নতুন ঢৌৱে ডুবাব সকলো!

নতুন ঢৌৱে ডুবাব সকলো!

ৰাজৰ্ষি চহৰীয়া

কোৰোনা ঢৌৱে পুনৰ সকলোকে ডুবাবলৈ আগবাঢ়ি আহিছে! ২০২০চনত যি ধৰণে কোৰোনাই দেশত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছিল, তেনে ধৰণৰ বা তাতোকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে ভাৰতত।

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আয়োজনৰ সময়খিনিতেই অধিক গতিত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। মহাৰাষ্ট্ৰ, দিল্লী, পঞ্জাৱকে ধৰি কেইখনমান ৰাজ্যত দেশৰ ভিতৰতে সৰ্বাধিক নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। অসমতো দিনকদিনে নতুনকৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

পুনৰ হ'ব নেকি ল'কডাউন? পুনৰ পূৰ্বৰ দৰে সকলোৱে ঘৰতে আৱদ্ধ হ'ব লাগিব নেকি? এনে বহু প্ৰশ্ন উত্থাপন হৈছে এতিয়া সকলোৰে মাজত। কিন্তু এয়া নিশ্চিত যে কোৰোনাৰ সংক্ৰমণৰ পূৰ্বৰ দৰে যদি বৃদ্ধি পাইছে অৰ্থাৎ নতুনকৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা যদি শ শ হয়, তেন্তে অসমতো ল'কডাউন হোৱাতো স্বাভাৱিক।

নতুন তথ্যসমূহে দেশবাসীক পুনৰ আতংকিত কৰিছে। ২০২১ বৰ্ষত ৭ এপ্ৰিলৰ দিনটোত স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যত বৰ্তমানলৈ সৰ্বাধিক লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ১১৫৭৩৬জনকৈ লোকৰ দেহত দেশজুৰি ধৰা পৰিছে কোভিড পজিটিভ।

যদি দেশত প্ৰতিদিনাই লক্ষাধিক লোকৰ দেহত এনেদৰে কোৰোনা পজিটিভ ধৰা পৰি গৈ থাকে তেন্তে পূৰ্বৰ দৰে পৰিস্থিতি ঘূৰি আহি ভাৰতত। উল্লেখ্য যে, বৰ্তমানলৈ দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১২৮০১৭৮৫জনলৈ পাইছে বৃদ্ধি। তাৰ বিপৰীতে ৭ এপ্ৰিল, ২০২১ৰ সন্ধিয়া ৭ বজালৈকে কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৬৬১৭৭জনৰ।

বুধবাৰ অৰ্থাৎ ৭ এপ্ৰিলৰ পুৱা স্বাস্থ্য মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা তথ্যত জনোৱা হৈছে যে যোৱা ২৪ ঘন্টাত সুস্থ হৈছে ৫৯,৮৫৬জন লোক। অৰ্থাৎ প্ৰতিদিনে সুস্থ হোৱা লোকৰ সংখ্যাৰ প্ৰায় দুগুণ লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। ইফালে, এই সময়চোৱাত দেশত মৃত্যু হৈছে ৬৩০জনে হেৰুৱাইছে প্ৰাণ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৫ এপ্ৰিল, ২০২১ত নতুনকৈ আক্ৰান্তৰ সংখ্যা আছিল সৰ্বাধিক। উক্ত দিনটোত স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২৪ ঘন্টাত ১ লাখ ৩ হাজাৰ লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছিল। আৰু তাৰ পূৰ্বে ১৭ ছেপ্টেম্বৰ, ২০২০ত ৯৭,৮৯৫জন লোকৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।

এইবাৰ কোৰোনা আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে নেকি? এবাৰ অৰ্থনীতি, শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভয়ংকৰ প্ৰভাৱ পেলোৱাৰ পাছত সেই প্ৰভাৱৰ পৰা দেশে নিজকে লাহে লাহে সুস্থ কৰাৰ চেষ্টা চলাই আহিছিল যদিও, পুনৰ যেন কোৰোনা ভাইৰাছে তললৈ ঠেলিবলৈ সাজু হৈ আহিছে কোভিড-১৯।

এনে নহয় যে, দেশৰ কেইখনমান ৰাজ্যতহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোনাই, গতিকে এই ভাইৰাছৰ সংক্ৰমণ দেশজুৰি বিয়পি নপৰিব। এনেদৰে ভাবিলে হ'ব ভুল। কিয়নো চীনৰ এখন চহৰৰ পৰা যদি কোৰোনা সমগ্ৰ বিশ্বত বিয়পিব পাৰে, তেন্তে ভাৰতৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কোৰোনা যে বিয়পি পৰাতো অতি সহজ কথা।

ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ, পঞ্জাৱৰ লগতে আন কেইখনমান ৰাজ্যত যি গতিত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে তাৰ ফলত এই ৰাজ্যসমূহত লকডাউন, সান্ধ্য আইন আদি জাৰি কৰা হৈছে। কিয় পুনৰ কোৰোনাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে? ইয়াৰ কাৰণ হয়তো বহু আছে। কিন্তু প্রধান কাৰণটো হৈছে-  সৰ্বসাধাৰণ ৰাইজেও দেশৰ পৰা বিগত বৰ্ষৰ শেষৰ ফালে যেতিয়া ল'কডাউন আঁতৰাই দিয়া হ'ল তেতিয়াই হয়তো কোৰোনাক সামান্য এটা ভাইৰাছ বুলি ভাবিবলৈ ধৰিলে। আৰু দেখা গৈছিল যে, বজাৰ বা ৰাজহুৱা স্থানত বহুজনে মাস্ক পৰিধান নকৰে তথা সামাজিক দূৰত্বও নামানে।

এইবাৰৰ কোৰোনাৰ ঢৌ কেৱল এই ভাইৰাছত আক্ৰান্ত হোৱাৰ চিন্তাই নহয়, কোভিড ভেকচিনো দেশত লাহে লাহে কমি আহিছে। মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত কোভিড ভেকচিনৰ অভাৱ হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ এনে বহু ঠাই আছে য'ত আগন্তুক তিনিদিনৰ বাবেহে ভেকচিন প্ৰদান কৰিব পৰাকৈ ষ্ট'ক আছে। মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত অৱগত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভাৰতত ৭ এপ্ৰিল, ২০২১ৰ সন্ধিয়া ৭.২০ বজালৈকে প্ৰায় ৮৭০৭৭৪৭৪জনকৈ লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। ইফালে, ৬ এপ্ৰিলৰ দিনটোত ৩৯৬৬৫৪৮জন লোকক দিয়া হৈছিল ভেকচিন। কিন্তু এতিয়া দেশত কমিছে ভেকচিন।  

বৰ্তমানলৈ বিশ্বৰ বহু কেইখন দেশলৈ কোভিড ভেকচিন ৰপ্তানি কৰিছে ভাৰতে। এয়া এক সফলতা। কিন্তু যি ধৰণে দেশত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে তাৰ প্ৰতি দৃষ্টি ৰাখি অন্য দেশলৈ ভাৰতে  কোভিড ভেকচিন পঠিওৱাটো বন্ধ কৰাৰ সম্ভাৱনাই দেখা দিছে।

ইফালে, অসমত ল'কডাউন নহয় বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। তেওঁ কৈছে যে এইবাৰ সকলোৱে বিহু উদযাপন কৰিব, কিয়নো ২০২০ বৰ্ষত অসমবাসীয়ে উদযাপন কৰিবলৈ নাপালে বিহুটি। কিন্তু অসমতো প্ৰতিদিনাই কোৰোনাত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

৬ এপ্ৰিল, ২০২১ত অসমত নতুনকৈ ৯২জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে সুস্থ হৈছিল মাত্ৰ ৩৪জন লোক আৰু মৃত্যু হৈছিল দুজনৰ। অসমত বৰ্তমানলৈ ২১৮৮৩২জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৬৮৩জন ৰোগী।

কিন্তু লক্ষণীয় যে, ৰাজ্যত যদি নতুনকৈ আক্ৰান্তৰ সংখ্যা ৪০০-৫০০লৈ বৃদ্ধি পাই তেন্তে ল'কডাউন দিবলৈ বাধ্যও হ'ব পাৰে চৰকাৰ। সকলোৱে বিচাৰে স্বাভাৱিকভাৱে জীৱন যাপন কৰিবলৈ। প্ৰতিদিনাই সকলোৱে কাৰ্যালয়লৈ গৈ আৱেলি বজাৰ কৰি ঘৰলৈ উভতি অহা বা মাজে সময়তে বন্ধৰ দিনত বাহিৰলৈ ঘূৰিবলৈ যাব বিচাৰে। এয়া সকলোৰে ন্যূনতম আশা বা দৈনন্দিন কাৰ্যসূচী। কিন্তু ল'কডাউনৰ ফলত পুনৰ এইবোৰৰ পৰা হ'ব সকলো বঞ্চিত।

কেৱল সেয়াই নহয়, দিনহাজিৰা কৰি চলা লোকসকল, ৰিক্সাৱাল, ঠেলাৱালা, পাচলি বেপাৰী আদিয়ে কেনেদৰে নিজৰ পৰিয়ালক দিব পোহপাল? সকলো স্বাভাৱিকভাৱে চলাৰ বাবে সকলোৱে নিজৰ দায়িত্ব পালন কৰিবই লাগিব। মাস্ক পৰিধান কৰা, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰা, সামাজিক দূৰত্বকে ধৰি আনবোৰ কোভিড প্ৰট'ক'ল মানিবই লাগিব। অথবা কোৰোনাক উপেক্ষা কৰিলে ইয়াৰ প্ৰভাৱ কেনে হ'ব পাৰে সেই সন্দৰ্ভত পুনৰ কোৱাৰ প্ৰয়োজন নাই। কিয়নো সকলোৱে হয়তো বিচাৰে অথবা আশা কৰে ২০২০ৰ দৰে নহওঁক ২০২১। গতিকে মানিব লগা নিয়মবোৰ পালন নকৰিলে কোৰোনাৰ এই নতুন ঢৌৱে ডুবাই নিব দেশৰ অৰ্থনীতি, শিক্ষা ব্যৱস্থা সকলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in