পুলিচৰ বাবে ‘পুলিচ’ৰ কি নতুন নিয়ম…

পুলিচৰ বাবে ‘পুলিচ’ৰ কি নতুন নিয়ম…

মৃদুল কুমাৰ সন্দিকৈ

পুলিচৰ এটা বদনাম আছে। টকা নাপালে পুলিচে একো নকৰে। পুলিচক লৈ বহু কাহিনীও মানুহৰ মুখে মুখে। বাটে-পথে পুলিচে ধন সংগ্ৰহ কৰা দৃশ্য প্ৰায়ে বাতৰিৰ শিৰোনাম হয়। থানালৈ যোৱা মানুহৰ মুখত এটাই কথা- পুলিচক দুটকা মান নিদিলে কাম নিসিজে।

এইবোৰ সাধাৰণ বদনাম পুলিচৰ। আৰক্ষী বিভাগত কৰ্মৰত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সহজ ধনৰ স্বীকাৰ হয় নেকি? সেই সমস্যাবোৰৰ সমাধান ক'ত? পিছ দুৱাৰেদি সংগ্ৰহ কৰা দুৰ্নীতিৰ এই ধনেৰে আৰক্ষীয়ে বিলাসী জীৱন যাপন কৰে বুলি আন এক অভিযোগ আছে।

আৰক্ষী বিভাগত কৰ্মৰত উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ আয় অনুপাতে আহৰণ কৰা সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগে। কিন্তু তলৰ পৰ্যায়ৰ আৰক্ষীৰ বাবে তেনে কোনো নিয়ম সম্ভৱ দেশতেই নাই। সেয়েহে ইয়াৰ সুযোগ গ্ৰহণ কৰি দুই হাতেৰে আৰক্ষীয়ে ধন চপালেও চাওঁতা বা কওঁতা কোনো নাথাকে।

ঘোচখোৰ – দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ বাবে এটা বেয়া খবৰ আছে। অসম আৰক্ষীত বিভিন্ন শাখা মিলাই প্ৰায় ৭৬ হাজাৰ বিষয়া-কনিষ্ঠবল আছে। ইয়াৰে ভিতৰত ৪হাজাৰ পৰা ৪২০০ মান উপ পৰিদৰ্শক, ৯০০-৯৬০জন পৰিদৰ্শক আৰু ৪০০-৪২০জন মান উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া আছে।

দিব লাগিব উপ পৰিদৰ্শক-পৰিদৰ্শকৰ সম্পত্তিৰ হিচাপ…

অসম আৰক্ষীৰ বৰ্তমানৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই ৩১ অক্টোবৰ, ২০২০ত এক বিশেষ জাননী জাৰি কৰিছিল। এই জাননীখন অসম আৰক্ষীৰ ৭৬ হাজাৰ বিষয়া-কৰ্মচাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। আশা কৰা হৈছে দুৰ্নীতি প্ৰতিৰোধৰ ক্ষেত্ৰত এয়া হ'ব এক মাইলৰ খুটি।

অসম চিভিল ছাৰ্ভিছ (কনডাক্ট ৰুলছ) ১৯৬৫ৰ নিয়ম ১১(১)(এ) অনুসৰি প্ৰতিজন চৰকাৰী চাকৰিয়ালে তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি হিচাপ চৰকাৰক দাখিল কৰিব লাগে। তেওঁলোকৰ পৰিয়ালৰ বা তেওঁৰ নামত থকা এই সম্পত্তি হিচাপ দিয়াতো এই নিয়মানুসৰি বাধ্যতামূলক।

সেই নিয়মৰ আধাৰতে চাৰ্কুলাৰ নম্বৰ ২/২০২০ তাৰিখ- ৩১ অক্টোবৰ, ২০২০ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। সেই অনুসৰি অসম আৰক্ষীৰ সশস্ত্ৰকে ধৰি সকলো উপ পৰিদৰ্শক, পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই তেওঁলোকৰ সম্পত্তিৰ হিচাপ বছৰী জমা দিয়াতো বাধ্যতামূলক কৰা হৈছে।

