ক্ষীণাইছে অসম!

ক্ষীণাইছে অসম!

মৃদুল কুমাৰ সন্দিকৈ

১৯৮৫চনৰ জুনৰ কথা। বাতৰিৰ শিৰোনাম 'অসম-নগালেণ্ড সীমান্ত'। স্থান- মেৰাপানী। দুই ৰাজ্যৰ সীমান্তত নিৰপেক্ষ প্ৰহৰা চলিছিল। অশান্ত হৈ পৰিছিল সীমান্ত। ৭ জুনৰ সন্ধ্যা নগালেণ্ডৰ পুলিচে অসম সীমান্তৰ খেৰনীয়া সীমান্ত চকীৰ কাষতে এটা পুলিচ চকী স্থাপন কৰিছিল। সেইদিনা সন্ধ্যাই ডিমাপুৰ টাউন কমিটীৰ চেয়াৰমেন নিগামুল গেঠায়ে খটখটী অঞ্চলৰ লোকক যিকোনো মুহূৰ্ততে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব পাৰে বুলি সেই ঠাই ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।

৮ জুন, ১৯৮৫চন। জনৈক জেমা ৰহিমাৰ নেতৃত্বত কেইজনমান নগা যুৱকে বালিজান গাঁৱৰ ৰাইজকো একে নিৰ্দেশ দিয়ে। ১০ জুনৰ দিনা ডেনিয়েল আৰু মাৰ্চাল নামৰ দুজন নগা লোকে ছত্তীশঘৰীয়া গাঁৱৰ দুৰ্গেশ্বৰ গগৈ , নবীন গগৈ আৰু ডিম্বেশ্বৰ গগৈ হাল বাই থাকোতেই গুলীয়ায়। এই ঘটনাত নবীন গগৈ নামৰ ব্যক্তিজনৰ মৃত্যু হয়।

১১ জুনত মেদেহু আংগামী নামৰ নগা লোকজনক চিআৰপিএফে আটক কৰিলে। তেতিয়াই গম পাই আংগামী কৃষক সন্থাই দলদলী সংৰক্ষিত বনাঞ্চল দখল কৰাৰ পৰিকল্পনা কৰিছে। ১২ জুন, ১৯৮৫। মেৰাপানী বীজ পাম আৰু মেৰাপানী অসামৰিক চিকিৎসালয়ৰ কাষত কেইবাটাও পথ নগালেণ্ডৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বন্ধ কৰি থয়।

১৩ জুনৰ দিনা দলদলী সংৰক্ষিত বনাঞ্চলত ৩০-৪০জন মান নগা লোকৰ হৈ কাঠ কাটি থকা ৰাজু শৰ্মা নামৰ এজন নেপালী লোকক আটক কৰা হৈছিল। ১৪ জুনৰ ডেনিয়েল লুথা, ইনছেনু লুথা আৰু আলিকন্ঠ লুথা নামৰ তিনিজন নগা লোকে অস্ত্ৰ-শস্ত্ৰ লৈ ছত্ৰীশগ়ড়ীয়া গাঁৱৰ লোকক তেওঁলোকৰ পথাৰত হাল নবাবলৈ ভাবুকি দি গৈছিল। এনেদৰে ঘটি আছিল ঘটনাবোৰ।

১৩ জুনৰ দিনাও ৪০ জন মান নগা লোকে দা-জাঠি আৰু বন্দুক-বাৰুদ লৈ লাহৰীজান গাঁৱৰ দুজন মানুহৰ মাটিত শক্তিপ্ৰবল প্ৰৱেশ কৰি তেওঁলোকৰ মাটি ২০ ভাগত ভাগ কৰি খুটি মাৰি দিয়ে। আৰু সেয়া তেওঁলোকৰ বুলি দাবী কৰে। গাঁওবাসীক আঁতৰি যাবলৈ নিৰ্দেশ দিলে এই দলটোৱে।২২ জুনৰ দিনা ৫৫জন নগালেণ্ড সশস্ত্ৰ আৰক্ষীয়ে অসম সীমান্তৰ বোকাজান অঞ্চলৰ গাওঁবাসীক সেই ঠাই ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। গাওঁবাসীলৈ গুলী কৰি ভীৰ্তি প্ৰদৰ্শনো কৰিছিল।

