সীমা বিবাদৰ সমস্যাৰ সমাধান কেতিয়া…

সীমা বিবাদৰ সমস্যাৰ সমাধান কেতিয়া…

মৃদুল কুমাৰ সন্দিকৈ

অশান্ত হ'ল আকৌ সীমান্ত। অসমৰ সীমা বিবাদ এইবাৰ সমাধান হ'ব বুলি ভবা হৈছিল যদিও, গৃহমন্ত্ৰীৰ সৈতে সীমা বিবাদক কেন্দ্ৰ কৰি উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শ্বিলঙত গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে জ্বলি উঠিল অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চল। অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ আজিৰ নহয়। শেহতীয়াকৈ ২৬ জুলাই, ২০২১ অৰ্থাৎ সোমবাৰে অসমৰ মাটি বেদখলক কেন্দ্ৰ কৰি কাছাৰৰ লাইলাপুৰত সংঘটিত হ'ল অতি দুৰ্ভাগ্যজনক ঘটনা।

ইতিমধ্যে ৬জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে এই সীমা বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত। এই সংখ্যা অধিক হোৱাৰো সম্ভাৱনা আছে। প্ৰায় প্ৰতিখন ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ মন কৰিবলগীয়া। সীমান্তৱৰ্তী অঞ্চলসমূহৰ বাস কৰা অসমৰ লোকসকলে জীৱন হাতৰ মুঠিত লৈ দিন পাৰ কৰিবলগীয়া হয়।

পূৰ্বতেও সীমা বিবাদক কেন্দ্ৰ কৰি অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে। অৰুণাচল প্ৰদেশৰ সৈতেও অসমৰ সীমা বিবাদক লৈ দীৰ্ঘদিনৰ সংঘাত আছে। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সৈতে অসমৰ আন্তৰাজ্যিক সীমান্তৰ দৈৰ্ঘ্য ৮০৪.১০ কিলোমিটাৰ। এই সন্দৰ্ভত ১/১৯৮ নম্বৰৰ এটা গোচৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ আছে।

প্ৰায়ে শুনা যায় অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰি অধিকাৰ সাব্যস্ত কৰাই নহয়, তাত স্থায়ী নিৰ্মানো কৰিছে। অসমৰ বন ভূমিও অৰুণাচলৰ লোকে বেদখল কৰা ঘটনা ঘটি আহিছে। কিন্তু সেই সমস্যাসমূহৰ সমাধানৰ কোনো সমাধান সূত্ৰ আজিও নোলাল। এনে উত্তেজনা মূুলক ঘটনা সংঘটিত হোৱাৰ সময়ত সীমা সমস্যাৰ সমাধানক লৈ ৰাজ্য চৰকাৰ তৎপৰ হৈ যদিও পৰৱৰ্তী সময়ত সেই সমস্যা সমূহ সমস্যা হৈয়েই ৰৈ যায়।

অসম আৰু নগালেণ্ডৰ সীমান্ত বিবাদো দীৰ্ঘদিনীয়া। প্ৰায়ে অভিযোগ উঠে যে অসমৰ মাটি চুবুৰীয়া ৰাজ্য নগালেণ্ডে বেদখল কৰি আহিছে। আনকি অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমৰ লোকসকলৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপিত হৈ আহিছে। উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰাৰ নামত নগালেণ্ডে অসমৰ ভূমি বেদখল কৰাৰ ঘটনাক লৈ প্ৰায়ে বাতৰিৰ শিৰোনাম হয়।

উচ্চতম ন্যায়ালয়ত অসম-নগালেণ্ডৰ সীমান্তৰ বিবাদক লৈও আন এক গোচৰ ৰুজু হৈছে। মেঘালয়ৰ সৈতেও এই সীমা বিবাদক কেন্দ্ৰ কৰি দ্বিপাক্ষীক পৰ্যায়ত ইয়াত সমাধানৰ চেষ্টা কৰা হ'লেও এই সমস্যা আজি পৰ্যন্ত অন্ত পৰা নাই। শেহতীয়া অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি ২০১৭চনৰ ১ এপ্ৰিলত বৈঠক অনুষ্ঠিত হৈছিল।

