ৱেলকাম নহয়, মোডীক গ’ বেক ধ্বনিৰে আদৰণি…

ৱেলকাম নহয়, মোডীক গ’ বেক ধ্বনিৰে আদৰণি…

♦ মৃদুল কুমাৰ সন্দিকৈ

অসমীয়া মানুহ অতিথি পৰায়ণ। অতিথিক দেৱতাৰ দৰে জ্ঞান কৰে অসমীয়া মানুহে। নিজে নাখাই, অতিথিক খোৱাই অসমীয়াই। সহজ-সৰল অসমীয়া মানুহৰ যেতিয়া খং উঠে, তেতিয়া কোনোৱেই ৰক্ষা নপৰে। ঘৰলৈ গ'লে আজিও, আন নাথাকিলেও দৰিদ্ৰজনে তামোল এখন যাচে। সাত-শতৰুজনো ঘৰলৈ গ'লে ওলগ এটা লৈহে কুশল বাৰ্তা সোধে। এয়াই অসমীয়া সমাজ।

অতিথিক অপ্যায়ন কৰাত অসমীয়া মানুহৰ নাম আছে। একেদৰে শতৰুক পহুখেদা দিয়াত অসমীয়াৰ ইতিহাস আছে। সেই সময়ত দেশৰ আটাইতকৈ শক্তিশালী মোগল সকলে ১৭ বাৰকৈ অসম আক্ৰমণ কৰিও আহোম ৰাজ্য দখল কৰিব পৰা নাছিল। পৰাক্ৰমী মোগলক আহোমে প্ৰতিৰোধ কৰি স্বাধীনতা অক্ষুণ্ণ ৰাখিছিল।

আলহী যদি প্ৰধানমন্ত্ৰী হয়, তেন্তে অসমত সেই বিশেষ অতিথিক আদৰা পৰ্বই সুকীয়া হ'ব। আনত দুখীয়া হ'লেও, মাতত দুখীয়া নহয় অসমীয়া। ৮ ফেব্ৰুৱাৰী, ২০১৯, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহি উপস্থিত হৈছিলহি বৰঝাৰ বিমান বন্দৰত। মোডীক আদৰণি জনালে মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

প্ৰট'ক'ল অনুসৰি বৰঝাৰত উপস্থিত আছিল ৰাজ্যৰ প্ৰশাসনৰ মুখ্য সচিবকে ধৰি আন উচ্চপদস্থ বিষয়া আৰু ৰাজ্যপাল জগদীশ মুখীয়েও মোডীক আদৰণি জনালে। প্ৰধানমন্ত্ৰীৰ কান্ধত পিন্ধালে গামোচা, দিলে এপাহকৈ গোলাপ ফুল।

প্ৰধানমন্ত্ৰীক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আদৰণি।
প্ৰধানমন্ত্ৰীক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আদৰণি।

প্ৰধানমন্ত্ৰীৰ কনভয় ৰাজভৱনৰ দিশে আগবাঢ়িল। আনকালে হোৱা হ'লে প্ৰধানমন্ত্ৰীক চাবলৈ, তেওঁক গামোচা পিন্ধাবলৈ বাটে-পথে মানুহ ৰৈ থাকিল হয়। পিছে সেই পৰিৱেশ প্ৰধানমন্ত্ৰীয়ে নাপালে। জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিস্থল পালেহি মোডীৰ কনভয়। কিছুদিনৰ পূৰ্বে সুধাকণ্ঠক ভাৰত ৰত্ন উপাধি দিছিল মোডী চৰকাৰে। নিশ্চিতভাৱে মোডী আছিল ধন্যবাদৰ যোগ্য। কিন্তু মোডীয়ে ধন্যবাদ বা গামোচা লৈ থকা মানুহ দেখা নাপালে।

ছাত্ৰ সমাজে হাতত ক'লা পতাকা লৈ মোডীক স্বাগতম জনোৱাৰ সলনি মোডী গ' বেক ধ্বনি দিলে। সেই পৰিস্থিতি বা ক'লা পতাকাৰ সন্মুখীন হৈ মোডীৰ কনভয় আগবাঢ়িল। এজন প্ৰধানমন্ত্ৰীৰ বাবে এয়া কম লাজৰ কথা নহয়।

