৰ ক্ষেত্ৰত।

এইবাৰ দুৰ্গা পূজা মণ্ডপলৈ যোৱাৰ ক্ষেত্ৰতো বহু নিয়ম-নীতি বান্ধি দিছে চৰকাৰে। দুৰ্গা মহোৎসৱৰ ক্ষেত্ৰত জাৰি কৰা এছঅ'পিত উল্লেখ আছে যে- পূজা আয়োজন কৰাৰ আগতে সমিতিবোৰে উপায়ুক্তৰ অনুমতি ল'ব লাগিব।  পূজা সমিতিৰ সকলো সদস্যই পূজা আয়োজনৰ অনুমতি লোৱাৰ সময়ত তেওঁলোকৰ কোভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণপত্ৰ (কমেও এটা ভেকছিন পালিৰ বাবে) উপায়ুক্তৰ হাতত দাখিল কৰিব লাগিব। পূজা মণ্ডপ সকলো ফালে খোলা থাকিব লাগিব আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ প্ৰশস্ত হ'ব লাগিব। সকলো মাণ্ডপৰ পৃথক প্ৰৱেশ আৰু প্ৰস্থান গেট থাকিব লাগিব।

তদুপৰি পূজা সমিতিয়ে চেনিটাইজাৰ প্ৰদান কৰিব লাগে,  কোনো মেলা আৰু বজাৰৰ অনুমতি দিয়া নহ'ব,  পঞ্চমীৰ দিনা সকলো পূজাৰী আৰু পূজাৰ সৈতে জড়িত লোকসকলক কোভিড-১৯ৰ বাবে পৰীক্ষা কৰা হ'ব। লগতে  দশমীৰ পিছত সেইবোৰ পুনৰ পৰীক্ষা কৰা হ'ব, বিসৰ্জনৰ দিনা সংশ্লিষ্ট জিলাৰ ডিচি সকলে পূজা সমিতিক অৱগত কৰিব বুলিও উল্লেখ আছে এই এছঅ'পিত।

উল্লেখযোগ্য যে, ৬ অক্টোবৰ, ২০২১ত মহালয়া। এই মহালয়াৰ দিনটোত ধৰাৰ বুকুলৈ নামি আহিব মা দুৰ্গা। অশুভ শক্তিক বিনাশিবলৈ মৰ্ত্যলৈ নামিব শক্তি ৰূপিণী মা দুৰ্গা। আৰু এই দুৰ্গা মাৰ প্ৰতিমা নিৰ্মাণত এতিয়া দিনে-নিশাই ব্যস্ত আছে মৃণ্ময় শিল্পীসকল। হয়তো কোৰোনাই যিমানেই কঠোৰ পৰিস্থিতি সৃষ্টি নকৰক কিয়, মা দুৰ্গাই যেন কোৰোনাৰ সংক্ৰমণ কমাই তেওঁলোকৰ প্ৰতি দৃষ্টি দিছে আৰু পূৰ্ব বৰ্ষতকৈ কিছু ভাল পৰিস্থিতি সৃষ্টি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in