হ’ব কোন…

হ’ব কোন…

ৰাজৰ্ষি চহৰীয়া

কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল? এই প্ৰশ্নৰ উত্তৰ শনিবাৰ অৰ্থাৎ ৮ মে', ২০২১তো লাভ নকৰিলে ৰাজ্যবাসীয়ে। কিয়নো ৯ মে', ২০২১তহে জনোৱা হ'ব কোন হ'ব ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাসগৃহত শনিবাৰে অনুষ্ঠিত হৈছিল এই সন্দৰ্ভত বৈঠক। যি বৈঠকৰ পাছত সকলোৱা ভাবিছিল আজি অৰ্থাৎ ৮ মে'ৰ দিনটোতে এই প্ৰশ্নৰ উত্তৰ অৱশেষত পাব অসমবাসীয়ে। কিন্তু সেয়া সম্ভৱ নহ'ল।

শনিবাৰে পুৱা ৭.১৫ বজাত ছাৰ্টাৰ্ড বিমানেৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা একেলগে গৈ উপস্থিত হয় দিল্লীত। প্ৰথমে বিজেপিৰ সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰে তেওঁলোকে। তাৰপাছত পুৱা ১০ বজাৰ পৰা দুয়োৱে বৈঠকত মিলিত হয়।

তাৰপাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। তাতো বৈঠকত মিলিত হয় তেওঁলোকে। বৈঠকৰ পাছত সৰ্বানন্দ সোণোৱাল বাহিৰলৈ ওলাই আহে যদিও, সাংবাদিকৰ আগত কোনো কথাই নকয়।

ছ'চিয়েল মিডিয়াতো ইতিমধ্যে এই বিষয়ক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। কেতিয়া আমি পাম নতুন মুখ্যমন্ত্ৰী? কোন হ'ব মুখ্যমন্ত্ৰী? আদি বিভিন্ন ধৰণৰ পোষ্ট কৰা দেখা গৈছে ছ'চিয়েল মিডিয়াত। এয়া স্বাভাৱিক। কিয়নো অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ প্ৰায় ৬ দিন পাৰ হোৱাৰ পাছতো এতিয়ালৈকে কোন হ'ব মুখ্যমন্ত্ৰী সেয়া স্পষ্ট হোৱা নাই।

ইফালে, আমাৰ অসমৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে কৰিছে ছ'চিয়েল মিডিয়াত এক পোষ্ট। এই পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি ইংগিত দিয়া হৈছে। তেওঁ ছ'চিয়েল মিডিয়াত লিখিছে- 'কাইলৈ মুখ্যমন্ত্ৰী হিচাবে হিমন্তবিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হব।  বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজেই শৰ্মাৰ নাম প্ৰস্তাৱ কৰিব ।  উক্ত প্ৰস্তাৱ সভাপতি ৰঞ্জিত দাসে সমৰ্থন কৰাৰ কথা। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ পৰা সেউজ সংকেত লাভ কৰা গৈছে হিমন্তবিশ্বৰ প্ৰতি'

মনোজ গোস্বামীৰ পোষ্টটো…

প্ৰাপ্ত খবৰ অনুসৰি, ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও হিমন্ত বিশ্ব শৰ্মাকে এই সন্দৰ্ভত সমৰ্থন আগবঢ়াইছে। ইফালে, সৰ্বানন্দ সোণোৱালেও হিমন্ত বিশ্ব শৰ্মাৰে নাম নিজেই প্ৰস্তাৱ কৰিব বুলিও জনোৱা হৈছে। উল্লেখ্য যে, ৯ মে', ২০২১ৰ দিনৰ ১২ বজাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব।

দিছপুৰৰ বিধানসভাৰ সভাকক্ষত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন। তাৰ পূৰ্বে ১১ বজাত বিজেপিৰ সকলো বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। উক্ত বৈঠকত উপস্থিত থাকিব বি এল সন্তোষ, অৰুণ সিং, নৰেন্দ্ৰ সিং টোমাৰ আৰু বৈজয়ন্ত জয় পাণ্ডা। তাৰপাছত পৰ্যবেক্ষকৰ উপস্থিতিতে ঘোষণা কৰা হ'ব অসমৰ কোন হ'ব নতুন মুখ্যমন্ত্ৰী। অৱশ্যে বৈঠকৰ পূৰ্বে কোনো নেতাকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য নকৰিবলৈ দিয়া হৈছে কাঢ়া নিৰ্দেশ

