ৰসায়ন, পদাৰ্থ বিজ্ঞান আৰু গণিত মিলি ৰাজনীতি!

ৰসায়ন, পদাৰ্থ বিজ্ঞান আৰু গণিত মিলি ৰাজনীতি!

মৃদুল কুমাৰ সন্দিকৈ

সকলোতে কেমেষ্ট্ৰী থাকে! সেই ৰসায়নে কোনো এক পদক্ষেপ বা সিদ্ধান্তক জনমানসলৈ লৈ যোৱা সময়ত তাৰ ভাবমূৰ্তিত ক্ৰিয়া কৰে। সদ্যঘোষিত অসম জাতীয় পৰিষদতো আছে তেনে এক ৰাসায়ন।

এই ৰাসায়ন তথাকথিত ৰসায়ন বিজ্ঞানৰ ৰাসায়ন নহ'ব পাৰে। কিন্তু এয়াও এক ৰসায়ন। অসম জাতীয় পৰিষদ গঠনত তিনিগৰাকী ব্যক্তি বিশেষভাৱে জড়িত। তেওঁলোক ক্ৰমে- বসন্ত ডেকা, কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈ। অৱশ্যে ইয়াত আন সকলৰো সহায়-সহযোগ আৰু আন্তৰিকতা আছে।

কথাটো হয়তো বহুতে মন কৰা নাই- ৰাজনীতি এতিয়া কেৱল ৰাজনীতি বিজ্ঞান পঢ়া মানুহৰে বা দীৰ্ঘদিন প্ৰত্যক্ষ ৰাজনীতি কৰা লোকৰ জৰিয়তে সম্ভৱ নহয়। কা আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এই আঞ্চলিক ৰাজনৈতিক দলৰ আঁৰত থকা মুল ব্যক্তি দুজন ক্ৰমে- কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকা।

ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য…

লুৰিণজ্যোতি গগৈ, পলাশ চাংমাই আদিৰ নাম এই ৰাজনৈতিক দলৰ সৈতে চৰ্চা হৈছে। কিন্তু এই দলটোৰ ৰূপ ৰেখা নিৰ্ণয় কৰা বসন্ত ডেকা, কৃষ্ণগোপাল ভট্টাচাৰ্যৰ বিষয়ে নতুন প্ৰজন্মৰ বহুতে নাজানে। সেয়েহে এই দলটো গঠন কৰাৰ পাছত বিভিন্ন মাধ্যমত কিছু লোকে এই মুল পুৰোধাৰ ব্যক্তি দুজনৰ বিৰুদ্ধে এনে কিছু মন্তব্য কৰিছে, সেয়া তেওঁলোকৰ অজ্ঞতাৰ প্ৰতিফলন।

বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচাৰ্য ৰাজ্যৰ জাতীয়তাবাদৰ সৈতে দীৰ্ঘদিন জড়িত হৈ ওচৰৰ পৰা আঞ্চলিক শক্তিক উত্থান কৰাৰ আঁৰৰ মানুহ। তেওঁলোক দুয়োৰে আদৰ্শগত পাৰ্থক্য আনৰ সৈতে থাকিলেও, এই কথাত সকলো সহমত হ'ব যে এই দুই নমস্য ব্যক্তিয়ে কোনো দিনেই জাতিৰ প্ৰতাৰণা কৰিব পৰা কাম কৰা নাই।

অথচ জাতিৰ হকে তেওঁলোকে নিঃস্বাৰ্থভাৱে যিখিনি পাৰে দি গৈছে। চৰকাৰ গঠন কৰিব পৰাকৈ এক আঞ্চলিক শক্তিক তৈয়াৰ কৰা আৰু সেই শক্তিক নেতৃত্ব দিয়া সকলক প্ৰাৰম্ভিক পৰ্যায়তে প্ৰস্তুত কৰাত অৰিহণা আছে। তাৰপাছত তেওঁলোকে শাসন বা ক্ষমতা দখল কৰি কি কৰিছে সেয়া সেই নেতৃত্ব দিয়া নেতাসকলৰ ব্যক্তিগত বিষয়।