কেৱল তাতেই নহয়। মোডীৰ কনভয় পাৰ হৈ যোৱা সময়তে তেওঁৰ প্ৰতিকৃতি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে জ্বলালে। কিমান কৌশলেৰে এনে প্ৰতিবাদৰ সন্মুখীন হ'ব পাৰে কোনোবা। সেয়া মোডীৰ বাবে প্ৰথমখন ক'লা পতাকাহে আছিল। মোডীৰ কনভয় আগবাঢ়িল ফাঁচী বজাৰৰ দিশে। পৰুৱা সৰকিব নোৱাৰাকৈ নিৰাপত্তাৰক্ষী ৰাজপথত।

ফাঁচী বজাৰ পোৱাৰ লগে লগে আন একাংশই ক'লা পতাকা দেখুৱাই পুনৰ দিলে মোডী গ' বেক ধ্বনি। আৰক্ষীয়ে তলকিবই নোৱাৰিলে। ক'লা পতাকা জোঁকাৰি আকৌ ক্ষোভ উজাৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা ৭০ সংগঠনৰ সমৰ্থকে।

প্ৰধানমন্ত্ৰীৰ কনভয় তাৰ পৰা আগবাঢ়িল দ্ৰুতগতিত। শ্বহীদ ন্যাসৰ সমীপৰে যাওঁতে এইবাৰ আছুৰ সমৰ্থকে দেখুৱালে ক'লা পতাকা। মোডীয়ে হাত দাঙি অভিবাদন জনোৱা বুলি স্বীকাৰ কৰিলে সেই ক'লা পতাকা। কি বিৰম্বনা প্ৰধানমন্ত্ৰীৰ বাবে! অসম ভ্ৰমণলৈ অহা কোনো প্ৰধানমন্ত্ৰীৰে হয়তো এনে দশা হোৱা নাই। ভাৰতৰ কোনো স্থানতেই চাগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বা আন কোনো প্ৰধানমন্ত্ৰীয়ে ১০-১৫ কিঃমিঃ বাট অতিক্ৰম কৰোতে তিনিবাৰকৈ ক'লা পতাকাৰ সন্মুখীন হোৱাৰ নজিৰ নাই।

প্ৰধানমন্ত্ৰীক ক'লা পতাকা আছু সমৰ্থকৰ…
প্ৰধানমন্ত্ৰীক ক'লা পতাকা আছু সমৰ্থকৰ…

এইজন নৰেন্দ্ৰ মোডীয়ে এদিন ২০১৪চনত আহি অসমৰ মানুহক আৱেগিক কৰি তুলিছিল। কৈছিল- মোডী চৰকাৰ আহিলে অসমৰ সকলো সমস্যা সমাধান হ'ব। তালি-টোপোলা বান্ধি অসমত থকা অবৈধ বিদেশী নিজে নিজে গুচি যাব। সহজ-সৰল অসমীয়া মানুহে তেনেকৈয়ে ভাবিছিল। কিন্তু সেয়া আছিল নিৰ্বাচনত ভোট লাভৰ বাবে কৰাৰ এক প্ৰতাৰণা।

৫ বছৰ শেষ হ'বৰ হ'ল। ২০১৪চনত চৰকাৰ গঠন কৰি মোডী প্ৰধানমন্ত্ৰী হৈছিল। সকলোৱে ভাবিছিল মোডীয়ে দিয়া শ্ল'গানবোৰ সঁচা হ'ব। 'হৰ হৰ মোডী, ঘৰ ঘৰ মোডী' কৈ মোডী কংগ্ৰেছৰ বিকল্প ৰূপে ৰাইজৰ দুখ-দুৰ্দশা বুজিব। অসমৰ বিদেশী সমস্যা সমাধান হ'ব। নাগৰকিত্ব সংশোধনী বিধেয়ক ২০১৬ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি আৰু বিজেপি তথা মোডী চৰকাৰৰ ভূমিকাই ৰাইজৰ এই ভুল ভাঙিলে। আচলতে এই চৰকাৰে অবৈধ বিদেশী খেদাবতো নোৱাৰিলেই, বৰঞ্চ বিদেশীৰ পৃষ্ঠপোষক হৈ পৰিল।

