আকাশবাণী গুৱাহাটীত বাতৰি পঢ়িবলৈ মানুহ নাই!

আকাশবাণী গুৱাহাটীত বাতৰি পঢ়িবলৈ মানুহ নাই!

মৃদুল কুমাৰ সন্দিকৈ

এয়া আকাশবাণী গুৱাহাটী। আঞ্চলিক বাতৰি পঢ়িছো অৱন বৰপূজাৰীয়ে।- এটা গলগলীয়া মাত। এই মাতটো অসমৰ ৰাইজৰ বাবে আছিল চিনাকি। এটা সময়ত এনে হৈছিল, 'এয়া আকাশবাণী' বুলি কোৱাৰ লগে লগে কোনে বাতৰি পঢ়িছে সেয়া আৰু ক'ব লগা নহৈছিল।

কোনো দিনেই দেখি নোপোৱা এজন মানুহ। কিন্তু তেওঁ পৰিচিত। তেওঁৰ মাত শুনিলেই কৈ দিব পাৰে কোনে পঢ়িছে বাতৰি বা কাৰ মাত সেইটো। এসময়ত ৰেডিঅ'ৰ জনপ্ৰিয়তা আছিল এনেধৰণৰ। সময় সলনি হ'ল। ৰেডিঅ'ৰ স্থান আন মাধ্যমবোৰে ল'লে। কিন্তু এতিয়াও ৰেডিঅ' বহুতৰ বাবে জনপ্ৰিয় আৰু আদৰৰ।

খোদ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মনৰ কথা কয় আকাশবাণীৰ জৰিয়তে। অনুষ্ঠানবোৰ সালসলনি হ'ল। পূৰ্বৰ জনপ্ৰিয় অনুষ্ঠানবোৰৰ ঠাইত এতিয়া বহু নতুন অনুষ্ঠান হ'ল। আগতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰিটোৱেই আছিল বহু মানুহৰ বাবে খবৰৰ উৎস।

সন্ধিয়া ৬.৪৫ বজাত আৰু নিশা ৮.৪৫ বজাত প্ৰচাৰিত হৈছিল আঞ্চলিক বাতৰি। দিনৰ ভাগত এই আঞ্চলিক বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই জিলাৰ চিঠি আৰু ৰাতিৰ ভাগত কৃষকৰ এক অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল।

সেইবোৰ এতিয়া অতীত। কিন্তু এতিয়া কেনে আছে আকাশবাণী? আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অসমৰ সমাজ জীৱনলৈ অৰিহণা আছে। এই দুই অনুষ্ঠানৰ সৈতে অসমৰ বহুত প্ৰভাৱশালী ব্যক্তি জড়িত হৈ আছিল। এসময়ত আকাশবাণী গুৱাহাটীৰে সম্প্ৰচাৰিত 'নোপোৱাই ভাল', আকাশবাণী ডিব্ৰুগড়ৰ সোমবৰীয়া নাট্য অনুষ্ঠান আদি অনুষ্ঠানৰ প্ৰতি দৰ্শকৰ আছিল তীব্ৰ হেঁপাহ।

গ্ৰাম্য সমাজ জীৱনত আকাশবাণীৰ প্ৰভাৱ এনে আছিল যে, ৰেডিঅ' অনুষ্ঠান শুনিয়েই মানুহে গম পাইছিল কিমান সময় হৈছে। বিদ্যালয়লৈ যাব লগা ল'ৰা-ছোৱালীয়ে সেই অনুষ্ঠানৰ সম্প্ৰচাৰণৰ সময়ৰ সৈতে নিজৰ ৰুটিন ঠিক কৰি লৈছিল।