এইটোও মন কৰিব লগা যে, ইচ্ছা কৰা হ'লে প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা সৰ্বানন্দ সোণোৱাললৈকৈ বা আন ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা নিৰ্বাচনী ৰাজনীতিৰে অৱতীৰ্ণ হৈ ক্ষমতাশালী হৈ পৰা লোকৰ পৰা দুয়োগৰাকী ব্যক্তিয়ে বহু খিনি ব্যক্তিগত সা-সুবিধা আদায় কৰিব পাৰেলি হয়। সেয়া নকৰি তেওঁলোকে কেৱল জাতীয় স্বাৰ্থত যেতিয়াই কোনোবাই কিবা দায়িত্ব দিছে, তাক পালন কৰি গৈছে।

নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নাম ঘোষণা কৰা সময়ত বসন্ত কুমাৰ ডেকা…

বসন্ত কুমাৰ ডেকা পদাৰ্থ বিজ্ঞানৰ মানুহ। কৃষ্ণগোপাল ভট্টাচাৰ্য ৰসায়ন বিজ্ঞানৰ অধ্যাপক আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত। দুয়োগৰাকীয়ে চাকৰিৰ পৰা অৱসৰ লৈছে। আনহাতে, এইবাৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনত সৰৱ ভূমিকা লোৱা লুৰিণজ্যোতি গগৈ গণিতৰ ছাত্ৰ আছিল। অৰ্থাৎ এই দৃষ্টিৰে গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়নৰ সংমিশ্ৰনত এই ৰাজনৈতিক শক্তিৰ উত্থান ঘটিছে।

সদৌ অসম ছাত্ৰ সন্থাই যিখন পৰামৰ্শ কমিটী গঠন কৰিছিল সেই কমিটীত আহ্বায়ক ৰূপে আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক দেশৰে আগবাঢ়ি প্ৰদূষণবিদ ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা।

এই কমিটীত মুঠ ১৪ গৰাকী সদস্য আছিল। তেওঁলোকৰ ভিতৰত বসন্ত কুমাৰ ডেকা আৰু কৃষ্ণগোপাল ভট্টাচাৰ্যৰ দায়িত্ব আছিল অধিক। পৰৱৰ্তী সময়ত পৰামৰ্শদাতা কমিটীয়ে পৰামৰ্শৰ প্ৰতিবেদন দুই ছাত্ৰ সংগঠনৰ নেতৃত্বক দাখিল কৰাৰ পাছত সেই সকলোখিনি কাম তেওঁলোক দুয়োগৰাকী নেতৃত্বতে আগবাঢ়িছিল।

বসন্ত কুমাৰ ডেকা দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ। দীৰ্ঘসময় ধৰি তেওঁ পদাৰ্থ বিজ্ঞান পঢ়ুৱাইছিল। কোৱেন্টাম ধাৰণা উৎপত্তি আৰু বিকাশ, পৰমাণু আৰু পাৰমানৱিক কণিকাৰ আৱিষ্কাৰ, তৰংগ আৰু দ্বৈতবাদ আদি বিজ্ঞান বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও তেখেতে লিখিছিল 'দ্য ইউনিভাৰ্ছ এণ্ড গ'ড', সম্পাদনা কৰিছিল আছাম লেণ্ড এণ্ড পিপ'লৰ উপৰিও  The Design The Betrayal The Assam Movement আদি গ্ৰন্থ।

বসন্ত কুমাৰ ডেকাৰ এখন উল্লেখযোগ্য গ্ৰন্থ…

তেজপুৰত জন্ম হৈছিল বসন্ত কুমাৰ ডেকাৰ। তেওঁৰ পিতৃৰ নাম প্ৰয়াত লোকনাথ ডেকা। ১৯৮৪চনৰ পৰাই তেওঁ অসম বিজ্ঞান সমিতিৰ সৈতে জড়িত হৈ আছিল। অসম বিজ্ঞান সমিতিৰ প্ৰকাশনৰ দায়িত্বত থকা সময়ত ১২০খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। তাৰ ভিতৰত উল্লেখ যোগ্য গ্ৰন্থসমূহ হ'ল- ক্ষেত্ৰ তত্বৰ ডেৰশ বছৰ, বিজ্ঞান অভিধান প্ৰথম আৰু দ্বিতীয় খণ্ড, অসমৰ গছ-গছনি, কি কিয় আৰু কেনেকৈ আদি।

