ফুটবল খেলি নহয়, ফুটবল বনাই দেশ-বিদেশত জনপ্ৰিয় হোৱা একমাত্ৰ অসমীয়াগৰাকী…

ফুটবল খেলি নহয়, ফুটবল বনাই দেশ-বিদেশত জনপ্ৰিয় হোৱা একমাত্ৰ অসমীয়াগৰাকী…

♦ মৃদুল কুমাৰ সন্দিকৈ

'লীলাৰাম বৰুৱা ছাৰে মোক বৰ ভাল পাইছিল। কি কাৰণত নাজানো, ছাৰে ফুটবল খেলিবলৈ আমি ওলালে এই গোসাঁইৰ হাততহে ফুটবলটো দিম বুলি মোৰ হাততহে ফুটবলটো তুলি দিছিল। সেই সময়ত বল আছিল লেছ থকা বল। কিমান চনৰ মানে, সঠিক চনটো মই পাহৰিলো। ১৯৪৬-৪৭ মানৰ কথা হ'ব সেয়া।'- আমি তেখেতৰ সৈতে কথা পাতি বিদায় লোৱাৰ আগত আমাক বিদায় দিবলৈ আহি দুৱাৰখনৰ সমুখত ৰৈ তেওঁ সেই অতীতৰ সোণোৱালী স্মৃতিৰ ৰোমন্থন কৰিছিল।

ফুটবল তেওঁৰ প্ৰাণত আছে। ফুটবলে তেওঁক জীৱনৰ গতি দিছিল। ফুটবল তেওঁৰ বাবে জীৱন আৰু জীৱিকাৰ নাম আছিল। আত্মবিশ্বাস, কঠিন পৰিশ্ৰম আৰু অধ্যৱসায়ে বহু প্ৰত্যাহ্বানক নেওচি তেওঁ শিৱসাগৰৰ দৰে সৰু চহৰ এখনৰ পৰা প্ৰতিষ্ঠাৰ দৌৰ আৰম্ভ কৰিছিল।

ইণ্ডাষ্ট্ৰিয়েল আৰ্ট উদ্বোধন কৰা মুহূৰ্তত সেই সময়ৰ বিশিষ্ট ক্ৰীড়া সংগঠক নুৰুল আমিনৰ সৈতে লক্ষ্মীকান্ত মহন্ত।
ইণ্ডাষ্ট্ৰিয়েল আৰ্ট উদ্বোধন কৰা মুহূৰ্তত সেই সময়ৰ বিশিষ্ট ক্ৰীড়া সংগঠক নুৰুল আমিনৰ সৈতে লক্ষ্মীকান্ত মহন্ত।

১৯৩৪ চনৰ ৫ জুলাইত যোৰহাটৰ টীয়কৰ শ্ৰীশ্ৰী উজনিয়াল সত্ৰত জন্ম হৈছিল লক্ষ্মীকান্ত মহন্তৰ। পিতৃৰ নাম আছিল স্বৰ্গীয় ফণীন্দ্ৰ নাথ গোস্বামী আৰু মাতৃৰ নাম স্বৰ্গীয় মুক্ষেশ্বৰী মহন্ত। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ প্ৰথমে বেতবাৰী হাইস্কুলত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৫৮চনৰ অক্টোবৰৰ পৰা ১৯৬৯চনৰ ডিচেম্বৰলৈকে এইখন বিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল যদিও, পিছলৈ সেই চৰকাৰী চাকৰি বাদ দিছিল।

থাইলেণ্ড ফুটবল দলৰ কেপ্টেইনৰ সৈতে অসম গৌৰৱ ফুটবল হাতত লৈ লক্ষ্মীকান্ত মহন্ত।
থাইলেণ্ড ফুটবল দলৰ কেপ্টেইনৰ সৈতে অসম গৌৰৱ ফুটবল হাতত লৈ লক্ষ্মীকান্ত মহন্ত।