গুৱাহাটীৰ আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত বিদ্যাৰ্থীৰ অনুষ্ঠান, সুৰৰ পাঞ্চৈ, দেওবৰীয়া নাট্য অনুষ্ঠান, অকণিৰ মেল আদি বহু অনুষ্ঠান এতিয়া নষ্টাল'জিক হৈ সজীৱ হৈ আছে সেই সময়ৰ শ্ৰোতাসকলৰ মনত। নবেন্দ্ৰ বৰঠাকুৰ, খগেন মহন্ত, পুৰুষোত্তম দাস, সূৰ্য দাস, মুনিন ভূঞা, দুৰ্গেশ্বৰ বৰঠাকুৰ, প্ৰভাত শৰ্মা আদি অনেক গুণীজন এই আকাশবাণী অনুষ্ঠানৰ সৈতেই জড়িত হৈ আছিল।

শেহতীয়াকৈ আকাশবাণী গুৱাহাটীকলৈ কিছু কথা চৰ্চা হৈছে। বিশেষকৈ এচাম সচেতন লোকে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি শুনি ব্যৰ্থিত হোৱা বুলি কাকতে পত্ৰই লিখিছে। নলবাৰীৰ পৰা এজন ব্যক্তিয়ে লিখিছে এখন সম্পাদকলৈ চিঠি। য'ত লিখিছিল- 'পুৱা, গধূলি একেজন মানুহেই বেসুৰীয়া মাতেৰে মুল বাতৰিক প্ৰায় ভুলকৈ পঢ়া শুনি শুনি ভাব হৈছে আকাশবাণী গুৱাহাটীৰ ঐতিহ্য যেন ম্লান হৈ পৰিব।'

এই সচেতন শ্ৰোতা গৰাকীয়ে আঞ্চলিক বাতৰি পঢ়োতা জনৰ কি কি শব্দ ভুল আছে সেই সন্দৰ্ভতো এই পত্ৰখনত উল্লেখ কৰিছিল। ক্ৰিয়া, মিস্ত্ৰী, সাহায্য আদি শব্দ নুফুটাকৈয়ে তেওঁ কিদৰে বাতৰি পঢ়ি আহিছে বুলি প্ৰশ্ন কৰিছে। আকাশবাণী আঞ্চলিক বাতৰিৰ অশুদ্ধ উচ্চাৰণ, ভুল বাক্য, একেখিনি বাতৰিকে পুনৰ সম্প্ৰচাৰ আদি বিসংগতিবোৰ উনুকিয়াই দিছে।

সেই পত্ৰখনৰ পাছত আকাশবাণীৰ ভিতৰচৰাত কি চলি আছে সেই সন্দৰ্ভত অনুসন্ধান কৰা হৈছিল। জানিব পৰা মতে, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি পঢ়োতা গৰাকীয়ে ১০০ দিন ধৰি একেলেথাৰিয়ে বাতৰি পঢ়াৰ অভিলেখ গঢ়া বুলি প্ৰচাৰো চলাইছে বিভিন্ন মাধ্যমত।

তেওঁৰ ফেচবুক পেজত থকা কিছু পুৰণি আঞ্চলিক বাতৰি শুনি এই অনুমান হ'ল যে এই শ্ৰোতাজনে কৰা অভিযোগ সম্পূৰ্ণ মিছা বুলিব নোৱাৰি। বৰ্তমান আকাশবাণী গুৱাহাটীত কেৱল দুগৰাকী স্থায়ী বাতৰি পঢ়োতা আছে। তেওঁলোক ক্ৰমে- প্ৰিয়ব্ৰত হাজৰিকা আৰু অৰুণিমা গোস্বামী।

এসময়ত আকাশবাণীৰ সৈতে জড়িত এগৰাকী সচেতন বিষয়াই স্বীকাৰ কৰিলে অধপতনে গৈছে এই আকাশবাণী। এই ঐতিহ্যপূৰ্ণ অনুষ্ঠানটোত এতিয়া নাই স্থায়ী সঞ্চালকো। দায়িত্বত থকা সঞ্চালক ৰাজীৱ বৰুৱাৰ নেতৃত্বত আকাশবাণী চলি আছে যদিও আকাশবাণীক লৈ এতিয়া শ্ৰোতা সন্তুষ্ট নহয় যেনে বোধ হয়।

