ধৰ ধৰ ধৰ, ‘দালাল’ক ধৰ…

ধৰ ধৰ ধৰ, ‘দালাল’ক ধৰ…

ৰাজৰ্ষি চহৰীয়া

অসম চৰকাৰ কঠোৰ হৈছে দালালৰ বিৰুদ্ধে । ৰাজ্যত বিভিন্ন চৰকাৰী কাৰ্যালয়ত বছৰ বছৰ ধৰি দালালী কাৰ্য বা দালালসকলৰ কাম-কাজ চলি আহিছে যদিও কোনো সৰ্বসাধাৰণ লোকে ইয়াক লৈ আপত্তি দৰ্শোৱা নাছিল। ইয়াৰ অৰ্থ এইটো নহয় যে দালালী কাৰ্য শুদ্ধ। সৰ্বসাধাৰণ ৰাইজে বিচাৰে যে কেইটামান টকাৰ বিনিময়ত সোনকালে তেওঁলোকৰ কাম হ'ব লাগে।

কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দালালৰাজক বন্ধ কৰাৰ বা নিঃশেষ কৰাৰ দায়িত্ব লৈছে। এয়া সঁচাকৈ অতি প্ৰয়োজনীয় পদক্ষেপ। ৰাজ্য চৰকাৰে দালালৰাজৰ বিৰুদ্ধে এই পদক্ষেপ লোৱাটো অতিকৈ বেছি প্ৰয়োজন। কিয়নো দালাল বা মধ্যভোগীয়ে যি ধন লয় কোনো এটা কামৰ বাবে তাৰ বাবে এজন সৰ্বসাধাৰণ লোকে আৰ্থিকভাৱে অসুবিধা সন্মুখীন হোৱাৰ বিপৰীতে হাৰাশাস্তিৰো সন্মুখীন হয়।

সোমবাৰে এক ডাঙৰ ভূমিকম্পনৰ সৃষ্টি হয় দালালাৰ বাবে। ডিটিঅ' কাৰ্যালয়ত প্ৰস্তুতি কৰা হৈছে ৩৭০টা দালালৰ তালিকা। ৰাজ্য দালালৰ বিৰুদ্ধে যি ধৰণে অভিযান চলি আছে তালৈ চাই এটা কথা স্পষ্ট কৰিব পাৰি যে যিকোনো সময়তে ডিটিঅ' কাৰ্যালয়ৰ এই দালালসমূহক যিকোনো সময়তে থপয়িবা পাৰে অসম আৰক্ষীয়ে।

ৰাজ্যজুৰি আৰক্ষীৰ অভিযান চলাই ৫২০ টা মাটি দালালক আটক কৰাৰ পাছত মুখ্যমন্ত্ৰী কাৰ্যালয় এইবাৰ সাজু হৈছে ডিটিঅ' কাৰ্যালয়ত চাফাই অভিযানৰ বাবে। বিত্তশালী দালালৰ তালিকা কৰা হৈছে সাজু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰ অৰ্থাৎ ২৭ ছেপ্টেম্বৰ, ২০২১ত সাংবাদিকৰ আগত ঘোষণা কৰে যে তেওঁ যাৰ পৰা দালালৰ তালিকা লয় তেওঁ ডিটিঅ' কাৰ্যালয়ৰ ৩৮২জন দালালৰ নাম অন্তৰ্ভুক্ত কৰিছে নতুন দালালৰ তালিকাত।

ভাবিলেই ভাল লগা কথা। কিয়নো ডিটিঅ' কাৰ্যালয় দালালমুক্ত হ'ব। কিন্তু প্ৰশ্ন হয় মাটি দালালৰ ৰৌ, বৰালি সাৰি যোৱাৰ দৰেই ডিটিঅ' কাৰ্যালয়ৰ দালালৰ ৰৌ, বৰালিও সাৰি যাব নেকি? নে জালত পৰিব কেৱল পুঠি-খলিহনাহে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই খোদ এই কথা সদৰি কৰে যে, একোজন লোকে ট্ৰেড লাইচেঞ্চৰ বাবে বছৰী প্ৰায় ৩০ হাজাৰ টকা খৰচ কৰে। আৰু ইয়াৰে মাত্ৰ ১ হাজাৰ টকাহে লাভ কৰে চৰকাৰে। যাৰ বাবে চৰকাৰ আৰু সৰ্বসাধাৰণ লোকৰ ক্ষতি হয়। কিন্তু মাজত একাংশ মধ্যভোগীৰ বাবে হৈ পৰে ই লাভজনক।