সেই সময়ত ফুটবল আছিল খুবেই জনপ্ৰিয়। শিক্ষকতা চাকৰিৰ সমান্তৰালভাৱে তেওঁ ১৯৫৮চনতেই শিৱসাগৰ নগৰত এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। নাম আছিল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'। প্ৰথমে তেওঁ ছাইন ব'ৰ্ড লিখা কাম হাতত লৈছিল। দৰমহাৰ পইচাৰে সংসাৰ ভালকৈ নচলে। কিমাননো দৰমহা পাই তেতিয়া শিক্ষকে? তেওঁক সুধিছিলো। ক'লে- ৮০ টকা মান আছিল। সেয়েহে ছাইন ব'ৰ্ড লিখা কাম আৰম্ভ কৰিছিল তেওঁ। ভাতৃ আৰু এজন বন্ধুক সংস্থাপন দিবলৈ তেওঁ বাস কৰা ঘৰটোৰ তলতেই থকা ক্ৰীড়া সামগ্ৰী বিক্ৰী কৰা এখন দোকান ক্ৰয় কৰিছিল লক্ষ্মীকান্ত মহন্তই। হাতত তেওঁৰ টকা নাছিল। দোকানৰ গৰাকীজনে তেওঁক কৈছিল- কেইবাটাও ইনষ্ট'লমেন্টত ধন দিয়ক, লৈ লওঁক দোকানখন।

নতুন প্ৰজন্মৰ বহুতেই তেওঁৰ কথা নাজানে। সততা আৰু বিনম্ৰতাৰে ব্যৱসায় কৰা এইজন উদ্যোগপতিৰ জীৱন সংগ্ৰামৰ কাহিনী আৰু উন্নতি হঠাৎ অহা নাছিল। ক্ৰয় কৰা ক্ৰীড়া সামগ্ৰীৰ দোকানখনত তেওঁ আন সামগ্ৰীৰ লগতে ফুটবলো বিক্ৰী কৰিছিল। এদিন গ্ৰাহকে আহি তেওঁক অভিযোগ দিলে। সেই সময়ত আটাইতকৈ দামী আৰু ব্ৰেণ্ডেড ফুটবলটো খেলিলে এটা ফাল উখহি যায়। এই সমস্যাৰ সমাধানৰ বাবে আৰু গুণগত মানৰ বল নিৰ্মাণ কৰিবলৈ ক'বলৈ এদিন তেওঁ গুচি গ'ল কলকাতালৈ। কলকাতাত সেই ফুটবল নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ মালিকক লগ ধৰি কৈছিল- ইয়াতকৈ গুণগত মানৰ ফুটবল নিৰ্মাণ কৰিব নোৱাৰিনে?

গ্ৰাহকে তেওঁক কৰা অভিযোগৰ কথাও কৈছিল। কিন্তু ভোকাহি মাৰি মালিকে উত্তৰ দিছিল- সেয়া সম্ভৱ নহয়। তেতিয়া তেওঁ কৈছিল- অসমত তেওঁ এয়া কৰি দেখুওৱাব। একো নভবাকৈয়ে কৈ দিছিল কথাষাৰ। কি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইদিনা? আমি তেওঁক সুধিছিলো। ৬০ দশকৰ সেই অভিজ্ঞতাৰ কথা তেওঁ আমাক কৈ গৈছিল-