এসময়ত আকাশবাণী গুৱাহাটী বা আকাশবাণীৰ জৰিয়তে অসমীয়া বাতৰি পঢ়া লিলি দাস মালিক, নেকিব আহমেদ, অৱন বৰপূজাৰী, প্ৰমোদ শইকীয়া, গুণ বৰুৱা, অৰুণ দাস আদিৰ বাতৰি শুনি মানুহ ৰৈ গৈছিল। বাতৰি পঢ়াৰ অভিজ্ঞতা সন্দৰ্ভত অৱন বৰপূজাৰীয়ে কৈছিল- 'ইন্দিৰা গান্ধীৰ মৃত্যুৰ সময়ত এই খবৰ পঢ়াৰ সময়ত মই কেনেদৰে এই খবৰ শ্ৰোতালৈ দিম সেয়া মনৰ ভিতৰতে ঠিক কৰি লৈছিলো। এটা দুখৰ খবৰ। এই খবৰটো যাতে মই শ্ৰোতাক এনেদৰে দিব পাৰো যি খবৰ শুনি শ্ৰোতাই এফালে গভীৰ শোক আৰু আনফালে বাতৰি পঢ়োতাজনৰ উপলব্ধিক অনুভৱ কৰিব পাৰে তাৰ প্ৰতি সচেতন হ'ব লগা হৈছিল।'

এইগৰাকী জনপ্ৰিয় আকাশবাণীৰ বাতৰি পঢ়োতাই লগতে কৈছিল- আকাশবাণীত বাতৰি পঢ়াতো সহজ কাম নহয়। মানুহে শব্দৰ মাজতে এখন ছবি দেখা পাব লাগিব। কিন্তু সেই দিন যেন এতিয়া নাই। আনকি আকাশবাণীৰে কৰ্মচাৰীয়ে ক'লে- এতিয়া বাতৰিৰ নামত কি পঢ়ে সেয়া আমি একো নাজানো। কেন্দ্ৰ সঞ্চালক আছে, বাতৰি সম্পাদক আছে। তেওঁলোকে এইবোৰ দেখিও নেদেখে।

আকাশবাণীৰ বাতৰি সেৱাৰ সৈতে জড়িত এই সকল লোকৰ অনিহা আৰু আভ্যন্তৰীণ খাম খেয়ালিৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগটোক এতিয়া হাঁহিৰ পাত্ৰ কৰি তুলিছে। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, আকাশবাণী গুৱাহাটীত বাতৰি পঢ়িবৰ বাবে কেইবাজনো অস্থায়ী বাতৰি পঢ়োতাও আচে। কিন্তু এই সকল বাতৰি পঢ়োতা অভিজ্ঞ হ'লেও বা তেওঁলোকে স্থায়ী বাতৰিপঢ়োতাৰ তুলনাত ভালকৈ এই বাতৰি উপস্থাপন কৰিব পাৰিলেও সেয়া কৰিবলৈ দিয়া নহয়।

ল'বী কেন্দ্ৰিক গ্ৰাসত এতিয়া আকাশবাণী গুৱাহাটী। লকডাউনৰ সময়ত আকাশবাণী গুৱাহাটীৰ অস্থায়ী কৰ্মচাৰীসকলক অনা নিয়া কামত বাহন ব্যৱহাৰ কৰা হৈছে যদিও পূৰ্বৰ পৰাই তেওঁলোকক কাৰ্যালয়লৈ আনিবৰ বাবে এজেঞ্চীৰ জৰিয়তেই কিছু বাহন ব্যৱস্থা কৰা হৈছিল। এই বাহনসমূহে সেই সকল কৰ্মচাৰীক অনা নিয়া কৰাৰ পৰিৱৰ্তে কিছু লোকে ব্যক্তিগত কামতহে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

