দ্বিতীয় স্থানত ভাৰতঃ কোভিড-১৯ আৰু সাংবাদিক…

দ্বিতীয় স্থানত ভাৰতঃ কোভিড-১৯ আৰু সাংবাদিক…

ৰাজৰ্ষি চহৰীয়া

সমগ্ৰ বিশ্বতে প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। চিকিৎসক, আৰক্ষী তথা আনবোৰৰ কোৰোনা যোদ্ধাই দিনে-ৰাতি একাকাৰ কৰিছে এই ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত জয়ী হোৱাৰ সপোন লৈ।

প্ৰতিদিনাই চৌদিশে নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু এই ভাইৰাছে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা বৃদ্ধি পোৱা খবৰ সকলোৰে মুখে মুখে। অসমতো এই ভাইৰাছৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে। বিধানসভা নিৰ্বাচনৰ দিন কেইটাত কোৰোনাৰ পৰা নতুন চৰকাৰ কোনে গঠন কৰিব সেই দিশত মানুহৰ বিশেষ নজৰ আছিল যদিও, এতিয়া আৰু তেনে পৰিৱেশ-পৰিস্থিতি নাই।

৫ মে', ২০২১ৰ দিনটোতে অসমত নতুনকৈ ৪৮২৬জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৫জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। আৰু ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ'ত নতুনকৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমে ১৩৮৩জন আৰু ১৮জন।

চিকিৎসক-নাৰ্ছ, আৰক্ষীৰ দৰে দিনে নিশাই একেৰাহে নিজৰ দায়িত্ব পালন কৰি গৈছে সাংবাদিকসকলেও । তেওঁলোকো এই যুঁজৰ আগশাৰীৰ যোদ্ধা। সমগ্ৰ বিশ্বতে কোৰোনাৰ জটিলতা আৰু প্ৰভাৱ বহু বৃদ্ধি পাই গৈ আছে। সমগ্ৰ বিশ্বৰ ভিতৰতে কোৰোনাত সৰ্বাধিক সাংবাদিকৰ মৃত্যু হোৱা দেশ বৰ্তমান সময়ত ব্ৰাজিল।

কিন্তু ভাৰতো বিশেষ পিছ পৰি থকা এই তালিকা। এই তালিকাৰ দ্বিতীয় স্থানত আছে আমাৰ দেশ ভাৰত। মাৰ্চ মাহৰ পৰা বৰ্তমানলৈ প্ৰস্তুত কৰা এই তালিকাখনত ভাৰতত এতিয়ালৈকে ১৪১জন সাংবাদিকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ। আৰু ভাৰতৰ পিছতেই আছে পেৰু। ৰাষ্ট্ৰখনত এতিয়ালৈকে ১৪০জন সাংবাদিকৰ মৃত্যু হৈছে। এই তথ্য পোৱা হৈছে প্ৰেছ এমব্লেম কেম্পেইন চমুকৈ পিইচিত।

ইফালে, তালিকাখনত থকা ৰাষ্ট্ৰ কেইখন ক্ৰমে- মেক্সিক'- ১০৯জন, বাংলাদেশ- ৫২জন, কলম্বীয়া-৫১জন, আমেৰিকা যুক্ত ৰাষ্ট্ৰ আৰু ইকুৱাড'ৰ-৪৭জন, ইউনাইটেড কিংডম- ২৮জন, ডমিনিকেন ৰিপাব্লিক-২৭জন, পাকিস্তান-২৬জন, টুৰ্কী-২৪জন, আৰ্জেন্টিনা,ইৰান আৰু ৰাছিয়া-২১জন, ভেনেজুৱেলা-১৭জন, পানামা-১৬জন, স্পেইন আৰু ইউক্ৰেইন-১৫জন, বলিভিয়া আৰু ইজিপ্টত- ১৪জন, হণ্ডুৰাছ-১০জন, আফগানিস্তান, নাইজেৰিয়া, দক্ষিণ আফ্ৰিকা, ফ্ৰান্স-৯জনকৈ, গুৱাটেমালা-৮জন, নেপালা আৰু নিকাৰাগুৱাত-৭জনকৈ, কেনিয়া, পাৰাগুয়া, ইউৰুগুয়া-৫জনকৈ সাংবাদিকে হেৰুৱাইছে প্ৰাণ।

শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে- সাংবাদিকসকল আগশাৰীৰ কোৰোনা যোদ্ধা। আৰু সেয়েহে ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকসকলক ৫ মে', ২০২১ৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত কোভিড ভেকচিন প্ৰদান কৰা হৈছে। পিছে এই ভেকচিনৰ বাবেও কিছু নিয়ম বান্ধি দিয়া হৈছে।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবেই কোভিড-১৯ৰ ভেকচিনৰ এই ব্যৱস্থা কৰিছে। সেয়ে সকলো সংবাদ প্ৰতিষ্ঠানক নিজৰ নিজৰ সাংবাদিক তথা প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলৰ তালিকা প্ৰেছ ক্লাবত জমা দিবলৈ অনুৰোধ জনোৱা জনাছে গুৱাহাটী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা।

লগতে কেতবোৰ নিয়ম বান্ধি দিছে। যিবোৰ তলত উল্লেখ কৰা হ'ল-

১. বৃহস্পতিবাৰৰ দিনৰ ১২ বজাৰ ভিতৰত প্ৰেছ ক্লাবত জমা দিব লাগিব তালিকা।

২. জমা দিয়া তালিকাত মুখ্য সম্পাদক/ মানৱ সম্পদ বিষয়াৰ চহী থকাটো বাধ্যতামূলক। অন্যথা সেই তালিকা গ্ৰহণ কৰা নহ'ব।

৩. কোনো সাংবাদিকে ব্যক্তিগতভাবে নিজৰ নাম প্ৰেছ ক্লাবত পঞ্জীয়ন কৰিব নোৱাৰিব।

৪. সংবাদ প্ৰতিষ্ঠানে জমা দিয়া তালিকা পৰা পৰ্যায়ক্ৰমে প্ৰদান কৰা হ'ব কোভিড-১৯ৰ ভেকচিন।

৫. সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক-সংবাদকৰ্মীক প্ৰথমে প্ৰদান কৰা হ'ব ভেকচিন। তাৰ পৰৱৰ্তী পৰ্যায়তহে পৰিয়ালক দিয়া হ'ব ভেকচিন।

৬. শুকুৰবাৰৰ পৰাহে সংবাদ প্ৰতিষ্ঠানে দিয়া তালিকাৰ লোকক প্ৰদান কৰা হ'ব ভেকচিন।

৭ তালিকাত সাংবাদিক/সংবাদকৰ্মী/কৰ্মচাৰীৰ নাম, বয়স, লিংগ, পদবী আৰু ফোন নম্বৰ থাকিব লাগিব।

৮. ভেকচিন লোৱাৰ পূৰ্বে Co-Win অথবা আৰোগ্য সেতু এপত নাম পঞ্জীয়ন থকাটো বাঞ্চনীয়।

৯. সকলোকে কোভিড-১৯ৰ নীতি- নিৰ্দেশনা পালন কৰিব লাগিব।

১০. সংবাদ প্ৰতিষ্ঠানৰ কোনোৱে যদি এই শিবিৰত স্বেচ্ছাসেৱী হিচাপে সেৱা আগবঢ়াব বিচাৰে তেনেহলে প্ৰেছ ক্লাবৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

কোৰোনাৰ পৰা সাংবাদিক অৰ্থাৎ এই যোদ্ধাসকলক সুৰক্ষিত ৰাখিবলৈ এই ব্যৱস্থা কৰিছে চৰকাৰে। যি সঁচাকৈ বহু গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয়। অৱশ্যে তাৰ মাজতে এটা কথা সত্য যে, ভেকচিন প্ৰতিজন লোকে পোৱাতো অতিকৈ প্ৰয়োজন। কিয়নো কেৱল আগশাৰীৰ যোদ্ধা বা আন লোকৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে কোভিড-১৯ এক মহামাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in