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী পদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লেখক, দাৰ্শনিক সত্য ৰঞ্জন বৰাই। ছ'চিয়েল মিডিয়াত এটা পোষ্টযোগে তেওঁ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি লিখিছে- ''অসমত যদি কিবা কাৰণত হিমন্ত বিশ্ব শৰ্মা  মুখ্যমন্ত্ৰী হৈয়ো যায় নহয়; মই সত্য ৰঞ্জন বৰা বিজেপি অসম প্ৰদেশৰ বিৰুদ্ধে ঠিয় হোৱা প্ৰথম জন ব্যক্তি হ'ম। আজিয়েই কৈ থ'লো। ইমান দিন বিজেপিৰ #সিদ্ধান্তৰ বিৰোধ কৰি আছিলো; এইবাৰ #চৰিত্ৰহীনতাৰ বিৰোধ কৰিম। আৰু চাম, অসমৰ কিমান মানুহৰ #স্বকীয়তা আছে আৰু কিমান মানুহ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে #বিক্ৰী যাব পাৰে …. !!! কোন কিমান আদৰ্শৰ লগত আছে তাৰো প্ৰমাণ হ'ব এইবাৰ। ব্যক্তি নিৰ্মাণৰ কথা কোৱা বহু স্বয়ং সেৱকৰো চৰিত্ৰ পৰিস্কাৰ হৈ পৰিব আৰু দুটা দিনৰ পিচত।

মনত ৰাখিব; অসম স্বকীয়। অসম অনন্য। অসমৰ নিজা ইতিহাস আছে। অসমৰ নিজা সংস্কৃতি আছে। হাজাৰ হাজাৰ বছৰীয়া পুৰণি সংস্কৃতি। বান ৰজাৰ দিনৰে পৰা হিচাপ কৰক। অসম কাৰো হাতৰ পুতলা হ'ব নোৱাৰে। আমি নিদিও। যিকোনো কাৰণত অসমৰ মান্যতা ম্লান হ'বলৈ নিদিওঁ। নানান অপমান-বদনাম সহ্য কৰিছোঁ; কেৱল অসমৰ খাতিৰত। প্ৰয়োজনত জীৱনো দিম অসমৰ খাতিৰতে। কিন্তু, কোনো কাৰণতে, অসম চৰিত্ৰহীন ক্ষমতালোভী এচামৰ ৰম্যভূমি হ'বলৈ নিদিওঁ। তেওঁ লাগিলে যোনেই নহওঁক কিয় !!! মই নিজে হিন্দু হৈ গৌৰৱ কৰো মানে এইটো নহয় যে মই মোৰ আইৰ গৰ্ভৰ ভূমিক অপমানিত কৰিবলৈ দিম; তাকো কাৰোবাৰ ব্যক্তিগত ক্ষমতাৰ লালসাত !!"

ফেচবুকত সত্যৰঞ্জন বৰাই কৰা পোষ্টটো…

কিন্তু যিয়েই নহওঁক কিয় ৯ মে'ত ইমানদিনে চৰ্চা হৈ অহা এই বিষয়টোৰ স্পষ্ট উত্তৰ আমি পাম, এজন মুখ্যমন্ত্ৰী পাম। কোন মুখ্যমন্ত্ৰী হ'ব সেয়া দ্বিতীয় বিষয়। কিন্তু প্রথম আৰু প্ৰধান বিষয়টো হৈছে- হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল যিজনেই অসমৰ মুখ্যমন্ত্ৰী হওঁক, তেওঁ কৰি যাওঁক অসম-অসমীয়াৰ উন্নতিৰ বাবে কাম, কৰি যাওঁক অসমৰ কল্যাণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in