দেশভক্তৰ “দেশভক্তি দিৱস”…

দেশভক্তৰ “দেশভক্তি দিৱস”…

ৰাজৰ্ষি চহৰীয়াঃ

ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল তেওঁ। তেখেত আছিল এগৰাকী সুদক্ষ বক্তা। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে বিভূষিত কৰা হৈছিল 'দেশভক্ত' উপাধিৰে। সেই গৰাকী দেশভক্ত তৰুণ ৰাম ফুকনৰ আজি ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী। ২৮ জুলাই অৰ্থাৎ বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি তৰুণ ৰাম ফুকন আৰু তেওঁৰ স্বাধীনতা আন্দোলনৰ আগবঢ়োৱা ভূমিকাক স্মৰণ কৰি পালন কৰা হয় মৃত্যু বাৰ্ষিকী।

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত ১৮৭৭চনৰ ২২ জানুৱাৰীত জন্মগ্ৰহণ কৰা তৰুণ ৰাম ফুকনৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃৰ নাম আছিল ভাগীৰথী। তেওঁৰ পিতৃ এজন নিপুন চিকাৰী আছিল। পেছাগতভাৱে বিজনীৰ ৰজাৰ দেৱান আছিল তেওঁৰ পিতৃ। জীৱনৰ প্রথমচোৱাত গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল দেশভক্ত তৰুণ ৰাম ফুকনে।

তাৰপাছত মহানগৰীৰ কলেজিয়েট স্কুলত নামভৰ্তি কৰি ১৮৯২চনত পাছ কৰিছিল প্ৰৱেশিকা পৰীক্ষাত। কিছু ডাঙৰ হোৱাৰ পাছত কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা তেওঁ এফ এ পাছ কৰে আৰু বি.এ. পাছ নোহোৱাকৈয়ে  বেৰিষ্টাৰ অৱ ল' অৰ্থাৎ ওকালতি স্নাতকৰ অধ্যয়নৰ বাবে লণ্ডনত যায়। তাৰ  পাছত অসমত আহি তেওঁ হয় ৰাজ্যৰ তৃতীয়জন বেৰিষ্টাৰ।

উল্লেখযোগ্য যে, লণ্ডনৰ পৰা ঘূৰি আহি তেখেতে কিছুদিন পশ্চিমবংগৰ কলকাতা ওকালতি আৰম্ভ কৰে। তাৰ পৰা গুৱাহাটীলৈ আহি পুনৰ ওকালতি কৰে যদিও ১৯১৪চনত গুৱাহাটীৰ আৰ্ল ল' কলেজত কৰে কিছুদিন শিক্ষকতা। সেই সময়তে তেওঁ আৱদ্ধ হৈ পৰে ডিব্ৰগড়ৰ পৰশুৰাম খাউণ্ডৰ জীয়ৰী বিদ্যুৎপ্ৰভাৰ সৈতে বিবাহপাশত।

তাৰপাছত লাহে লাহে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে যোগ দিয়ে। ১৯১৪চনত তৰুণ ৰাম ফুকনে এই সংগ্ৰামৰ সৈতে যোগ দি তৰুণ ৰাম ফুকন ১৯১৭চনত মণ্টেগু সংস্কাৰ সমিতিৰ ওচৰলৈ যোৱা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল। এই প্ৰতিনিধি দলটোৱে অসমৰ বাবে স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰিছিল।

১৯২২চনত মহাত্মা গান্ধী অসমলৈ আহোতে তেখেতৰ ভৰলুমুখৰ ঘৰতে আলহী হৈছিল। ভাৰতক স্বাধীন হোৱাৰ সপোন দেখা ফুকনক উক্ত চনতেই প্ৰথমবাৰৰ বাবে স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।  ১৯২৩ চনত তৰুণ ৰাম ফুকনে দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত যোগদান কৰে। স্বৰাজ দলে ব্ৰিটিছ শাসনৰ পৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। কংগ্ৰেছৰ লগত আদৰ্শমূলক সংঘাতৰ বাবে এই দল কংগ্ৰেছৰপৰা আঁতৰি আহে।

তৰুণ ৰাম ফুকনে অসমত এই দলৰ গুৰি ধৰিছিল। স্বৰাজ দলে ব্ৰিটিছে প্ৰণয়ন কৰা 'আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদ'ৰ (Provincial and Central Legislative Council) ধাৰণা লৈছিল মানি। তৰুণ ৰাম ফুকন কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে আদৰ্শগত মতবিৰোধ সত্ত্বেও 'স্বৰাজ দল' কংগ্ৰেছৰে এটা শাখা হিচাপে আছিল।