অসম মিজোৰাম আন্তৰাজ্যিক সীমান্তৰ দৈৰ্ঘ্য ১৬৪.৬ কিলোমিটাৰ। এই সীমান্তৱৰ্তী অঞ্চলসমূহ অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ অন্তৰ্গত। ইয়াৰ আগলৈকে অসম আৰু মিজোৰামৰ সীমান্ত বিবাদক লৈ উল্লেখযোগ্য সংঘাত হৈছিল যদিও শেহতীয়া ঘটনাই এই সমস্যাক লৈ সংঘাত বৃদ্ধি কৰিলে। ২০১৪চনৰ ২৪ ছেপ্টেম্বৰত মুলত অসম-মিজোৰাম সীমান্তৰ সমস্যাক লৈ বৈঠক অনুষ্ঠিত হৈছিল।

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ এই সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰেও গুৰুত্ব প্ৰদান কৰাৰ সলনি সংশ্লিষ্ট ৰাজ্য কেইখনক আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰাৰ বাবে পৰামৰ্শ আগবঢ়াই থকা হৈছে। বৰাক উপত্যকাত অৱশ্যে অসম-মিজোৰামৰ সীমান্তৰ সীমা বিবাদ যোৱা কিছুদিন ধৰি চলি আছিল। কিন্তু এনে হিংসাত্মক ৰূপ পোৱা নাছিল।

ইয়াৰ পূৰ্বেও মৰিয়নীৰ দিছৈ ভেলীৰ সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই চলোৱা বেদখলৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষী কঠোৰ হৈছে। অসমৰ বন ভূমিত নগা সশস্ত্ৰ লোকে শিবিৰ স্থাপন কৰাত সংঘাত সৃষ্টি হৈছিল। অসম মিজোৰাম সীমান্তত এনে উত্তেজনা বিৰাজ কৰাৰ সময়ত উক্ত অঞ্চলতো নগা দুৰ্বৃত্তই অসমৰ লোকৰ এটা পশুধন গুলীয়াই হত্যা কৰা ঘটনা সংঘটিত হৈছে।

অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে বিভিন্ন ৰাজ্যৰ সৈতে থকা সীমা বিবাদ সমাধানৰ বাবে কাগজ-পত্ৰই বিভিন্ন পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত ৰাজ্যিক পৰিকল্পনা আৰু সীমান্ত অঞ্চল উন্নয়নৰ কাৰ্যসূচী, ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ কমিটীৰ সভা, সীমা বিবাদৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে আলোচনা, জৰীপৰ জৰিয়তে সীমাৱৰ্তী জিলা সমূহৰ নক্সাৰ প্ৰস্তুতি, আন্তৰাজ্যিক সমস্যাসমূহ সুসাধ্য ৰূপে সমাধান, সীমান্তৱৰ্তী অঞ্চলত অধিক নিৰাপত্তা ব্যৱস্থা, বেদখলমুক্ত আদি উল্লেখযোগ্য।

কিন্তু এই সীমা বিবাদক সমাধানৰ ক্ষেত্ৰত কাগজে কলমে এনে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিলেও কাৰ্যত তেনে উদ্যোগ গ্ৰহণ নকৰাৰ বাবেই উক্ত সীমান্তৱৰ্তী অঞ্চল সমূহত চুবুৰীয়া ৰাজ্যৰ অগ্ৰাসন মন কৰিবলগীয়া। প্ৰায় প্ৰতিদিনেই সীমান্তত আন্তৰাজ্যিক সীমা বিবাদক লৈ খবৰ আহে। ইয়াৰ পূৰ্বে ২০২১চনৰ ৭ ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বিআংলং জিলাৰ অসম-মেঘালয় সীমান্তত এক সীমা বিবাদ চলিছিল। অসম চৰকাৰৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে মেঘালয়ে অসমৰ ৮ বিভাগ ভূমি দখল কৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছিল।

