গুলী মাৰ ভেজে মে’…

গুলী মাৰ ভেজে মে’…

মৃদুল কুমাৰ সন্দিকৈ

গুলী মাৰ ভেজে মে'… অৰ্থাৎ গুলী মূৰত মাৰি দিয়া। এনে কিছু অপৰাধী আছে তেওঁলোকক ভৰিত নহয়, মূৰতহে গুলী মাৰিব লাগে বুলি ক'বলৈ মন যায়। সেই অপৰাধী সকলৰ অপৰাধৰ কোনো মাফ নাই। তেওঁলোকে সমাজখনক এনেদৰে ক্ষতি কৰিছে যে তেওঁলোকৰ ভৰিত গুলী মৰাৰ সলনি মূৰতহে গুলী মৰাৰ প্ৰয়োজন।

অসম আৰক্ষীয়ে যোৱা প্ৰায় চাৰি মাহত তেনে বহু দুৰ্ধৰ্ষ অপৰাধীলৈ লক্ষ্য কৰি গুলী মাৰিছে। কোনো কোনোৱে এই গুলীত প্ৰাণ হেৰুৱাইছে আৰু বহুতৰে ভৰিত গুলী লাগিছে। সাধাৰণ মানুহে আপেক্ষিকভাৱে আৰক্ষীক চাব্বাছ দিছে। মানুহ বুলি ক'বলৈও সংকোচ বা এনে অপৰাধীৰ বাবে এয়াই উপযুক্ত শাস্তি বুলি হাত চাপৰিও বজাইছে।

মানুহৰ মনত আৰক্ষীৰ প্ৰতি এনেবোৰ ঘটনাই মুহূৰ্তৰ বাবে হ'লেও ইতিবাচক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বুলিয়েই আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষ বা চৰকাৰে বিশ্বাস কৰিছে। শেহতীয়াকৈ ধেমাজিত এজন অপৰাধীৰ ভৰিত আৰক্ষীয়ে গুলীয়াব লগা হ'ল। ঢকুৱাখনাৰ নন্দিতা শইকীয়া নামৰ মৰিঢল কলেজৰ মেধাৱী ছাত্ৰীগৰাকীক ৰিন্টু শৰ্মা নামৰ যুৱকজনে ৰাজপথত চোকা দাৰে ঘপিয়াই হত্যা কৰিছিল।

সেই জঘন্য অপৰাধ সংঘটিত কৰা অপৰাধীটোক ঘটনা কেনেদৰে সংঘটিত কৰিছিল সেই দৃশ্য ৰিক্ৰিয়েশ্বনৰ বাবে নিওতে পলাব বিচাৰিছিল। এয়া আৰক্ষীৰ ভাষ্য। আৰক্ষীয়ে লগে লগেই পলাব খোজা অপৰাধীটোৰ ভৰিলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। সেই ঘটনাত আহত হোৱা অপৰাধীটোক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে।

একেদৰে শনিবাৰে অৰ্থাৎ ৪ ছেপ্টেম্বৰ, ২০২১ত গুৱাহাটীত ৰেভ পাৰ্টী পতা বিশাল চৌধুৰীও আৰক্ষীৰ জিম্মাৰ পৰা পলাব খোজোতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিব লগা হয়। অৰ্থাৎ একেটা দিনতেই দুজন অপৰাধীৰ ভৰিত গুলী লাগিল। আৰক্ষীৰ এই ধৰণৰ এনকাউণ্টাৰৰ বলি হোৱা অপৰাধীবোৰলৈ কোনো অনুকম্পা কাৰো নাথাকে।

