কৃষককো বিক্ৰী কৰিলে মোডীয়ে!

কৃষককো বিক্ৰী কৰিলে মোডীয়ে!

মৃদুল কুমাৰ সন্দিকৈ

এই চৰকাৰে যি কৰিম বুলি ভাবে, সেয়া কৰে। সৰ্বসাধাৰণ বা দেশবাসীৰ বাবে সেয়া গ্ৰহণযোগ্য নহ'লেও এনে কিছু জনবিৰোধী নীতি গ্ৰহণ কৰাত যেন মোডী চৰকাৰ অদ্বিতীয়। বিৰোধীয়ে প্ৰবল প্ৰতিবাদ কৰিছিল কৃষক বিৰোধী কৃষি বিধেয়ক আইনত পৰিণত কৰাত।

ৰাজ্য সভাত ২০ ছেপ্টেম্বৰত ৰ'ল বুক ফালি বিৰোধী সাংসদ সকলে এনে বিতৰ্কিত বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল। কিন্তু চৰকাৰ নিজৰ স্থিতিত অটল হৈ ৰ'ল। বিৰোধী সন্মিলিত প্ৰতিবাদ অথলে গ'ল।

মোডীৰ মন্ত্ৰী সভাৰে সতীৰ্থ মন্ত্ৰী হৰছিমৰণ কৌৰ বাদলে পদত্যাগ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সলনি নহ'ল। বৰঞ্চ এই কৃষি বিধেয়কক গৃহীত কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে- এয়া যোগান্তকাৰী সিদ্ধান্ত।

চৰকাৰী ব্যাখ্যাত দুয়োখন সদনত এই কৃষি বিধেয়ক গৃহীত হোৱাৰ জৰিয়তে কৃষকসকলৰ মান উন্নত হ'ব। এক আত্মনিৰ্ভৰ কৃষিৰ ধাৰাৰ সূচনা হ'ব। প্ৰধানমন্ত্ৰীৰ মতে, এনে আইন প্ৰণয়ন হোৱাৰ পাছত নতুন প্ৰযুক্তি ব্যৱহাৰৰ বাট মুকলি হ'ব, কৃষকসকলে উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থ মূল্য পাব।

প্রধানমন্ত্ৰী বা চৰকাৰৰ এনে আশ্বাস যে সময়ত গৈ মিছা প্ৰমাণিত হয় সেয়া ৰাইজে দেখি আহিছে। ৰাজ্যসভাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে বিধেয়কখন উত্থাপন কৰাৰ লগে লগে বিৰোধীয়ে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেই প্ৰতিবাদৰ মাজতেই মৌখিক ভোটত গৃহীত কৰাই লৈছিল এই বিতৰ্কিত বিধেয়ক।

এতিয়া ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিব খোজা এই বিধেয়ক আইনত পৰিণত হ'ব। কৃষি ক্ষেত্ৰত ফচল বিক্ৰী আৰু কৃষি জাত সামগ্ৰী চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰাৰ উদ্দেশ্যে ২০২০ বৰ্ষত কেন্দ্ৰই ৩খন অধ্যাদেশ জাৰি কৰিছিল।

এই অধ্যাদেশৰ জৰিয়তে কোৱা হৈছিল যে, বেচৰকাৰী সন্থাই পোনপটীয়াকৈ কৃষকৰ পৰা তেওঁলোকৰ সামগ্ৰী বা ফচল ক্ৰয় কৰিব পাৰিব। এই সংস্থাসমূহে নিজৰ ইচ্ছানুসৰি কৃষকক ফচলৰ বিনিয়মত দাম নিৰ্ধাৰণ কৰিব পাৰিব বুলিও অধিকাৰ দিয়া হৈছিল।

কৃষকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পঞ্জাৱত আত্মহত্যা পৰ্যন্ত কৰিলে খেতিয়কে। বৰ্তমানৰ ন্যূনতম সমৰ্থন মূল্যৰ বিপৰীতে সেই অধ্যাদেশক আইনত পৰিণত কৰি বজাৰৰ পৰা চৰকাৰী নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত যে কৃষকৰ বিৰুদ্ধে হ'ব সেই কথা সকলোৱে জানে।

কিন্তু সেই কথা জানিও বিৰোধীৰ প্ৰতিবাদৰ স্বত্তেও বিধেয়কখন গৃহীত কৰি এক প্ৰকাৰৰ কৃষকসকলক সমস্যাৰ মাজলৈ ঠেলি দিলে মোডী চৰকাৰে। দেশত ৮০ শতাংশতকৈ বেছি খেতিয়ক ক্ষুদ্ৰ খেতিয়ক। তেওঁলোকক বিশ্বায়নৰ নামত এইদৰে মোডী চৰকাৰে সংকটৰ মাজলৈ ঠেলি দিয়াতো কিমান সমৰ্থনযোগ্য সেই বিচাৰ সময়ে কৰিব।

কৃষি খণ্ডৰ উত্তৰণৰ বাবে চৰকাৰে ধন বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। কিন্তু কৃষকসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ উচিত মূল্য পোৱাৰ বাবে এই চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি কৃষি ক্ষেত্ৰৰ সংস্কাৰৰ নামত এনে নীতি গ্ৰহণ কৰাতো দুৰ্ভাগ্যজনক।