মালিকক তেওঁ একপ্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল। যদি তেওঁ অসমত এনে বল নিৰ্মাণ কৰিব পাৰে, তেন্তে এই ব্যৱসায় বাদ দিম বুলি কৈছিল কলকাতাৰ ফুটবল নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ মালিকগৰাকীয়ে। মালিকৰ কোঠাৰ পৰাই ওলাই আহোতেই এজন লোকে তেওঁৰ পিছে পিছে আহি সঁচাকৈয়ে তেওঁ ফুটবল নিৰ্মাণৰ উদ্যোগ স্থাপন কৰিব নেকি বুলি জানিব বিচৰাত তেওঁ হয় ভৰ দিছিল। কিন্তু এটা চৰ্ত, তেওঁ নিৰ্মাণ কৰা ফটুবল উচ্চমানৰ হ'ব লাগিব। সেই মানুহজনেই কেইজনমান ফুটবল বনোৱা কাৰিকৰী জ্ঞান থকা লোকক লগ কৰাই দিলে। কলকাতাৰ বজাৰত তেওঁলোকে এদিন বিচাৰি গ'ল উচ্চমানৰ চামৰা। চামৰা বিক্ৰী কৰা ব্যৱসায়ীজনেও ক'লে- এনে চামৰা পোৱাতো সম্ভৱ নহ'ব। পালেও লট হিচাপত কিনিব লাগিব। দাম বেছি পৰিব। কাৰিকৰী জ্ঞান থকা মানুহ কেইজনেও তেওঁৰ সৈতে আহিবলৈ সন্মতি দিলে। কিন্তু ৫হাজাৰ টকা আগধন বিচাৰিলে। লগতে বিচাৰিলে এমাহ সময়।

তেতিয়ালৈকে তেওঁ এনে উদ্যোগ স্থাপন কৰা কোনো পৰিকল্পনাই কৰা নাছিল। কিন্তু মনত আছিল অদম্য হেপাঁহ। কিবা এটা কৰাৰ উদ্যম। সেই উদ্যমকে মুলধন কৰি লৈ আগবাঢ়ি গ'ল। না ক'তো নকলে। কাৰিকৰী জ্ঞান থকা মানুহকেইজনক ক'লে- এমাহ নহয়, এসপ্তাহতেই তেওঁলোক যাব লাগিব তেওঁৰ সৈতে।

এদিন এনেকৈয়ে আৰম্ভ হ'ল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'। শিৱসাগৰতে বনোৱা হৈছিল দেশ-বিদেশজুৰি সুনাম অৰ্জা ফুটবল।
এদিন এনেকৈয়ে আৰম্ভ হ'ল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'। শিৱসাগৰতে বনোৱা হৈছিল দেশ-বিদেশজুৰি সুনাম অৰ্জা ফুটবল।

কলকাতাৰ পৰা ঘৰলৈ আহি তেওঁ বেংকলৈ ঋণ বিচাৰি গৈছিল। বেংক বিষয়াই কৈছিল- ব্যৱসায় কৰিবলৈ লোণ দিব, কিন্তু উদ্যোগ স্থাপনৰ বাবে বেংকে ঋণ নিদিয়ে। বহু ঘূৰা-পকাৰ পাছত তেওঁ কেইহাজাৰ মান টকা ঋণ পালে। তাৰ বাবেও যথেষ্ট খাটি-বাটি কৰিব লগা হৈছিল। ঋণৰ বাবে কিছুদিন লাগিব বুলি কওঁতে তেওঁ কৈছিল- তেওঁক এদিনৰ পাছতেই টকা লাগিব। কলকাতালৈ যাবলৈ সকলো ব্যৱস্থা কৰা আছে। সেয়াও সম্ভৱ হৈছিল তেওঁৰ আত্মবিশ্বাসৰ জোৰতেই।

কলকাতাৰ পৰা তেওঁ লৈ আহিল কাৰিকৰী জ্ঞান থকা ব্যক্তি, উন্নতমানৰ কেঁচা সামগ্ৰী। আৰম্ভ কৰিলে ফুটবল নিৰ্মাণৰ কাম। সেই সময়ত শিৱসাগৰত এনে উদ্যোগ স্থাপন কৰাতো সপোনৰ অগোচৰ আছিল। সকলোৱে ভাবিছিল- পাৰিব জানো চম্ভালিব, ফুটবল নিৰ্মাণেৰে ব্যৱসায় কৰি প্ৰতিষ্ঠা লাভ কৰিব?