এই নিৰ্দেশ অনসুৰি বছৰী সম্পত্তিৰ তালিকা দুটা ফৰ্মেটত দিব লাগিব। উচ্চপদস্থ বিষয়াসকলে সেয়া জমা দিয়ে যদিও এতিয়াৰ পৰা উপ পৰিদৰ্শক আৰু পৰিদৰ্শকৰ ক্ষেত্ৰতো সেয়া বাধ্যতামূলক কৰা হৈছে। এটা ফৰ্মেটত স্থাৱৰ, আন এটা ফৰ্মেটত অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব এই সকল বিষয়াই।

প্ৰতি বছৰে ৩১ জানুৱাৰীৰ পূৰ্বে তেওঁলোকৰ নিয়োগকৰ্তা বা উচ্চপদস্থ বিষয়াৰ ওচৰত স্থায়ী আৰু অস্থায়ী সম্পত্তিৰ পৃথক পৃথক তালিকা জমা দিয়াতো বাধ্যতামূলক কৰা হৈছে।স্থাৱৰ সম্পত্তি (আইপিআৰ) দাখিলৰ বাবে দিয়া ফৰ্মেটত বিষয়াগৰাকীৰ নাম তেওঁ পদবী, কিমান দৰমহা পাই আদি উল্লেখ থাকিব লাগিব।

স্থাৱৰ সম্পত্তিৰ তালিকা দাখিল কৰাৰ ফৰ্মেট…

এই তালিকাত তেওঁঁলোকৰ ঠিকনাসহ ক'ত ক'ত মাটি আছে, ঘৰ-ফ্লেট আছে, কাৰ নামত আছে, সেইবোৰ তেওঁলোকে কিনিছে নে বংশগত সূত্ৰে পাইছে, কিনিছে যদি তাৰ সবিশেষ, এইবোৰৰ পৰা তেওঁলোকে বছৰী কিমান টকা উপাৰ্জন কৰে আদি উল্লেখ থাকিব।

ইফালে, অস্থাৱৰ সম্পত্তিৰ তালিকা দাখিলৰ বাবে পৃথক ফৰ্মেটতো অনুৰূপ ধৰণেই তেওঁলোকৰ সবিশেষ উল্লেখ থকাৰ লগতে ইয়াত তেওঁলোকে তেওঁলোকৰ কি কি অস্থাৱৰ সম্পত্তি আছে তাৰ তালিকা, তাৰ মূল্য, বেংকত জমা থকা ধনৰ সবিশেষ, ঋণ, অস্থাৱৰ সম্পত্তি কাৰ নামত আছে এইবোৰ উল্লেখ কৰাতো বাধ্যতামূলক কৰা হৈছে। জীৱন বীমা থাকিলে সেই জীৱন বীমাৰ প্ৰিমিয়াম কিমান দিয়ে , পলিচী নম্বৰ, তেওঁলোকৰ খৰচ, পৰিয়াল চলাওঁতে হোৱা ব্যয় আদি বিষয়ো উল্লেখ থাকিব লাগিব।

অস্থাৱৰ সম্পত্তিৰ তালিকা দাখিলৰ ফৰ্মেট…

বছৰৰ শেষত এই সম্পত্তিৰ তালিকা এতিয়াৰ পৰা উপ পৰিদৰ্শক আৰু পৰিদৰ্শকসকলে দাখিল কৰিব লাগিব । এই সন্দৰ্ভত এই জাননীত কিছু নীতি নিৰ্দেশনাও জাৰি কৰা হৈছে। অস্থাৱৰ সম্পত্তিৰ ভিতৰত নগদ ধনৰ হিচাপ, আয়কৰ দিয়াৰ তথ্য, আ-অলংকাৰ, যান-বাহন, কালাৰ টিভি, এচি আদি সকলো তথ্য জমা দিব লাগিব। যিবোৰ সামগ্ৰীৰ মূল্য ১০হাজাৰৰ ওপৰত সেই সামগ্ৰী লিপিবদ্ধ কৰিব লাগিব এই তালিকাত।

