১৯৩৯ চন। বিখ্যাত আই এফ এ শ্বিল্ড খেলৰ বাবে অসমৰ পৰা এটা ক্লাৱে যোগ্যতা অৰ্জন কৰিছিল। বিপক্ষ আছিল কলকাতাৰ পুলিচ দল। মৰণ-পৰণ দি যুঁজ দিছিল এই ক্লাৱটোৰ খেলুৱৈসকলে। কলকাতাৰ বাতৰি কাকতত কিন্তু শিৰোনাম হৈছিল এই ক্লাৱটো। দুভৰিৰে ফুটবলৰ যাদু দেখুৱাইছিল ক্লাৱটোৰ খেলুৱৈসকলে। তাৰেই প্রশংসা আৰু গুণ বখানিছিল কলকাতাৰ কাকতবোৰে।
১৯৪০ চন। দুৰ্দান্ত ফুটবল ক্লাৱ মহমেদান স্পৰ্টিং ক্লাৱৰ লগত এই ক্লাৱৰেই মৰণ-পৰণ যুঁজ। কি আচৰিত আছিল সেই খেলখন! অবিশ্বাস্যৰ এক ফলাফল খেল শেষ হোৱাৰ আগলৈকে। কেইটামান মুহূৰ্ত বাকী আছিল তেতিয়া। কলকাতাৰ এই বিখ্যাত ক্লাৱটোক বিহু দেখুৱাইছিল তেতিয়া অখ্যাত ক্লাৱটোৰ খেলুৱৈয়ে। ফুটবলৰ ছুনামীহে নামিছিল যেন খেল পথাৰত। বিধ্বস্ত হৈ পৰিছিল মহমেদান স্পৰ্টিং ক্লাৱৰ খেলুৱৈ। ছন্দ পতন ঘটিছিল তেওঁলোকৰ। সন্মান ৰক্ষাৰ বাবে মহমেদান ক্লাৱৰ খেলুৱৈসকলে ফুটবল এৰি ফাউল খেলিছিল। বেয়াকৈ আহত হৈছিল কেবাজনো খেলুৱৈ। শেষ ফলাফল ১-১ গ'লত ক্ষমতা স্থাপন হৈছিল।
ফুটবলৰ যাদু আছিল এয়া। আৰু যাদু দেখুৱাইছিল তেতিয়াৰ অখ্যাত ক্লাৱটোৰ খেলুৱৈসকলে। সেয়া ইমানেই ৰোমাঞ্চকৰ আছিল যে, পিছদিনা ৰি-প্লে কৰিব লগা হৈছিল। খেল চাবৰ বাবে বেংগল বিধানসভাৰ অৰ্ধছুটী দিয়া হৈছিল। দ্বিতীয় দিনা অনুষ্ঠিত খেলত শাৰীৰিক যুদ্ধত নামিছিল মহমেদান স্পৰ্টিং ক্লাৱৰ খেলুৱৈ। ইজনৰ পাছত সিজনকৈ খেলুৱৈক আঘাত কৰিছিল। সেইদিনা ৫জনকৈ খেলুৱৈ আহত হৈছিল। অনিমেষ গাংগুলী নামৰ খেলুৱৈজনৰ তিনিটা দাঁত উভালি পৰিছিল। কিন্তু খেল এৰা নাছিল তেওঁ।
১-০ গ'লত মহমেদান স্পৰ্টিং ক্লাৱ জয়ী হ'ল। কিন্তু ভাৰতৰ ফুটবলৰ মানচিত্ৰত এই অখ্যাত ক্লাৱটো জিলিকি উঠিল। ১৯৪৭চনত নলিনী চৌধুৰীৰ নেতৃত্বত আই এফ চি টুৰ্ণামেন্টত এই ক্লাৱটোৱেই বিজয়ী হৈছিল। লক্ষ্ণৌত হৈছিল এই খেল। ১৯৫৮চনলৈকে এই ক্লাৱটোৱে ধাৰাবাহিকভাৱে শ্বিলঙৰ আই এফ এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত অংশ লৈছিল।
তেতিয়াৰ এই অখ্যাত ক্লাৱটো লাহে লাহে বিখ্যাত হৈ পৰিছিল। খেলপথাৰত এই ক্লাৱৰ খেল থাকিলে মানুহে চিঞৰিছিল- 'মহাৰাণা, মহাৰাণা, মহাৰাণা…।' ১৯০৭চনতেই স্থাপন কৰা হৈছিল এই ক্লাৱটো।