বৰ্বৰ এই অপৰাধীবোৰৰ শাস্তি হ'ব লাগে। তেওঁলোক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ যোগ্য। সেই যুক্তিতেই অসম আৰক্ষীৰ এনে গুলীবৰ্ষণৰ ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সাধাৰণ মানুহেও আৰক্ষীৰ এই এনকাউন্টাৰ আঁৰৰ কাহিনী বুজি পায়। সেয়েহে এই সকল দুৰ্ধৰ্ষ অপৰাধীলৈ লক্ষ্য কৰি এৰা গুলীৰ প্ৰতি কোনো আক্ষেপ নাই তেওঁলোকৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক গুৱাহাটীলৈ মাতি আনিছিল। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সেই সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱা ভাৱে কৈছিল- আইনৰ ভিতৰত থাকি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেওঁ লগতে কৈছিল- আৰক্ষীয়ে অপৰাধীৰ ভৰিলৈ লক্ষ্য কৰি গুলী মৰাতো আইন বিৰোধী নহয়।

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সাৰাংশ আছিল- আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব বিচৰা অভিযুক্তলৈ আৰক্ষীয়ে ভৰিলৈ গুলী কৰি গুলীয়াই মাৰিব লাগে। মুখ্যমন্ত্ৰীৰ সেই পৰামৰ্শই যেন এতিয়া মানিছে আৰু কাৰ্যকৰী কৰিছে। ২৯ মে', ২০২১। নগাঁৱৰ হেৰাপট্টিত এটা ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি জিলাখনৰ আৰক্ষীৰ অধীক্ষক গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষী বাহিনীয়ে গুলীবৰ্ষণ কৰিছিল।

এই এনকাউন্টাৰত লক্ষ্য হৈছিল ড্ৰাগছ মাফিয়া মনছুৰ আলী। তাৰ এদিনৰ পাছতেই অৰ্থাৎ ৩০ মে', ২০২১ত নগাঁও জিলাতেই আৰক্ষীয়ে গুলীবৰ্ষণ কৰিছিল জাইতুল কবিৰ নামৰ আন এজন ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি। গুলীবিদ্ধ হৈছিল সেই মাফিয়াটো। সেই আৰম্ভণীৰ ধাৰাবাহিকতা এতিয়া সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে।

৩১ মে'ত কোকৰাঝাৰৰ আৰক্ষীয়ে গো ছিণ্ডিকেটৰ মাফিয়া ৰবি ৰেড্ডীৰ ঘনিষ্ঠ শ্বাহজামালক এনকাউন্টাৰ কৰিব লগা হয়। গুলীবিদ্ধ হয় শ্বাহ জামাল। নলবাৰীত ১১ জুনত আব্বু বক্কৰ নামৰ কুখ্যাত ডকাইতক আৰক্ষীৰ গুলীত আহত হৈছিল। চিকিৎসালয়ত মৃত্যু হয় এই দুৰ্ধৰ্ষ ডকাইতটোৰ। অসম আৰক্ষীৰ চকুৰ টোপনি কাঢ়ি নিয়া মষ্ট ৱান্টেড অপৰাধী আছিল বুবু কোঁৱৰ।

কিমান জনক এই অপৰাধীটোৱে হত্যা কৰিছে তাৰ হিচাপ নাই। চুপাৰি কিলাৰ বুবু কোঁৱৰ গাড়ী চুৰি চক্ৰৰেও জড়িত আছিল। ২৩ জুনত আৰক্ষীৰ এনকাউন্টাৰত শিৱসাগৰত এই অপৰাধীটোৰ অধ্যায় অন্ত পৰে। গেলেকীৰ এখন বনাঞ্চলত আৰক্ষী আৰু বুবু কোঁৱৰৰ এনকাউন্টাৰ হৈছিল। আৰক্ষীয়ে এই ঘটনাক এনকাউন্টাৰ বুলি কোৱাৰ বিপৰীতে পৰিয়ালৰ লোকৰ অভিযোগ দুদিনৰ পূৰ্বে জে'লৰ পৰা জামিনত মুকলি হৈ অহা বুবু কোঁৱৰক কোনো ব্যক্তিয়ে ঘৰৰ পৰা মাতি নিছিল। তাৰ দুঘন্টা মানৰ পাছতেই খবৰ আহিছিল বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা এনকাউন্টাৰত মৃত্যু হোৱা বুলি।