হতাশ তেওঁ কোনো দিনেই হোৱা নাছিল, ধৈৰ্য্য আছিল তেওঁৰ মূল শক্তি। সততা আছিল তেওঁৰ সম্পদ। গ্ৰাহকক তেওঁ সন্তুষ্ট কৰিব খোজে কামেৰে। সেয়েহে আগবাঢ়ি গ'ল একনিষ্ঠভাৱে। বাধা বহুত আহিছিল সেইবোৰ অতিক্ৰম কৰিলে।

তেওঁৰ জীৱনৰ এই উত্তৰণৰ আৰম্ভণি মুহূৰ্তৰ কথা আমি পাতিছিলো। কৈছিল- ছাইন বৰ্ড লিখাৰ পৰা আৰম্ভ কৰি কেনেদৰে আজি দেশৰ ভিতৰতে প্ৰতিষ্ঠা লাভ কৰা ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ উদ্যোগতো শিৱসাগৰত স্থাপন কৰিছিল-

চৌদিশৰ পৰাই প্ৰশংসা আহিল। প্ৰথম তেওঁ প্ৰস্তুত কৰা ফুটবলটো শিৱসাগৰত সেই সময়ত অনুষ্ঠিত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত খেলোৱা হ'ল। সকলো আচৰিত হ'ল। ইমান ধুনীয়া ফুটবল! ফাইনেলতো তেওঁৰ কোম্পানীয়ে নিৰ্মাণ কৰা বলেৰেই খেল হ'ল। কমেন্ট্ৰিত প্ৰেমধৰ শৰ্মাই ক'লে- শিৱসাগৰত প্ৰস্তুত কৰা বলেৰেই এই ফাইনেল খেলা হৈছে। চৌদিশে সেই খবৰ বিয়পি পৰিছিল। সফলতা এনেকৈয়ে আহে। সফলতাৰ বাবে নাথাকে চমু বাট। সেই কথা লক্ষ্মীকান্ত মহন্তই ভালদৰে বুজিছিল। তেতিয়া তেওঁ তৰুণ।

এইবোৰ তেওঁৰ পুৰণি দিনৰ কামৰ স্বীকৃতি।
এইবোৰ তেওঁৰ পুৰণি দিনৰ কামৰ স্বীকৃতি।

সৰলতা তেওঁৰ মুখত বিৰাজমান। সততা আৰু সৌজন্যতা জীৱনৰ যেন ব্ৰত। কথা পাতি আমি সেয়াই বুজিলো। ইমান সাধাৰণ, অথচ ইমান অসাধাৰণ ব্যক্তিত্বৰ এজন মানুহ। থলুৱাভাৱে এই উদ্যোগ স্থাপন কৰা অন্তৰালতো এক কাহিনী আছে। এতিয়া বহুজাতিক কোম্পানীৰ সৈতে ফেৰ মাৰিব লাগে বজাৰত। প্ৰয়োজনত তেওঁ চৰকাৰী পক্ষৰ অমনোযোগিতা বা থলুৱা উদ্যোগসমূহলৈ আগবঢ়াব লগা সহযোগিতাৰ অভাৱৰ কথা অনুভৱ কৰে। কিন্তু এদিন অসম চৰকাৰেও তেওঁক সহায় কৰিছিল। বৰদলৈ ট্ৰফী খেলিবলৈ অহা বাংলাদেশৰ খেলুৱৈক তেওঁৰ কোম্পানী 'ইণ্ডাষ্ট্ৰিয়েল আৰ্টে' নিৰ্মাণ কৰা ফুটবল উপহাৰ দিবলৈ ৰাজ্য চৰকাৰে ১০০টা বল ক্ৰয় কৰিছিল।