প্ৰথমে ক্লাৱটোৰ নাম 'মহাৰাণা এথলেটিক ক্লাৱ' নাছিল। প্ৰয়াত যোগেশ সেন, উত্তম চন্দ্ৰ দাস, অনিমেষ গাংগুলী, অন্নৰাম বৰুৱা, কে কে চৌধুৰী, গৌৰী শংকৰ, হিম্মৎ সিংকা, নিখিল চেতাৰ্জী, শালেগ্ৰাম শৰ্মা, শশীধৰ শৰ্মা, আশীষ সেনগুপ্তা, গোপেন চৌধুৰী, অশ্বিনী দে' আছিল এই ক্লাৱৰ প্ৰাণস্পন্দন।
পাণবজাৰৰ কেইগৰাকীমান খেলুৱৈ সুলভ মনৰ উদ্যোগী মানুহে মিলি প্ৰথমে গঠন কৰিছিল 'অৰিয়েন্ট ক্লাৱ'। কিছুদিনৰ পাছত এই ক্লাৱটোৰ একাংশই ওলাই আহি গঠন কৰিছিল 'লাগা শ্যাম ক্লাৱ'। নিপেন সেন এই ক্লাৱৰ ফুটবল দলৰ কেপ্টেইন হৈছিল। কিন্তু এদিন পাণবজাৰত মঞ্চস্থ হোৱা এখন নাটকে ক্লাৱটোৰ নাম 'মহাৰাণা' কৰিলে।
'মহাৰাণা প্ৰতাপ সিংহ' নামৰ নাটকখন চাই ক্লাৱটোৰ সদস্যসকল অনুপ্ৰাণিত হ'ল। স্বদেশ প্ৰেমৰ নতুন সোত তেওঁলোকৰ মন-মগজুত প্ৰবাহিত হৈ পৰিল। আৰু সিদ্ধান্ত ল'লে এই ক্লাৱটোৰ নাম 'মহাৰাণা এথলেটিক ক্লাৱ' হ'ব। তাৰপৰাই মহাৰাণা ক্লাৱৰ আৰম্ভণি।
প্ৰাক্ স্বাধীনতাৰ কালত এইদৰে অসমৰ প্ৰতঃভূমিত জন্ম হৈছিল এই ক্লাৱটোৰ। প্ৰথমে বাঁহৰ লাঠীৰে এই সদস্য সকলে হকী খেলিছিল। ৰাজ্যৰ খেলৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলক বিচাৰি আনিছিল। হকী দলৰ পাছতেই অনিমেষ গাংগুলীৰ নেতৃত্বত ফুটবল দল গঠন কৰি স্থানীয় ফুটবল প্ৰতিযোগিতাবোৰত এই ক্লাৱক সবল কৰি সফলতা বুটলিছিল মহাৰাণাই।
মানুহৰ ঘৰে ঘৰে ঘূৰি দান-বৰঙণি উঠাই এই ক্লাৱটো গঢ় দিছিল। জিলিকি উঠিছিল অসমৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰত। ভাৰতৰ ফুটবল ইতিহাসত এই ক্লাৱটোৰ এক বিশেষ নাম আছে। অসম ফুটবল এছ'চিয়েশ্যন গঠনৰ আঁৰত আছিল এই ক্লাৱৰ সৈতে জড়িত অনিমেষ গাংগুলী। ১৯৩৮চনত শ্বিলঙৰ আই এফ চি শ্বিল্ড প্ৰতিযোগিতাত অংশ ল'বলৈ ৰাজ্যিক ফুটবল এছ'চিয়েশ্যনৰ অনুমোদন প্ৰয়োজন হৈছিল। ইয়াৰ বাবেই অনিমেষ গাংগুলীৰ উদ্যোগত প্ৰয়াত ফকৰুদ্দিন আলী আহমেদক সভাপতি আৰু বি কে ৰয় চৌধুৰীক সম্পাদক ৰূপে লৈ গঠন কৰা হৈছিল অসম ফুটবল এছ'চিয়েশ্যন।
প্ৰাক্ স্বাধীন যুগৰ পৰাই অসমক ভাৰতীয় খেল জগতৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থান দখল কৰাত এই ক্লাৱৰ আছে বহু বৰঙণি। এটা সময়ত মহাৰাণা ক্লাৱে উত্তৰ-পূৰ্বাঞ্চলত দপদপাই আছিল। এই ক্লাৱটোৰ দলৰ হৈ ফুটবল খেলা ডাঃ টালিমৰাণ আও, মনোৰঞ্জন বেনাৰ্জী, টচেন বড়ো, বাবুল ফুকন আছিল ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অন্যতম উজ্বল নক্ষত্ৰ। আন্তৰ্জাতিক ফুটবলত ভাৰতৰ সফলতা বুলিবলৈ গ'লে ১৯৪৮ চনৰ লণ্ডনৰ অলিম্পিকত ভাৰতে অংশ লৈছিল। এয়া এক উল্লেখযোগ্য সফলতা আছিল ভাৰতীয় ফুটবল ইতিহাসত।