এনে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা কঠোৰতম ব্যৱস্থাত কোনো প্ৰশ্ন উঠা নাছিল। গুৱাহাটীৰ ড্ৰাগছ মাফিয়া অজিত দাসক অপহৰণ কৰি নিছিল কেইজনমান লোকে। ২ জুলাইত সেই অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলাই কাৰ্বি আংলঙত আৰক্ষীয়ে কনৱালদ্বীপ সিং সিদ্ধু আৰু এজন আৰক্ষীক (এই অপৰাধৰ সৈতে জড়িত) হত্যা কৰিছিল।

ইয়াৰ পূৰ্বে আৰক্ষীৰ এনকাউন্টাৰৰ বলি হৈছিল আৰক্ষীৰে এজন কনিষ্ঠবল ৰাজা বাবু সিং। তেওঁ আৰক্ষীৰ হ'লেও অপৰাধীৰ সৈতে সম্পৰ্ক আছিল। চিৰাঙত আৰক্ষীৰ জিম্মাত থকা আব্দুল খালেক নামৰ এটা ছুপাৰী কিলাৰক গুলীয়াব লগা হৈছিল ৮ জুলাইত। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে তেওঁক গুলীওৱাৰ ফলত মৃত্যু হয় ।

১১ জুলাইত জয় নীল আৱেদিন নামৰ এজন লোকক আৰক্ষীয়ে গুলীবৰ্ষণ কৰে। নগাঁৱৰ ধিং আৰক্ষীয়ে এনকাউন্টাৰ কৰি হত্যা কৰিছিল এই অপৰাধীটোক। চুৰি-ডকাইতৰ সৈতে জড়িত আছিল এই অপৰাধীটো। স্থানীয় ৰাইজে এয়া আৰক্ষীৰ পৰিকল্পিত হত্যা বুলি দাবী কৰিলেও আৰক্ষীৰ মতে সি এটা দুৰ্ধৰ্ষ অপৰাধী।

৮ আগষ্টত চামগুৰিত নগাঁও আৰক্ষীয়ে হাইদুল ইছলাম নামৰ এটা অপৰাধীক হত্যা কৰে। ১১ আগষ্টত দৰং আৰক্ষীয়ে এই ধৰণৰ অভিযান চলালে। এনকাউন্টাৰত আছাবাবু আলী নামৰ এজন লোকৰ মৃত্যু হয়। ২২ আগষ্টত কোকৰাঝাৰ আৰক্ষীয়ে কৰা এনকাউন্টাৰত মৃত্যু হয় বেংক ডকাইতিৰ চেষ্টা কৰা তিনি ডকাইত ছিৰাজদুল্লাহ শ্বেইখ, আমিনুল হক আৰু মনিৰুল হুছেইন।

বেংক ডকাইতিৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে গুলীয়াই হত্যা কৰে এই অপৰাধী কেইটাক। ২৬ আগষ্টত লখিমপুৰৰ দক্ষিণ ক'লাবালিত আজাহাৰ আলী নামৰ এটা দুৰ্ধৰ্ষ ডকাইতক এনকাউন্টাৰ কৰাত তেওঁ গুলীবিদ্ধ হয়। ৩ ছেপ্টেম্বৰত লখিমপুৰৰ পানীগাঁৱত আৰক্ষীৰ গুলীত আহত হয় আন এটা ডকাইত।

ৰাকেশ পেগু নামৰ এই ডকাইতটোৱে পলাবলৈ চেষ্টা কৰিছিল। সেয়েহে আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিব লগা হয়। তাৰপাছত শেহতীয়াকৈ ধেমাজি আৰু গুৱাহাটীত আৰক্ষীৰ গুলীত দুই অপৰাধী আহত হোৱা ঘটনা। বিশাল চৌধুৰী নামৰ গুৱাহাটীত আহত হোৱা অপৰাধীটোৱে খাৰঘূলিৰ ৰেভ পাৰ্টীটোলৈ কোকেইন যোগান ধৰিছিল। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰাত দুটাকৈ গুলী লাগিছিল।

