লাগে ‘বিহু’, নালাগে…

লাগে ‘বিহু’, নালাগে…

ৰাজৰ্ষি চহৰীয়া

দেশত এতিয়া বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। কিন্তু এই ভাইৰাছৰ আতংকৰ লগতে অসমবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে এক আনন্দ-উচাহ। কিয়নো সন্মুখত বিহু। অসমীয়া সকলৰ মাজত এতিয়া এষাৰ কথাই স্থান পাইছে- বিহু বিহু লাগিছেনে?

কোৰোনা পৰিস্থিতিৰ মাজতো এইষাৰ কথা অতি গুৰুত্বপূৰ্ণ প্ৰতিগৰাকী অসমীয়াৰ বাবে। কিয়নো ২০২০ত কোৰোনাই বিশ্বজুৰি যি ভয়াৱহ পৰিস্থিতিৰ মাজত মানৱ জাতিক আৱদ্ধ কৰি ৰাখিলে তাৰ ফলত অসমত পালন কৰিব পৰা নহ'ল অসমীয়া জাতিৰ বাপতি সাহোন বহাগ বিহুটি।

সেই সময়ত জন সমাগম নকৰাই আছিল সঠিক সিদ্ধান্ত। কিন্তু এই বৰ্ষত অৱশ্যে প্ৰতিগৰাকী অসমীয়াই পাব বিহুটি উদযাপন কৰিবলৈ। কিয়নো অসমীয়া জাতিৰ বাবে বিহু কেৱল এটা মাহ নহয়। বিহু মানে হৈছে ঢোল, পেঁপা, গগনাৰ মাত। বহাগ মানেই চৌদিশে বিহু নাম, বিহু নাচ নাচিবলৈ ঢোলীয়া, গাভৰুৰ জাক।

বহাগ গৈছে যৌৱনৰ জীৱন্ত প্ৰতীক। বসন্ত মাহ প্ৰকৃতিৰ যৌৱন। বসন্ত কালত ধৰিত্ৰী হয় গাভৰু। যিয়ে সৃষ্টি কৰে পৃথিৱীত উৎসৱমুখৰ এক মধুৰ পৰিৱেশ। অসমীয়া জাতিৰ মাজত মুখে মুখে চলে যে বহাগ আহিলেই বৰদৈচিলা মাকৰ ঘৰলৈ আহে।  

উল্লেখ্য যে, বড়োসকলে বৰদৈচিখলা নামৰ এগৰাকী গোঁসানীক পূজা কৰিছিল। বড়ো লোকসকলৰ মতে, বাৰ মানে ধুমুহা, দৈ অৰ্থাৎ পানী অথবা বৃষ্টিপাত, চিখলা মানে গাভৰু বা গোঁসানী। চমুকৈ বৰদৈচিখলা মানে হ'ল ধুমুহা-বৰষুণৰ গোঁসানী। এই বৰদৈচিখলাৰ পৰাই বৰদৈচিলা হৈছে বুলি অনুমান কৰা হয়।

এইবোৰ কথাৰ লগতে বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ হৈছে অসমবাসীৰ মনৰ উচাহ বিহুক লৈ। এবছৰ মাজতে অসমীয়াই বিহুৰ আনন্দ-উচাহ লাভ নকৰিলে। কাৰণ আছিল কোৰোনা ভাইৰাছ। কিন্তু এইবাৰ সকলোৱে হৈছে সাজু।

দেখিবলৈ পোৱা গৈছে যে আখৰাত ব্যস্ত হৈ পৰিছে কন্ঠশিল্পীসকল। সকলোৱে বিহুৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে আখৰা। কোনে কোনটো গীত গাই দৰ্শকক আপ্লুত কৰিব তাৰ বাবে সকলো প্ৰস্তুতি চলোৱা হৈছে।

কিন্তু তাৰ মাজতে এটা প্ৰশ্ন সকলোৰে মাজতো উত্থাপন হৈছে। সেইটো হ'ল- বঁহাগ বিহুৰ পাছতে হ'ব নেকি ল'কডাউন। এই কথা অৱশ্যে পৰিস্থিতি চাই চৰকাৰে দিয়া নিৰ্দেশৰ পাছতহে জানিব পৰা যাব। কিন্তু যিধৰণে কোৰোনাৰ সংক্ৰমণৰ হাৰ অসমত বৃদ্ধি পাইছে, তাৰ প্ৰতি দৃষ্টি ৰাখি বুজিব পাৰি যে যিকোনো সময়ত ল'কডাউন জাৰি কৰিলে আচৰিত হ'ব লগাও বিশেষ নাই।

তাৰ মাজতে এক ভাল খবৰ। ৯ এপ্ৰিল, ২০২১ চনত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এক সংবাদমেল। এই সংবাদমেলত এক অতি ভাল খবৰ মন্ত্ৰীগৰাকীয়ে দিছে অসমবাসীক। তেওঁ এই সংবাদমেলত আগন্তুক বিহুৰ সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত ঘোষণা কৰে।

উল্লেখ্য যে, ১৪, ১৫ আৰু ১৬ এপ্ৰিল, ২০২১ত অসমবাসীক উদযাপন কৰিব বহাগ বিহু।  এই বিহুৰ বাবে বহু সময়ৰ পৰে বাট চাই আহিছে প্ৰতিগৰাকী অসমীয়াই। তাৰমাজতে কোভিড প্ৰট'ক'ল মানি হ'লেও বিহু উদযাপন কৰিবলৈ পাব বুলি কৰা ঘোষণাৰ পাছত সকলো এতিয়া উৎসাহী হৈ পৰিছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে, অসমত নহয় ল'কডাউন, নহয় সান্ধ্য আইন। এয়া যে কিমান সুখবৰ। সেয়া হয়তো প্ৰতিগৰাকী ৰাজ্যবাসীয়ে অনুভৱ কৰিছে। কিন্তু প্ৰতিগৰাকী অসমবাসীক কোৰোনাৰ লক্ষণ দেখিলে কোভিড টেষ্ট কৰিবলৈও আহ্বান জনাইছে মন্ত্ৰী শৰ্মাই।

চাবলৈ গ'লে সকলোৱে বিচাৰিছে এইবাৰৰ বিহুটি। ২০২০ত যি আনন্দ-উচাহ কোভিড-১৯ মহামাৰীৰ ফলত ম্লান পৰি গৈছিল, তেনে পৰিস্থিতি-পৰিৱেশ যাতে ২০২১ত সৃষ্টি নহয় সেয়াই সকলোৰে আশা আৰু প্ৰাৰ্থনা। কিয়নো কোৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱা বিষয়টো সকলোৰে বাবে চিন্তাৰ কাৰণ যদিও, বাপতি সাহোন বিহুটি প্ৰতিগৰাকী অসমীয়াৰ বাবে উচাহৰ কাৰণ। গতিকে সকলোৱে বিচাৰিছে আহক বিহু, হ্ৰাস হওঁক কোৰোনা। অৰ্থাৎ প্ৰতিগৰাকী অসমীয়াই মনৰ পৰা নিশ্চিতভাৱে কৈছে- লাগে বিহু, নালাগে কোৰোনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in