মোক এজন সুস্থ মানুহ ঘূৰাই লাগিবঃ গীতাশ্ৰী তামুলী…

মোক এজন সুস্থ মানুহ ঘূৰাই লাগিবঃ গীতাশ্ৰী তামুলী…

মৃদুল কুমাৰ সন্দিকৈ

'মোক এজন সুস্থ মানুহ ঘূৰাই লাগিব। মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব। আপোনালোকৰ দায়িত্বত আছিল, হে মহামহিম কাৰাগাৰ কৰ্তৃপক্ষ, হে মাননীয় গৃহ মন্ত্ৰী মহোদয়! চকুলো টুকি নেদেখুৱাও। মানৱীয় আৱেগৰ দোহাই, অধিকাৰৰ দোহাই, মাতৃ-ভগ্নী, জী-পত্নী, সন্তান আৰু সমব্যৰ্থী মানুহৰ শুকাই শিল হোৱা চকু পানীবোৰৰ দোহাই! সকলোকে আৰু কয়দী সকলকো উপযুক্ত চিকিৎসা দিয়ক। হয়তো জনমত গঠন নোহোৱা হ'লে এন আই এ আদালতত আৱেদন নজনোৱা হ'লে কাৰাগাৰৰ মানুহবোৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিলে হেঁতেন।'- এগৰাকী মহিলাৰ মৰ্মৰ বেদনা এয়া।

জীৱনত বহু সহ্য কৰিব লগা হৈছে তেওঁ। সেই প্ৰতিবাদী সত্তা এতিয়াও তেওঁৰ মনত সজীৱ হৈ আছে। জানে- এনে এজন মানুহৰ সৈতে জীৱন যাপন কৰা মানেই সৰু-ডাঙৰ বহু প্ৰত্যাহ্বানে তেওঁক আগুচি ধৰিব। সেই প্ৰত্যাহ্বানবোৰ নেওচিবলৈ তেওঁ মানসিকভাৱে দৃঢ় আৰু পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ স্থিৰতা লাগিব।

অখিল গগৈক শনিবাৰৰ দুপৰ নিশা (১১ জুলাই, ২০২০ৰ ১২বজাৰ পাছত) গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ অহা হৈছিল জিএমচিএইচলৈ। এবাৰ কাৰাগাৰৰ ভিতৰত, তাৰপাছত দিল্লীত তেওঁৰ কোৰোনা সংক্ৰমণ হৈছে নেকি বুলি পৰীক্ষা সম্পন্ন কৰা হৈছিল।

প্রথমে খবৰ আহিছিল অখিল গগৈ কোবিড-১৯ পজিটিভ। তাৰপাছত আহিল নিগেটিভ। আকৌ পজিটিভ। পজিটিভ-নিগেটিভৰ এই খেলখনে অখিল গগৈক লৈ এই চৰকাৰৰ ভূমিকা ৰহস্যজনক কৰি পেলাইছিল। চৌদিশে প্ৰতিবাদ আৰু ধিক্কাৰৰ জোৱাৰ উঠিছিল।

এইবোৰ তেওঁৰ বাবে নতুন কথা নহয়। এদিন কাৰাৰুদ্ধ অখিল গগৈক সাক্ষাৎ কৰিবলৈ যোৱা মুহূৰ্তত…

তাৰপাছত অৱশেষত মানুহজনক চিকিৎসালয়লৈ অনাৰ পাছত স্বস্তিৰ কিছু নিশ্বাস এৰি তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে লিখিছিল- ' অৱশেষত অপেক্ষাৰ অন্ত হ'ল। তেওঁলোকে নিজৰ পৰা জনাব নোৱাৰিলে। আমাৰ অধিবক্তাই সোধাত উত্তৰ আহিল পজিটিব। আগৰেই পজিটিভ আছিল নেকি? দিল্লীৰ ৰিপৰ্টত কি আহিল? জনাব নোৱাৰিলে। শুনা মতে পৰহীৰে পৰা জিএমচিএইচৰ বিচনা পাৰিয়েই আছে। কৃতজ্ঞ! অতি কৃতজ্ঞ।'

ক্ষোভ আৰু প্ৰতিবাদ একাকাৰ হৈ পৰাত তেওঁ এইদৰে লিখিবলৈ বাধ্য হৈছিল। কিমান দৌৰিব লগা হৈছে, কিদৰে তেওঁৰ অনুপস্থিতিত পৰিয়ালটোক এই মহাসংকটৰ মুহূৰ্তত ধৰি ৰাখিব লগা হৈছিল সেয়া তেওঁতকৈ আৰু কোনে অনুভৱ কৰিব পাৰে?

ইয়াৰ পূৰ্বেও এনে সংকট আহিছে। কিন্তু এনে ষড়যন্ত্ৰৰে কাৰোবাক নিঃশেষ কৰি পেলোৱাৰ সন্দেহ হ'ব পৰাকৈ পৰিস্থিতি হয়তো সৃষ্টি হোৱা নাছিল। পুৱাৰ ভাগলৈ আনুষ্ঠানিকভাৱে চানমাৰি থানাৰ আৰক্ষীয়ে গৈ দি আহিছিল এখন আনুষ্ঠানিক পত্ৰ। য'ত আছিল এটা দুঃখবৰ। কিন্তু সেই দুঃখবৰটোৱে খবৰহীন মানুহটোৰ খবৰ কঢ়িয়াই অনা এটা সুখবৰতকৈ কম নাছিল।

সেই পত্ৰখন পোৱাৰ পাছতেই ১২ জুলাই, ২০২০ৰ পুৱা ভাগত তেওঁ আকৌ লিখিলে- '"ৰাইজে বল দিলে পাহাৰ খহি পৰে।" অৱশেষত ৰাইজৰ সদিচ্চাত এটা অন্ততঃ আনুষ্ঠানিক বাৰ্তা পালো। ধন্যবাদ সকলো শুভানুধ্যায়ী। ধন্যবাদ চান্দমাৰী(চানমাৰি) আৰক্ষীথানা। সকলো অন্যায়ৰ বিপক্ষে মাত মাতোঁ আহক। #Raise your voice against any kind of injustice.'

বহু প্ৰতিবাদৰ পাছত আহিছিল এই আনুষ্ঠানিক পত্ৰঃ অখিল গগৈ অসুস্থ…

প্ৰতিবাদ তেওঁ এনেকৈয়ে কৰিছে। বিভিন্ন সময়ত, বিভিন্ন খবৰ আহে। সেই খবৰটোৰ তেওঁৰ বিশ্বাস নহয়, যি বাস্তৱত হয় তাকেই তেওঁ বিশ্বাস কৰিবলৈ শিকিছে। ভোকত নে ৰোগত মানুহ মৰে বুলি যি দেখা পাইছে সেই উপলব্ধি মুকলিকৈ লিখিছিল এইদৰে-

'পাচলি, মাছ, মাংস, কলফুল বিক্ৰেতা, ৰিক্সাচালক, অট' চালক, টেক্সী চালক, দোকানীদাৰ, পেচাদাৰী বিক্ৰেতা, পদপথৰ ব্যৱসায়ী, দিন হাজিৰা কৰা লোক, বস্ত্ৰ বিক্ৰেতা, গৃহ কৰ্মী, নিৰ্মাণ শ্ৰমিক, সৰু সৰু ব্যৱসায়ত নিয়োজিত সকল, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত নিয়োজিত সকল, দৰ্জী, মুছি, নাপিত, পৰ্যটন উদ্যোগেৰে জড়িত সকল, হোটেল, চিনেমা হল, খাদ্য ব্যৱসায়ী, আচবাব পত্ৰৰে ব্যৱসায়ত নিয়োজিত সকল, কিতাপৰ ব্যৱসায়ত জড়িত সকল, তামুল পান বিক্ৰেতা, বাছৰ মালিক, পৰিবহন ব্যৱসায়ত জড়িত সকল, শিল্পীসকল, নাট্য কৰ্মী, প্রশিক্ষক আৰু ক'ত লক্ষ জনে অধিক লকডাউন বিচাৰেনে? কিছুমান অনুশাসন, নীতি-নিয়ম আৰু বীজাণুনাশৰ পৰিকল্পিত ৰাজহুৱা ব্যৱস্থাপনাৰ মাজেৰে কোনো বিকল্প নোলাব নেকি? চকুৰ পানীৰে বহু অনামীজনৰ গাৰু তিতিব ধৰিছে।'

মানুহজনৰ চিন্তাৰ মাজতেই তেওঁৰ মনত ভুমুকি মৰা এইবোৰ চিন্তাও আছিল। অখিল গগৈ ৬ মাহতকৈ বেছি সময় কাৰাগাৰত ইটোৰ পাছত সিটো গোচৰ ৰুজু কৰি বন্দী কৰি থোৱা পাছত কোৰোনাৰ এই মহাসংকটৰ সময়ত সাধাৰণ লোকৰ প্ৰতিও তেওঁৰ এই দৃষ্টি।

অখিল গগৈয়ে দুৰ্নীতি, ৰাজনীতিত হোৱা ভষ্ট্ৰাচাৰ আৰু ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে মাত মাতিছিল। অতি দুৰ্বল অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহাৰ সময়ত তেওঁক সাংবাদিকে আঁতৰৰ পৰাই সুধিছিল- অখিল দা কিবা ক'ব?