এয়া আৰক্ষীৰ সফলতা নে আৰক্ষীক অপৰাধীকৰণ কৰাৰ এক প্ৰয়াস সেয়াও এতিয়া আলোচনা বা বিতৰ্কৰ বিষয়। অপৰাধীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। অপৰাধীৰ প্ৰতি কোনো অনুকম্পা থকা কথাই নাহে। কিন্তু আৰক্ষীয়ে অপৰাধীক ধৰি নি তদন্ত বা অনুসন্ধানৰ বাবে নিওঁতে পলাবলৈ চেষ্টা কৰা ঘটনা বৰ বেছি হৈছে।

আৰক্ষীৰ মতেই এনেদৰে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিব লগা হয়। ৫০টাতকৈ অধিক এনে ঘটনা সংঘটিত হৈছে অসম আৰক্ষীৰ ক্ষেত্ৰত। সেয়েহে মানুহৰ মাজত সন্দেহো সৃষ্টি হৈছে যে- শনিবাৰ আৰু দেওবাৰে আৰক্ষীয়ে সদায় অপৰাধীক পলাবলৈ সুযোগ দিয়াকৈ ঘটনাৰ তদন্ত কৰিবলৈ নিয়া কাৰবাৰটো পূৰ্বৰ পৰিকল্পিত নহয়টো?

অপৰাধীৰ সপক্ষে যুক্তি নাথাকে। তাৰ মানে এইটো নহয় যে কোনো অপৰাধীক আৰক্ষীয়ে আইন হাতত লৈ এনেদৰে এনকাউন্টাৰ কৰাৰ প্ৰয়াসেৰে অপৰাধ প্ৰতিহত কৰিব বিচৰা এই পদক্ষেপে আৰক্ষীক মুক্ত হত্যাৰ এক পৰিৱেশ গঢ়িবলৈ সুযোগ দিব। সকলো অপৰাধীৰেই বিচাৰৰ সন্মুখীন হোৱা আৰু আত্মপক্ষক সমৰ্থনৰ সুযোগ দিয়াৰ ব্যৱস্থা আছে।

ইয়াকে নকৰি আৰক্ষীয়ে এনেদৰে অপৰাধ প্ৰতিৰোধ কৰিব বিচৰা প্ৰয়াসে আজি আৰক্ষীক ভাল লাগিলেও এদিন ডাঙৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নথকা নহয়। অপৰাধী বুলি ধৰি নি যদি কোনো নিৰপৰাধী লোকক এনেদৰে পলাবলৈ সুযোগ দি আৰক্ষীয়ে গুলীবৰ্ষণ কৰে তেতিয়া আৰক্ষীক সমালোচনা কৰাৰ কোনো অৱকাশ নাথাকিব।

সেই পৰিৱেশত আমি অভ্যস্ত হৈ যাম। এনে লাগে অপৰাধীসকলক ধৰি লগে লগে গুলী কৰি দিব লাগে। কিন্তু ভাৰতীয় আইন ব্যৱস্থাই তেনে ক্ষমতা আৰক্ষীক দিয়া নাই। এইখন দেশত আইন-আদালতৰ যি মৰ্যাদা, মানৱ অধিকাৰৰ প্ৰাসংগিকতা এতিয়াও শেষ হোৱা নাই। চিআৰপিচিৰ ধাৰা ৪৬(২)ত উল্লেখ আছে যে – যদি কোনো ব্যক্তিয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱা সময়ত বাধা দিয়ে বা পলাবলৈ চেষ্টা কৰে তেনেহ'লে সেই সময়ত আৰক্ষীয়ে সকলো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এই সন্দৰ্ভত কিছুদিনৰ পূৰ্বে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছাই অৱসৰ লোৱা জ্যেষ্ঠ আৰক্ষী বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে লিখা কেইটামান কথা অতি গুৰুত্বপূৰ্ণ। তেখেতে লিখিছিল- ' Of late, there has been a lot of public debate on certain instructions given to police officers by the highest executives of the state of Assam. Legality of the instructions has been called into question. I believe that when the instructions are finally recorded in the form of minutes and circulated to all concerned, the language and the content would be appropriately modified to put them in a form that will be in conformity with the law. A few issues, however, need to be discussed in the light of the provisions of the law even if it is for an academic purpose.

