মেট্ৰিকত তৃতীয়, উচ্চতৰ মাধ্যমিকত এবাৰ ফেইল কৰিও চৰণ নাৰ্জাৰী এতিয়া অদ্বিতীয়…

মেট্ৰিকত তৃতীয়, উচ্চতৰ মাধ্যমিকত এবাৰ ফেইল কৰিও চৰণ নাৰ্জাৰী এতিয়া অদ্বিতীয়…

মৃদুল কুমাৰ সন্দিকৈ

চৰণ নাৰ্জাৰী। কোকৰাঝাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত ৰাণীপুৰত ঘৰ। দুদিনৰ আগলৈকে তেওঁৰ কথা বিশেষভাৱে চৰ্চা হোৱা নাছিল। কিন্তু এতিয়া চৰণ নাৰ্জাৰী চৰ্চাত অদ্বিতীয়। চৰ্চা হ'ব লগা কামেই চৰণ নাৰ্জাৰীয়ে কৰিছে। তেওঁৰ সফলতাৰ কাহিনীয়ে কেৱল তেওঁকে নহয়, নতুন প্ৰজন্মৰ বহুতকে অনুপ্ৰাণিত কৰি তুলিছে।

নতুন বছৰৰ প্ৰথমটো দিনা মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁ কিছু কথা কৈছিল। কেনেদৰে এপিএছচি লাভ কৰিছিল সেই যাত্ৰা পথৰ কাহিনী কৈ যাওঁতে জাৱৰীয়ে জাৱৰীয়ে হাত চাপৰি পৰিছিল। তাৰপাছত চৰণ নাৰ্জাৰী সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

চৰণ নাৰ্জাৰী…

গুৱাহাটীৰ পৰা চৰণ নাৰ্জাৰী ১ জানুৱাৰী, ২০২০তে ঘৰলৈ উভতিল।মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ পাছত তেওঁ ৰাতি ঘৰ পালেগৈ। সেই সময়ত চৰণ নাৰ্জাৰী ঘৰতে আছিল। প্রথমবাৰ ফোনটো ৰিং হৈ কাট খাই গৈছিল। তাৰ পিছৰ পৰা চেষ্টা কৰোতে চৰণ নাৰ্জাৰীয়ে ধৰিলে। তাৰপাছত এটা এটাকৈ প্ৰশ্নৰ উত্তৰ দি গ'ল।

আচলতে প্ৰশ্নৰ উত্তৰ নহয়, তেওঁ কৈ গ'ল কেনেদৰে তেওঁ আজি এই পৰ্যায় পালে। মুখ্যমন্ত্ৰীক কোৱাৰ দৰেই তেওঁ ক'লে- মইতো মেট্ৰিক থাৰ্ড ডিভিজন পাইছিলো। মই প্ৰাথমিক বিদ্যালয় পঢ়িছিলো ৰাণীপুৰ এল পি স্কুলত। তাৰপাছত হাইস্কুল পঢ়িছিলো জলশ্ৰী হাইস্কুলত। তেতিয়া এইবোৰ বিদ্যালয় চৰকাৰীকৰণ হোৱা নাই। ২০০৪চনত আমি মেট্ৰিক পাছ কৰিলো।

চৰণ নাৰ্জাৰীয়ে ৪০.৪ শতাংশ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিল। সেই অঞ্চলটো এখন বনগাঁও। পঢ়া শুনাৰ বৰ বিশেষ পৰিৱেশ নাই। পিতৃৰ নাম তুলেশ্বৰ নাৰ্জাৰী। বৃত্তিত খেতিয়ক। পৰিয়ালটোত তেওঁলোক চাৰিজন ককাই-ভাই আৰু এজনী ভগ্নী। মুঠ পৰিয়ালৰ সদস্যৰ সংখ্যা ৭জন।

এনেকৈয়ে আহে সফলতা…

কিবা এটা কৰাৰ হেঁপাহ চৰণ নাৰ্জাৰীৰ সৰুৰে পৰা আছিল। সেয়েহে তৃতীয় বিভাগত উত্তীৰ্ণ হৈও কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাতে উত্তীৰ্ণ হ'ব নোৱাৰিলে চৰণ নাৰ্জাৰী। তেওঁৰ ভাষাত- মইতো পাছ কৰিব নোৱাৰিলো। কিন্তু মই পঢ়া বাদ নিদিলো। ছায়েঞ্চ এৰি মই আৰ্টছত নামভৰ্তি কৰিলো। আৰু মই ৫৮.৮ শতাংশ নম্বৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লো। সম্ভৱ পলিটিকেল ছায়েঞ্চত মই হায়েছ মাৰ্ক পাইছিলো, ৭১।

