লোকসভা নিৰ্বাচনঃ ১৯৫১ৰ পৰা ২০১৯লৈ…

লোকসভা নিৰ্বাচনঃ ১৯৫১ৰ পৰা ২০১৯লৈ…

♦ মৃদুল কুমাৰ সন্দিকৈ

অৱশেষত প্ৰত্যাশাৰ অন্ত পৰিল। নিৰ্বাচন আয়োগে ১০ মাৰ্চ, ২০১৯ত ঘোষণা কৰিলে ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সূচী। মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ১৭ সংখ্যক লোকসভা নিৰ্বাচন ৭ পৰ্যায়ত ১১ এপ্ৰিলৰ পৰা ২৯ মে'লৈ অনুষ্ঠিত হ'ব বুলি আনুষ্ঠানিকভাৱে জনালে।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৫টা, দ্বিতীয় পৰ্যায়ত ৫টা আৰু তৃতীয় পৰ্যায়ত ৪টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ২৩ মে'ত হ'ব নিৰ্বাচনৰ ভোটগণনা। ২২খন ৰাজ্যত অনুষ্ঠিত হ'ব এটা পৰ্যায়ৰ নিৰ্বাচন। দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কৰ্ণাটক, মণিপুৰ, ৰাজস্থান আৰু ত্ৰিপুৰাত।

এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্য আৰু কেন্দ্ৰীয় স্বায়ত্ত শাসিত অঞ্চল সমূহ হ'ল- হাৰিয়ানা, অন্ধপ্ৰদেশ, গোৱা, গুজৰাট, অৰুণাচলপ্ৰদেশ, হিমাচলপ্ৰদেশ, কেৰালা, মেঘালয়, মিজোৰাম, নগলেণ্ড, পঞ্জাৱ,ছিকিম, তেলেংগানা, তামিলনাডু, উত্তৰাখণ্ড, আন্দামান নিকোবৰ, দমন এণ্ড ডুই, দাদৰানগৰ হাবেলী, লক্ষ্যদ্বীপ আৰু ছণ্ডীগড়া।

অসম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ'ব তিনিটা পৰ্যায়ত নিৰ্বাচন। ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশ্যাত ৪টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৫ পৰ্যায়ত নিৰ্বাচন হ'ব জম্মু-কাশ্মীৰত। ৭ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্য হ'ল- বিহাৰ ,উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগ।

ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া তৎপৰতা বৃদ্ধি পাইছে। দেশৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫১-১৯৫২চনত। ১৭ এপ্ৰিল, ১৯৫২চনত প্ৰথম লোকসভা গঠন হৈছিল। এই লোকসভাৰ কাৰ্যকাল শেষ হৈছিল ১৯৫৭চনৰ ৪ এপ্ৰিলত। সেইবাৰ লোকসভাৰ আসনৰ সংখ্যা আছিল ৪৮৯খন। মুঠ ১৭.৩ কোটি ভোটাৰে ভোটদান কৰিছিল এই লোকসভা নিৰ্বাচনত।

ভোট দিয়ক জনসংঘক- এইদৰে চলিছিল ১৯৫২ত নিৰ্বাচনী প্ৰচাৰ…
ভোট দিয়ক জনসংঘক- এইদৰে চলিছিল ১৯৫২ত নিৰ্বাচনী প্ৰচাৰ…

কংগ্ৰেছ দলে ৪৮৯খন আসনৰ ভিতৰত ৩৬৪খনত জয় সাব্যস্ত কৰিছিল। সেইবাৰ নিৰ্বাচনত ৩৭খন আসন দখলেৰে নিৰ্দলীয় প্ৰাৰ্থীসকল আছিল দ্বিতীয় স্থানত। চি পি আই-য়ে ১৬খন আৰু ছ'চিয়েলিষ্ট পাৰ্টী (ইণ্ডিয়া)ই ১২খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত ভোটদান কৰা মুঠ ভোটদানৰ ৪৫ শতাংশ ভোট লাভ কৰিছিল কংগ্ৰেছে।