ইংৰাজী মাধ্যমৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাই অসমীয়া মাধ্যমৰ এখন ভাল বিদ্যালয় স্থাপনৰ বাবে বসন্ত ডেকাও অসম জাতীয় বিদ্যালয় স্থাপনৰ সৈতে জড়িত হৈ পৰিছিল। এই বিদ্যালয়খনক লৈ তেওঁৰো আছে যথেষ্ট অৰিহণা।

ক্ষমতা নিবিচৰা ৰাজনীতিৰ সৈতে তেওঁ জড়িত হৈ আছিল দীৰ্ঘদিন ধৰি। তেজপুৰত থকা সময়তে তেওঁৰ সৈতে আছিল বৃন্দাবন গোস্বামীৰে বন্ধুসুলভ সম্পৰ্ক। অসম আন্দোলনৰ সময়চোৱাত বহু ছাত্ৰ নেতাৰ সংস্পৰ্শলৈ আহিছিল। উজান বজাৰস্থিত তেওঁৰ ঘৰখনে আলোচনাৰ কেন্দ্ৰস্থল হৈছিল।

স্বল্পভাষী, অতি ভদ্ৰলোক বসন্ত কুমাৰ ডেকাই ছাত্ৰ সন্থাৰ অন্যতম এজন পৰামৰ্শদাতা আছিল। অসম আন্দোলনৰ সময়ত আছুৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাত কুমুদ শৰ্মা গৈছিল। ছাত্ৰ সন্থা আৰু চৰকাৰী পক্ষৰ মাজত কুমুদ শৰ্মাই এক প্ৰকাৰৰ দূৰ্ভাষিক ৰূপত বিষয় খিনি আগুৱাই নিছিল।

পৰৱৰ্তী সময়ত পদাৰ্থ বিজ্ঞানৰ এই মানুহজনে তীব্ৰ জাতীয়তাবোধৰ বাবে ক্ষমতা নথকা ৰাজনীতিত বিশ্বাস ৰাখি জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ বিভিন্ন তত্বৰে জাতীয় সংগঠনৰ ৰূপত আছুক দিহা পৰামৰ্শ দি আগুৱাই লৈ গৈছিল।

বসন্ত কুমাৰ ডেকাৰ গ্ৰন্থ…

ইফালে, ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য ৰসায়ন বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৭২চনৰ মাধ্যম আন্দোলনত যিসকল ছাত্ৰ নেতাই এই আন্দোলনটোক আগবঢ়াই নিছিল, সেই সকলৰ ভিতৰত সহযোগী ৰূপে কৃষ্ণগোপাল ভট্টাচাৰ্যও আছিল অন্যতম। ১৯৭৪চনত সদৌ অসম ছাত্ৰ সন্থাই ২১ দফীয়া দাবী ছনদৰ আন্দোলনৰ সূচনা কৰিছিল। এয়াই আছিল মুলত অৰ্থনৈতিক আন্দোলন।খাদ্য আন্দোলন বুলিও কোৱা হৈছিল ইয়াক।

২১ দফীয়া দাবী ছনদত মুঠ ২১টা দাবী আছিল। সেই দাবী ছনদ প্ৰস্তুত কৰা ব্যক্তিসকলৰ ভিতৰত কৃষ্ণগোপাল ভট্টাচাৰ্যও আছিল অন্যতম। দাবী ছনদখনৰ ১৭ নং দাবীটো আছিল- অসমলৈ অহা অবৈধ বিদেশী প্ৰব্ৰজন ৰোধ কৰা । পৰৱৰ্তী সময়ত সেই দাবীৰ আধাৰতে বিদেশী বিতাড়ন আন্দোলনে গঢ় লৈ উঠিছিল।

১৯৭৪চনৰ ২১ দফীয়া দাবী ছনদত ২০ টা দীৰ্ঘম্যাদী দাবী আৰু এটা হ্ৰস্বম্যাদী দাবী আছিল। ২১ নম্বৰ দাবীটোত মুঠ ৫টা দাবী আছিল। সেইবোৰৰ ভিতৰত অসমত উৎপাদিত খাদ্য দ্ৰব্য অসমতে সুলভ মূল্যত বিতৰণ কৰা খাদ্য দ্ৰব্য কৃত্ৰিম নাটনি বন্ধ কৰা, চৰকাৰী মূল্য নিয়ন্ত্ৰণ কৰা, প্ৰতিটো পৰিয়ালক সুলভ মূল্যত আটা-চাউল প্ৰদান কৰা আদি।