আকাশবাণী গুৱাহাটীত ১০গৰাকীকৈ অস্থায়ী বাতৰি পঢ়োতা আৰু অনুবাদক আছে। প্ৰতিটো ছিফটত দুজনকৈ ব্যক্তিয়ে বাতৰি প্ৰসাত কৰাৰ দায়িত্বত নিয়োজিত হৈ থাকে। এই অস্থায়ী বাতৰি পঢ়োতা সকলৰ উপৰিও ঠিকাভিত্তিক এজন কৰ্মচাৰী আছে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত।

উল্লেখ্য যে, আকাশবাণী গুৱাহাটীৰ বৰ্তমান পুৱা ৯ বজাত দিনটোৰ প্ৰথমখন আঞ্চলিক বাতৰি সম্প্ৰচাৰ হয়। সেই আঞ্চলিক বাতৰিৰ মাজতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ শিৰোনামৰ এক অনুষ্ঠানহে এই কেজুৱেল বাতৰি পঢ়োতাসকলক দায়িত্ব দিয়া হয়।

জানিব পৰা মতে, স্থায়ী আকাশবাণী গুৱাহাটীৰ বাতৰি কাকত পঢ়োতাগৰাকীয়ে ১৫-২০ মিনিট আগত আহি কেৱল তেওঁ ষ্টুডিঅ'ত সোমাই বাতৰিহে পঢ়ে। বাকী সকলোখিনি কাম কেজুৱেল বাতৰি কাকত পঢ়োতা গৰাকীয়ে সম্পাদন কৰিব লগা হয়।

বৰ্তমান আকাশবাণী গুৱাহাটীত বাতৰি বিভাগত বাতৰি সম্পাদকৰ দায়িত্বত আছে মানস প্ৰতীম শৰ্মা। পূৰ্বৰ অভিজ্ঞতা থাকিলেও ৰহস্যজনকভাৱে এইগৰাকী সম্পাদকে নিয়াৰিকৈ কাম কৰিব নোৱাৰাৰো অভিযোগ উঠিছে.।

অৱশ্যে এগৰাকী সম্পাদক হিচাপে তেওঁৰ এই উদাসীনতা, গুৱাহাটী আকাশবাণীৰ সঞ্চালকগৰাকীৰ নিৰ্লিপ্ততাই আকাশবাণীৰ গৰিমাতহে আঘাত হানিছে। পুৱাৰ উপৰিও সন্ধিয়া ৬.৪৫ বজাত সম্প্ৰচাৰিত হয় আন এক আঞ্চলিক বাতৰি। ১৫ মিনিটৰ বাবে সম্প্ৰচাৰিত হোৱা এই বাতৰিৰ লগতে নিশা ৯.২৫ বজাত ৫ মিনিটৰ বাবে অন্তিমখন আঞ্চলিক বাতৰি সম্প্ৰচাৰিত হয় আকাশবাণী গুৱাহাটীৰ জৰিয়তে।

চেন্ট্ৰেল বাতৰি হিচাপে সম্প্ৰচাৰিত হোৱা পুৱা ৭.০৫ বজাৰ বাতৰি, দুপৰীয়া ১.৪০ বজাৰ বাতৰি আৰু সন্ধিয়া ৭.০৫ বজাৰ খবৰহে এতিয়া এই কেজুৱেল বাতৰি পঢ়োতা সকলে পঢ়াৰ সুবিধা লাভ কৰে।আকাশবাণীৰ ভিতৰচৰাৰ খবৰ শুনিলে আপোনাৰ চকু কপালত উঠিব।

আকাশবাণীৰ ভিতৰত কোনো ফটো বা ভিডিঅ' সংগ্ৰহ কৰা নিৰাপত্তাজনীত কাৰণত বাধা আছে যদিও প্ৰিয়ব্ৰত হাজৰিকাৰ নামত থকা এটা পেজত এনে আকাশবাণীৰ খবৰ ফেচবুক লাইভ যোগে সম্প্ৰচাৰ কৰা হয়।

নিয়ম বহিৰ্ভূতভাৱে আকাশবাণীৰ এই খবৰ সম্প্ৰচাৰ কৰা হৈছে নেকি বুলিও এতিয়া প্ৰশ্ন উঠিছে। কিয়নো আকাশবাণী ছ'চিয়েল মিডিয়াৰ পেজত নহয়, ব্যক্তিগত পেজত এইদৰে কোনো কৰ্মচাৰীয়ে আকাশবাণী অনুষ্ঠান লাইভ সম্প্ৰচাৰ কৰাতো কিমান যুক্তিগত?