তাৰপাছত দ্বিতীয় লোকসভা গঠন হৈছিল ৫ এপ্ৰিল, ১৯৫৭চনত। ৩১ মাৰ্চ, ১৯৬২ত ভংগ হোৱা এই লোকসভা নিৰ্বাচনত মুঠ ৪৯৪খন আসন আছিল। ইয়াৰে ৩৭১খনত কংগ্ৰেছ, ২৭খনত চি পি আই আৰু ১৯খনত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী জয়ী হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ভোটৰ হাৰ আছিল ৪৪.৭২ শতাংশ। চিপিআই-য়ে লাভ কৰা ভোটৰ হাৰ আছিল ৬.৯২ আৰু পি এছ পিয়ে লাভ কৰা ভোটৰ হাৰ আছিল ১০.৪১ শতাংশ।

দেশৰ নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে ভাৰতীয় নিৰ্বাচন আয়োগে। এই আয়োগ ১৯৫০চনতে এজন মুখ্য নিৰ্বাচনী আয়ুক্তৰ দ্বাৰা গঠিত হৈছিল। তাৰপাছত ১৯৮৯চনৰ ১৬ অক্টোবৰত দুজনকৈ অতিৰিক্ত আয়ুক্ত নিয়োগ কৰা হৈছিল। ইলেকশ্যন কমিছন এমেন্টমেণ্ড এক্ট ১৯৮৯ অনুসৰি এই আয়োগ এজনীয়াৰ পৰা কেবাজনীয়া কৰা হয়। তেতিয়াৰ পৰাই দেশত তিনিজনীয়া নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

১৯৫১-৫১ৰ নিৰ্বাচন…
১৯৫১-৫১ৰ নিৰ্বাচন…

বৰ্তমান দেশৰ লোকসভা ৫৪৫জন সদস্যৰে গঠিত। ইয়াৰে ৫৪৩জনক নিৰ্বাচন কৰা হয় আৰু ২জনক মনোনয়ন কৰা হয়। এই মনোনয়ন কৰা লোক দুজনক এংগ্ল ইণ্ডিয়ান মুলৰ প্ৰতিনিধি ৰূপে ৰাষ্ট্ৰপতিয়ে মনোনিত কৰে। লোকসভাৰ মুঠ আসনৰ ১৩১খন আসন সংৰক্ষিত। অৰ্থাৎ ২৪.০৩ শতাংশ আসন লোকসভাত অনুসূচীত জাতি-জনজাতিৰ বাবে সংৰক্ষিত হৈ আছে। ইয়াৰে ৮৪খন অনুসূচীত জাতি আৰু ৪৭ খন আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত।

১৩ মে', ১৯৫২চনত প্রথম লোকসভা গঠন হোৱাৰ পাছত দ্বিতীয় লোকসভা গঠন হৈছিল ১৯৫৭চনৰ এপ্ৰিলত। ১৯৬২চনৰ এপ্ৰিলত তৃতীয় লোকসভা, ১৯৬৭চনৰ মাৰ্চত চতুৰ্থ লোকসভা, ১৯৭১চনৰ মাৰ্চত পঞ্চম লোকসভা, ১৯৭৭চনৰ মাৰ্চত ষষ্ঠ লোকসভা, ১৯৮০চনৰ জানুৱাৰীত সপ্তম লোকসভা, ১৯৮৪চনৰ ডিচেম্বৰত অষ্টম লোকসভা, ১৯৮৯চনৰ ডিচেম্বৰত নবম লোকসভা, ১৯৯১চনৰ জুনত দশম লোকসভা, ১৯৯৬চনৰ মে'ত একাদশ লোকসভা, ১৯৯৮চনৰ মাৰ্চত ১২সংখ্যক লোকসভা, ১৯৯৯চনৰ অক্টোবৰত ১৩সংখ্যক লোকসভা, ২০০৪চনৰ মে'ত ১৪সংখ্যক লোকসভা, ২০০৯চনৰ মে'ত ১৫সংখ্যক লোকসভা আৰু ২০১৪চনৰ মে'ত ১৬সংখ্যক লোকসভা গঠন হৈছিল।

১৯৫১-৫২ৰ নিৰ্বাচনত দিল্লীৰ কড়লবাগত এইদৰে প্ৰচাৰ চলোৱাত ব্যস্ত আছিল চিপিআই।
১৯৫১-৫২ৰ নিৰ্বাচনত দিল্লীৰ কড়লবাগত এইদৰে প্ৰচাৰ চলোৱাত ব্যস্ত আছিল চিপিআই।