২৪ জুনত নগালেণ্ডৰ ৱাখাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, সীমান্তৰ ডিআইজি আৰু সাংসদ চি কন্যাকে মেৰাপানী ভ্ৰমণ কৰি অসমীয়া গাঁওবাসীক অসমৰ মাটিতেই উভতি নাযাবলৈ সাৱধান কৰি দিলে। ২৫ জুনত ৱাখাৰ উপায়ুক্ত আৰু মহাকুমাধিপতিয়ে অসম আৰক্ষীৰ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ বিষয়া-জোৱানক ৰেডিঅ' কেন্দ্ৰলৈ উঠাই আনিবলৈ নিৰ্দেশ জাৰি কৰিলে।

২৮ জুনত সশস্ত্ৰ নগাৰ এটা দলে চন্দনপুৰ, দলদলী, তিলাপাৰা গাঁৱৰ লোকক পৰিয়ালে প্ৰতি ১০ টকাকৈ আদায় দিবলৈ উকা কাগজত চহী কৰাই লয়। তেওঁলোকৰ দাবী আছিল সেই মাটি নগালেণ্ডৰ। ২৯জুনত ছফকা ছেমা আৰু চামু আও নামৰ দুজন অস্ত্ৰধাৰী নগা লোকে লিগৰীপুখুৰী গাঁৱৰ প্ৰতিঘৰ লোকৰ পৰা ২০ টকাকৈ আদায় দিলেহে পথাৰত হাল বাব পাৰিব বুলি ভাবুকি দিলে।

৪ জুলাইত ৭ জন নগা সশস্ত্ৰ লোকে পানীখেতি গাঁৱৰ বাসিন্দালৈ লক্ষ্য কৰি গুলী কৰিলে। ৫ জুলাইত সীমান্তৱৰ্তী ১০০ ঘৰ গাঁৱত পথাৰত গৰু চৰাই থকা লোকলৈ যধে মধে গুলী কৰাত দুজন অসমীয়া লোকৰ মৃত্যু হয়। ৬ জুলাই ভূতত্ব জৰীপ বিভাগৰ কিছু সংখ্যক কৰ্মচাৰীয়ে সীমান্তৱৰ্তী চামপাং বস্তিত কাম কৰি থকা অৱস্থাত তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিলে।

জৰীপ বিভাগৰ এজন কৰ্মচাৰীক গুলীয়ালে সেই দলটোৱে। এয়া আছিল অসম-নগালেণ্ড সীমান্তৰ ৮৫'ৰে কিছু দৃশ্যপট। অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ সীমান্তত বিৰাজ কৰা অশান্তিকৰ পৰিস্থিতি আৰু নগা অগ্ৰাসনৰ সন্দৰ্ভত এইদৰে এলানী প্ৰতিবেদন প্ৰেৰণ কৰিছিল। সমান্তৰালভাৱে অসম-নগালেণ্ড সীমান্তৰ সংঘৰ্ষ সন্দৰ্ভত নগালেণ্ড চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিছিল। য'ত অসমীয়া গাঁওসমূহে অৰ্থাৎ অসমৰ লোকে সীমা চুক্তি উলংঘা কৰা বুলি উল্লেখ কৰা হৈছিল।

এই সংঘৰ্ষৰ বাবে নগালেণ্ডে অসমক জগৰীয়া কৰিছিল। দুয়ো ৰাজ্যৰ সীমান্তৰ বিবাদ সন্দৰ্ভত ১৯৮৫চনৰ ৭ জুনত ইম্ফলত এখন চুক্তিও স্বাক্ষৰিত হৈছিল। কিন্তু সেই চুক্তি চুক্তি হৈয়ে ৰ'ল। এনেদৰে চলি আছে অসমৰ প্ৰায়বোৰ সীমান্তত চুবুৰীয়া ৰাজ্যৰ অগ্ৰাসন। ১৯৮৫ৰ ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চৰ ভিতৰত মেৰাপানীত থকা নগা ৰাজ্যৰ সীমান্ত চকীত নগা সশস্ত্ৰ বাহিনীয়ে দ' গাঁত খান্দি চিমেন্টৰ খুটা পুতি দিছিল।

এইদৰেই ভালেখিনি অসমৰ মাটি দখল কৰি তেওঁলোকে নিজৰ বুলি দাবী কৰিছিল। মেৰাপানী আৰক্ষীয়ে চৰকাৰকো সেই কথা জনাইছিল। ইয়াৰ ২০ দিন মানৰ পাছত পুনৰ নগালেণ্ডৰ ফালৰ পৰা ৩৮ টা নতুন সীমান্তত খুটা পুতা হ'ল। অসমৰ ভালে কেইজন খেতিয়ৰ মাটি অধিগ্ৰহণ কৰিলে নগাই। অসমৰ কাষ চাপিছিল অসমৰ খেতিয়ক কেইজন , কিন্তু কোনে কি কৰিব পাৰে! সকলো নীৰৱ দৰ্শক।