এজন সতীৰ্থৰ গাত ধৰি নামি অহা অখিল গগৈয়ে তেওঁৰ দেহৰ ভংগীমাৰে প্ৰতিবাদী সত্তাক প্ৰদৰ্শন কৰিলেও শাৰীৰিক অসুস্থতাৰ বাবেই তেওঁৰ দেহত নাছিল পূৰ্বৰ দৰে প্ৰতিবাদী কন্ঠৰ সেই সুৰ আৰু স্বৰ। মাথোঁ কৈছিল- বৰ নিৰ্যাতন পাইছে কাৰাগাৰত। তাৰপাছত ভাবুক হৈ পৰা মানুহজন সোমাই গৈছিল চিকিৎসা কৰ্মী আৰু আৰক্ষীয়ে নিৰ্দেশনা দিয়া পথেৰে।

অখিল গগৈৰ স্বাস্থ্যক লৈ উদ্বিগ্ন দেশ। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো অখিল গগৈক এইদৰে কাৰাৰুদ্ধ কৰি থোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু সকলোবোৰ প্ৰতিবাদ আৰু অনুৰোধক উপেক্ষা কৰি কিমান দিনৰ বাবে তেওঁক বন্দী কৰি ৰখাব পাৰি তাৰেই যেন প্ৰতিযোগিতা চলিছিল।

অখিল গগৈ কাৰাৰুদ্ধ ৰাজনৈতিক বন্দী। তেওঁ সেই অনুসৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি আন সা-সুবিধা পোৱাৰ অধিকাৰ আছে। কিডনীত পাত্থৰ, খাদ্যনলীত ঘাঁ, কঁকালত বিষ আৰু শেহতীয়াকৈ কোৰোনা। বেমাৰে জৰ্জৰিত কৰি পেলোৱা এই প্ৰতিবাদী কন্ঠক ৰুদ্ধ কৰাৰ স্বাৰ্থতে যেন সেই সকলোবোৰ দেখিও নেদেখা ভাও জুৰিছিল প্ৰথম।

জিএমচিএইচত অসুস্থ অখিল গগৈ…

ন্যায়ালয়ত জনোৱা আৱেদন, ৰাইজৰ প্ৰতিবাদৰ পাছতহে চৰকাৰে সাৰ পালে। অখিল গগৈৰ স্বাস্থ্যক লৈ হঠাৎ গঠন কৰা হ'ল মেডিকেল বৰ্ড। তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ বাবে জ্যেষ্ঠ চিকিৎসক ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত গঠন কৰা হ'ল ৫ দিনীয়া মেডিকেল বৰ্ড।

এই বৰ্ডৰ আন সদস্য সকল হ'ল- জিএমচিএচৰ চিকিৎসক ডাঃ সংগীত দত্ত, ডাঃ বসন্ত হাজৰিকা, হেলথ চিটীৰ ডাঃ ব্ৰজেন লহকৰ আৰু এপ'ল'ৰ ডাঃ নিলীম খাউণ্ড। ইমান দিনৰ পৰা অখিল গগৈৰ স্বাস্থ্য বেয়া বুলি পৰিয়াল, কৃষক মুক্তি, আন দল-সংগঠন আৰু তেওঁৰ শুভাকাংক্ষীসকলে অখিল গগৈৰ সুচিকিৎসাৰ ব্যৱস্থা তথা তেওঁক মুক্তি দিবলৈ দাবী জনাই আহিছিল। কিন্তু হঠাৎ এই তৎপৰতা কিয়?

অখিল গগৈৰ স্বাস্থ্য অধিক বেয়াৰ বাবে নে অখিল গগৈক লৈ সৃষ্টি হোৱা জনমতত এই চৰকাৰে হেও মানি কিবা এটা কৰিছো বুলি দেখুৱাবলৈ কৰাৰ প্ৰয়াস? অখিল গগৈ কোৰোনা আৰু তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এই মেডিকেল বৰ্ডৰ মুৰব্বী চিকিৎসকগৰাকীৰ সৈতে যোগাযোগ কৰাত তেখেতে ক'লে- এই সন্দৰ্ভত তেওঁ কোনো কথা ক'ব নোৱাৰে। যি ক'ব লগা আছে সেয়া জিএমচিএইচৰ অধীক্ষকে আনুষ্ঠানিকভাৱে ক'ব।

অখিল গগৈৰ চিকিৎসা কি পৰ্যায়ত চলি আছে আৰু তেওঁৰ বৰ্তমান অৱস্থা কেনে এই সন্দৰ্ভত অৱশ্যে এই মেডিকেল বৰ্ডৰে আন এগৰাকী সদস্য তথা চিকিৎসকে ক'লে- তেওঁৰ চিকিৎসা আৰম্ভ হৈছে। অধিক চিন্তাৰ কাৰণ নাই।