১৮৫৭চনৰ পৰা ১৯৪৭চনলৈকে ইংৰাজে ভাৰতত শাসন কৰিছিল। তাৰপাছত ভাৰত স্বাধীন হোৱাৰ প্ৰায় ৫ বছৰ পাছতহে গঠন হৈছিল প্ৰথম লোকসভা। ১৯৪৭চনৰ ১৮ জুলাইত ব্ৰিটিছ সাংসদে দ্য ইণ্ডিয়ান ইণ্ডিপেন্ডেনছ এক্ট ১৯৪৭চনত সন্মতি জনাইছিল। যাৰ ফলশ্ৰুতিত ভাৰত-পাকিস্তান নামৰ দুখন স্বাধীন দেশৰ জন্ম হৈছিল। ১৯৪৯চনৰ ২৬ নবেম্বৰত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল যদিও, এয়া কাৰ্যকৰী হৈছিল ১৯৫০চনৰ ২৬ জানুৱাৰীত। এই সংবিধানৰ ৭৯ অনুচ্ছেদত (পাৰ্ট ৫ দ্য ইউনিয়ন) উল্লেখ আছে যে, ভাৰত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি আৰু দুখন সদনৰ দ্বাৰা পৰিচালিত হ'ব। তাৰে এখন উচ্চ সদন (ৰাজ্য সভা) আৰু আনখন নিম্ন সদন অৰ্থাৎ লোকসভা।

ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ২৫ অক্টোবৰ, ১৯৫১ৰ পৰা ২১ ফেব্ৰুৱাৰী, ১৯৫২চনলৈ। তাৰপাছত ১৭ এপ্ৰিল, ১৯৫২ত সেই লোকসভা আনুষ্ঠানিকভাৱে গঠন হৈছিল। তৃতীয় লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৩৬১খন আসন লাভ কৰিছিল। চিপিআই-য়ে ২৯খন আসন লাভ কৰি দ্বিতীয় স্থানত আছিল। তৃতীয় লোকসভাৰ কাৰ্যকালত অন্ত পৰিছিল ৩ মাৰ্চ, ১৯৬৭ত। সেইবাৰো প্ৰথমমন্ত্ৰী ৰূপে জৱাহৰলাল নেহৰুৱেই দায়িত্ব চম্ভালিছিল।

স্বাধীন ভাৰতৰ প্ৰথমটো লোকসভা নিৰ্বাচন।
স্বাধীন ভাৰতৰ প্ৰথমটো লোকসভা নিৰ্বাচন।

প্রথম, দ্বিতীয় আৰু তৃতীয় লোকসভাত কংগ্ৰেছে চৰকাৰ গঠন কৰাত ১৯৬৪চনৰ ২৭ মে'লৈকে অৰ্থাৎ মৃত্যু পৰ্যন্ত নেহৰুৱে আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী। তাৰপাছত ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী দায়িত্ব লৈছিল গুলজাৰিলাল নন্দাই। তেওঁ ১৩দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকাৰ পাছত লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৬৪চনৰ ৯ জুনত প্ৰধানমন্ত্ৰী ৰূপে শপত লৈছিল। ১৯৬৬ৰ ১১ জানুৱাৰীত শাস্ত্ৰীৰো মৃত্যু ঘটে। তেতিয়া পুনৰ ১৩দিনৰ বাবে ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব চম্ভালে গুলজাৰিলালে।

প্ৰথমটো লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ দৃশ্য।
প্ৰথমটো লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ দৃশ্য।

ইয়াৰ পাছত উত্তৰপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ ইন্দিৰা গান্ধীয়ে ১৯৬৬চনৰ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয়। চতুৰ্থ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৬৭চনৰ ১৭ৰ ২১ ফেব্ৰুৱাৰীলৈ। ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৪০.৭৮ শতাংশ ভোট লাভ কৰি চতুৰ্থ বাৰো কংগ্ৰেছ শাসনলৈ অহাত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হয়। সেইবাৰ অনুষ্ঠিত লোকসভাত মুঠ আসনৰ সংখ্যা আছিল ৫২০খন। ইয়াৰে ২৮৩খনত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছিল।