শ্বিলং চুক্তি অনুসৰি এনদৰে সীমান্ত চকীত ৭জনকৈ অধিক আৰক্ষীৰ লোক থাকিব নোৱাৰিব বুলি সিদ্ধান্ত লোৱা হৈছিল। কিন্তু নগালেণ্ডে সেই চুক্তি ভংগ কৰিছিল। অসমৰ মাটিত ৩৮টাকৈ খুটা পোতা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি অসম আৰক্ষীয়ে খুটা উঠাই নিবলৈ দুদিনৰ সময় দিছিল। সেয়া নকৰাত মেৰাপানী আৰক্ষীয়ে সেই খুটা বোৰ উঠাই দিলে।

তাৰপাছত নগালেণ্ডৰ উচ্চপদস্থ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া আহি মেৰাপানী থানা ঘেৰাও কৰি আগৰ ঠাইত ৩৮টা খুটা যেনেকৈ খান্দি আনিছিল তেনেকৈ পুতি দিবলৈ নিৰ্দেশ দিলে। অসম আৰক্ষীয়ে সেয়া নকৰাত নগালেণ্ডৰ স্থানীয় প্ৰশাসনে নিজেই নি সেই খুটাবোৰ আগৰ ঠাইত পুতি দিলে। পৰিস্থিতি অশান্ত হৈ গৈ আছিল। মেৰাপানী, চিচিংপাৰ, নেঘেৰীবিল, কলাজান, দীঘলীপানী, চিচুপানী আদি অঞ্চলত বাস কৰা অসম লোকসকলক নগা দুৰ্বৃত্ত , আৰক্ষী বা সেই ৰাজ্যৰ প্রশাসনৰ দ্বাৰা ভীৰ্তি প্ৰদৰ্শন কৰা হৈছিল।

তেওঁলোকৰ হাঁহ, কুকুৰা বলপূৰ্বকভাৱে লৈ যোৱা, চোলাললৈ বোমা নিক্ষেপ, গৰু-ছাগলী কাঢ়ি নিয়া এইবোৰ ঘটনা সাধাৰণ ঘটনাই আছিল। বৰঅসম ভাগ ভাগ হৈ যোৱাৰ পাছত সীমান্তৰ বিবাদে অসমক বেৰি ধৰিছিল। সেই লোকৰ শুশ্ৰূষা আজিও নহ'ল। সীমান্ত সংঘাত চলি থাকিল। কিমান মাটি অসমৰ চুবুৰীয়া ৰাজ্যই দখল কৰিলে তাৰ সঠিক হিচাপ আজিও নোলাল।

কাগজে-পত্ৰই অসমৰ মুঠ মাটি-কালিৰ পৰিমান ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। কিন্তু আছে জানো অসমৰ ইমান মাটি? অসমৰ ভৌগলিক পৰিসীমা সংকোচিত হৈ গৈ আছে। পুৰণি হিচাপবোৰ বাদ, অসম-মিজোৰাম সীমান্তত থকা কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাতেই মিজোৰামে অসমৰ বহু ভূমি ইতিমধ্যে নিজৰ কৰি লৈছে।

২০২১চনৰ ২৬ জুলাইত অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত সীমা বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ জুই দাউদাউকৈ জ্বলি উঠিল। মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত ৬জনকৈ অসম আৰক্ষী বিষয়া-জোৱানে প্ৰাণ হেৰুৱালে। ৰক্তাক্ত হৈ উঠিল কাছাৰৰ লাইলাপুৰ। তাৰ ২৪ ঘন্টাৰ পূৰ্বে শ্বিলঙত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল। সেই বৈঠকৰ মূল বিষয় আছিল সীমা কেন্দ্ৰিক বিবাদ।

আলোচনাৰ পাছত আলোচনা হৈছে। কিন্তু সেই সীমা বিবাদৰ কোনো সমাধান সূত্ৰ তেতিয়াৰ পৰা এতিয়ালৈকে ওলোৱা নাই। ১৯৮৫চনৰ জুনত গোলাঘাটৰ মেৰাপানীত নগা আৰক্ষী আৰু নগা বেদখলকাৰীৰ ভয়ংকৰ আক্ৰমণত মুঠ ৪১ জন লোকৰ মৃত্যু হৈছিল। যি সংঘাতৰ ঘটনাক্ৰম পূৰ্বতে উল্লেখ কৰা হৈছে। নিহত সকলৰ ভিতৰত ২৮জনে আছিল অসম আৰক্ষীৰ লোক।