অখিল গগৈক চিকিৎসাধীন কৰাৰ সমান্তৰালভাৱে আন এক দুঃখবৰ আহিছিল। মুম্বাইৰ পৰা অহা সেই খবৰ আছিল যে গুৰুতৰভাৱে অসুস্থ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

অৱস…

দেহত অক্সিজেনৰ পৰিমান কমি যোৱা আৰু কোৰোনা সদৃশ লক্ষণ দেখা পোৱা বুলি খবৰো প্ৰকাশ পাইছিল। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত তেওঁৰ টুইটাৰত লিখিলে যে- তেওঁৰ স্বাস্থ্য অৱনতি ঘটাত চিকিৎসাধীন হ'ব লগা হৈছে।

৪ জুলাইত কোভিড টেষ্ট কৰা হৈছিল যদিও সেই টেষ্টৰ ফলাফল নিগেটিভ অহা বুলি উল্লেখ কৰিছিল আজমলে। মধুমেহ ৰোগত আক্ৰান্ত বদৰুদ্দিন আজমলক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই আজমলৰ স্বাস্থ্য সন্দৰ্ভত উদ্বিগ্ন হৈ পৰিল আমাৰ স্বাস্থ্য মন্ত্ৰী।

এগৰাকী প্ৰতিদ্বন্দ্বী ৰাজনীতিবিদৰ প্ৰতি স্বাস্থ্য মন্ত্ৰীৰ এই উদ্বিগ্নতাই এক সুস্থ ৰাজনীতিৰ পৰম্পৰা সৃষ্টি কৰাৰ ইংগিত বহন কৰিলে হেঁতেন যদিহে এই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ দৰেই অখিল গগৈৰ স্বাস্থ্যৰ প্ৰতিও এনেদৰেই সৰৱ যদি হ'লহেঁতেন।

বদৰুদ্দিন আজমলৰ স্বাস্থ্য সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা টুইটটো…

দুদিনৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈ স্বাস্থ্য সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছিল। এই প্রশ্ন এৰাই চলি মন্ত্ৰীগৰাকীয়ে সেই মুহূৰ্তত কৈছিল- কোনো ব্যক্তিগত লোকৰ কথা নুসুধিব। কোৰোনাৰ কথা সোধক। সেই গৰাকী মন্ত্ৰীয়েই অখিল গগৈক এজন কেৱল ব্যক্তি বিশেষ হিচাপে গণ্য কৰিলেও অসমৰ ৰাইজে অখিলক এক সংগ্ৰামী সত্তা বুলি ধৰি লয়।

সেয়ে হয়তো অখিল গগৈৰ স্বাস্থ্যক লৈ ৰাইজ ইমান উদ্বিগ্ন। একেজন মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ খবৰ প্ৰতি মুহূৰ্ততে ৰাখিছে, তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। আনকি ফোনতো কথা পাতিছে বুলি বাতৰি প্ৰকাশ। এগৰাকী স্বাস্থ্য মন্ত্ৰী হিচাপে এআইইউডিএফৰ সাংসদগৰাকীৰ স্বাস্থ্যৰ খবৰ ৰখাটো তেওঁৰ মহানতাৰ পৰিচয়। কিন্তু সেইজন স্বাস্থ্য মন্ত্ৰীয়েই অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত কৰা এই মন্তব্য কিমান গ্ৰহণযোগ্য আছিল?

অখিল গগৈক জিএমচিএইচৰ এটা কেবিনেট ৰখা হৈছে। তেওঁৰ সন্দৰ্ভত কোনো তথ্য জিএমচিএইচ কৰ্তৃপক্ষ বা চৰকাৰে ৰাজহুৱা কৰা নাই। নিশা ১২.৩০ বজাত জিএমচিএইচত ভৰ্তি কৰা সময়ত অখিল গগৈয়ে কৈছিল- বৰ কষ্ট পাইছো। বহুত অত্যাচাৰ চলাইছে। সহ্য কৰিব নোৱাৰা হৈছো। তাৰমাজতো তেওঁ দুৰ্বল কন্ঠৰে চিঞৰিছিল- জয় আই অসম। এই অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত কোনো দায়িত্ব নাই নেকি চৰকাৰৰ? নাই নেকি তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত ৰাইজে সুধি থকা প্রশ্নৰ কোনো উত্তৰ চৰকাৰৰ হাতত? কেৱল জিএমচিএইচৰ অধ্যক্ষই নিয়মমাফিকভাৱে কৈছে- তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। নাই জ্বৰ-কাঁহৰ কোনো সমস্যা।এয়ে হ'ব পাৰে জানো অখিল গগৈৰ স্বাস্থ্যক লৈ পতিয়নযোগ্য উত্তৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in