চৰকাৰ হ’ব কাৰ…

চৰকাৰ হ’ব কাৰ…

ৰাজৰ্ষি চহৰীয়া

অসমত শনিবাৰে সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচৰ ভোটগ্ৰহণ পৰ্ব। এই ভোটগ্ৰহণৰ ফলাফল অৱশ্যে কি সেয়া আমি জানিবলৈ অপেক্ষা কৰিব লাগিব ২ মে, ২০২১লৈ। কিন্তু প্ৰশ্ন এটাই- চৰকাৰ হ'ব কাৰ?

এইবাৰ চৰকাৰ কাৰ হ'ব সেই কথা অতিকৈ প্ৰয়োজন কাৰণ সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। শনিবাৰৰ দিনটোত নিশা ভাগলৈকে ৪৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়।

মুঠ ৭৭.০১ শতাংশ লোকে কৰে ভোটদান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। ক'ত কিমান ফটোগ্ৰহণ। মুঠ ৪৭টা সমষ্টিত হৈছে ভোটগ্ৰহণ প্ৰথম পৰ্যায়ত। কিন্তু প্ৰতিটো সমষ্টিত অন্তিম সময়লৈকে কিমান শতাংশ লোকে দিছে ভোট?

বিশ্বনাথত ৮২.১২, বোকাখাতত ৮০.০০, চৰাইদেউত ৮১.৬৪, ঢকুৱাখানাত ৮১.৩০, ধণশিৰি ৭৬.০০, ধেমাজি ৭৩.০১, ডিব্ৰুগড় ৭৬.৭১, গহপুৰ ৭৮.৩৪, গোলাগাট ৭৮.৮৬, জোনাই ৭৫.০১, যোৰহাটত ৭৫.২৬, কলিয়াবৰত ৮০.৭৬, মাজুলী ৭৯.২৮, মাৰ্ঘেৰিটাত ৭৭.৮৩, নগাঁৱত ৮২.২৯, নাজিৰাত ৮০.৫৬, শদিয়াত ৭৫.৫৫, শিৱসাগৰকত ৮২.৪৬, শোণিতপুৰত ৭১.৮০ শতাংশ, তিনিচুকীয়াত ৭৩.৬৩ আৰু তিতাবৰত ৭৫.০৫ শতাংশ লোকে ভোটদান কৰে।

শনিবাৰৰ দিনটোত অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ত অসমৰ ৭৭.০১ শতাংশ লোকে সাব্যস্ত কৰে ভোটাধিকাৰ। কাৰ সমৰ্থনত ৰাইজে ভোট প্ৰদান কৰিছে সেয়া ২ মে', ২০২১ৰ পূৰ্বলৈকে হৈ থাকিব এক অবুজ সাঁথৰ। কিন্তু সম্ভাৱনা বহু কৰা হৈছে। কোনোবাটো সমষ্টিত কংগ্ৰেছ, কোনোবা সমষ্টিত বিজেপি আন কোনোবা সমষ্টিত আন কোনো এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা দেখা দিছে। কিন্তু সত্য কি? এই সত্য কেৱল ফলাফলতহে বুজিব পৰা যাব।

তাৰমাজতে শনিবাৰ অৰ্থাৎ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত বহু স্থান অথবা সমষ্টিত ইভিএম মেচিনত বিসংগতি দেখা দিছে। লখিমপুৰৰ বোৱানবাৰী এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰ, লাহোৱাল, উত্তৰ গহপুৰ, সোণাৰী, ৰূপহীহাট, টীয়ক, নগাঁও, তিতাবৰ, মাজুলী আদি স্থানত দেখা গৈছে ইভিএম বিফল হোৱাৰ ঘটনা।

এইবোৰ যান্ত্ৰিক বিজুতি অৰ্থাৎ প্ৰযুক্তিৰ বিসংগতি। কিন্তু প্ৰকৃততে ৰাইজে বিচাৰে কাক? কোনে গঠন কৰিব চৰকাৰ? এই কথা অৱশ্যে  সকলো নিজ নিজ ধৰণে কৈছে যদিও সম্পূৰ্ণ গেৰান্টী দি ক'ব নোৱাৰে কোনেও।

