বিহাৰ বিধানসভা নিৰ্বাচন…

বিহাৰ বিধানসভা নিৰ্বাচন…

ৰাজৰ্ষি চহৰীয়া

বিহাৰত কি হ'ব এইবাৰ নীতিশ বাবুৰ? সৌ সেইদিনা লৈকে নীতিশ কুমাৰৰে পাল্লা ভাৰি আছিল। কিন্তু হঠাৎ ওলত পালত হোৱা যেন লাগিছে বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। ২৪৩জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ অক্টোবৰত।

৭১ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। বিহাৰত নীতিশ কুমাৰ আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি সকলোৱে ভাবি আছিল। কিন্তু শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটত আৰ জে বি কংগ্ৰেছ আৰু বাওঁ জোঁটৰ প্ৰতি বিহাৰৰ জনসাধাৰণৰ ব্যাপক সঁহাৰিয়ে বিজেপি আৰু মিত্ৰ দলসমূহক শংকিত কৰি তুলিছে।

বিহাৰ এনে এখন ৰাজ্য য'ত ৰাজনীতি চলে বিভিন্ন জাতি, সম্প্ৰদায়ক লৈ। দেশৰ ভিতৰতে এখন বৃহৎ ৰাজ্য বিহাৰৰ নিৰ্বাচনক লৈ সকলোৱে দৃষ্টি ৰাখে। নিৰ্বাচনৰ বিশ্লেষকসকলে ইতিমধ্যে এই ইংগিত বহন কৰিছিল যে, বিহাৰৰ পৰাই নৰেন্দ্ৰ মোডী পতন আৰম্ভ হ'লে আচৰিত হ'ব লগা একো নাই।

পূৰ্বতে নীতিশ কুমাৰে আৰ জে ডিৰ পিঠিত উঠি ক্ষমতা দখল কৰিছিল। আইনী দৃষ্টিকোণেৰে লালু প্ৰসাদ যাদৱ দোষী বা অপৰাধী হ'লেও বিহাৰৰ ৰাজনীতিত যি কেইটা পৰিয়ালৰ প্ৰভাৱ আছে তাৰ ভিতৰত লালু প্ৰসাদ যাদৱ অন্যতম।

একেদৰে ৰাম বিলাস পাছৱানৰ প্ৰভাৱৰ কথাও নুই কৰিব নোৱাৰি। ৰাম বিলাস পাছৱানৰ মৃত্যুৰ পাছত বিহাৰৰ ৰাজনীতিত বিজেপি মিত্ৰজোঁটৰ শক্তি হ্ৰাস পাইছে। তাতোকৈ ডাঙৰ কথাটো হ'ল লালু প্ৰসাদ যাদৱৰ অনুপস্থিতিত বিহাৰৰ ৰাজনীতিত তেজস্বী যাদৱৰ আত্মপ্ৰকাশ আন এক উল্লেখযোগ্য দিশ।

উল্লেখ্য যে, বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূব বিহাৰৰ ১৬খন আসনত প্রথম পৰ্যায়ৰ হ'ব লগীয়া ভোটগ্ৰহণৰ বাবে সকলো সাজু হৈ পৰিছে। এনডিএ বনাম মহা জোঁটবন্ধনৰ বৰ্তমান পাল্লা প্ৰায় সমানত আছে।

২৮ অক্টোবৰত অনুষ্ঠিত হ'ব লগা ভোটগ্ৰঙণ দুয়ো পক্ষৰ বাবে ক্ৰিকেটৰ ছুপাৰ অভাৰ সদৃশ হ'ব বুলি বহুতে মত ব্যক্ত কৰিছে। বৰ্তমান এই ১৬খন আসনৰ ৮খনত এনডিএ আৰু আন ৮খনত মহা জোঁটবন্ধনৰ দখলত আছে।

কোৰোনা সৃষ্ট পৰিৱেশৰ মাজতে হ'ব লগীয়া এই নিৰ্বাচনক লৈ সমগ্ৰ দেশে দৃষ্টি ৰাখিছে। উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১০৬৪জন প্ৰাৰ্থী নামিছে নিৰ্বাচনী যুঁজত। ইয়াৰে প্ৰায় ৮জনেই মন্ত্ৰী। যাৰ ভাগ্য নিৰূপন হ'ব এই নিৰ্বাচনৰ পাছত। এই মন্ত্ৰী কেইজন ক্ৰমে শেলেস কুমাৰ, জয় কুমাৰ সিং, সন্তোষ কুমাৰ নিৰালা, ৰামনাৰায়ণ মণ্ডল, বিজয় কুমাৰ সিনহা তথা ব্ৰিজকিশোৰ বিণ্ড, প্ৰেম কুমাৰ আৰু কৃষ্ণনন্দন বৰ্মা।

ইফালে, এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মাছ চমুকৈ এডিআৰৰ সমীক্ষা অনুসৰি, বিহাৰ বিধানসভাৰ প্রথম পৰ্যায়ৰ প্রথম পৰ্যায়ত প্ৰাৰ্থিত্ব আগবঢ়াব লগা ৩০জনৰো অধিকৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু কৰা আছে।

২৩ শতাংশ অৰ্থাৎ ২৪৪জন প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ, ৩১ শতাংশ অৰ্থাৎ ৩২৮জনৰ বিৰুদ্ধে আপৰাধৰ, ৩৫ শতাংশ অৰ্থাৎ ৩৭৫জনৰ বিৰুদ্ধে বিত্তীয় সম্পত্তি কেলেংকাৰীৰ দৰে গোচৰ ৰুজু হৈ আছে।

উল্লেখযোগ্য যে, বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। মুঠ ২৪৩খনৰ আসনৰ বাবে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাৰ্থী প্ৰত্যাশীসকলে। প্রথম পৰ্যায়ত ৭১খন আসনত ২৮ অক্টোবৰ, ২০২০ত, দ্বিতীয় পৰ্যায়ত ৯৪খন আসনৰ বাবে ৩ নবেম্বৰ, ২০২০ত আৰু তৃতীয় পৰ্যায়ত ৭৮খন আসনৰ বাবে ৭ নবেম্বৰ, ২০২০ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

তাৰপাছত ১০ নবেম্বৰ, ২০২০ত ঘোষণা কৰা হ'ব ফলাফল। এইবাৰ বিহাৰৰ ৰাইজে নিজৰ বহু মূল্যবান ভোট দি কাৰ কাৰ ভাগ্য সলনি কৰিব সেয়া ফলাফলৰ দিনাহে জানিব পৰা যাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in