নিৰ্দেশনাটোত কোৱা হৈছে যে যিসকল আৰক্ষী বিষয়াই সম্পত্তিৰ তালিকা নিৰ্ধাৰিত সময়ত দাখিল নকৰিব তেওঁলোকে ভিজিলেন্স ক্লিয়াৰেন্স নাপাব আৰু ইয়াৰ ফলত তেওঁলোকৰ পদোন্নতি, ডেপুটেশ্যন, বিদেশ ভ্ৰমণ, বেংক লোণ আদি লাভ কৰাৰ ক্ষেত্ৰত বিভাগৰ পৰা এন অ চি লাভ নকৰিব।

আনকি ছাৰ্ভিচ বুকতো তেওঁলোকৰ এই কথা বিশেষভাৱে উল্লেখ থাকিব। তেওঁলোকৰ বিৰুদ্ধে আছাম চিভিল ছাৰ্ভিচ (কনডাক্ট ৰুলছ) ১৯৬৫ ভংগ কৰাৰ অপৰাধত বিভাগীয় ব্যৱস্থাও গ্ৰহণ কৰা হ'ব। এই সম্পত্তিৰ তালিকা সকলোৱে দিয়াতো বাধ্যতামূলক।

ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে, এই সম্পত্তিৰ তালিকা আৰক্ষী বিষয়াসকলে দাখিল কৰাৰ পাছত সেয়া চৰকাৰী ফাইলত গোপন হৈ পৰি নাথাকিব। অসম আৰক্ষীয়ে সিদ্ধান্ত লৈছে যে, এই বিষয়াসকলৰ সম্পত্তিৰ তালিকা ৰাজহুৱা স্থানত, চৰকাৰী ৱেবছাইটত, বিভাগীয়ভাৱে ৰাজহুৱা কৰা হ'ব।

ইয়াক অতি সাধাৰণভাৱে ল'ব নোৱাৰিব এতিয়াৰ পৰা আৰক্ষীৰ বিষয়াসকলে। সেই সন্দৰ্ভত কঠোৰ আৰু ইয়াক বাধ্যতামূলক কৰিবলৈ আৰক্ষী সঞ্চালক প্রধানৰ পৰা নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে। ২০২০ বৰ্ষৰ পৰাই এই নিয়ম প্ৰযোজ্য হ'ব। অৰ্থাৎ ২০২১ বৰ্ষত আৰক্ষীৰ এই সকল লোকে তেওঁলোকৰ সম্পত্তিৰ সকলো হিচাপ দাখিল কৰিব লাগিব।

দেখা যায় যে, আৰক্ষীত কৰ্মৰত বিষয়াসকলে দুৰ্নীতিৰ ধন সংগ্ৰহ কৰি সম্প্ৰতি বিশাল সাম্ৰাজ্য গঢ়ি তোলে। কিন্তু এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছত আৰক্ষী বিভাগত কৰ্মৰত দুৰ্নীতিগ্ৰস্ত লোকসকলৰ বাবে এক সকীয়নি বাৰ্তা যাব।

দেশৰ আন প্ৰান্তত নকৰা প্রথমবাৰৰ বাবে ৰাজ্যত উপ পৰিদৰ্শক পৰ্যায়ৰ পৰা পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা দাখিল আৰু ইয়াক ৰাজহুৱা স্থানত উপলব্ধ কৰোৱা এই ব্যৱস্থাই নিশ্চিতভাৱে আৰক্ষী সংস্কাৰৰ দিশত , দুৰ্নীতিত নিৰ্মজ্জিত বুলি চৰ্চিত আৰক্ষীৰ বাবে এক ব্যৱহাৰিক পদক্ষেপ বুলি ক'ব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in