উল্লেখ্য যে, ২১ ছেপ্টেম্বৰ, ২০২১ৰ বাতৰিত প্ৰকাশ কৰা অনুসৰি ৫২০জন মাটিৰ দালালক আটক কৰা হৈছিল। ইয়াৰে ওদালগুৰিত ২টা, লখিমপুৰত ১৩টা দালাল, ধুবুৰীত ২০টা, বঙাইগাঁৱত ১৪টা দালাল, গোলাঘাটত ১৪টা, কৰিমগঞ্জত ১৬টা, হোজাইত ২৬টা, ডিব্রুগড়ত ১৭টা, কাৰ্বি আংলঙত ৩টা, যোৰহাটত ১৫টা, শদিয়াত ৩টা, নলবাৰীত ৩১টা, তিনিচুকীয়াত ৫টা, বিশ্বনাথত ৩৩টা, শোণিতপুৰত ১২টা, কোকৰাঝাৰত ২২টা, বৰপেটাত ৪১টা, গোৱালপাৰাত ১৩টা, গুৱাহাটীত ৩৫টা, কামৰূপ (গ্রাম্য)ত ৫২টা, মৰিগাঁৱত ২৭টা, নগাঁৱত ২২টা, হাইলাকান্দিত ১২টা, কাছাৰত ১২টা, ধেমাজিত ৩টা, শিৱসাগৰত ৫টা, দক্ষিণ শালমাৰাত ৫টা, চিৰাঙত ৮টা, বাক্সাত ১৪টা, বজালীত ১৭টা আৰু দৰঙত ১১টা মাটিৰ দালালক আটক কৰে অসম আৰক্ষীয়ে।

দালালৰাজক যেনেকৈ নৌহওঁক কিয় বাধা দিয়াৰ বাবে এনেদৰে অভিযান তথা প্ৰস্তুতি চলাইছে অসমৰ ৰাজ্য চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে। উল্লেখ্যযোগ্য যে, ২ জুলাই, ২০২১ত অসমীয়া প্ৰতিদিনৰ ডিডিটেল ডেস্কত প্ৰকাশিত বাতৰি অনুসৰি- দৰং জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈ আহিছিল বহু অনিয়ম। জিলাখনৰ পৰিবহন বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণ আৰু উপ পৰিদৰ্শক জীৱন কোৱৰৰ এক টেলিফোনিক বাৰ্তলাপত স্পষ্ট হৈছে জিলাখনৰ পৰিবহন বিভাগৰ কাৰ্যালয়ত সৃষ্টি হোৱা দুৰ্নীতিৰ অন্য এক দস্তাবেজ।দুদিনমানৰ পূৰ্বে ৰাজপথতে সুৰাৰ নিচাত সহকৰ্মীক অসভ্য গালি গালাজ কৰি কুখ্যাত হৈ পৰা জিলা পৰিবহন বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণৰ পৃষ্ঠপোষকতাতে কাৰ্যালয়টোত দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। দীৰ্ঘদিন ধৰি দৰং জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত দালাল ৰাজৰ জৰিয়তে গাড়ী-মটৰৰ অনুজ্ঞাপত্ৰৰ কামকাজ চলি থকাৰ চৰ্চা চলি আহিছিল৷ ইয়াৰ উপৰিও কাৰ্যালয়টোৰ যানবাহনৰ অন্যান্য কাম সমূহ এক বৃহৎ চক্ৰৰ জৰিয়তে চলাই আহা বুলি অভিযোগ উত্থাপন হৈ আহিছিল।

শেহতীয়াকৈ দৰং জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণই সহকাৰী উপ পথ পৰিদৰ্শক জীৱন কোঁৱৰক কিদৰে ধনৰ লেনদেন কৰিব সেই বিষয়ে পৰামৰ্শ আগবঢ়োৱাৰ এক টেলিফোনিক বাৰ্তালপ ভাইৰেল হৈ পৰিছে। ইয়াৰ পাছতে জিলাখনৰ সচেতন মহল বিষয়টোক লৈ সংকিত হৈ পৰিছে। উল্লেখ্য যো বিতৰ্কিত কুমাৰ সঞ্জীৱ কৃষ্ণ অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ হোৱাৰ বাবেই ক্ষমতাৰ ৰাগীত এনেধৰণৰ অনিয়ম সংঘটিত কৰিবলৈ সাহস পাইছে বুলিও চৰ্চা চলিছে।

এটা কথা স্পষ্ট কৰি দিয়া উচিত যে দালালসকলক শান্তিত থাকিবলৈ নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আৰু এই দালালসকলক আঁতৰাই দিয়াৰ ফলত চৰকাৰী যিকোনো কাম সঠিক আৰু কোনো অনিয়ম সংঘটিত নোহোৱাকৈ চলি থাকিব। যাৰ বাবে ৰাজ্য চৰকাৰে অতি ভাল পদক্ষেপ লৈছে। গতিকে সৰ্বসাধাৰণ ৰাইজেও এই দালালসকলৰ পৰা দূৰত থাকি নিজৰ চৰকাৰ তথা ৰাজ্যখনত সহায় কৰাৰ প্ৰয়োজন। নহ'লে সকলোৱে মুখে মুখে কেৱল ক'বলৈ বাধ্য হ'ব যে- ধৰ ধৰ ধৰ, দালালক ধৰ…।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in