খবৰ সকলোতকৈ আগত ডিজিটেলত, কিন্তু…

খবৰ সকলোতকৈ আগত ডিজিটেলত, কিন্তু…

মৃদুল কুমাৰ সন্দিকৈ

এটা সৰু ল'ৰা। সম্ভৱ ৫ বছৰ। মাতৃৰ সৈতে হোৱা কথোপকথনত এই দেৱশিশুটোৱে কিছু কথা কৈছিল। সাধাৰণতে ঘৰুৱা পৰিৱেশত সৰু সৰু ল'ৰা ছোৱালীয়েও এনে কিছু কথা কয়, যিবোৰ কথাই পৰিয়ালটোক আমোদ দিয়ে।

এই শিশুটিৰ মনলৈ অহা কৌতুহল আৰু শিশু সুলভ মনস্বস্তৰে ভৱিষ্যতৰ প্ৰতি হোৱা সন্ধিয়ানেৰে মাতৃৰ সৈতে হোৱা সেই বাৰ্তালাপ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল। অবোজ শিশুটোৱে মাতৃৰ আগত কান্দি প্ৰকাশ কৰা মনৰ কথাবোৰৰ ভিতৰত ডাঙৰ হ'লে সি কাক বিয়া পাতিব আৰু কাৰ পিতৃ হ'ব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰিছিল। ইয়াক লৈ সুচনা হৈছিল বিতৰ্কৰ। মুহূৰ্তৰ ভিতৰতে হাজাৰ হাজাৰ মানুহে এই ভিডিঅ' শ্বেয়াৰ কৰিছিল। শিশুটিৰ পৰিয়ালে ভাবিব পৰা নাছিল এই ভিডিঅ'টোৱে এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব।

শিশুটিক লৈ বিভিন্ন ধৰণে, বিভিন্ন জনে নিজস্ব দৃষ্টিভংগী দাঙি ধৰিছিল। প্ৰতিভাৱান এই শিশুটিৰ পূৰ্বৰ কিছু ভিডিঅ', ফটো আৰু কথোপকথন শুনিলে এনে লাগে, এক সংস্কাৰ পূৰ্ণ ঘৰৰ সন্তান। কথাবোৰ গভীৰ ভাৱে উপলব্ধি কৰিব পৰাকৈ শিশুটিৰ মন-মগজু পৰিপক্ক।

এই কথাখিনিকে উপলব্ধি কৰাৰ সলনি শিশুটিক লৈ তেওঁৰ পৰিয়ালক, মাতৃৰ সন্দৰ্ভত বিজ্ঞৰ দৰে এচামে যিবোৰ মন্তব্য আগবঢ়ালে, সেই মন্তব্যই ছ'চিয়েল মিডিয়াত অৰুচিপূৰ্ণ কিছু লোকক আমোদৰ খোৰাক দিলে। কিন্তু এই কৰ্মকাণ্ডই শিশুটিক বা তেওঁৰ পৰিয়ালক ক'ব নোৱাৰাকৈয়ে ক্ষতি কৰি গ'ল।

ছ'চিয়েল মিডিয়াত বা ডিজিটেল মাধ্যমত এনে কিছু খবৰ, দৃশ্য, আলোকচিত্ৰ প্ৰকাশ হয়, যিবোৰৰ প্ৰয়োজনীয়তা সমাজৰ হিতৰ হকে নহয়। কিন্তু ইয়াক বাধা দিবও নোৱাৰে। তথাকথিত আইনী ব্যৱস্থাৰে এইবোৰ ঘটনাক ৰোধ কৰিব নোৱাৰাৰ বাবেই ডিজিটেল মাধ্যমত ইতিবাচক বা নেতিবাচক যিবোৰ কথা-বতৰা ভাইৰেল হৈ পৰে সেইবোৰে সমাজখনক ক্ষতি কৰি আহিছে।

এই কথা স্বীকাৰ কৰা উচিত যে, ডিজিটেল মাধ্যমৰ জৰিয়তে কোনো এক খবৰ, কোনো এক বাৰ্তা, কোনো এক আলোকচিত্ৰ আৰু কোনো এক দৃশ্য মুহূৰ্তৰ ভিতৰতে লাখ লাখ মানুহৰ কাষ পাইগৈ। কিন্তু সেয়া ইতিবাচক নহৈ নেতিবাচক হ'লে তাৰ ফল সদায় সমাজত বেয়া ধৰণেই পৰিব।