১৯৫৭ চনতো আছিল মহাৰাণা ক্লাৱৰ বাবে এটা অতি গৌৰৱজ্জ্বল বছৰ। সেই বছৰ স্বাধীনতা কাপ, ডুগৰ শ্বিল্ড আৰু গুৱাহাটী ফুটবল লীগৰ বিজয় দল আছিল মহাৰাণা। ১৯৪৬চনৰ পৰা ১৯৭৫চনলৈ ১৫ বাৰ ফুটবল লীগ চেম্পিয়ন হৈছিল মহাৰাণা এথলেটিক ক্লাৱ। বহু সংগ্ৰামৰ মাজেৰে এই ক্লাৱটোৱে নিজক প্ৰতিষ্ঠা কৰিছিল। এটা ভাৰাঘৰত আৰম্ভ হৈছিল ক্লাৱটো। ১৯৭৮চনৰ মাজ ভাগত এখন মল্লযুঁজ পাতি ধন সংগ্ৰহ কৰি ক্লাৱৰ বৰ্তমানৰ ঘৰটো কিনিছিল। সেই ঘৰটো আছিল পাণবজাৰৰ ডানিচ ৰোড। ব্ৰিগেডিয়াৰ অমিতলাল মুখাৰ্জীৰ ব্ৰিটিছ টাইপৰ দুমহলীয়া ঘৰটো কিছু পুনৰ নিৰ্মাণ কৰি মহাৰাণা ক্লাৱৰ স্থায়ী ঠিকনা কৰা হৈছিল ঘৰটো। সেই সময়ত এই কামত আগ-ভাগ লৈছিল এতিয়াৰ সভাপতি কে কে চৌধুৰী আৰু উপসভাপতি ভোলানাত সেনগুপ্তা আৰু ভৱানী বৰুৱাই।
বৰদলৈ ট্ৰফীৰ সৈতেও মহাৰাণাৰ আছে ওতঃপোত সম্পৰ্ক। ১৯৫২চনত আৰম্ভ হৈছিল বৰদলৈ ট্ৰফী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আছিল এদিন ৰোমাঞ্চ, জনপ্ৰিয়তা। বৰদলৈ ট্ৰফী ফাইনেল বুলি ক'লেই স্কুল-কলেজ বন্ধ। কি শিহৰণকাৰী আছিল সেই খেলবোৰ। তেতিয়া নাছিল টিভি। ৰেডিঅ'ত ভাহি আহিছিল কমেন্ট্ৰী- 'এইবাৰ বল পাইছে অসম পুলিচৰ তাৰিণী ৰাভাই। এটা সুন্দৰ শ্বট। মোমিনে পাছ দিছিল তাৰিণী ৰাভাক। আৰু এয়া তাৰিণী ৰাভাই গ'ল পোষ্টলৈ লক্ষ্য কৰি এটা তীব্ৰ শ্বট লৈছে। কি যে দুৰ্ভাগ্য লক্ষ্যভ্ৰষ্ট হ'ল এই শ্বট।' এসময়ত এইদৰেই কমেন্ট্ৰী কৰিছিল দীনেশ গোস্বামীয়ে। পিছলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।
ৰেফাৰী সুৰেন্দ্ৰৰাম ফুকনে হাতত বল লৈ খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে আৰম্ভ হৈছিল কাউণ্ট ডাউন। পিন্ধি থকা ঘড়ীটোলৈ চাই খেল আৰম্ভ হোৱাৰ দীঘল হুইচেল বজালেই আনন্দ-ফূৰ্তি পৰিৱেশে বিৰাজ কৰিছিল খেলপথাৰত। বৰদলৈ ট্ৰফীৰ সৈতেও সদায় জড়িত হৈ থাকিব মহাৰাণা ক্লাৱৰ নাম।