প্ৰথম লোকসভা নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰীৰ শপত লোৱা সময়ত নেহৰু।
প্ৰথম লোকসভা নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰীৰ শপত লোৱা সময়ত নেহৰু।

এই নিৰ্বাচনত ভাৰতীয় জনসংঘই ৩৫খন, চিপিআই-য়ে ২৩খন, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীয়ে ১৩খন আসন লাভ কৰিছিল। পঞ্চম লোকসভা গঠন হৈছিল ১৯৭১চনৰ ১৫ মাৰ্চত। এই লোকসভাৰ কাৰ্যকাল অন্ত পৰিছিল ১৮ জানুৱাৰী, ১৯৭৭চনত। এই নিৰ্বাচনত ৩৫২খন আসন লাভ কৰিছিল কংগ্ৰেছে। ইয়াৰ বিপৰীতে চিপিআই-য়ে ২৫খন, কমিউনিষ্ট পাৰ্টীয়ে ২৩খন, জনসংঘই ২২খন আসন লাভ কৰিছিল। সেইবাৰ অনুষ্ঠিত হোৱা মুঠ আসনৰ সংখ্যা আছিল ৫১৮খন।

ষষ্ঠ লোকসভাৰ বাবে ৫৪২খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। ১৯৭৭চনৰ ২৩ মাৰ্চৰ পৰা ১৯৭৯চনৰ ২২ আগষ্টলৈকে এই লোকসভাৰ কাৰ্যকাল আছিল। ১৯৭৭চনৰ ২৪ মাৰ্চত মুৰাজী দেশাই ভাৰতৰ প্রধানমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল। দেশত সেই সময়ত যথেষ্ট ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। তাৰ মাজতে প্ৰধানমন্ত্ৰী ৰূপে ১৯৭৯চনৰ ২৮জুলাইৰ পৰা ১৯৮০চনৰ ২৪ জানুৱাৰীলৈকে সপ্তম লোকসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল চৰণ সিং। এই নিৰ্বাচনত জনতা পাৰ্টীয়ে ২৯৮খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৫৩খন আৰু চিপিআইয়ে ২২খন আসন লাভ কৰিছিল।

১৯৬৬ৰ ২৪ জানুৱাৰী। দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ৰূপে শপত লোৱা মুহূৰ্তত ইন্দিৰা গান্ধী।
১৯৬৬ৰ ২৪ জানুৱাৰী। দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ৰূপে শপত লোৱা মুহূৰ্তত ইন্দিৰা গান্ধী।

দেশৰ সপ্তম লোকসভা গঠন হৈছিল ১৯৮০ৰ ১৮ জানুৱাৰীত। ১৯৮৪চনৰ ৩১ ডিচেম্বৰলৈকে এই লোকসভাৰ কাৰ্যকাল আছিল। এই নিৰ্বাচনত ৩৭৩খন আসন দখল কৰিছিল কংগ্ৰেছ দলে। ১৯৮০চনৰ ১৪ জানুৱাৰীত প্রধানমন্ত্ৰী ৰূপে শপত হৈছিল ইন্দিৰা গান্ধীয়ে। ১৯৮৪চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীক হত্যা কৰাৰ পাছত ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ চম্ভালিছিল।

১৯৫১-৫২ত এই বেলট বক্সতেই হৈছিল ভোটগ্ৰহণ…
১৯৫১-৫২ত এই বেলট বক্সতেই হৈছিল ভোটগ্ৰহণ…

১৯৮৪চনৰ ৩১ ডিচেম্বৰত গঠন হোৱা অষ্টম লোকসভাৰ কাৰ্যকাল অন্ত পৰিছিল ১৯৮৯চনৰ ২৭ নবেম্বৰত। এই নিৰ্বাচনত কংগ্ৰেছে ৫১৪খন আসনৰ ভিতৰত ৪০৪খন আসনতে জয়ী সাব্যস্ত কৰিছিল। টিডিপিয়ে ৩০খন, চিপিআইয়ে ২৩খন আসনত জয়লাভ কৰিছিল। ৰাজীৱ গান্ধী হৈছিল সেইবাৰ প্ৰধানমন্ত্ৰী। ১৯৮৯চনৰ ২ ডিচেম্বৰলৈকে ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী পদত আছিল।  তামিলনাডুৰ শ্ৰীপাৰুমবুদুৰত ১৯৯১চনৰ ২১ মে'ত এলটিটিৰ আত্মঘাতী বোমাৰে পুৱা প্ৰায় ১০.১০ বজাত হত্যা কৰিছিল ৰাজীৱ গান্ধীক।