এটা বাতৰি চেনেল। বাতৰি চেনেলটোত সম্প্ৰচাৰ কৰিব লগা এটা অনুষ্ঠান আছিল 'বিন্দাছ বোল'। সুদৰ্শন টিভি নামৰ এই বাতৰি চেনেলটোত এটা অনুষ্ঠানৰ প্ৰ'ম' সম্প্ৰচাৰ কৰা হ'ল। 'ইউপিএছচি জেহাদ' নামৰ এই অনুষ্ঠানটোক লৈ মুহূৰ্তৰ ভিতৰতে হৈ চৈ লাগিল।

২০১৯ বৰ্ষৰ ইউপিএছচি পৰীক্ষাৰ ফলাফলক লৈ এই অনুষ্ঠানটো প্ৰস্তুত কৰা হৈছিল। ৪ আগষ্ট, ২০২০ত ফলাফল ঘোষণা কৰা ইউপিএছচি পৰীক্ষাত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী ভাৰতীয় প্ৰশাসনিক সেৱা, আৰক্ষী সেৱা বা আন সংলগ্ন সেৱাসমূহৰ বাবে নিৰ্বাচন কৰা হৈছিল।

এই প্ৰ'ম'টোত এই অনুষ্ঠানটোৰ সন্দৰ্ভত দিয়া ইংগিত অনুসৰি, ভাৰতীয় এই সেৱাৰ বাবে অনুষ্ঠিত পৰীক্ষাত মুছলমান ধৰ্মাৱলম্বী লোকক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ধৰ্মীয় দৃষ্টিকোণেৰে বিচাৰ কৰাৰ এক ইংগিত দিয়া হৈছিল। যিটো বিষয়ক লৈ চৰ্চা চলিল দেশজুৰি।

ইউপিএছচি পৰীক্ষা বিভিন্ন সময়ত ঘোষণা কৰা ফলাফলত তেনে ধৰ্মীয় দৃষ্টিকোণেৰে পৰীক্ষাৰ্থীক নিৰ্বাচন কৰাৰ অভিযোগক লৈ সম্প্ৰচাৰ হ'ব লগা এক অনুষ্ঠানৰ বিৰুদ্ধে দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ দুৱাৰ টুকুৰিয়াব লগা হ'ল।

২০১১চনত ৩১গৰাকী মুছলমান, ২০১২চনত ৩০গৰাকী মুছলমান, ২০১৩চনত ৩৪গৰাকী মুছলমান, ২০১৪চনত ৩৮গৰাকী মুছলমান, ২০১৫চনত ৩৬গৰাকী মুছলমান, ২০১৬চনত ৫০জন মুছলমান পৰীক্ষাৰ্থী ইউপিএছচি মুল পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

আনকি ২০০৯চনত কাশ্মীৰৰ শ্বাহ ফেইজলে ইউপিএছচি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিছিল। কিন্তু এইবোৰ তথ্যৰ বিপৰীতে ইউপিএছচি পৰীক্ষাত সাম্প্ৰদায়িকতাই স্থান পোৱা বুলি চলোৱা প্ৰচাৰ এতিয়া তুংগত উঠিছে।

২০১৮ বৰ্ষতো ইউপিএছচি পৰীক্ষাত ৪৩গৰাকী মুছলমান ধৰ্মাৱলম্বী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল। সেইবোৰ তথ্যৰ বিপৰীতে ভাৰতীয় প্রশাসনিক সেৱাত মাত্ৰ ৩ শতাংশ মুছলমান, বিদেশ সেৱাত ১.৮ শতাংশ মুছলমান, আৰক্ষী সেৱাত ৪ শতাংশ মুছলমান, ৰেল সেৱাত ৪.৫ শতাংশ, শিক্ষাত ৬.৫ শতাংশ, গৃহত ৭.৩ শতাংশ, ন্যায় ব্যৱস্থাত ৭.৮ শতাংশ আৰু স্বাস্থ্য সেৱাত ৪.৫ শতাংশ মুছলমান লোকহে উচ্চপদস্থ বিষয়া ৰূপে কৰ্মৰত বুলি চলোৱা প্ৰচাৰে দেশৰ সম্প্ৰীতিৰ বাতাবৰণত অবিশ্বাস আৰু এক ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিছে।

