শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

ডাক্টৰ যন্ত্ৰ নহয়…

484

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনা ৰোগীৰ বাবে বিচনাৰ অভাৱ হোৱা নাই। চৰকাৰে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ লৈছে ইটোৰ পাছত সিটো পদক্ষেপ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি কষ্টৰে কোভিড-১৯ৰ এই যুঁজখনৰ বাবে নেতৃত্ব লৈ ঘোষণা কৰিছে ইটোৰ পাছত সিটো সিদ্ধান্ত।

গুৱাহাটী মহানগৰীত অতি ভয়াৱহ হৈ পৰিছে কোভিড-১৯। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকলে কোভিডক সাধাৰণ ৰোগ বুলি ভাবিছে তেওঁলোকে বুলি কৰিছে। ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ জুলাই, ২০২০লৈকে ১৬গৰাকী হৈছে।

ইয়াৰ মাজতে গুৱাহাটীৰ পৰিৱেশ-পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে অসমৰে ১০খন জিলাৰ সৈতে গুৱাহাটীৰ সংযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। মহানগৰীৰ পৰা কোনো লোক সেই জিলা কেইখনলৈ গ’লে তেওঁলোক হোম কোৱাৰেন্টাইনত থকাতো বাধ্যতামূলক কৰা হৈছে।

মহানগৰীত চলি আছে পূৰ্ণ পৰ্যায়ৰ লকডাউন। চৰকাৰী পক্ষই দিছে ইটোৰ-পাছত সিটো নিৰ্দেশনা। এইবোৰ নিৰ্দেশনা সাধাৰণ চৰকাৰী নিৰ্দেশনাৰ দৰে নহয়। এই নিৰ্দেশনাবোৰ জাৰি কৰিবলৈ চিকিৎসকৰ বিশেষ পৰামৰ্শ আৰু তেওঁলোকৰ সকলো বোৰ দিশ গুৰুত্ব সহকাৰে বিবেচনা কৰি চাব লগা হয়।

কোভিডৰ এই যুঁজত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলেই সন্মুখৰ সেনানী। যদিও এতিয়ালৈকে কোনো প্ৰতিষেধক বা কোভিড-১৯ত সংক্ৰমিত লোকৰ চিকিৎসাৰ বাবে ঔষধ ওলোৱা নাই, তথাপিও চিকিৎসক সকলেই বা চিকিৎসা কৰ্মীসকলেই এনে ৰোগীৰ পৰিচাৰ্য কৰিব লগা হয়।

একোজন চিকিৎসা কৰ্মীয়ে কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰি থাকোতে কিমান কষ্টত দিন অতিবাহিত কৰিব লগা হয় সেই কথা আমি উপলব্ধি বা ভাবিবই নোৱাৰো। এই সময়চোৱাত তেওঁলোকে সম্পূৰ্ণ কিট পৰিধান, মুখত মাস্ক আৰু হাতত হেণ্ড গ্লবছ আদিকে ধৰি দেহৰ বিভিন্ন অংগত কোৰোনা সংক্ৰমিত হ’ব নোৱাৰাকৈ বিভিন্ন সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰে।

৭ জুলাই, ২০২০ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অসম শাখাই এখন পত্ৰ লিখিলে। স্বাস্থ্য মন্ত্ৰীলৈ সম্বোধন কৰি লিখা এই পত্ৰখনত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অসম শাখাৰ ৰাজ্যিক সম্পাদক হেমাংগ বৈশ্য আৰু এই চিকিৎসকসকলৰ সংগঠনটোৰ সভাপতি সত্যজিৎ বৰুৱাই স্বাক্ষৰ কৰিছে।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন, অসমে স্বাস্থ্য মন্ত্ৰীলৈ লিখা পত্ৰখন…

পত্ৰখনত কোৱা হৈছে যে- কোভিড-১৯ৰ নামত অসম চৰকাৰে গ্ৰহণ কৰা কিছু সিদ্ধান্তক লৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন অসমৰ চমুকৈ আই এম এ, অসম শাখা সন্তুষ্ট নহয়। এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে এই কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াত বা ইয়াক নিয়ন্ত্ৰণ কৰাত জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি কোৱা হৈছে।

চৰকাৰে যাতে পৰিকল্পিতভাৱে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰে তাৰ প্ৰতি এই পত্ৰখনত চিকিৎসকসকলৰ সংগঠনটোৱে দৃষ্টিগোচৰ কৰিছে স্বাস্থ্য মন্ত্ৰীৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ক’ত ক’ত নতুন চিকিৎসালয় বা কোভিড চেন্টাৰ নিৰ্মাণ কৰা হৈছে।

কোন কোন ঠাইত সেইবোৰ নিৰ্মাণ কৰা হৈছে আৰু তাত কিমান ৰোগী থকাৰ ব্যৱস্থা কৰা হৈছে সেই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়া যোগে দি আহিছে। কিন্তু কোভিড চেন্টাৰ-চিকিৎসালয়সমূহত আছেনে পৰ্যাপ্ত নাৰ্ছ, চিকিৎসক আৰু চিকিৎসা কৰ্মী।

কেৱল কোভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এনে চিকিৎসালয় বা কোভিড চেন্টাৰ স্থাপন কৰাৰ লগতে চিকিৎসকসকলৰ মনোবল অটুট ৰখাই তেওঁলোককো এই মহামাৰীৰ বিৰুদ্ধে যোঁজা মহাৰণৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগিব।

