ডাঃ ভূমিধৰ বৰ্মনঃ সহজ-সৰল কিন্তু বিৰল মানুহজন গ’লগৈ…

ডাঃ ভূমিধৰ বৰ্মনঃ সহজ-সৰল কিন্তু বিৰল মানুহজন গ’লগৈ…

মৃদুল কুমাৰ সন্দিকৈ

সকলোৱে সেইদিনা অশ্ৰুসিক্ত নয়নেৰে নৱগ্ৰহত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বিদায় দিছিল। একালৰ সতীৰ্থ তথা নেতা গৰাকীক বিদায় দিবলৈ দুজন লোকৰ গাত ভৰ থৈ সেইদিনা নৱগ্ৰহলৈ আহিছিল ডাঃ ভূমিধৰ বৰ্মন।

তেওঁৰ চকুতো আছিল চকুপানী। কিন্তু তেওঁ বাস্তৱক উপলব্ধি কৰি কৈছিল- জন্ম হ'লেতো মৃত্যু হ'বই। সেয়া আৱশ্যম্ভী। এই পৃথিৱীত আমি কেৱল আলহী। সময় হ'লে যাবগৈ লাগিব। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বিয়োগৰ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰা ৰাজ্যৰ প্ৰবীণ ৰাজনীতিবিদ ভূমিধৰ বৰ্মনেও সেই বাট ল'লে।

দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ বৰ্মনে ১৮ এপ্ৰিল, ২০২১ (দেওবাৰে)ত দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে।সন্ধিয়া ৬.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰা ভূমিধৰ বৰ্মনৰ জন্ম হৈছিল ১৯৩১চনৰ ১০ ডিচেম্বৰত।

ৰাজ্যৰ ৰাজনীতিত এদিন অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ডাঃ বৰ্মন আছিল অসমৰ ৰাজনীতিত এগৰাকী অভিজ্ঞ ব্যক্তি। ১৯৯৬চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬চনৰ ১৪ মে'লৈকে অসমৰ মুখ্যমন্ত্ৰীৰ আসনতো অধিস্থিত হৈছিল তেওঁ।

অসম বিধানসভালৈ ৭ বাৰকৈ নিৰ্বাচিত হোৱা ডাঃ বৰ্মনে প্রথম ১৯৬৭চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য নেতা আছিল ডাঃ বৰ্মন। নলবাৰী জিলাৰ বেলশৰত জন্মগ্ৰহণ কৰা ডাঃ বৰ্মনৰ পিতৃৰ নাম আছিল ভকত ৰাম বৰ্মন আৰু মাতৃৰ নাম আছিল মঠুপ্ৰিয়া বৰ্মন।

বেলশৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ডাঃ ভূমিধৰ বৰ্মনে ১৯৫১চনত টিহু হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৫৩চনত তেওঁ কটন কলেজৰ পৰা আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ত থকা অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল।

১৯৫৮চনত সুখ্যাতিৰে এমবিবিএছ পৰীক্ষাত উত্তীৰ্ণ হৈ ডাঃ বৰ্মনে চিকিৎসা সেৱাত ব্যস্ত হৈ পৰিছিল। এমবিবিএছ পাছ কৰি আহিয়েই তেওঁ প্ৰথম বেলশৰত এটা ব্যক্তিগত চিকিৎসা সেৱা কেন্দ্ৰ খুলি ৰোগীক চোৱা চিতা কৰিছিল।

১৯৬৩চনত তেওঁ চৰকাৰী চাকৰিত যোগদান কৰে। শলমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক ৰূপে নিযুক্তি লাভ কৰি তেওঁ পৰৱৰ্তী সময়ত বৰপেটা ৰোড স্বাস্থ্য কেন্দ্ৰত সহকাৰী চাৰ্জন ৰূপেও নিযুক্তি লাভ কৰে।

ডাঃ বৰ্মনে কংগ্ৰেছৰ অতি বেয়া দিনত দলটোক ধৰি ৰাখিছিল। ১৯৮৯চনৰ পৰা ১৯৯১চনলৈ তেওঁ আছিল নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও ১৯৮৫চনৰ পৰা ১৯৮৬চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ বৰ্মনে।