এল টি টিয়ে হত্যা কৰা সময়ত ৰাজীৱ গান্ধীয়ে পৰিধান কৰা বস্ত্ৰ আৰু জোতা…
এল টি টিয়ে হত্যা কৰা সময়ত ৰাজীৱ গান্ধীয়ে পৰিধান কৰা বস্ত্ৰ আৰু জোতা…

১৯৮৯চনত অনুষ্ঠিত হোৱা নবম লোকসভাত কংগ্ৰেছে ১৯৫খন, জনতা দলে ১৪২খন আৰু বিজেপিয়ে ৮৯খন আসন লাভ কৰিছিল। ১৯৮৯চনৰ ২ ডিচেম্বৰৰ পৰা ১৯৯১চনৰ ১৩ মাৰ্চলৈ আছিল নবম লোকসভাৰ কাৰ্যকাল। ১৯৮৯চনৰ ২২ৰ পৰা ২৬ নবেম্বৰলৈ হৈছিল এই নিৰ্বাচন। নিৰ্বাচনৰ অন্তত ১৯৮৯চনৰ ২ ডিচেম্বৰত ভাৰতীয় জনতা পাৰ্টী আৰু বাওঁদলৰ সমৰ্থনত ভি পি সিং প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু ১৯৯০চনৰ ১০ নবেম্বৰত তেওঁ পদত্যাগ কৰে।

তাৰপাছত চন্দ্ৰশেখৰে ১৯৯০চনৰ ১০ নবেম্বৰৰ পৰা ১৯৯১চনৰ ২১ জুনলৈকে কংগ্ৰেছৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব চম্ভালিছিল। কিন্তু সেই চৰকাৰ স্থায়ী নহ'ল। ১৯৯১চনত ২০ জুনত গঠন হয় দশম লোকসভা। এই নিৰ্বাচনত মুঠ ৫২১খন আসনৰ বাবে হোৱা ভোটগ্ৰহণত কংগ্ৰেছে ২৪৪খন আসন দখল কৰে। বিজেপিয়ে ১২০খন আৰু জনতা দলে ৫৯খন আসন লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৬চনৰ ১০ মে'লৈকে আছিল দশম লোকসভাৰ কাৰ্যকাল। সেইবাৰ পি বি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হৈছিল। তেওঁ ১৯৯১চনৰ ২১ জুনৰ পৰা ১৯৯৬চনৰ ১৬ মে'লৈ প্ৰধানমন্ত্ৰী পদত আছিল।

দেশত প্রথমখন অ-কংগ্ৰেছী চৰকাৰ। ১৯৭৭ৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী ৰূপে শপত লৈছিল জনতা দলৰ নেতা মুৰাজী দেশাইয়ে।
দেশত প্রথমখন অ-কংগ্ৰেছী চৰকাৰ। ১৯৭৭ৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী ৰূপে শপত লৈছিল জনতা দলৰ নেতা মুৰাজী দেশাইয়ে।

একাদশ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৯৬চনত। সেই নিৰ্বাচনত মুঠ ৫৪৩খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে ১৬১খনত বিজেপি, ১৪০খনত কংগ্ৰেছ আৰু ৪৬খনত জনতা দলৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। অটল বিহাৰী বাজপেয়ীয়ে মাত্ৰ ১৬ দিনৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল সেইবাৰ। তাৰপাছত ইউনাইটে ফ্ৰন্ট গঠনেৰে এইচ ডি দেৱেগৌড়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল যদিও, তেওঁ চম্ভালিব নোৱাৰিলে। পৰৱৰ্তী সময়ত ইন্দ্ৰকুমাৰ গুজৰাল প্ৰধানমন্ত্ৰী হয় যদিও, লালুপ্ৰসাদ যাদৱে জনতা দল ত্যাগ কৰি নিজাকৈ দল গঠন কৰে। ১৯৯৬চনৰ ১৫ মে'ৰ পৰা ১৯৯৭চনৰ ৪ ডিচেম্বৰলৈকে আছিল এই লোকসভাৰ কাৰ্যকাল।