এনে অগ্ৰাসনৰ ফলত আতংকিত হৈ পৰা সীমান্তবাসীয়ে স্থানীয় কাৰ্বি ছাত্ৰ সন্থা আৰু আন সংগঠনৰ সহযোগত সীমা সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিবলগীয়া হৈছিল। প্ৰায়ে সীমান্তৱৰ্তী অঞ্চলসমূহত সীমা বিবাদক লৈ স্থানীয় লোকৰ দাবী নুই কৰি চলে অসম চৰকাৰ তথা প্ৰশাসনে। তাৰ ফলতেই এই সমস্যা সমূহে গুৰুতৰ পৰা গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

অসম মিজোৰাম সীমা বিবাদক শান্তি পূৰ্ণভাৱে সমাধান কৰিবলৈ গৃহ মন্ত্ৰণালয়ে ২০২০ৰ ১৯ অক্টোবৰত এক নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে, ১৮ অক্টোবৰত দুই ৰাজ্যৰ সীমান্তত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছিল। গৃহ মন্ত্ৰণালয়ৰ সঞ্চালক অজয় কুমাৰ ভাল্লাই অসম আৰু মিজোৰামৰ মুখ্য সচিবৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰি এই সমস্যা সমাধানৰ নিৰ্দেশ দিছিল।

এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে ১৯৭২চনলৈকে মিজোৰাম আছিল অসমৰ অংশ। ১৯৮৭চনত মিজোৰামক পূৰ্ণাংগ ৰাজ্য প্ৰদান কৰা হৈছিল। দুয়োখন ৰাজ্যৰ মাজত ১৯৯৪চনৰ পৰাই সীমা বিবাদ অব্যাহত আছে। অসমৰ সীমান্তত থকা প্ৰায়বোৰ ৰাজ্যই অসমৰ ভূমি বেদখল কৰা অভিযোগ নতুন নহয়। উল্লেখযোগ্য যে, অসমৰ প্ৰায় ১৮০০ হেক্টৰ ভূমি মিজোৰামে বেদখল কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ পাছতে সেই অভিযোগ অস্বীকাৰ কৰিছিল মিজোৰাম চৰকাৰে।

কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰত মিজোৰাম মুখ্য সচিবগৰাকীয়ে মিজোৰামে অসমৰ এক ইঞ্চি মাটিও বেদখল কৰা নাই বুলি দম্ভালি মাৰিছিল। ইয়াৰ বিপৰীতে মিজোৰামৰ ভূমিহে অসমে বেদখল কৰা বুলি দাবী কৰিছিল। উল্লেখযোগ্য যে, অসম বিধানসভাত দাখিল কৰা এক তথ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল যে চুবুৰীয়া ৰাজ্যখনে বৰাক উপত্যকাত ১৭৭৭.৫৮ হেক্টৰ ভূমি বেদখল কৰিছে।

৯জুলাই, ২০২১ত অসম মিজোৰাম সীমা বিবাদক লৈ দিল্লীত এক উচ্চস্তৰীয় আলোচনাও হৈছিল। এই বৈঠকত উপস্থিত আছিল অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান আৰু মুখ্য সচিবগৰাকী। দুটা পৰ্যায়ত কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ অন্তত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে অসমে কেতিয়াও নিজৰ ভৌগলিক অখণ্ডতাৰ সৈতে আপোচ নকৰে।

মিজোৰামৰ ফালৰ পৰা হোৱা বেদখল উচ্ছেদ কৰা হ'ব বুলিও ইংগিত দিয়া হৈছিল। সেই বৈঠকত দুই পক্ষই সহমতত উপনীত হৈছে বুলি কোৱা হৈছিল যদিও মিজোৰামে সমস্যা সমাধানৰ বাবে কিছু সময় বিচাৰিছিল বুলি জানিব পৰা গৈছিল। তাৰ কেইদিনমানৰ পাছতেই সংঘটিত এনে ঘটনাই এতিয়া অসমৰ সীমা কেন্দ্ৰিক এই সমস্যা সমূহে কি ৰূপ ধাৰণ কৰিছে সেয়া লক্ষণীয় হৈ পৰিছে।