৮ ফেব্ৰুৱাৰীত মোডী অহা কথা আছিল মৰিগাঁৱত অনুষ্ঠিত হৈ থকা শংকৰদেৱ সংঘৰ অধিবেশনলৈ। প্ৰায় এবছৰ পূৰ্বেই মোডীক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ জাতীয় দল-সংগঠনৰ প্ৰতিবাদৰ বাবে মোডীৰ এই কাৰ্যসূচীত অংশ লোৱাতো সম্ভৱ নহ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া সকলেও ৰাইজৰ প্ৰতিবাদ দেখি মোডীক এই অনুষ্ঠানলৈ অহাটো বিচৰা নাছিল।

তথাপিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ আহিল ৮ ফেব্ৰুৱাৰীত। নিশাটো তেওঁ ৰাজভৱনত কটাব। শনিবাৰে তেওঁৰ প্ৰথম ইটানগৰৰ কাৰ্যসূচী। দিনৰ ১২.৩০ বজাত মোডী আহিব আমিনগাঁওলৈ। চাংসাৰিত স্থাপন হ'ব লগা এইমছৰ ভূমিপূজন অনুষ্ঠানত অংশ ল'ব নৰেন্দ্ৰ মোডীয়ে। এইমছৰ আধাৰশিলা স্থাপনলৈ প্ৰধানমন্ত্ৰী অহাতো ডাঙৰ কথা নহয়। কিন্তু এইমছৰ ভূমিপূজন অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব লগা পৰিস্থিতি কিয় হ'ল, সেয়া গুৰুত্বপূৰ্ণ কথা।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি ইতিমধ্যে বিজেপি চৰকাৰে ঘোষণা কৰিছে। অসমৰ বিজেপি নেতৃত্ব তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হাত চাপৰি বজাই মোডী-অমিত শ্বাহক সমৰ্থন জনাইছে। কিন্তু সেই সকলক ইতিমধ্যে ৰাইজে ক'লা পতাকা দেখুৱাই তেওঁলোকৰ বিভীষণ ৰূপী স্বৰূপ উদঙাই দিছে।

জাতিৰ এই বিভীষণ সকলে মোডীক গামোচা পিন্ধালে আৰু জাতীয় দল-সংগঠনৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক'লা পতাকা দেখুৱাই গ' বেক ধ্বনি দিলে। এয়াই বাস্তৱ। সন্মুখত পৰীক্ষা, ছাত্ৰ-ছাত্ৰীসকলে আন্দোলনত অংশ ল'ব নালাগে বুলি ভাষণ দিয়া সকলেই যেন আন্দোলনৰ পৰিৱেশ ৰাজ্যত সৃষ্টি কৰিলে। ভূমিপূজনৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মাতি আনি কোনোৱে নিজক ৰক্ষা কৰাৰ চেষ্টা চলাইছে নেকি বুলিও প্ৰশ্ন উঠিছে।

কিয়নো, কলকাতাত চিট ফাণ্ড কেলেংকাৰীক লৈ মমতা বেনাৰ্জী আৰু চিবিআইৰ মাজত হোৱা সংঘাতৰ বতাহে অসমকো চুই গৈছে। অসমৰ এজন প্রভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ সাৰদাৰ মুৰব্বী সুদিপ্ত সেনে লিখা এখন চিঠি জোঁকাৰি মমতাই ইতিমধ্যে ৰাজহুৱাকৈ কৈছে- এই কেলেংকাৰীৰ সৈতে জড়িত আছে অসমৰ প্ৰভালশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৩ কোটি টকা তেওঁৰ অধিনিষ্ঠ কোম্পানীৰ কৰ্মচাৰীৰ জৰিয়তে আদায় লোৱা বুলি উল্লেখ আছে এই পত্ৰত। এই প্ৰেক্ষাপটত নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণে ৰাইজক ভাবিবলৈ বাধ্য কৰাইছে যে, স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক আনিও মোডীৰ জনসভা পাতি প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ কিমান ঘনিষ্ঠতা তাক দেখুৱাই সেই মন্ত্ৰীগৰাকীয়ে চিবিআইলৈও এক বাৰ্তা প্ৰেৰণ কৰিব খুজিছে নেকি?