এদিন ৰাজনীতি আছিল, শত্ৰুতা নাছিল…
এদিন ৰাজনীতি আছিল, শত্ৰুতা নাছিল…

১৯৯৮চনত অনুষ্ঠিত হয় দ্বাদশ লোকসভা নিৰ্বাচন।  ১০ মাৰ্চ, ১৯৯৮ৰ পৰা ২৬ এপ্ৰিল ১৯৯৯চনলৈকে আছিল এই লোকসভা। ধাৰাবাহিকভাৱে তিনিবাৰ কোনো দলেই স্থায়ী চৰকাৰ দিব পৰা নাছিল উক্ত সময়চোৱাত। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল যদিও, ১৩ মাহৰ বাবেহে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থাকি পদত্যাগ কৰিব লগা হয়। এ আই ডি এম কেৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল বাজপেয়ীয়ে। সেই লোকসভা নিৰ্বাচনত ৫৪৫খন আসনৰ ভিতৰত ১৮২খনত বিজেপি, ১৪১খনত কংগ্ৰেছ আৰু ৩২খন চিপিএমৰ প্ৰাৰ্থী জয়ী হৈছিল।

দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা সময়ত প্ৰতিবাদকাৰী ৰূপত জয়প্ৰকাশ নাৰায়ণ।
দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা সময়ত প্ৰতিবাদকাৰী ৰূপত জয়প্ৰকাশ নাৰায়ণ।

১৯৯৯চনৰ ১০ অক্টোবৰত গঠন হৈছিল ১৩ সংখ্যক লোকসভা। ২০০৪চনৰ ৬ ফেব্ৰুৱাৰীত অন্ত পৰিছিল এই লোকসভাৰ কাৰ্যকাল। এন ডি এ গঠনেৰে সেইবাৰ ২৭০খন আসন দখলেৰে ৫ বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অকলেই ১৮০খন আসন, কংগ্ৰেছে ১১৪খন, চিপিআই-য়ে ৩৩খন, টিডিপিয়ে ২৯খন আসন লাভ কৰিছিল।

দীনদয়াল উপাধ্যায়ৰ সৈতে ডেকা কালত অটল বিহাৰী বাজপেয়ী। যিজন আছিল বিজেপিৰ অন্যতম ৰূপকাৰ।
দীনদয়াল উপাধ্যায়ৰ সৈতে ডেকা কালত অটল বিহাৰী বাজপেয়ী। যিজন আছিল বিজেপিৰ অন্যতম ৰূপকাৰ।

১৪ সংখ্যক লোকসভা গঠন হৈছিল ২০০৪ৰ মে'ত। এই লোকসভাৰ কাৰ্যকাল অন্ত পৰিছিল ২০০৯ৰ ১৮ মে'ত। চাৰিটা পৰ্যায়ত সেইবাৰ ২০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। মনমোহন সিঙে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ২০০৪ত। ইউ পি এ গঠনৰে  সেইবাৰ শাসনলৈ আহিছিল কংগ্ৰেছে। কংগ্ৰেছে ১৪১খন আসন অকলেই দখল কৰাৰ বিপৰীতে বিজেপিয়ে ১৩০খন আসন লাভ কৰিছিল।

বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লোৱা সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং।
বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লোৱা সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং।

নিৰ্বাচনত সমাজবাদী পাৰ্টীয়ে ৩৬খন, চিপিআই(এম)-এ  ৪৩, বি এছ পিয়ে ১৭, ডি এম কে ১৬, শিৱসেনা ১২, এন চি পি ১১খন আসন লাভ কৰিছিল। সেইবাৰ অসম গণ পৰিষদে লাভ কৰিছিল ২খন আসন। ১৫ সংখ্যক লোকসভা নিৰ্বাচনত অনুষ্ঠিত হৈছিল ২০০৯চনত। এই লোকসভাৰ কাৰ্যকাল অন্ত পৰিছিল ১৮ মে, ২০১৪ত। দ্বিতীয় বাৰৰ বাবে মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল। উক্ত নিৰ্বাচনত কংগ্ৰেছে ২০৬খন, তৃণমূল কংগ্ৰেছে ১৯খন, এন চি পিয়ে ৯খন, ৰাষ্ট্ৰীয় লোক দলে ৫খন আসন লাভ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ আসনৰ সংখ্যা আছিল ১৩৮খন।