Section 46(2) of the Code of Criminal Procedure (CrPC) says that if a person resists arrest, or attempts to evade arrest, the "police officer or other person" making an arrest may "use all means necessary to effect the arrest". Further, section 46(3) says, "Nothing in this section gives a right to cause the death of a person who is not accused of an offence punishable with death or with imprisonment for life". This provision is often erroneously interpreted to imply that when the offence is punishable with death or with imprisonment for life, there is a right or authority to cause death if the person accused of that offence resists arrest or tries to evade arrest. The correct position is that if death is caused, the mere fact of the offence being punishable by death or imprisonment for life will not provide blanket protection, and each case will have to be justified by the circumstances under which the death was caused. The word "necessary" tagged with "all means" can prove troublesome when one is required to justify the use of lethal force. One must also understand that the authority to use "all means necessary" is available not only to police officers but also to the "other person" who may well be a member of the public making a lawful arrest under section 43(1) of CrPC. In our criminal justice system, even in the case where a person has been duly convicted in a fair trial and awarded a death sentence, the matter may still go up to the Supreme Court and to the President of India for consideration before the lawful death sentence is executed. It is inconceivable, therefore, that the law would give an open license to policemen and to members of the public to shoot at a person or to cause death or grievous hurt to a person who is merely accused of committing a crime. Such empowerment by law, if held as valid, would make even public lynching justifiable. Lethal force can only be the last resort when all other means fail, and must be used with utmost discretion and restraint.'

যেতিয়া এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বা অপৰাধী আৰক্ষীৰ জিম্মাত থাকে তেতিয়া সেই অপৰাধীটোক পলাই যাব নোৱাৰাকৈ জিম্মাত ৰখোৱাৰ দায়িত্ব আৰক্ষীৰ সংশ্লিষ্ট বিষয়াৰ ওপৰত ন্যস্ত কৰা থাকে। কেনেবাকৈ সেই অপৰাধী পলাব বিচাৰিলে সেয়া আৰক্ষীৰ খুট বা দুৰ্বলতা বুলি গণ্য কৰা হয়। ইয়াৰ বাবে সংশ্লিষ্ট আৰক্ষী বিষয়াজন বা আৰক্ষী সকলো দায়ী।

এজন অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই ৰাজ্যত সংঘটিত এই ধৰণৰ এনকাউন্টাৰ ঘটনাৰ যি যুক্তিনিষ্ট আৰু তথ্যগত ব্যাখ্যা আগবঢ়াইছে সেইবোৰকো নুই কৰিব নোৱাৰি। ভাৰতীয় আৰক্ষী সেৱাত অত্যন্ত সৎ আৰু দায়িত্বশীল বিষয়া হিচাপে নাম থকা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ মতে – 'when a person was already arrested by police and was in their custody, the provision of section 46 CrPC cannot be loosely invoked again for the arrest of the same person. The power of police to use "all means necessary to effect the arrest", as contemplated in section 46(2), does not extend in perpetuity in respect of persons who are already in police custody. Once a person has been arrested and taken into custody, it is the business of the police to take necessary security measures in order to prevent his escape. Escaping from custody is no doubt an offence, but the police officer(s) from whose custody the accused person escapes must also face disciplinary action and/or criminal charges.

Thirdly, provisions of section 46 CrPC should not be confused with the right of private defence and one must be clear in the mind as to which provision(s) will be applicable in a given situation. The right of private defence, as laid down in the Indian Penal Code, is available, subject to certain restrictions, when there is a reasonable apprehension of imminent harm being caused to a person or a property. Again, the right of private defence is available to all citizens in the same way as it is available to police officers. The only difference is that there are some restrictions on the exercise of the right of private defence against a police officer (or, for that matter, against any public servant) for any action taken by such an officer during performance of duty. Encounters that used to take place with armed insurgents and terrorists during the days of insurgency in Assam, in many of which police also suffered casualties, could be justified under the provisions of the right of private defence and/or section 46 CrPC. But it is difficult to imagine how an unarmed person, especially one who is already in police custody, can pose a threat to the lives or to the arms of policemen. If the person's intention is to run away, he will not at the same time try to snatch arms from policemen.' (জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ফেচবুকৰ পৰা সংগ্ৰহৃত।)