ৰাজ্যৰ খেল জগতলৈ মহাৰাণা ক্লাৱৰ বৰঙণিৰ কথা হয়তো কোনেও আজিলৈকে সঠিকভাৱে মূল্যায়ন কৰা নাই। এদিন লণ্ডন অলিম্পিকত ভাৰতীয় দলক নেতৃত্ব দিয়া ডাঃ টি আও এই দলৰ হৈ খেলা, সেই কথা বহুতেই নাজানে। ভাৰতীয় ফুটবলৰ সেই সোণালী ইতিহাস আজি চৰ্চা নহয়। খালী ভৰিৰে সংগ্ৰামী ফুটবল খেলিছিল টি আওৱে। অলিম্পিকত প্ৰবল শক্তিশালী ফ্ৰান্সৰ বিৰুদ্ধে টি আওৱে খেলা খেল চাই খেলৰ অন্তত ফ্ৰান্সৰ খেলুৱৈসকলে টি আওৰ ভৰি চুই চাইছিল। কৈছিল- 'শুদা ভৰি নে তীখা লগোৱা আছে চাইছো।' এই কথা খোদ টি আওৱে কৈ গৈছে। ভাৰতৰ ফুটবলৰ ইতিহাসত টি আও আছিল 'ভাৰতৰ পেলে'।
শৰৎ দাসে খেলিছিল মোহন বাগানৰ হৈ। ১৯৪৭ চনত শৰৎ দাসৰ নেতৃত্বতেই মোহন বাগানে আই এফ এ শ্বিল্ড জিকিছিল। অনিমেষ গাংগুলীৰ কথা ক'বই নালাগে। গুৱাহাটী টাউন ক্লাৱত ফুটবলৰ পাতনি মেলি পাছলৈ যোগ দিছিল মহাৰাণাত। ক্লাৱটোৰ বাবেই অবিবাহিত হৈ থকা এজন লোক। জীতেন চৌধুৰীক পুটু নামে জানিছিল সেই সময়ত। ১৯৩৭চনতেই অনা হৈছিল মহাৰাণালৈ। মহাৰাণাৰ লেফ্ট বেক আছিল পুটু চৌধুৰী।
ভাৰত চৌধুৰীক খেলপথাৰত বগা ঘোঁৰা বুলি জানিছিল। খেলুৱৈক ফাঁকি দিয়ত তেওঁ আছিল সিদ্ধহস্ত। নলিনী চৌধুৰী অৰ্থাৎ পিলিক চৌধুৰীৰ ছন্দময় ফুটবল কোনে পাহৰিব পাৰে। সেই সময়ত তেওঁলোক আছিল তাৰকা। এওঁ জড়িত হৈছিল মহাৰাণাৰ সৈতে। ১৯৫২চনত মহাৰাণাৰ হৈ বানাৰসত কমল কুমাৰী ট্ৰফীত মহাৰাণাই য়ং এথলেটিক ক্লাৱক ১-০ গ'লত পৰাস্ত কৰিছিল। তেতিয়াই স্থানীয় কাকতবোৰে লিখিছিল 'ব্ৰেইন অৱ দ্য এটেক' বুলি। এয়াই আছিল মহাৰাণা ক্লাৱৰ খেলুৱৈ।
নীপ বৰুৱাও এই মহাৰাণাৰ হৈয়ে খেলিছিল। মনোৰঞ্জন বেনাৰ্জী, পদ্মধৰ চৌধুৰী, নাৰায়ণ দাস, গোবিন্দ কলিতা, অবণী হাজৰিকা, অশ্বিনী ৰাজবংশী, উমেশ দাস (জুনিয়ৰ), ৰঘুনন্দন ৰায় সেই সময়ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এক উল্লেখযোগ্য নাম আছিল।
এতিয়ালৈকে মুঠ ১৮ বাৰ গুৱাহাটীৰ প্ৰথম ডিভিজন লীগৰ জয়ী হৈছে মহাৰাণা। ১৯৫৩চনত বৰদলৈ ট্ৰফী জিকিছিল মহাৰাণা ক্লাৱে। ১৯৯৬চনতো ডুগৰ শ্বিল্ড জয়ী কৰিছিল ক্লাৱটোৱে। এই ক্লাৱৰেই সদস্য ভৱেশ ৰায় অসম জুনিয়ৰ দলৰ অধিনায়ক হৈছিল। অমু মুখাৰ্জী, সুনীল দাস আছিল এই দলৰেই তাৰকা খেলুৱৈ। চিন্ময় লাহিৰী, গোলাপ হাজৰিকা, বসন্ত মেধি, জামাল হুছেইন, কালি ৰাহা, গোবিন্দ কলিতা, চৌকত আলী, হৰ কুমাৰ শইকীয়া, ৰত্নহাস গোস্বামী, সুভাষ গাংগুলী, পৰেশ মজুমদাৰ, কামপু লিনছেন, এলেন টাংখুল, নিকুঞ্জ ব্ৰহ্ম, হেৰল চাংমা আদি খেলুৱৈসকলে অসম তথা ভাৰতৰ ফুটবলক সমৃদ্ধ কৰিছিল।