প্রথম লোকসভা নিৰ্বাচনত ভোটদান কৰা ভোটাৰৰ আঙুলিত চিয়াহী লগোৱা মুহূৰ্তত।
প্রথম লোকসভা নিৰ্বাচনত ভোটদান কৰা ভোটাৰৰ আঙুলিত চিয়াহী লগোৱা মুহূৰ্তত।

লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা পূৰ্বৰ বেলটৰ সলনি ই ভি এম অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰৰ প্ৰক্ৰিয়া প্ৰথম পৰীক্ষামূলকভাৱে আৰম্ভ হৈছিল কেৰালাত। ১৯৮২চনত কেৰালা বিধানসভা নিৰ্বাচনত ই ভি এম ব্যৱহাৰ কৰা হৈছিল পৰীক্ষামূলকভাৱে। ১৯৯৮চনৰ ২৮ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে নিজাকৈ এটা ৱেবছাইট আৰম্ভ কৰে। ১৯৯৩চনত ভোটাৰৰ ফটো সংযুক্ত পৰিচয় পত্ৰ ব্যৱহাৰ কৰা হৈছিল। একেদৰে ২০১৪চনৰ নিৰ্বাচনত নোটা ব্যৱহাৰ কৰা হয়।

ৰাজনীতিত এদিন তেওঁ সক্ৰিয় আছিল। লোকসভাৰ অধ্যক্ষৰূপে তেওঁৰ আছিল অন্যতম দক্ষ। সাহসেৰে, নিৰপেক্ষভাৱে সদন পৰিচালিত কৰিছিল প্ৰয়াত লোকসভা অধ্যক্ষ সোমনাথ চেতাৰ্জী।
ৰাজনীতিত এদিন তেওঁ সক্ৰিয় আছিল। লোকসভাৰ অধ্যক্ষৰূপে তেওঁৰ আছিল অন্যতম দক্ষ। সাহসেৰে, নিৰপেক্ষভাৱে সদন পৰিচালিত কৰিছিল প্ৰয়াত লোকসভা অধ্যক্ষ সোমনাথ চেতাৰ্জী।

মুলতঃ বছৰত তিনিবাৰ অনুষ্ঠিত হয় লোকসভা অধিবেশন। পূৰ্বতে ফেব্ৰুৱাৰীৰ পৰা মে'ৰ ভিতৰত বাজেট অধিবেশন, জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত বৰ্ষাকালীন অধিবেশন আৰু নবেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত শীতকালীন অধিবেশন অনুষ্ঠিত কৰা হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয় দিনৰ ১১ বজাৰ পৰা। দিনটোৰ প্ৰথম কাৰ্যক্ৰমণিকা ১১ বজাৰ পৰা ১ বজালৈ আৰু দ্বিতীয় কাৰ্যক্ৰমণিকা ২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হয়। বিশেষ মুহূৰ্তত বা প্ৰয়োজনত ভোজন বিৰতি নোলোৱাকৈও ৬ বজাৰ পাচলৈকেও সদনৰ কাম কাজ চলিব পাৰে।

এক বিশেষ অন্তৰংগ মুহূৰ্তত পি ভি নৰনিংহ ৰাওৰ সৈতে অটল বিহাৰী বাজপেয়ী।
এক বিশেষ অন্তৰংগ মুহূৰ্তত পি ভি নৰনিংহ ৰাওৰ সৈতে অটল বিহাৰী বাজপেয়ী।

বৰ্তমান লোকসভাত আন্দামান নিকোবৰৰ ১খন, অৰুণাচল প্ৰদেশৰ ২খন, অসমৰ ১৪খন, বিহাৰৰ ৪০খন, ছণ্ডীগড়ৰৰ ১খন, ছত্তীশগড়়ৰ ১৪খন, দাদৰ আৰু নগৰ হাভেলীৰ ১খন, দমন আৰু দিউ ১খন, দিল্লীৰ ৭খন, গুজৰাটৰ ২৬খন, হাৰিয়ানাৰ ১০খন, হিমাচলপ্ৰদেশৰ ৪খন, জম্মু-কাশ্মীৰৰ ৬খন, ঝাৰখণ্ডৰ ১৪খন, কৰ্ণাটকৰ ২৮খন আসন আছে।