মিজো বেদখলকাৰীয়ে অসম মিজোৰাম সীমান্তত অসমৰ মাটি বিশেষকৈ বনাঞ্চল কাটি তহিলং কৰি তাত জাৰু খেতি কৰিছে। সেই বিভীষিকাময় পৰিৱেশ, পৰিস্থিতি কেতিয়া অন্ত পৰিব তাৰ উত্তৰ কাৰো হাতত নাই। এতিয়া এটাই চৰম সত্য- ইচ্ছা কৰিলেই অসমৰ মাটি চুবুৰীয়া ৰাজ্যই বেদখল কৰি ল'ব পাৰে।

তেনে সংঘাত সৃষ্টি হ'লেই নিৰাপত্তাৰ কথা দোহাই দি কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ বাহিনী নিয়োগ কৰে। অগ্ৰাসী এই লোকসকলে অসমৰ যিমান ভূমি নিজৰ বুলি দাবী কৰে, তাৰ গৰিষ্ঠ ভাগেই তেওঁলোকৰ হাতত থাকি যায়। এনেদৰে অসমৰ পৰিসীমা আজি টুটি আহি আছে। কেৱল অসম মিজোৰাম সীমান্তত থকা কাছাৰ জিলাৰ লাইলাপুৰ, পুলিচেৰা, জয়ডনপুৰ অঞ্চলত অসমৰ ৪০০ বিঘাৰো অধিক মাটি মিজো বেদখলকাৰীয়ে দখল কৰি ল'লে ইতিমধ্যে।

কৰিমগঞ্জ জিলাৰ লঙাল ফৰেষ্ট , মেডলিচেৰা এলেকা, চতুৰভিৰবন্দ এলেকা মিজোৰামে বেদখল কৰা মুঠ অসমৰ মাটিৰ পৰিমান ৩৭৭.৫৮ হেক্টৰ। হাইলাকান্দিত ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টত মিজোৰামে দখল কৰিছে ৮০০ হেক্টৰ এলেকা। কাছাৰ জিলাৰ লাইলাপুৰ, পুলিচেৰা, জয়ডনপুৰ আদি অঞ্চলত মিজো বেদখলকাৰীৰ সন্মুখত নীৰৱ অসম আৰক্ষী তথা প্ৰশাসন।

অসম চৰকাৰৰ দাবী মিজো দখলত থকা এহাজাৰৰ অধিক ভূমিৰ পৰা তেওঁলোকে ২০০ হেক্টৰ ভূমি বন বিভাগ আৰু আৰক্ষীৰ বুলি মুকলি কৰিছে। এয়া কেৱল শান্তনা।প্ৰতিখন ৰাজ্যই অসমৰ মাটি বেদখল কৰিছে। অসম চৰকাৰে সেই কথা স্বীকাৰ কৰে। অসমৰ মাটি বেদখল কৰিছে অৰুণাচলেও। অৰুণাচলে শোণিতপুৰ জিলাত ১.০৮৪৯ হেক্টৰ মাটি , বিশ্বনাথত ৪৭৫১ হেক্টৰ মাটি , লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ মাটি, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ মাটি, ডিব্ৰুগড়ত ১০ হেক্টৰ, চৰাইদেউত ৬০২.০১ হেক্টৰ মাটি বেদখল কৰিছে। এয়া চৰকাৰী তথ্য।

ৰাজ্যখনে মুঠ অসমৰ ৮৩৯৫.২৫ হেক্টৰ মাটি বেদখল কৰি থৈছে। নগালেণ্ডে যোৰহাটত ১৮৮০.৭ হেক্টৰ, শিৱসাগৰত ২৩.৯০ হেক্টৰ, গোলাঘাটত ৩৬২৯৪.০৭ হেক্টৰ, চৰাইদেউত ২৭০.৪৩৫৭হেক্টৰ মাটি বেদখল কৰা বুলি চৰকাৰী সূত্ৰতেই প্ৰকাশ।চুবুৰীয়া নগালেণ্ডে মুঠ ৫৫৩৯৬.১২ হেক্টৰ অসমৰ মাটি বেদখল কৰিছে। মেঘালয়ে গোৱালপাৰাত ৩৩.৮১ হেক্টৰ, কাছাৰ ৬০২ হেক্টৰ, কামৰূপত ৮০২ হেক্টৰ, দক্ষিণ শালমাৰাত ৩.৩৫০ হেক্টৰ মাটি আৰু পশ্চিম কাৰ্বি আংলঙত ২হাজাৰ হেক্টৰ মাটি বেদখল কৰি থৈছে।

শেহতীয়াকৈ গুৱাহাটী মহানগৰৰ সমীপতে অসমৰ মাটি নিজৰ বুলি দাবী কৰাৰ দৰে ঘটনাও ঘটিছে মেঘালয়ৰ ক্ষেত্ৰত। কইনাধৰাৰ পাহাৰো নিজৰ বুলি দাবী কৰিব খোজে মেঘালয়ে। ৩৪৪১.৮৬ হেক্টৰ মাটি আছে মেঘালয়ৰ দখলত। মিজোৰামে সৰ্বমুঠ ১৭৭৭ হেক্টৰ মাটি বেদখল কৰিছে। এইদৰে চুবুৰীয়া ৰাজ্যই অসমৰ ৬৯০১০.৮২ হেক্টৰ মাটি বেদখল কৰা বুলি অসম চৰকাৰে দাবী কৰে।

মাটি বেদখলৰ ঘটনা প্ৰতিবছৰেই নিয়মিতভাৱে ঘটি আহিছে যদিও এই দিশত অসম চৰকাৰে কোনো সমাধান বা কেন্দ্ৰীয় চৰকাৰে ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা নাই। আন্তঃৰাজ্যিক সীমা বিবাদক লৈ দুটা গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে। ইয়াৰে এটা অসম নগালেণ্ডৰ মাজত। যিটোৰ গোচৰ নম্বৰ অৰিজিনেল ছুইট নং ২/১৯৮৮ আৰু আনটো গোচৰ হৈছে অসম অৰুণাচলৰ মাজত। সেই গোচৰৰ অৰিজিনেল চুইট নং ১/১৯৮৯।

দিচৈ ভেলীৰ অভয়াৰণ্যত বেদখল চলিছে । সেই খবৰে বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। সেই সীমান্তৱৰ্তী স্থানত থকা লোকক ভয়-ভীৰ্তিৰে বেদখল অভিযান অব্যাহত ৰাখিছে। পুলিচ-প্রশাসনৰ চকুৰ সন্মুখতে বেদখল চলে নগাৰ। আনকি অসমৰ দুখনকৈ তৈলক্ষেত্ৰ নগালেণ্ডে নিজৰ বুলি দাবী কৰাৰ পাছত তাত তেল নিষ্কাষণ কৰাও বন্ধ কৰিব লগা হৈছে।

২০২১ৰ ৬ জুলাইত মুকুক চাং জিলা উপায়ুক্তৰ সৈতে যোৰহাট জিলাৰ উপায়ুক্তৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছিল। এই বৈঠকত তেনেদৰে বন ভূমি বেদখল কৰাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ যোৰহাট জিলা উপায়ুক্তই আহ্বান জনাইছিল। অসমৰ সীমান্ত সমূহত কিয় সহজতে চুবুৰীয়া ৰাজ্যই বেদখল কৰিব পাৰে? ইয়াত পৰ্যাপ্ত সীমান্ত চকীৰ অভাৱ নে সেই অঞ্চলসমূহ উন্নয়নৰ প্ৰতি অসম চৰকাৰে চকু নিদিয়ে?

এই কথা সত্য যে সীমান্তৱৰ্তী অঞ্চল সমূহৰ দুৰ্গম স্থানত চুবুৰীয়া ৰাজ্যসমূহে প্ৰথমে বাট-পথ, বিজুলি ব্যৱস্থা, স্কুল-মহাবিদ্যালয় স্থাপন আৰু অন্যান্য উন্নয়ন মূলক আঁচনিৰ জৰিয়তে আন্তঃগাঁথনি নিৰ্মানেৰে তেওঁলোকক এনে এক পৰিৱেশ গঢ়ি তোলে যে সেই স্থানৰ প্ৰতি বেদখলকাৰী চৰকাৰৰহে দায়িত্ববোধ আছে।