অসমৰ ক্ৰীড়া ইতিহাসত মহাৰাণা ক্লাৱ এনে এক অনুষ্ঠান, যিটো অনুষ্ঠানৰ অবিহনে অসমৰ ক্ৰীড়া ইতিহাস লিখিব নোৱাৰি। ঐতিহ্যবাহক এই মহাৰাণা এথলেটিক ক্লাৱ। উষ্মান মাছুদ, জুম্মা খা, বাসী খা, নুৰ মহম্মদ আদি খেলুৱৈৰে গঠিত মহমেদান স্পৰ্টিং ক্লাৱক খেলপথাৰত সমীহ কৰিবলৈ বাধ্য কৰিছিল মহাৰাণা ক্লাৱে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলক আনি কেৱল ফুটবলেই নহয়, বিভিন্ন খেলৰ ক্ষেত্ৰখনৰ সৈতে জড়িত কৰাই তেওঁলোকক আগুৱাই নিয়াৰ বাবে মহাৰাণা ক্লাৱ সদায় প্ৰতিশ্ৰুতিবদ্ধ। আজিও এই ক্লাৱৰ ২১জনকৈ অসম তথা অসমৰ বাহিৰৰ ফুটবল খেলুৱৈক আনি বিনামূল্যে তেওঁলোকক থকা-খোৱাৰ ব্যৱস্থা কৰি অনুশীলনৰ সুবিধা কৰি দিছে। অন্তঃকৰণেৰে খেলৰ ক্ষেত্ৰখনলৈ এই প্ৰতিভাসকলক আগুৱাই লৈ যোৱাত মহাৰাণা ক্লাৱৰ দীৰ্ঘ পৰিক্ৰমাৰ এই যাত্ৰা অব্যাহত আছে।
সকলোৰে মৰ্যাদা আছে এই ক্লাৱটোত। পিটিকাই এই ক্লাৱটোৰ এটা চিনাকি নাম আছিল। পিটিকাই নহ'লে নচলিছিল একো। ক্লাৱটোকো তেওঁ প্ৰাণভৰি ভাল পাইছিল। বহুজনৰ শ্ৰমৰ অন্তত গঢ় লৈ উঠিছিল এইটো ক্লাৱ। ১৯০৭চনত জন্ম হোৱা এই ক্লাৱটোৱে ২০১৮চনৰ ৮ ডিচেম্বৰত উদযাপন কৰিব ১১১ বছৰীয়া প্ৰতিষ্ঠা দিৱস। মাজতে কিছুদিন ক্লাৱটোলৈ স্থবিৰতা নামিছিল। এতিয়া আকৌ সজীৱতা ঘূৰি আহিছে। পাণবজাৰৰ এই ক্লাৱটোৰ সৈতে জড়িত হৈ পূৰ্বৰ সোণালী সুদিন ঘূৰাই অনাৰ চেষ্টা চলিছে। বহু ক্ষেত্ৰত সফল হৈছে। বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিভাধাৰী খেলুৱৈসকলক সুযোগ দিয়াৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিছে। বৰ্তমান মহাৰাণা ক্লাৱৰ সভাপতি ৰাণাপ্ৰতাপ বৰদলৈ, সম্পাদক দীপজ্যোতি বৰুৱাই ক'লে সেই কথা। ইতিহাস সুঁৱৰি তেওঁলোকে জনালে, বহু পৰিকল্পনা তেওঁলোকে হাতত লৈছে। পিছফালে নিজাকৈ এটা বিল্ডিং বনাইছে। তাৰ পৰা আয় হোৱা ধন তেওঁঁলোকে ক্ৰীড়া ক্ষেত্ৰত ব্যয় কৰিব।
বৰ্তমান জিএছএৰ এ ডিভিজন লীগ খেলি আছে মহাৰাণাই। একালৰ ফুটবল খেলুৱৈ জয়ন্ত কুমাৰ পাল এই ক্লাৱৰ ফুটবল শাখাৰ সম্পাদক। সভাপতি ৰাণাপ্ৰতাপ বৰদলৈয়ে নিজৰ কামৰ মাজতে সময় দিয়ে ক্লাৱটোক। নতুন ৰূপত ক্লাৱটোক গঢ়িবলৈ দীপজ্যোতি বৰুৱাই কষ্ট কৰিছে। গোপাল জালানো জড়িত হৈ আছে ক্লাৱটোৰ সৈতে। এইবাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰবীণ খেলুৱৈসকলক তেওঁলোকে সম্বৰ্ধনা জনাব। এই ক্লাৱৰ যুটীয়া সম্পাদক দেৱজিত গোস্বামীয়ে ক'লে ক্লাৱটোক কেনেদৰে আগুৱাই নিবলৈ তেওঁলোকে পৰিকল্পনা কৰিছে। পুনৰ সজীৱতা ঘূৰি আহিছে এতিয়া মহাৰাণালৈ।