আন্তৰাজ্যিক সীমা সমস্যা এতিয়া এক জ্বলন্ত সমস্যা। অসমৰ চুবুৰীয়া ৫ ৰাজ্যই ৰাজ্যখনৰ বহু ভূমি বেদখল কৰাৰ বাবে অসমৰ ভূখণ্ড সংকোচিত হৈ আহিছে যদিও ৰাজ্য চৰকাৰে আজিলৈকে কোনো সফল পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। মানচিত্ৰত কেৱল ৰৈছে এতিয়া অসমৰ সীমা আৰু মাটি কালি। বাস্তৱত অসমৰ সেই মাটি কালি আছে নে নাই সেয়া আন এক সন্দেহৰ বিষয়।

সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমৰ লোকসকলক বন্দুক বাৰুদ লৈ আক্ৰমণ সংঘটিত কৰে। ভয়-ভীৰ্তিৰে তেওঁলোকক সীমান্তৱৰ্তী অঞ্চলৰ পৰা খেদাই দিয়াৰ প্ৰৱণতা নতুন নহয়। খোদ আৰক্ষীকে সীমা সমস্যা সমাধান কৰিবলৈ যাওঁতে এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত এই পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি।

অসমৰ সীমান্তত লাগি থকা ৫ ৰাজ্য ক্ৰমে- নগালেণ্ড, মিজোৰাম, অৰুণাচলপ্ৰদেশ, ত্ৰিপুৰা আৰু মেঘালয়ে ৮৩হাজাৰ হেক্টৰৰো অধিক ভূমি বেদখল কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সীমা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি সেইবোৰ শীঘ্ৰেই নিষ্পত্তি কৰিব বুলি দিল্লীত সংবাদমেল পাতি ঘোষণা কৰিছিল। প্ৰয়োজনত নগালেণ্ড, মিজোৰাম বা আন চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহাৰ কথাও কৈছিল।

কিন্তু তাৰ মাজতেই আহিল এনে দুখবৰ। অসমৰ ২৪খন জিলা সংলগ্ন হৈ আছে সীমাৰ সৈতে। নিৰ্বাচনৰ বতৰত এই সীমা বিবাদ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে। ২০১৬চনতো আন্তৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে শাসকীয় বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল। কিন্তু যোৱা ৫ বছৰে এই সমস্যা সমাধানৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে।

সীমা সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন স্থানত সীমান্ত সুৰক্ষা অতিৰিক্ত চকী স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা সময়চোৱাত তেনে কেইটা সীমান্ত চকী স্থাপন কৰা হৈছিল সেয়াও আন এক আলোচনাৰ বিষয়। লাইলাপুৰৰ এই ঘটনাৰ পাছত দুই ৰাজ্যৰ মাজত সৃষ্টি হোৱা সংঘাত যাতে আন অঞ্চললৈ বিয়পি পৰিব নোৱাৰে তাৰ প্ৰতিও এতিয়া দুই ৰাজ্যৰ চৰকাৰে সাৱধানে আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পৰিমল শুক্লবৈদ্যক পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে। মিজোৰাম সীমান্তত সংঘটিত এই ঘটনা সঁচাকৈ দুৰ্ভাগ্যজনক। যদি চৰকাৰ তথা প্ৰশাসনে সঠিক সময়ত পদক্ষেপ গ্ৰহণ কৰি আলাপ আলোচনাৰ মাজেৰে এই সমস্যা সমাধান কৰিলে হয়, তেনেহ'লে এনে ঘটনা সংঘটিত নহ'লহেঁতেন। সীমান্তবাসীৰ মনত সদায় এটা প্ৰশ্ন- এই সীমা বিবাদৰ সমস্যা সমাধান হ'ব কেতিয়া?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in