পৰৱৰ্তী সময়ত ২১ দফীয়া দাবী ছনদক লৈ যি আন্দোলন হৈছিল সেই নেতৃত্বই ৰাজ্যত এটা আঞ্চলিক ৰাজনৈতিক দলৰ  প্ৰয়োজন বোধ কৰিছিল। এই আন্দোলনৰ পাছতে আৰম্ভ হৈছিল অসম কলেজ শিক্ষক সন্থাৰ আন্দোলন।

তেতিয়াৰ শিক্ষা মন্ত্ৰী হিতেশ্বৰ শইকীয়াই এই আন্দোলনৰ মষিমূৰ কৰিবলৈ কুটিল ৰাজনীতিৰ আশ্ৰয় লৈছিল। সেয়েহে এক বিকল্প ৰাজনীতি শক্তিৰ জন্ম দিয়াৰ কথা চিন্তা কৰা হৈছিল। ইয়াৰ পৰিণতিতে তেজপুৰত এটা নতুন আঞ্চলিক দল গঠনৰ সিদ্ধান্ত লৈছিল। কিন্তু বিভিন্ন কাৰণত সেই দল যোৰহাটত অভিবৰ্তন পাতি গঠন কৰাৰ সপোন পূৰণ নহ'ল।

পৰৱৰ্তী সময়ত গুৱাহাটী জে বি ল' কলেজত গঠন কৰা হৈছিল অসম লোক দল। নিবাৰণ বৰা আছিল সেই দলৰ প্রথমগৰাকী সভাপতি। ইয়াৰ পাছত অসম লোক দলৰ নাম সলনি কৰি পূৰ্বাঞ্চলীয় লোক পৰিষদ কৰা হৈছিল। কৃষ্ণগোপাল ভট্টাচাৰ্য আছিল এই দলটোৰ সৈতে জড়িত অন্যতম ব্যক্তি। অসমৰ আঞ্চলিক ৰাজনৈতিক ধাৰাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থাকিও ক্ষমতা বা ক্ষমতাশালী লোকৰ পৰা দূৰত্ব বজাই ৰাখি নিজৰ সততা ধৰি ৰখা ব্যক্তি এইগৰাকী।

কৃষ্ণগোপাল ভট্টাচাৰ্যই পিএইচডি ডিগ্ৰী গ্ৰহণ কৰিছিল ইম্পেৰিয়েল কলেজ অৱ ছায়েঞ্চ, টেকনল'জী এণ্ড মেডিচিন, লণ্ডনৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৭৫চনত ৰাসায়ন বিজ্ঞান বিভাগত যোগদান কৰা ড০ ভট্টাচাৰ্যই ২০১৬চনৰ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰে অধ্যাপক ৰূপে।

পানী, বায়ু আৰু মাটিৰ ৰাসায়ন সন্দৰ্ভত কেইবাখনো গবেষণা পত্ৰ আৰু পৰিৱেশৰ সন্দৰ্ভতো দখল থকা ড০ ভট্টাচাৰ্য ১৮০খনৰো অধিক গৱেষণাপত্ৰ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পাইছে। তেখেতৰ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ আছে।

ৰাজ্যত গঠন হোৱা অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটোৰ আঁৰৰ মানুহ এই দুগৰাকী। দীৰ্ঘদিনৰ অভিজ্ঞতা, আঞ্চলিক ৰাজনীতি আৰু জাতীয়তাবাদৰ প্ৰতি বিশ্বাসেৰে, সততাৰে দায়িত্ব পালন কৰি অহা এই দুই ব্যক্তিৰ এজন পদাৰ্থবিদ, এজন ৰাজনীতিবিদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ হ'ল গণিতৰ ছাত্ৰ। অৰ্থাৎ সাধাৰণভাৱে ক'বলৈ গ'লে ৰসায়ন, পদাৰ্থ বিজ্ঞান আৰু গণিত আছে এই ৰাজনৈতিক দলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in