লকডাউনৰ বাবে আকাশবাণী গুৱাহাটীৰ অন্তৰ্গত প্ৰাগজ্যোতিষপুৰ আৰু এফএম মহাবাহু কেন্দ্ৰৰ অনুষ্ঠানো বন্ধ হৈ আছে। স্বজনপ্ৰীতিভাৱে দীৰ্ঘদিন ধৰি আকাশবাণী গুৱাহাটী চৰ্চাত থাকিলেও মুখ খুলি কোনেও একো নোকোৱাৰ বাবে সেইবোৰ এতিয়া আন্ধাৰতে ৰৈ গৈছে।

আনকি ঘোষক হিচাপে কৰ্মৰত আকাশবাণী কৰ্মচাৰীয়ে যোৱা ৫-৬ মাহ ধৰি তেওঁলোকে মাননী পোৱা নাই। প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত আকাশবাণী গুৱাহাটীৰ কেজুৱেল কৰ্মচাৰীসকলৰ দৈনিক মাননীও দূৰদৰ্শনৰ কেজুৱেল কৰ্মচাৰীসকলৰ তুলনাত কম।

কোনো কোনো কেজুৱেল কৰ্মচাৰীয়ে বিষয়া-কৰ্মচাৰীসকলৰ সৈতে থকা সুসম্পৰ্ক হেতু মাহত যথেষ্ট সংখ্যক ডিউটী কৰাৰ সুযোগ পাই যদিও বেছিভাগেই সেই সুযোগৰ পৰা বঞ্চিত হয়। কেজুৱেল কৰ্মচাৰীসকলৰ ডিউটী সমবিতৰণৰ ক্ষেত্ৰতো আছে যথেষ্ট আশোৱাহ।

আকাশবাণী গুৱাহাটীত এনে ঘটনাও ঘটিছে যে কেজুৱেল এংকৰৰ বাবে হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ এই বিষয়টো গাপ দিবলৈ সেই পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলোকে কেজুৱেল ঘোষক হিচাপে স্বীকাৰ কৰি ল'ব লগা হৈছে।

ইফালে, দিল্লীৰ পৰা সম্প্ৰচাৰ হোৱাৰ পূৰ্বেই আকাশবাণীৰ জৰিয়তে সম্প্ৰচাৰ হৈছিল যদিও দিল্লীৰ পৰা সম্প্ৰচাৰিত সেই খবৰ বন্ধ হোৱাৰ পাছত তাত নিয়োজিত অসমীয়া বাতৰি বিভাগৰ কৰ্মচাৰীসকলক গুৱাহাটীলৈ লৈ অহাত এতিয়া তেওঁলোকেই আকাশবাণী গুৱাহাটীৰ স্থায়ী বাতৰি পৰিৱেশক হৈ পৰিছে।

অসমৰ ৰাইজৰ আৱেগ, অনুভূতি, সাহিত্য-সংস্কৃতি আদিলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা আকাশবাণী গুৱাহাটীৰ এনে দুৰাৱস্থাই সাধাৰণ শ্ৰোতাৰ অন্তৰো চুই গৈছে। কিন্তু সেইবোৰ দেখিও দেখা নাই আকাশবাণী গুৱাহাটীৰ সঞ্চালক তথা উচ্চপদস্থ বিষয়াসকলে। কিন্তু ৰাইজে কৈছে আকাশবাণী গুৱাহাটীৰ বাতৰি এতিয়া আগৰ দৰে হৈ থকা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in