এইখন কলেজতেই চৰণ নাৰ্জাৰীয়ে স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে। ৫৪.৯ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈ তেওঁ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে তেওঁ গুচি আহিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ। অৰ্থনীতি বিভাগত তেওঁ নামভৰ্তি কৰিলে। কিন্তু কেইবাটাও ছেমিষ্টাৰত বেক লাগিল । সেয়েহে তেওঁ গুচি গ'ল পুডুচেৰীলৈ।

তাৰ পৰা তেওঁ অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। চৰণ নাৰ্জাৰীয়ে প্রথমে ভবা নাছিল এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা কথা। পুডুচেৰীত পঢ়িবলৈ গৈ তেওঁৰ মনলৈ এই ধৰণৰ চিন্তা আহিছিল। তেওঁ ক'লে- 'পুডুচেৰীত যোৱাৰ পাছত মই বিভিন্ন ৰাজ্যৰ বহু ল'ৰা ছোৱালী লগ পালো। যিসকলে কেন্দ্ৰীয় লোকসভা আয়োগ অৰ্থাৎ ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতি কৰি আছিল। বড়ো মাধ্যমত পঢ়া বাবে মোৰ ইংৰাজী অত্যন্ত বেয়া আছিল। ইংৰাজীত কথা কোৱা বা লিখাতো মোৰ সমস্যা হৈ পৰিছিল। সেয়েহে তেওঁলোকৰ সৈতে মই চলাই যোৱাকৈ ইংৰাজী ক'বলৈ চেষ্টা কৰিছিলো।'

মই মেট্ৰিকত থাৰ্ড ডিভিজন পাইছিলো…

এনেদৰেই উত্তৰণৰ বাট কাটিছিল চৰণে। ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৰ এজন সদস্য অৰ্থাৎ চৰণৰ জ্যেষ্ঠ ভাতৃয়ে ব্যৱসায় আৰম্ভ কৰিছিল। ভাতৃক তেওঁ সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছিল। ভাতৃৰ ইচ্ছাৰ কথা জানি তেওঁ অনুপ্ৰেৰণা দিছিল।

পুডুচেৰীৰ পৰা চৰণ নাৰ্জাৰী গুচি গৈছিল মুম্বাইলৈ। তাত গৈ তেওঁ মাষ্টাৰ অৱ প'পুলেশ্যন ষ্টাডীত আকৌ স্নাতকোত্তৰ ডিগ্ৰী লয়। ইয়াৰ পাছত তেওঁ ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে কোচিং কৰাৰ বাবে দিল্লীমুখী হয়।

দিল্লীত তেওঁ কেইবা বছৰ থাকি কোচিং কৰিছিল। ৫ বাৰকৈ তেওঁ ইউপিএছচি দিছিল। কিন্তু উত্তীৰ্ণ হ'ব পৰা নাছিল। তিনিবাৰকৈ তেওঁ এপিএছচিও দিছিল। প্ৰতিবাৰে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাইভা পৰ্যন্ত দিছিল। কিন্তু ভাইভাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে চাকৰি পোৱা নাছিল।

সেই সময়ত তেওঁক লগৰবোৰে বা পৰিয়ালৰ আন লোকে এইবোৰত লাগি থকাতকৈ আন এটা চাকৰি কৰিবৰ বাবে কৈছিল। কিন্তু দৃঢ় হৈ এপিএছচি লমেই বুলি লাগি আছিল চৰণ নাৰ্জাৰী। ২০২০ বৰ্ষত ঘোষণা কৰা ফলাফলত চৰণ নাৰ্জাৰীৰ নাম আহিল।

লেণ্ড এণ্ড ৰেভেনিউ ছাৰ্ভিচৰ বাবে তেওঁ নিৰ্বাচিত হ'ল। এপিএছচি লাভ কৰা চৰণ নাৰ্জাৰী সেই অঞ্চলটোৰ প্রথম। তেওঁ প্ৰমাণ কৰি দিলে একাগ্ৰতা আৰু অধ্যাৱসায় থাকিলে অসম্ভৱ একো নহয়। মাক-দেউতাকো এতিয়া সুখী। অঞ্চলটোৰ বাবে এতিয়া এয়া ডাঙৰ গৌৰৱ।