১৯৮৪ চনত এলাহাবাদত ৰাজনীতিবিদৰ ৰূপত অমিতাভ বচ্চন।
১৯৮৪ চনত এলাহাবাদত ৰাজনীতিবিদৰ ৰূপত অমিতাভ বচ্চন।

ইয়াৰোপৰি, কেৰালাৰ ২০খন, লক্ষদ্বীপৰ ১খন, মধ্যপ্ৰদেশৰ ২৯খন, মহাৰাষ্ট্ৰৰ ৪৮খন, মণিপুৰৰ ২ খন, মেঘালয়ৰ ২খন, মিজোৰামৰ ১খন, নগালেণ্ডৰ ১খন, ওড়িশ্যাৰ ২১খন, পুডুচেৰীৰ ১খন, পঞ্জাৱৰ ১৩খন, ৰাজস্থানৰ ২৫খন, ছিকিমৰ ১খন, তামিলনাডুৰ ৩৯খন, তেলেংগানাৰ ১৭খন, ত্ৰিপুৰাৰ ২খন, উত্তৰাখণ্ডৰ ৫খন, উত্তৰপ্ৰদেশৰ ৮০খন, পশ্চিমবংগৰ ৪২খন আসন আছে লোকসভাত।

নানাজী দেশমুখ, মুৰাজী দেশাইৰ সৈতে লালকৃষ্ণ আদৱানী।
নানাজী দেশমুখ, মুৰাজী দেশাইৰ সৈতে লালকৃষ্ণ আদৱানী।

লোকসভাত উত্তৰ-পূবৰ পৰা অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱা একমাত্ৰ সাংসদগৰাকী আছিল পি এ ছাংমা। তেওঁ ১৯৭৭চনত লোকসভালৈ নিৰ্বাচিত হৈছিল মেঘালয়ৰ তুৰা সংসদীয় সমষ্টিৰ পৰা। ১৯৯৬চনত তেওঁ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছিল।

২০১৪চনত ১৬সংখ্যক লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৯ পৰ্যায়ত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ৭ এপ্ৰিল ২০১৪ৰ পৰা ১২ মে' ২০১৪লৈকে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২০১৪চনৰ ১৬ মে'ত ঘোষণা হৈছিল লোকসভা নিৰ্বাচনৰ ফলাফল। এন ডি এ-য়ে ৫৪৩খন আসনৰ ভিতৰত ১৮২ আসনত জয়ী হৈ চৰকাৰ গঠন কৰিছিল। ২৬ মে', ২০১৬ত প্ৰধানমন্ত্ৰী ৰূপে শপত লৈছিল নৰেন্দ্ৰ মোডীয়ে।

২০১৪চনৰ লোকসভা নিৰ্বাচনত জয়ী হৈ প্রধানমন্ত্ৰী ৰূপে শপত লোৱাৰ পাছত সদনত প্ৰৱেশ কৰা প্ৰথম দিনটোত মোডী।
২০১৪চনৰ লোকসভা নিৰ্বাচনত জয়ী হৈ প্রধানমন্ত্ৰী ৰূপে শপত লোৱাৰ পাছত সদনত প্ৰৱেশ কৰা প্ৰথম দিনটোত মোডী।

এই নিৰ্বাচনত কংগ্ৰেছে ৪৪খন, এ আই ডি এম কে ৩৭খন, তৃণমূল কংগ্ৰেছে ৩৪খন, বিজেডি ১৮খন, শিৱসেনাই ১৮খন, টিডিপিয়ে ১৫খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত এতিয়া চলিছে ১৭ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি। আয়োগে ইতিমধ্যে ঘোষণা কৰিছে লোকসভা নিৰ্বাচনৰ সূচী। ২৩ মে', ২০১৯ত ঘোষণা হ'ব ফলাফল। তাৰপাছতহে গম পোৱা যাব, কাৰ দখললৈ যায় দিল্লীৰ শাসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in