উচ্চতম ন্যায়ালয়ে এই গোচৰ বিচাৰৰ বাবে গ্ৰহণ কৰি সেই অনুষ্ঠান প্ৰচাৰৰ ক্ষেত্ৰত সংশ্লিষ্ট টিভি চেনেলটোক বাধা দিলেও এই দৃশ্যৰাজি আৰু কথাবোৰ ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ চলিছে। এই গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক এক শপতনামা যোগে ১৭ ছেপ্টম্বৰ, ২০২০ত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জনাই যে, এই ডিজিটেল মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ বাবে নীতি-নিয়ম প্ৰস্তুত কৰিবলৈ এক কমিটী গঠন কৰি দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰক দিয়া নিৰ্দেশত কয়- ছপা মাধ্যম আৰু ইলেক্ট্ৰনিক মিডিয়াৰ নিয়ন্ত্ৰণৰ বাবে আইন আৰু ব্যৱস্থা আছে। কিন্তু তেওঁলোকৰ অনলাইন সংস্কৰণ অৰ্থাৎ ডিজিটেল মাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন।

কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে- "Digital media has faster reach, potential to become viral due to apps like WhatsApp, Twitter, and Facebook… Digital media has serious impact and because of its potential, the court must first take up digital media."

ডিজিটেল মাধ্যম এতিয়া অতি শক্তিশালী মাধ্যম। প্রথমে ডিজিটেল মাধ্যম জৰিয়তে দ্ৰুতভাৱে কোনো খবৰ বিয়পি পৰে। তাৰপাছতহে টিভি, ছপা মাধ্যমযোগে সেই খবৰ প্ৰচাৰ হয়। সৰ্বব্যাপি ডিজিটেল মিডিয়াৰ বিস্তাৰ আৰু প্ৰকাশৰ প্ৰতি লক্ষ্য ৰাখি ছপা বা ইলেক্ট্ৰনিক মাধ্যমসমূহেও ডিজিটেল মিডিয়াক গুৰুত্ব দিব লগা হৈছে।

অসমতো ডিজিটেল মিডিয়াৰ প্ৰচাৰ-প্ৰসাৰ যথেষ্ট হৈছে। সেই ডিজিটেল মিডিয়াসমূহৰ কোনো নিয়ন্ত্ৰণ নথকাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে একাংশ ডিজিটেল মিডিয়া। ডিজিটেল মিডিয়া নিন্ত্ৰয়নৰ ক্ষেত্ৰত বাকস্বাধীনতা এক প্ৰত্যাহ্বান ৰূপে থিয় দিয়ে। সেই প্ৰত্যাহ্বানক নেওচি শক্তিশালী ৰূপত ভূমুকি মৰা ডিজিটেল মিডিয়াক সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবই লাগিব।

এজন দায়ৱদ্ধশীল সাংবাদিক হিচাপে ডিজিটেল, প্ৰিন্ট বা ইলেক্ট্ৰনিক যি মিডিয়াতে অংশীদাৰ নহওঁক কিয়, সাংবাদিকৰ স্বাধীনতা সমান্তৰালভাৱে সামাজিক দায়ৱদ্ধতা আৰু ইয়াৰ প্ৰভাৱক লৈ সচেতন নহ'লে ডিজিটেল মিডিয়াই সাধাৰণ লোকৰ মাজত এনে কিছু ভ্ৰান্ত খবৰ বিয়পাই দিব পাৰে, যিবোৰ সমাজৰ বাবে অতিকৈ অনিষ্টকাৰক হৈ পৰিব।

সেয়েহে এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে ডিজিটেল মিডিয়া আৰু ইয়াৰ নিয়ন্ত্ৰণ ব্যৱস্থা। বাধা বা নীতি-নিৰ্দেশনা বিহীনভাৱে পৰিচালিত এনে ব্যৱস্থাই সমাজখনক যে ক্ষতি কৰিছে সেই কথাও উপলব্ধি কৰিছে চৰকাৰে। লগতে এই কথাও স্বীকাৰ কৰিছে যে, এতিয়া সকলোতকৈ আগত ডিজিটেল মিডিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in