পৰম্পৰাগত কৃষি ব্যৱসায়ীক বিনিয়োগৰ বাবে এই বৃহৎ সংস্কাৰৰ নামত কৃষি খণ্ডক উদাৰীকৰণ কৰি চৰকাৰে ব্যক্তিগত খণ্ডক আওপকীয়াকৈ হ'লেও কৃষি জাত সামগ্ৰী বা ফচলৰ মূল্য নিৰূপনৰ বাবে দিয়া এই অধিকাৰে কৃষকৰ আৰ্তিক দিশতো যথেষ্ট ক্ষতি কৰিব।

এই বিধেয়কৰ জৰিয়তে পুঁজিপতিৰ হাতত কৃষক সকলক বিক্ৰী কৰাৰ দৰেই হ'ল। অত্যাৱশ্যকীয় পন্য সংশোধন বিধেয়ক, কৃষি লেনদেন আৰু বাণিজ্য উন্নয়ন বিধেয়ক আৰু কৃষি পন্য মূল্য নিশ্চিত ৰাখিবলৈ কৃষকক সুৰক্ষা আৰু ক্ষমতাৰ চুক্তি বিধেয়ক আছিল মোডী চৰকাৰে শেহতীয়াকৈ সদনত উত্থাপন কৰা তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক।

প্ৰতিখন বিধেয়কে আচলতে কৃষক বিৰোধী। প্রথমখন বিধেয়ক অত্যাৱশ্যকীয় পণ্য সংশোধন বিধেয়কৰ জৰিয়তে, কৃষি পণ্য মজুত ৰখাৰ ক্ষেত্ৰত উৰ্ধ সীমা বাতিল কৰা হৈছে। অৰ্থাৎ যিমান পৰিমানৰ কৃষি পণ্য মজুত ৰাখিব বিচাৰে সেয়া পাৰিব।

কেন্দ্ৰীয় চৰকাৰৰ মতে, এই বিধেয়কে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব। কিন্তু কৃষকৰ এই সামগ্ৰী পুঁজিপতি গোষ্ঠীয়ে মজুত ৰাখি পৰৱৰ্তী সময়ত কৃষককে উচ্চ দামত বিক্ৰী কৰিব । দ্বিতীয়খন বিধেয়ক অৰ্থাৎ কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন বিধেয়কৰ জৰিয়তে নিয়ন্ত্ৰিত বজাৰৰ নিয়ন্ত্ৰণ কৃষকৰ পৰা মুক্ত কৰা হৈছে। আৰু তৃতীয়খন বিধেয়কৰ জৰিয়তে কৃষি দ্ৰব্য ক্ৰয় কৰাৰ ব্যৱস্থা নাথাকিব কোনো গন্দীৰ মাজত।

আন্তঃৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নিয়ম আছে এই বিধেয়কত। কৃষকসকলৰ কাষলৈ আধুনিক প্ৰযুক্তি লৈ যোৱাৰ কথা সন্নিবিষ্ট কৰিলেও, এই বিধেয়কৰ জৰিয়তে সাধাৰণ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যলাভ কৰাৰ পৰা বঞ্চিত হ'ব। বজাৰত চৰকাৰী নিয়ন্ত্ৰণ নোহোৱাৰ ফলত বহুজাতিক বা পুঁজিপতি গোষ্ঠীয়ে যি দাম দিয়ে সেয়া কৃষকে ল'ব লাগিব।

কৃষকৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব বৃহৎ পুঁজিপতি গোষ্ঠীয়ে। অৰ্থাৎ কৃষিখণ্ড এতিয়া নিয়ন্ত্ৰণ হ'ব পুঁজিপতি গোষ্ঠীৰ দ্বাৰা। সেই কথা মোডী চৰকাৰেও ভালদৰে জানে। কিন্তু কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে এনে বিধেয়ক অনা হৈছে বুলি কৈ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কৃষি খণ্ডক মোডী চৰকাৰে বৃহৎ পুঁজিপতিৰ হাতত গতাই দিলে।

বিমান বন্দৰ, ৰে'ল, বেংক, টেলিক'ম আদি গুৰুত্বপূৰ্ণ খণ্ডবোৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ পাছত এইবাৰ দেশৰ খেতিয়কসকলক মোডী চৰকাৰে বিক্ৰী কৰি দিলে এই পুঁজিপতিসকলৰ ওচৰত। আৰু কৃষকসকলৰ ওপৰত মাৰিলে মাধমাৰ।

ইয়াৰ প্ৰতিবাদ দেশজুৰি হৈছে। অসমতো ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। ২৫ ছেপ্টেম্বৰত ইয়াৰ বিৰুদ্ধে দেশৰ ২ শতাধিক কৃষক সংগঠনে আহ্বান কৰিছে ভাৰত বন্ধ। কিন্তু মোডী চৰকাৰে কৃষকৰ মূৰতো এইবাৰ সোধালে মাধমাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in