তাৰপাছত ১৯২৬ চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাক সফল কৰিবলৈ অন্যান্য নেতাৰ সৈতে তৰুণ ৰাম ফুকনেও বহু কষ্ট কৰিছিল। ১৯২৭ চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। আৰু পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লয় আৰু সভাৰ কাৰ্য্যপন্থাক নৰম-পন্থাৰপৰা চৰম-পন্থালৈ ৰূপান্তৰিত কৰে।

উল্লেখযোগ্য যে, ১৯৩২ চনত মদন মোহন মালৱীয়ৰ নেতৃত্বত গঢ় লৈ উঠে 'ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল'। এই দল গঠন হোৱাৰ পাছত দলটোত যোগ দিয়ে তৰুণ ৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰীয়ে। ১৯৩৬ চনত 'ভাৰত চৰকাৰ আইন, ১৯৩৫'ৰ অধীনত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত তৰুণ ৰাম ফুকনে 'ইউনাইটেড পিপ'লছ পাৰ্টি' (United People's Party) গঠন কৰে। আৰু তেওঁক ৰাজ্যৰ কেইবাগৰাকী নেতাই আগবঢ়াইছিল সমৰ্থন।

তাৰপাছত ১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন কৰা হৈছিল সন্মিলিত চৰকাৰ। নতুন চৰকাৰখন গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল। লক্ষণীয় যে, তৰুণ ৰাম ফুকনক অসমৰ সৰ্বসাধাৰণ ৰাইজে দেশবন্ধু বুলি সন্মান দিছিল। যুৱক সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতা সকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক 'দেশভক্ত' উপাধিৰে বিভূষিত কৰা হয়।

তেওঁ ইয়াৰ লগতে কৰিছিল সাহিত্যৰ সাধনাও। তৰুণ ৰাম ফুকনে সেই সময়ৰ বিভিন্ন বাতৰি কাকত-আলোচনীত কবিতা-প্ৰবন্ধ আদি প্ৰকাশ কৰিছিল। তেওঁৰ কেইখনমান উল্লেখযোগ্য পুথি ক্ৰমে- 'চিকাৰ কাহিনী, স্ততিমালা আদি। তেওঁৰ জীৱন সংগ্ৰাম, ত্যাগ, কঠোৰ পৰিশ্ৰম, দেশভক্ত, সাহিত্য, নিজৰ জাতি আৰু দেশৰ বাবে মৰম-ভালপোৱা আদিৰে ভৰি আছে। ভাৰতৰ সংগ্ৰামত তেওঁৰ অৱদানৰ বাবেই তেওঁক দিয়া হৈছিল দেশভক্ত উপাধি।

১৯৩৯চনৰ ২৮ জুলাই। এই দিনটোতে তেওঁ এৰি থৈ যায় ইহঃসংসাৰ। তেওঁৰ মৃত্যু বাৰ্ষিকী যদিও পূৰ্বে কোনো দিৱস হিচাপে নামাকৰণ কৰা হোৱা নাছিল কিন্তু ২০২১ চনৰ ২৮ জুলাইত অসম চৰকাৰে তেখেতৰ মৃত্যুৰ দিনটো 'দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰে।

দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত চৰকাৰে কোৰোনা কালৰ মাজত অনুষ্টুপীয়াকৈ গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণ ৰাম ফুকন উদ্যানত অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি তথা অতিথি উপস্থিত থাকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীত তেওঁক স্মৰণ কৰি ছ'চিয়েল মিডিয়াত লিখে- 'দেশভক্ত তৰুণৰাম ফুকনৰ ৮২সংখ্যক পুণ্য তিথিত অসম চৰকাৰে আয়োজন কৰা 'দেশভক্তি দিৱস'ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰোঁ৷ এই অনুষ্ঠানত মহান অসমীয়াগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে মাননীয় মন্ত্ৰী শ্ৰীপীযুষ হাজৰিকাও উপস্থিত থাকে৷ ফুকনদেৱৰ জীৱনাদৰ্শই যাতে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰে সেই উদ্দেশ্যে আমাৰ চৰকাৰে তেখেতৰ পুণ্য তিথিটো 'দেশভক্তি দিৱস' হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যুৱচামক ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি এই দিৱস উদযাপিত হ'ব আৰু অসম বুৰঞ্জীৰ বহু অৱহেলিত দিশ উন্মোচিত হ'ব।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in