এতিয়া কথা হ'ল ধৰি লোৱা হ'ল আৰক্ষীয়ে অপৰাধীক লৈ ধাৰাবাহিকভাৱে গুলীবৰ্ষণ কৰি ভাল কাম কৰিছে। কিন্তু সমান্তৰালভাৱে এনেদৰে অপৰাধী পলাই যাব পৰাকৈ অসম আৰক্ষীয়ে এজন অপৰাধীক জিম্মাত লওঁতে ল'ব লগা ব্যৱস্থা খিনি নোলোৱাৰ বাবে দায়ী কোন? ইয়াৰ বাবে জানো এক উচ্চপৰ্যায়ৰ তদন্ত হ'ব নালাগে?

যদি কোনোবা আৰক্ষী বিষয়াৰ অৱহেলাৰ বাবে বাৰে বাৰে অপৰাধী পলাই গৈছে তেনেহ'লে সেয়াও অসম আৰক্ষীৰ বাবে বৰ সুখৰ কথা নহয়। অপৰাধী এজনক তদন্তৰ সময়ত লৈ যাওঁতে হাতত হেণ্ডকাপ লগাই নিয়া হয়। দুৰ্ধৰ্ষ এনে অপৰাধীয়ে যাতে আৰক্ষীৰ বন্দুক কাঢ়ি নিব নোৱাৰে বা পলাই যাব নোৱাৰে তাৰ বাবে বিশেষ নজৰ ৰখা হয়।

তেনেস্থলত এইবোৰ ঘটনা সংঘটিত হৈ থাকিলে এদিন অসম আৰক্ষীৰ বল-বিক্ৰমক লৈওঁ প্ৰশ্ন উঠিব। যদি এইবোৰ কোনো নাট্য ৰূপ তেনেহ'লে তাৰ আঁৰ কাপোৰ এদিন উঠিলে ইয়াৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীও জবাবদিহি হ'ব। অপৰাধমুক্ত কেৱল আৰক্ষীয়ে বন্দুকৰ গুলীৰে কৰাতো সম্ভৱ নহয়।

সংবাদ মাধ্যম, সমাজ আৰু আৰক্ষীয়ে এতিয়া এইবোৰ ঘটনাক সহজভাৱে লৈছে। আৱেগ, অনুভূতি আৰু অপৰাধীৰ প্ৰতি কঠোৰ দৃষ্টিভংগীৰে হাত চাপৰি বজাই এনে পদক্ষেপক মৌন সমৰ্থন দিছে সকলোৱে। কিন্তু এই সংস্কৃতি আৰক্ষীৰ বাবে কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন- দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ত কৰাৰ সময়ত আৰক্ষীয়ে প্ৰয়োজন হ'লে ভৰিত নহয় মূৰলৈ লক্ষ্য কৰি গুলী মাৰক। তেনে অপৰাধীক আৰক্ষীয়ে হত্যা কৰিলে সমাজৰ একো ক্ষতি নোহোৱাৰ লগতে আইনী দৃষ্টিভংগীৰেও ইয়াক মানি ল'ব পাৰি। কিন্তু কৰায়ত্ত কৰাৰ পাছত আৰক্ষীয়ে একেখন নাটক বাৰে বাৰে কৰি থাকিলে এদিন আইনৰ কাঠগড়াতেই আৰক্ষী নিজেই উঠিব লগা হ'ব অপৰাধীৰ দৰে। আৰক্ষীক অপৰাধীৰ ৰূপত আমি কেতিয়াও পাব নিবিচাৰো। আৰক্ষীয়ে অপৰাধ মুক্ত অসম গঢ়িবলৈ কঠোৰ ব্যৱস্থা লওঁক। সেই ক্ষেত্ৰত সহযোগ নিশ্চয় সকলোৰে থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in