চিবিআইৰ বৃহৎ দল আহি গুৱাহাটী পোৱাৰ পাছত এই কথাও আলোচনা চলিছে। যি স্বাস্থ্য বিভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰে বহু বিভাগ অধ্যাপক বিহীনভাৱে চলি আছে, ৰাজ্যৰ আন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ৰ অৱস্থা বা আন্তঃগাঁথনিক লৈ প্ৰশ্ন উঠিছে, তেনে সময়ত এইগৰাকী স্বাস্থ্য মন্ত্ৰী ব্যস্ত হৈছে মোডীক লৈ নিজৰ সুৰক্ষাৰ অভিযানত।

মমতা বেনাৰ্জীয়ে চিঠি জোঁকাৰি সাৰদা চিট ফাণ্ড কেলেংকাৰীৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকা বুলি চিঞৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনসভা হঠাৎ আয়োজন কৰি ভূমিপূজনৰ আচিলাৰে সেই অভিযুক্ত মন্ত্ৰীয়ে নিজৰ প্ৰভাৱ প্ৰসাৰৰ বাবে পোৱা সুযোগৰ সৎ ব্যৱহাৰ কৰি 'আশা কিৰণ'ৰ ধন ব্যয়েৰে মোডীৰ সভালৈ মানুহ আনিবৰ বাবে উঠি-পৰি লাগিছে। অথচ সেই পুঁজিৰ ধন আশা কৰ্মীৰ মৃত্যু হ'লে সাহায্য ৰূপে দিয়া হয়।

বিৰোধিতাৰ পাছতো মোডী আহিছে। তেওঁৰ উপস্থিতিয়ে পুনৰ ৰাজ্য জ্বলাইছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মোডীয়ে অসমত ভূমিপূজন অনুষ্ঠানত অংশ লৈ কিবা কয়-নকয় সেয়া ৰাইজে লক্ষ্য কৰিব। চাংসাৰিৰ সেই অনুষ্ঠানত যোগ দিয়াৰ পূৰ্বে ইতিমধ্যে মোডীয়ে ক'লা পতাকা দেখি অনুমান কৰিব পাৰিছে- নিশ্চয় কিমান ক্ষোভত আছে এইসকল লোক।

যিজন মন্ত্ৰীয়ে এদিন চিঞৰি চিঞৰি কৈছিল- দিল্লীৰ পৰা হেনো তেওঁ সোধে- নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ হৈছে নেকি বুলি। তেওঁ হাঁহি হাঁহি হেনো উত্তৰ দিছিল- গুৱাহাটীতে আছো মই, দেখা নাই এনে প্ৰতিবাদ। কিন্তু সেই মন্ত্ৰীজনৰ এই দাবীৰ বিপৰীতে আজি মোডীয়ে দেখিলে জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে কিদৰে প্ৰতিবাদ হৈছে আৰু ৰাইজে এই বিধেয়কৰ সমৰ্থনকাৰী সকলৰ বিৰুদ্ধে কেনেদৰে ক'লা পতাকা জোঁকাৰিছে। আজি মোডীৰ বাবে ৱেলকাম নহয়, মোডী গ' বেক ধ্বনি। বাটে-পথে তেওঁ আদৰিবলৈ নাই গামোচা, আছে তেওঁক ক'লা পতাকা দেখুওৱা অনেক প্ৰতিবাদকাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in