এই ক্ষেত্ৰত চৰকাৰৰ নীতি আৰু সিদ্ধান্তই অধিক গুৰুত্বপূৰ্ণ । কিন্তু লক্ষ্য কৰা যায় যে, বহু সিদ্ধান্ত প্রশাসনিক স্তৰত প্রশাসনিক বিষয়াসকলে লয় যদিও, চিকিৎসক সকলক সেই সন্দৰ্ভত কোনো মতামত দিয়া বা এনে সিদ্ধান্ত লোৱাৰ পৰা দূৰত ৰখা হয়।অথচ চিকিৎসকৰ দৃষ্টিকোণেৰে এইবোৰ সিদ্ধান্ত, নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত চিকিৎসকেই উপযুক্ত ব্যক্তি।

চিকিৎসকসকলৰ পত্ৰত সেই কথা উল্লেখ আছে। এই কথা লিখা হৈছে যে, কেৱল হাস্পতাল আৰু বিচনা বৃদ্ধি কৰিলে সেই অনুপাতে চিকিৎসক তথা আন চিকিৎসা কৰ্মী বৃদ্ধি নকৰিলে এইবোৰ এক মূল্যহীন কথা হৈ পৰিব। কিয়নো সীমিত সংখ্যক চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে সমগ্ৰ কোভিড-১৯ৰ ব্যৱস্থাটোক সফল কৰি তুলিব নোৱাৰে। ইয়াৰ বাবে প্ৰয়োজন হ’ব উপযুক্ত মানৱ সম্পদ।

পত্ৰখনত চিকিৎসকসকলে আন এক অভিযোগ কৰিছে যে, এজন চিকিৎসক বা স্বাস্থ্য কৰ্মীয়ে ১১ দিন ধাৰাবাহিকভাৱে কোভিড ৱাৰ্ডত কৰ্তব্য সম্পন্ন কৰাৰ পাছত তেওঁ তিনিদিন কোৱাৰেন্টাইন দি কোভিড পৰীক্ষাৰ অন্তত নিগেটিভ হ’লে পুনৰ দায়িত্বত নিয়োজিত কৰা হ’ব।

এই কথাত আই এম এয়ে বিৰোধিতা কৰি কৈছে যে- চিকিৎসকসকলৰ কোভিড-১৯ৰ পৰীক্ষা সঠিকভাৱে হ’ব লাগে। যি পিচিআৰ টেষ্টেৰে সম্ভৱ। ইতিমধ্যে ৰাজ্যত বৃহৎ সংখ্যক চিকিৎসক-চিকিৎসা কৰ্মী কোৰোনাত আক্ৰান্ত হৈছে।

ইয়াৰোপৰি চিকিৎসকসকলে কৰ্তব্যৰ সময়ত কোৰোনা ৱাৰ্ড থাকোতে ১১ দিন সম্পূৰ্ণ পিপিই কিট আৰু আন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে। এনে বেছিভাগ কোৰোনা ৱাৰ্ড তথা চিকিৎসালয়ত নাই বাৰ্তানুকূল সুবিধা।

সেয়েহে এই সময়চোৱাত চিকিৎসকসকলৰ অৱস্থা কি হ’ব পাৰে এই কথা অকল্পনীয়। মাজত মাত্ৰ ৩ দিনৰ বিৰতি দি চিকিৎসকসকলক পুনৰ কৰ্মত নিয়োজিত কৰাৰ বিৰোধিতা কৰিছে এই চিকিৎসক সংগঠনটোৱে। আই চি এম আৰে দিয়া পৰামৰ্শ অনুসৰি কাম কৰাৰো আহ্বান জনাইছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অসম শাখাই।

কিয়নো সীমিত সা-সুবিধাৰে এতিয়া ৰাজ্যত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজিব লগা হৈছে। বিশেষকৈ মানৱ সম্পদৰ অভাৱ আছে অসমত। ভাৰতৰ আন ৰাজ্যতো চিকিৎসকৰ অভাৱে দেখা দিছে।আইচিএমআৰয়ে দিয়া পৰামৰ্শ অনুসৰি কোৰোনাৰ লক্ষণ দেকা নিদিয়া লোকসকলক ঘৰতে ৰখাব লাগে। যিটো সম্ভৱ নহয় বুলি কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কৈছিল আইচিএমআৰৰ এই পৰামৰ্শ নামানে।

পত্ৰখনত চৰকাৰক অনুৰোধ জনোা হৈছে যে কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ লোৱা সিদ্ধান্তসমূহ স্বাস্থ্য খণ্ডৰে জড়িত কোনো বিশেষ ব্যক্তি বা আন বিশেষজ্ঞ লোকৰ সৈতে আলোচনা কৰি উপযুক্ত ধৰণে এই সমস্যাই সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰাকৈ পৰিকল্পনা কৰাৰ প্ৰয়োজন।নহ’লে সফল বুলি ভাবি থকা অসমৰ এই ছাক্সেছফুল মডেল ধ্বংসত পৰিণত হ’ব।

চিকিৎসকসকলৰ পৰা লাভ কৰা এই পত্ৰ অতি গুৰুত্বপূৰ্ণ। চিকিৎসকেই এতিয়া যদি এনে অনুভৱ হৈছে আৰু সেই কথা স্বাস্থ্য মন্ত্ৰীক জনাইছে, তেন্তে অন্ততঃ স্বাস্থ্য মন্ত্ৰীয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ’লে তেওঁ কোৱাৰ দৰে তেওঁৰে এষাৰ বাক্য অলপ ইফাল সিফাল কৰি ক’ব পাৰি- চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক নিৰুৎসাহী নকৰিব। তেওঁলোকে এই মহাযুঁজখনৰ প্ৰকৃত যুঁজাৰু। কাইলৈ যদি চিকিৎসকসকলে বিদ্ৰোহ কৰে তেন্তে কি হ’ব পাৰে পৰিস্থিতি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি