চিন্তা কৰক ৰাইজ, ২ মে’ত দিয়া হ’ব ৰায়দান…

চিন্তা কৰক ৰাইজ, ২ মে’ত দিয়া হ’ব ৰায়দান…

ৰাজৰ্ষি চহৰীয়া

বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ ৭-৮টা দিন বাকী। কিন্তু এইবাৰ ৰাজ্যত নিৰ্বাচনী প্ৰেক্ষাপট পূৰ্বৰ দৰে নহয়। বৰ্তমানেও শাসনত থকা বিজেপি এইবাৰ চৰকাৰ গঠন কৰিম বুলি কৈছে যদিও, ৰাষ্ট্ৰীয় তথা ৰাজ্যিক মন্ত্ৰী, নেতাসকলৰ ভাষণত এনে অনুভৱ হৈছে যেন চৰকাৰ গঠন কৰাৰ বাবে তেওঁলোকৰ যি আত্মবিশ্বাস ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত আছিল, সেই আত্মবিশ্বাস এইবাৰ বহু পৰিমানে হ্ৰাস পাইছে।

হাজাৰ হাজাৰ বা লক্ষ্যাধিক লোকক নিজৰ নিৰ্বাচনী সভা বা ৰেলীত অংশগ্ৰহণ কৰালেই যে কোনো এটা দলে শাসনত আহিব পাৰিব সেয়া কেতিয়াও নিশ্চিত নহয়। বহু সময়ত ৰাজনীতিয়ে ৰাজনৈতিক দলসমূহক এনে কিছু পৰিস্থিতিৰ সন্মুখীন কৰাই যি তেওঁলোকে কাহানিও ভাবিব নোৱাৰে।

বৰ্তমান সময়ত অসমৰ ৰাজনীতি অধিক জটিল হৈ পৰিছে। কোনে গঠন কৰিব চৰকাৰ? কোনে মাৰিব শেষ হাঁহি? এই প্ৰশ্নৰ উত্তৰ বৰ্তমান সময়ত কোৱাটো অতিকৈ কঠিন। শাসক-বিৰোধী দুয়োটাৰ মাজত এইবাৰ নতুন আঞ্চলিক শক্তি।

এই আঞ্চলিক শক্তিয়েও প্ৰভাৱ পেলাব ২০২১চনৰ অসম বিধানসভা নিৰ্বাচন। এজনৰ পাছত সিজন ৰাষ্ট্ৰীয় নেতাসমূহ আহিছে নিজৰ নিজৰ দলৰ প্ৰচাৰৰ বাবে। পিছে শেষত এটাই প্ৰশ্ন সকলোৰে- ভোটাৰে ভোট দিব কাক? কোন হ'ব জয়ী? কোনে পাব ক'ত আসন?

এইবাৰ প্ৰশ্নৰ উত্তৰ আমি সঠিকভাৱে বৰ্তমান দিব নোৱাৰিম। কিয়নো এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ওলাব ২ মে', ২০২১তহে। তেতিয়ালৈ সকলোৱে কৰিব অপেক্ষা। তৰ্জনী আঙুলিত ভোটদানৰ সেই চিঞাহীৰ দাগ লৈ সকলোৱে ভোটদান কেন্দ্ৰৰ পৰা ঠিকেই ওলাব আহিব, কিন্তু ভোটদানৰ দিনাই ঠিক বা স্পষ্ট কৰিব নোৱাৰিব চৰকাৰ হ'ব কাৰ? কিয়নো অপেক্ষা কৰিব লাগিব ফলাফলৰ দিন নিৰ্ধাৰণ কৰা সেই বিশেষ দিনটোলৈ।

২০২১চনত বিধানসভা নিৰ্বাচন হ'ব পশ্চিমবংগ, তামিলনাডু, কেৰালা, পুডুচেৰী আৰু অসমত। কিন্তু ৰাষ্ট্ৰীয় ৰাজনীতিত বৰ্তমান সময়ত বিশেষ গুৰুত্বপূৰ্ণ ৰাজ্য হৈ পৰিছে অসম। কিয়নো অসমত শাসকীয় পক্ষই পুনৰ চৰকাৰ গঠনৰ আশা দেখা পাইছে।

লক্ষণীয় যে, চৰকাৰ কাৰ হ'ব সেয়া বিশেষ গুৰুত্বপূৰ্ণ দিশ , কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ভোটাৰ ৰাইজ কাৰ দিশে আগবাঢ়িব ভোটদানৰ বাবে? নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা, এনআৰচি এই বিষয়বোৰক লৈ যি ধৰণে অসমত প্ৰতিবাদ সাব্যস্ত হৈছিল ২০১৯-২০চনত তেনেদৰে বহু বছৰ ধৰি ৰাজ্যত শাসকীয় পক্ষৰ বিৰুদ্ধে হোৱা নাছিল বিদ্ৰোহ।

চৰকাৰে কি ভাবি নতুন আইন বলবৎ কৰিব বিচাৰে সেয়া এক পৃথক বিষয়। কিন্তু যি স্থান কোনো এটা আইন বলবৎ কৰিব বিচৰা ৰাইজে বুজিব লাগিব সেই স্থানৰ সৰ্বসাধাৰণ ৰাইজে কি বিচাৰে, যি সন্দৰ্ভত আওকাণ কৰিছিল বিজেপি চৰকাৰে।

বৰ্তমান সময়ত এনে এক পৰিস্থিতি অসমত পাইছে যে, নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীৰ আৰু নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰাৰ পূৰ্বে হাজাৰ হাজাৰ বাৰ ভাবিব লগা হৈছে ৰাজনৈতিক দলসমূহে। আশংকা সকলোৰে মনত আছে, কিন্তু ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ নিজৰ ভয়ৰ ওপৰত এখন সাহস আৰু বিশ্বাস মাস্ক পৰিধান কৰি সকলো দলে আগবাঢ়িছে নিৰ্বাচনৰ বাবে।

কিন্তু ৰাইজে বিশ্বাস কৰিব কাক? বিজেপি-অগপ-ইউপিপিএল, কংগ্ৰেছ-আইইউডিএফ-বিপিএফ আৰু ৰাইজৰ দল-অসম জাতীয় পৰিষদ তিনিটা দিশৰ পৰা এইবাৰ অসমৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাই নিজৰ চৰকাৰ গঠন কৰাৰ বাবে ইছ্যুক এই ৰাজনৈতিক দলসমূহ।

সকলোৰে প্ৰভাৱ পৰিব এইবাৰৰ নিৰ্বাচন। কিন্তু কি হ'ব ফলাফল? কি হ'ব ৰাইজৰ মত? এই প্ৰশ্নৰ উত্তৰ বৰ্তমান কাৰো হাতত নাই? কিয়নো ৰাইজে সিদ্ধান্ত ল'বলৈ আৰু কিছুদিনৰ বাবে কৰিব লাগিব অপেক্ষা। তাৰ মাজতে ২০ মাৰ্চ, ২০২১ত কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ।

ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'অসমৰ জন ইস্তাহাৰ' নামৰ নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে। এই ইস্তাহাৰত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়া হৈছে কংগ্ৰেছৰ তৰফৰ পৰা। তাৰে কেইটামান প্ৰতিশ্ৰুতি হ'ল-মাইক্র'ফাইনেঞ্চৰ পৰা লোৱা ঋণ ৰেহাই পাব মহিলাই, প্রকৃত শিপিনীয়ে বিনামূলীয়াকৈ লাভ কৰিব সূতা, তাঁতশাল, চৰকাৰী বাছত মহিলাৰ যাতায়াত বিনামূলীয়া হ'ব, কৃষকৰ সমুদায় কৃষিঋণ ৰেহাই দিয়াৰ প্রতিশ্রুতি, কাছাৰ আৰু জাগীৰোডৰ কাগজ কল পুনৰ মুকলি হ'ব, অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলনৰ কথা উল্লেখ, কংগ্রেছৰ ইস্তাহাৰত CAA আন্দোলনৰ কথাও উল্লেখ, আন্দোলনত ছহিদৰ পৰিয়াললৈ পেঞ্চন প্রদানৰ প্রতিশ্রুতি, ভূমিহীনক সময় অনুসৰি মাটিৰ পট্টা প্রদানৰ প্রতিশ্রুতি, প্রতিখন প্রাথমিক বিদ্যালয়ত এটাকৈ প্রধান শিক্ষকৰ পদ সৃষ্টি, ৫০ বছৰ সম্পূৰ্ণ কৰা ধৰ্মীয় স্থানলৈ আৰ্থিক অনুদানৰ প্রতিশ্রুতি, ৬ জনগোষ্ঠীক জনজাতিকৰণ সম্পন্ন কৰা হ'ব, সুলভ মূল্যত ৰাজহুৱাকৈ বিতৰণ কৰা হ'ব চেনি, কেৰাচিন, কোৰোনাকালত ক্ষতি হোৱা শিল্পী, কলা-কুশলীক সহায়ৰ প্রতিশ্রুতি, প্রতিখন জিলাত একোখনকৈ গো-শালা প্রতিষ্ঠা কৰাৰ প্রতিশ্রুতি, বস্তি অঞ্চলত হাট-বজাৰ, ভ্রাম্যমাণ চিকিৎসালয় আৰম্ভ কৰা হ'ব, প্রতিখন গাঁৱলৈ বিশুদ্ধ খোৱাপানী প্রেৰণৰ প্রতিশ্রুতি কংগ্রেছৰ।

বহু প্ৰতিশ্ৰুতি দিছে ৰাজনৈতিক দলসমূহে। কিন্তু লক্ষণীয় কথা যে, বৰ্তমানো শাসনত থকা বিজেপিয়ে বৰ্তমানলৈ তেওঁলোকৰ দলীয় ইস্তাহাৰ মুকলি কৰা নাই। অপেক্ষা কাৰ বাবে? সকলো ৰাজনৈতিক দলে নিজৰ ইস্তাহাৰ মুকলি কৰাৰ পাছত তেওঁলোকে মুকলি কৰিব নেকি নিজৰ ইস্তাহাৰ?

ৰাইজে বহু প্ৰশ্নৰ উত্তৰ বৰ্তমানেও পোৱা নাই। শেহতীয়াকৈ নৱবৰ্ষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেইবাবাৰো অসমত আহি উপস্থিত হ'ল। কিন্তু শেষৰবাৰ অৰ্থাৎ ২০ মাৰ্চ, ২০২১ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় অসমত। তেওঁ চাবুৱাত এক নিৰ্বাচনী সভাত অংশ লৈ অসমত উৎপাদিত চাহক প্ৰশংসা কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয়- 'কংগ্রেছে অসমৰ সংস্কৃতি পৰম্পৰাক পাহৰিলে। কংগ্রেছে পূৰ্বৰ দৰে মিছাৰ আশ্রয় লৈছে, NDA চৰকাৰে চাহ-শ্রমিকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্রয়াস কৰিছে, এজন চাহ বিক্রেতাই চাহ-শ্রমিকৰ জীৱনক বুজি পাওঁ, কৃষাণ ৰে'লৰ জৰিয়তে অসমৰ পাচলি দক্ষিণ ভাৰতলৈ গৈছে, বগীবিল দলঙে কৃষক-ব্যৱসায়ী-ৰোগীক সহায় কৰিছে, কংগ্রেছ-AIUDFৰ মিত্রতা সকলোৰে বাবে সংকটজনক, কংগ্রেছে নিজৰ সুবিধাৰ বাবে সকলো কৰিব পাৰে, তিনিচুকীয়াক উচ্চ শিক্ষালৈ বিকশিত কৰা হ'ব, অসমত ভূমিপট্টা দিয়াৰ কাম সোণোৱাল চৰকাৰে কৰিছে, ৩ লাখ ৫০ হাজাৰতকৈ অধিক লোকে ভূমিপট্টা পাব, বিগত ৫ বছৰৰ সফতাক কংগ্রেছে লুটিব বিচাৰিছে, অসমত শান্তিৰ বাবে বিজেপিৰ প্রয়োজন আছে।'

কিন্তু শনিবাৰ অৰ্থাৎ ২০ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কন্ঠত সেই আত্মবিশ্বাস দেখা পোৱা নগ'ল যি আত্মবিশ্বাস দেখা পোৱা গৈছিল পূৰ্বৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত। নে বিজেপিও বুজি পাইছে যে ৰাইজে এইবাৰ তেওঁলোকক নিজৰ শাসক বা তেওঁলোকক চৰকাৰ গঠন কৰাত সহায় কৰিবলৈ অৰ্থাৎ ভোট দিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে?

ইফালে, কংগ্ৰেছে ভোটাৰ ৰাইজক আশ্বস্ত কৰিব পৰা নাই বৰ্তমান সময়ত কিন্তু ৫ গেৰান্টীৰ যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি যদি সঁচা অৰ্থৎ বিৰোদী দল অৰ্থাৎ কংগ্ৰেছে পালন কৰে তেন্তে এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সন্দৰ্ভত বহু সহযোগিতা লাভ কৰিব স্থানীয় ভোটাৰৰ।

কিন্তু সকলো প্ৰশ্নৰে উত্তৰ আমি বিচাৰি পাম কেৱল ২ মে', ২০২১ত। কিয়নো সেইদিনা হ'ব ২০২১চনৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। সেইদিনাই দিয়া হ'ব শেষ ৰায়দান। গতিকে সকলো আলোচনা-বিতৰ্ক-চৰ্চাৰ উৰ্ধত অসমবাসীয়ে বিচৰা জনে গঠন কৰিব চৰকাৰ। যি চৰকাৰে কৰিব পাৰিব ৰাজ্যখনক উন্নয়ন, কৰিব পাৰিব সকলোৰে কল্যাণ। অথবা ২০২১ৰ পাছত পুনৰ এদিন বলিব নিৰ্বাচনী বতাহ, যি বতাহে উৰুৱাই লৈ যাব পাৰিব সকলো ৰাজনৈতিক সমীকৰণ। গতিকে চৰকাৰ গঠনৰ পাছত চিন্তা কৰক ৰাইজৰ, কাম কৰক চৰকাৰে সৰ্বসাধাৰণৰ হকে। কিয়নো এদিন হ'লেও আহিব ৰাইজৰ হাতত সেই অধিকাৰ, যিদিনা ধ্বংস বা সৃষ্টি কৰিব পাৰিব সকলো নতুনকৈ ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in