তাৰ জীৱনত একো নহ'ব বুলি কোৱা সকলে এতিয়া অভিনন্দন জনাইছে। ২০১৭চনত তেওঁ দিল্লীৰ পৰা ঘূৰি আহিছিল। তাৰপাছত গুৱাহাটীত থাকি এপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল। দিল্লীত থাকোতে তেওঁলোক তিনিজন একেলগে আছিল। বাক্সাৰ মনোজ স্বৰ্গীয়াৰী আৰু ৰূপম বৰদলৈ।

মনোজ স্বৰ্গীয়াৰীয়ে ২০১৭চনতেই আইপিএছ পাইছিল। ৰূপম বৰদলৈৰ সংগ্ৰাম এতিয়াও অব্যাহত আছে। চৰণ নাৰ্জাৰীয়ে কৈ গৈছিল তেওঁৰ জীৱন কাহিনী। বিফলতাৰ মাজতেই কেনেদৰে সফলতাৰ আধাৰ গঢ়িছিল সেই কথাবোৰ অত্যন্ত সহজ সৰল ভাষাৰে কওঁতে তাত নাছিল কোনো লাক-ধুক। এয়া যেন বহুতৰ বাবে প্ৰেৰণাৰ অমৰবাণী।

তৃতীয় বিভাগত মেট্ৰিকত উত্তীৰ্ণ হোৱা, উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষত অনুত্তীৰ্ণ হোৱা চৰণ নাৰ্জাৰীয়ে কেনেদৰে নিজকে দৃঢ় কৰিছিল? সোধা হৈছিল সেই প্ৰশ্ন। তেওঁ কৈছিল- কিবা এটা কৰিম বুলি মই ভাবি লৈ আগবাঢ়িছিলো। কোনে কি কৈছিল শুনা নাছিলো।

দৈনিক কিমান ঘন্টা পঢ়িছিল বুলি সোধাত তেওঁ কয়- তেনেকুৱা কোনো নিৰ্দিষ্ট ৰুটিন নাছিল। এইবাৰ লেণ্ড এণ্ড ৰেভেনিউ ছাৰ্ভিচৰ বাবে নিৰ্বাচিত হোৱা চৰণ নাৰ্জাৰীক ভাইভাত কি সুধিছিল? তেওঁ ক'লে ভাইভাত তেওঁক এই চাকৰি লাভ কৰাৰ পাছত কি কৰিব, কি নকৰিব এই কথা সোধাৰ লগতে বিটিআৰ চুক্তি ভাল হৈছে নে বেয়া হৈছে এই সন্দৰ্ভতো সুধিছিল।

চৰণ নাৰ্জাৰীৰ পৰা জানিব বিচৰা হৈছিল তেওঁৰ লগত সেই সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইজন উত্তীৰ্ণ হৈছিল। ৬জনহে উত্তীৰ্ণ হৈছিল। বাকীবোৰ এতিয়া বিয়াবাৰু পাতি সাংসাৰিক হ'ল। তেওঁ এইদৰে পঢ়া শুনাতেই ব্যস্ত হৈ থাকি গ'ল। হয়তো ঘৰত থকা হ'লে তেওঁ আজি সাংসাৰিক মায়া-মোহত বন্দী হৈ থাকিল হয়। তাকে নকৰি তেওঁ কিবা এটা কৰাৰ চেষ্টাৰে কষ্ট হ'লেও ওলাই গৈ আজি এই অৱস্থাত আছে।

চৰণ নাৰ্জাৰী সঁচাকৈ আদৰ্শ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ কিবা বিভাগত উত্তীৰ্ণ হৈছে, উচ্চতৰ মাধ্যমিকত এবাৰ অনুত্তীৰ্ণ হৈছে নে নাই সেইবোৰ ডাঙৰ কথা নহয়। জীৱনৰ আচল যুঁজত চৰণ নাৰ্জাৰী সফলভাৱে উত্তীৰ্ণ হৈছে। মেট্ৰিক-উচ্চতৰ মাধ্যমিকত ভাল ফলাফল কৰা বহু মেধাৱী ছাত্ৰতকৈ চৰণ নাৰ্জাৰী আজি সফল। চৰণ নাৰ্জাৰীয়ে বুজাই দিলে ইচ্ছা কৰিলে সকলো সম্ভৱ। সেয়েহে এতিয়া চৰ্চা তেওঁৰেই কাহিনী। মেট্ৰিকত তৃতীয় হৈও যে আজি তেওঁ অদ্বিতীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in