অসম চৰকাৰৰ দীৰ্ঘদিনৰ অবজ্ঞামূলক নীতিৰ পৰিণতিত এই অঞ্চলসমূহত সহজতেই বেদখল চলাই আহিছে চুবুৰীয়া ৰাজ্যই । আনকি বহু অঞ্চলত ভোটাৰ তালিকাতো অসমৰ ভূমিত বাস কৰা লোকৰ নাম কেইবাখনো ৰাজ্যই তালিকাভুক্ত কৰাৰো অভিযোগ উত্থাপন হৈছে। গুৱাহাটীৰ সমীপৰে অসম মেঘালয় সীমান্তত সীমান্ত নিৰ্ধাৰিত কোনো সীমা নথকা বাবেই সহজতেই অসমৰ ভূমিত মেঘালয় প্ৰৱেশৰ ঘটনা আৰু আনকি কিছু উপায়ৰে সীমান্তবাসীক নিজ ৰাজ্যৰ লোক বুলি দাবী কৰা বহু ঘটনাই ঘটিবলৈ ধৰিছে।

যোৱা ৫ বছৰত লখিমপুৰত ৮টা, ধেমাজিত ৯টা, বিশ্বনাথত ৭টা, শদিয়াত ১টা, তিনিচুকীয়াত ১টা, চৰাইদেউত ২টা ভূমি কেন্দ্ৰিক বেদখলৰ ঘটনা সংঘটিত হৈছে। অসম-অৰুণাচল সীমান্তত সংঘটিত হৈছে এই বেদখল। ইফালে, অসম-নগালেণ্ড সীমান্তত উক্ত সময়চোৱাত চৰাইদেউত ৫টা, শিৱসাগৰত ৩৬টা, যোৰহাটত ৯টা, কাৰ্বি আংলঙত ৪৯টা বেদখলৰ ঘটনা ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ হৈছে।

অসম-মিজোৰাম সীমান্তত যোৱা ৫ বছৰত কাছাৰত ২৫টা, হাইলাকান্দিত ১৭টা, কৰিমগঞ্জত ১টা অসমৰ মাটি বেদখলৰ ঘটনা পোহৰলৈ আহিছে। অসম-মেঘালয় সীমান্তত এনেধৰণে ভূমি বেদখলৰ ঘটনা সংঘটিত হৈছে। কামৰূপতেই ১১টাকৈ ভূমি বেদখল কৰা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। অসমৰ মাটি যি হাৰত বেদখল কৰিবলৈ ধৰিছে এনেদৰে বেদখল কৰি থাকিলে এদিন গৈ অসমৰ বাস্তৱৰ চাৰিসীমা আৰু আয়তনত বিৰাট পাৰ্থক্য আহিব।

কেন্দ্ৰীয় চৰকাৰে সঠিকভাৱে সীমা নিৰূপন নকৰা বা ভূতাত্বিক জৰীপৰ জৰিয়তে এই সীমা সমূহ দুয়োপক্ষৰ গ্ৰহণযোগ্য হোৱাকৈ বিতৰণ কৰি নিদিয়াত এচাম দুষ্ট চক্ৰৰ লোকে ইয়াৰ সুযোগ গ্ৰহণ কৰি আহিছে। ব্যৱসায়িক বা অন্যান্য দৃষ্টিকোণেৰে গুৰুত্বপূৰ্ণ এই সীমান্তৱৰ্তী অঞ্চলসমূহত অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা সজ্জ্বিত হৈ বেদখলৰ ঘটনা সংঘটিত কৰাৰ সময়ত বিভিন্ন বিদ্ৰোহী সংগঠন আৰু স্থানীয় প্ৰশাসনে সহযোগ কৰাৰ অভিযোগ উঠিছে।

এই ধাৰা অব্যাহত থাকিলে অসম সংকোচিত হৈ গৈয়ে থাকিব।ইয়াৰ স্থায়ী সমাধানৰ বাবে দুয়ো পক্ষৰ মতামতেৰে কেন্দ্ৰীয় চৰকাৰে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি দীৰ্ঘদিনৰ এই সমস্যাসমূহ সমাধান নকৰিলে এদিন ইয়াতকৈ ভয়াৱহ ৰক্তক্ষয় সংঘৰ্ষ হ'ব। সীমান্তত বাস কৰা লোকসকলৰ উন্নয়নৰ প্ৰতি চৰকাৰে সজাগ আৰু সতৰ্ক দৃষ্টি নাৰাখিলে কেৱল সংঘৰ্ষৰ সময়ত মন্তব্য প্ৰদানেৰে দায়িত্ব সামৰিলে কেনেকৈ সমাধান হ'ব এই সমস্যা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in