এদিন খেল পথাৰত মানুহে চিঞৰিছিল- মহাৰাণা, মহাৰাণা, মহাৰাণা। অসমৰ ক্ৰীড়া জগতত সঁচাকৈয়ে 'মহাৰাণা' আছিল এই ক্লাৱটো। প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে গঠন কৰা হৈছে বিশেষ কমিটী। মহাৰাণা এথলেটিক ক্লাৱ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিত আছে ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থ সাৰথি মহন্ত এই উদযাপন সমিতিৰ সভাপতি। কাৰ্যকৰী সভাপতি পদত আছে ৰাণাপ্ৰতাপ বৰদলৈ। উপসভাপতি হিচাপে আছে দীপজ্যোতি বৰুৱা, দীলিপ কলিতা, অদীপ ফুকন। গোপাল জালান আৰু দেৱজিত গোস্বামী এই কমিটীৰ সাধাৰণ সম্পাদক। জোৰদাৰ গতিত চলিছে মহাৰাণা ক্লাৱৰ ১১১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি। কেবাটাও ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ তেওঁলোকে অনুষ্ঠিত কৰিছে। হিমা দাসক প্ৰশিক্ষণ দিয়া নিপেন দাসক আনিও খেলুৱৈক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। হাত উজান দিছে সকলোৱে।
মহাৰাণা ক্লাৱৰ ইতিহাস যি জানে, তেওঁহে অনুভৱ কৰিব পাৰে এই ক্লাৱৰ অৰিহণা কিমান। এদিন ভাৰতৰ ফুটবল ক্ষেত্ৰক শাসন কৰা খেলুৱৈজন আছিল এই ক্লাৱৰে। ভাৰতীয় ফুটবলৰ পেলে ৰূপে যদি কাৰোবাক খ্যাতি দিবলগা হয় তেন্তে সেই খেলুৱৈজনক জন্ম দিয়া ক্লাৱ আছিল এইটো। সেই টি আওৰ দৰে খেলুৱৈয়ে খেলা এইটো মহাৰাণা ক্লাৱ। ইতিহাস কেতিয়াও সলনি নহয়। ভাৰতৰ ফুটবলৰ ইতিহাসতো মহাৰাণা ক্লাৱৰ নাম টি আওৰ দৰে খেলুৱৈ সকলৰ বাবেই এবাৰলৈ হ'লেও উচ্চাৰণ কৰিবই লাগিব।
ঐতিহ্যমণ্ডিত মহাৰাণা এথলেটিক ক্লাৱৰ যে ১১১ বছৰ হ'ল সেয়া আমি খবৰ ৰখা নাই। কিন্তু ১৯০৭চনৰ পৰা আজিলৈকে এটা যুগ এই ক্লাৱে অতিক্ৰম কৰিলে। আজিও বহুতে মহাৰাণা ক্লাৱৰ নাম শুনিলেই শিহৰিত হৈ উঠে। ৰোমাঞ্চ ভৰা সেই দিনবোৰৰ কথা মনত পৰে। কিয়নো খেলপথাৰত এদিন মহাৰাণা ক্লাৱে ধুমুহাৰ সৃষ্টি কৰিছিল আৰু অসমৰ ক্ৰীড়া ইতিহাসত এই ক্লাৱে সূচনা কৰিছিল ক্ৰীড়া বিপ্লৱৰ।