১৯৯৭চনত তেওঁ প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতিৰ দায়িত্বও লাভ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৮চনত টিহুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অভ্যৰ্থনা কমিটীৰ সভাপতি আছিল তেওঁ।

১৯৬১চনত ডাঃ ভূমিধৰ বৰ্মনে বিবাহপাশত আৱদ্ধ হয়। ডাঃ বৰ্মনে প্রথমে এজন সুচিকিৎসক ৰূপে খ্যাতি অৰ্জিছিল বেলশৰত। অসমৰ সেই সময়ৰ কংগ্ৰেছ জ্যেষ্ঠ নেতা মহেন্দ্ৰ মোহন চৌধুৰী আৰু প্ৰাক্তন সাংসদ তথা বিধায়ক প্ৰফুল্ল গোস্বামীৰ পৰামৰ্শমৰ্মে ৰাজনীতিত ভৰি থৈছিল ডাঃ ভূমিধৰ বৰ্মনে।

১৯৬৬চনত তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল। ১৯৬৭চনত তেওঁ পশ্চিম নলবাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। এতিয়া সেই সমষ্টিটো ধৰ্মপুৰ নামে পৰিচিত। ১৯৭২চনত দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা ডাঃ বৰ্মনক সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই তেওঁৰ মন্ত্ৰীসভাত ৰাজ্যিক ৰাজহ আৰু শিক্ষা মন্ত্ৰী ৰূপে তেওঁক নিযুক্তি দিছিল।

অৱশ্যে পিছৰ বাৰৰ নিৰ্বাচনত অৰ্থাৎ ১৯৭৮চনত জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল ডাঃ বৰ্মন।১৯৮৩চনত ধৰ্মপুৰ সমষ্টিৰ পৰা পুনৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ সেইবাৰ তেওঁ শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিছিল।

১৯৮৫চনৰ নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল ডাঃ বৰ্মন। ইয়াৰ পাছত ১৯৯১চনত তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। সেই সমষ্টিটোৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ পাছত হীতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত তেওঁ স্বাস্থ্য, শিক্ষা আৰু অসম চুক্তি ৰূপায়নৰ দপ্তৰ লাভ কৰিছিল। নামনি অসমত ডাঃ ভূমিধৰ বৰ্মন আছিল এগৰাকী প্ৰভাৱশালী মন্ত্ৰী।

১৯৯৬চনত তেওঁ পুনৰ বৰক্ষেত্ৰী সমষ্টিত পৰাজয় বৰণ কৰে। ২০০১চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈ তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ বৰ্মনে। পৰৱৰ্তী সময়ত তেওঁ ৰাজহ দপ্তৰো চম্ভালিছিল তৰুণ গগৈৰ মন্ত্ৰীসভাত।

সহজ-সৰল আৰু সাধাৰণ ৰূপে জীৱন নিৰ্বাহ কৰা ডাঃ ভূমিধৰ বৰ্মন আছিল এগৰাকী সৰবৰহী ব্যক্তি। ২০১৯চনলৈকে তেওঁ প্ৰত্যক্ষ ৰাজনীতিত সক্ৰিয় হৈ আছিল। অসমৰ ৰাজনীতিত তেঁও আছিল এজন প্ৰভাৱশালী ব্যক্তি।

কেইবাবাৰো তেওঁৰ ওপৰত চলিছিল প্ৰাণঘাতি আক্ৰমণ। সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল ডাঃ বৰ্মন। উপস্থিত বুদ্ধিৰ বাবে ৰক্ষা পৰিছিল এইগৰাকী ৰাজনীতিবিদ। ৰাজনীতিত সক্ৰিয় হৈ থকা লৈকে তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লগা হৈছিল।

ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত অসমৰ ৰাজনীতিৰ এক অধ্যায়ৰ অন্ত পৰিল। ব্যক্তিগতভাৱে তেওঁ সকলো পৰ্যায়ৰ লোকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল। আনকি মন্ত্ৰী হৈ থকা সময়তো তেওঁ চিকিৎসক হিচাপে সাধাৰণ লোকৰ চিকিৎসা কৰাত কুন্ঠাবোধ কৰা নাছিল। অসমৰ ৰাজনীতিত তেওঁ আছিল অন্যতম এজন জনপ্ৰিয় নেতা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in