কংগ্ৰেছৰ ৫ গেৰান্টী, বিজেপিৰ পুৰণি কথাবোৰকে পাগুলি এইবাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হ'ল। কোনে কৰিছে কাক সমৰ্থন? নাজানে কোনেও। কিয়নো ভোটদান কেন্দ্ৰৰ ভিতৰত ইভিএম মেচিনত কোন ৰাজনৈতিক দলৰ প্ৰতীক চিনত কোনে ভোট দিছে সেয়া জানিব পৰা কোনো পথ নাই।

কিন্তু মনত ৰখা উচিত যে চৰকাৰ যি দলেই গঠন নকৰক কিয়, উদ্দেশ্য হ'ব লাগে এটাই- ৰাজ্যবাসীৰ উন্নতি। ৰাজ্যবাসীৰ সমস্যা দূৰ কৰি তেওঁলোকক আগুৱাই লৈ যোৱা। নিবনুৱা সমস্যা, নাগৰিকত্ব সংশোধনী আইন কিমান যে কি সমস্যা ৰাইজৰ মাজত।

দৰিদ্ৰ জনে ভাত এমুঠিৰ বাবে যদি আশা কৰিছে, আন কোনোৱে আকৌ জাতিৰ বাবে ধ্বংস ৰূপ ধাৰণ কৰিব পৰা কিছু নতুন আইন বলবৎ যাতে নহয় তাৰ প্ৰতি চিন্তা কৰিছে। এই সকলোবোৰ পৃথক পৃথক ব্যক্তিৰ চিন্তা। কিন্তু সকলোৰে এটা চিন্তা মিলে, সেয়া হ'ল আমাক লাগে এখন আমাৰ দুখ, কষ্ট বুজি পোৱা চৰকাৰ। তেনে এখন চৰকাৰ অৱশ্যে এইবাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত গঠন হ'বনে? নে জয়ী হোৱাৰ পাছত পুনৰ ৫ বছৰৰ বাবে সমষ্টিবাসীক দেখা নিদিয়াকৈ থাকিব প্ৰতিনিধি সকলে?

সময়ে বুজাব আৰু দেখাব সকলো । কোৰোনাৰ বাবে বহু নতুন গাইডলাইন, নিয়ম-নীতি অনা হৈছে। কোৱা হৈছে কোভিড প্ৰট'কল মানি চলিব লাগিব। কিন্তু বহুতৰে এতিয়া প্ৰশ্ন- কোভিড কেৱল সাধাৰণ মানুহৰ বাবে নেকি? ৰাজনৈতিক দলসমূহে যে বিশাল বিশাল জনসভা পাতিলে তেতিয়া কি কোভিড নাহে? নে কোভিডে চিনি পাই প্ৰতিগৰাকী ৰাজনৈতিক নেতাক?

বৰ্তমান সময়ত সকলো সাঁথৰ। কিয়নো চৰকাৰ যি দলেই গঠন নকৰক কিয়, অৱশেষত গৈ ৰাইজৰ বাবে চিন্তা – চৰ্চা কৰিব নে নকৰে? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান সময়ত সকলোৱে নিজৰ বিবেকক সুধি কৰিছে ভোটদান।

আৰু দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। সময় এতিয়াও নথকা নহয়। কিন্তু তিনিওটা পৰ্যায়ৰ ভোটদান পৰ্ব শেষ হোৱাৰ পাছত ভাবিও জানো হ'ব লাভ? সেই কথাহে বৰ্তমান ভাবিব লাগিব অসমৰ ৰাইজে।

শনিবাৰে সুকলমে পাৰ হ'ল প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এনেদৰেই প্ৰতিটো অৰ্থাৎ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰ্ব সমাপ্ত হওঁক। কিন্তু ৰাইজে যাতে নিজৰ বাবে এখন ভাল চৰকাৰক বাচনি কৰে সেয়া অতিকৈ আৱশ্যক। কিয়নো প্ৰতিটো নিৰ্বাচনত ভোট দিয়া প্ৰতিগৰাকীৰ ভোটাৰৰ ভোটৰ সৈতে জড়িত হৈ থাকে তেওঁলোকৰ ভৱিষ্যৎ প্ৰজন্মৰ ভৱিষ্যৎ। সেয়েহে সকলোৱে নিজক এবাৰ প্ৰশ্ন কৰিব লাগে যে- সঁচাকৈ এই দলৰ চৰকাৰক আমি বিচাৰো নে? সেয়েহে হয়তো চৰ্চা হৈছে- চৰকাৰ হ'ব কাৰ, বিচাৰ কৰাই টান…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in