বেংককৰ খেলুৱৈয়েও ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবল বিচাৰিছিল। যোৰহাট বিমান বন্দৰত তেওঁ গৈ তুলি দিছিল বেংককৰ খেলুৱৈৰ হাতত সেই ফুটবল। সম্প্ৰতি সেই সোণালী সুদিন নাই। ৰাজ্য চৰকাৰৰ ক্ৰীড়া নীতিত থলুৱাৰ প্ৰতি সুদৃষ্টিৰ অভাৱ। সেই কথা তেওঁ অনুভৱ কৰে-

আমি তেওঁৰ সৈতে কথা পাতি ইটোৰ পাছত সিটো নতুন কথা জানিছিলো। প্ৰতিটো স্মৃতি তেওঁৰ নখদৰ্পনত। ৮৫ বছৰ হৈ গৈছে। সুঠাম-সুশ্ৰী মানুহজনে পাহৰা নাই জীৱন সংগ্ৰামৰ সেই অতীত। সাৱলীলভাৱে তেওঁ কথাবোৰ আমাক কৈছিল।

সেই সময়ত 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'ৰ ফুটবল কিমান জনপ্ৰিয় আছিল তাৰ তথ্য প্ৰমাণ এইবোৰ।
সেই সময়ত 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'ৰ ফুটবল কিমান জনপ্ৰিয় আছিল তাৰ তথ্য প্ৰমাণ এইবোৰ।

এজন বিশেষ লোকৰ বাবে তেওঁ এই উদ্যোগতো স্থাপন কৰাটো সম্ভৱ হ'ল। এদিন তেওঁৰ দোকানলৈ এখন কাকত লৈ আহিছিল এজন বিশেষ ব্যক্তি। পদ্মধৰ চলিহা আছিল তেওঁ। সেই কাকতখনত উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী যুৱকসকলক প্ৰশিক্ষণৰ বাবে বাহিৰলৈ যাবলৈ আবেদন জনোৱাৰ এটা বিজ্ঞাপন প্ৰকাশ হৈছিল। সময় আছিল হাতত এদিন নে দুদিন। পদ্মধৰ চলিহাই আহি তেওঁক কৈছিল- তেওঁ বাহিৰলৈ যাব লাগে, প্ৰশিক্ষণ ল'ব লাগে।

লক্ষ্মীকান্ত মহন্ত আচৰিত হৈছিল। ইমান কম সময়ৰ ভিতৰত সেয়া কেনেকৈ সম্ভৱ। সেই সময়ৰ প্ৰভাৱশালী ব্যক্তি পদ্মধৰ চলিহা আৰু পৰাগধৰ চলিহাৰ সহযোগৰ বাবেই সেয়াও সম্ভৱ হৈছিল। তেওঁ পঞ্জাৱলৈ গৈছিল প্ৰশিক্ষণৰ বাবে আৰু তাতেই খোল খাইছিল সম্ভাৱনা দুৱাৰ।

দেশ-বিদেশৰ নামী-দামী ক্লাৱৰ লগতে সেই সময়ৰ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ তাৰকাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল লক্ষ্মীকান্ত মহন্তই। সকলো দিশৰ পৰাই পিছ পৰা অসম। তেনেস্থলত অসমৰো এখন পিছপৰা চহৰ শিৱসাগৰত এনে এটা উদ্যোগ সেই তেতিয়াই স্থাপন কৰাতো কম ডাঙৰ কথা নাছিল। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ তথা কেপ্টেইন সুনীল গাভাস্কাৰো সেই কথা শুনি আচৰিত হৈছিল। লক্ষ্মীকান্ত মহন্তৰ সৈতে কৰমন্দন কৰি ক্ৰীড়া ক্ষেত্ৰখনলৈ এনে অৱদান আগবঢ়োৱা সুযোগ্য অসম সন্তানগৰাকীক অভিনন্দন জনাইছিল।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সুনীল গাভাস্কাৰেও এদিন অভিনন্দন জনাইছিল তেওঁক।
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সুনীল গাভাস্কাৰেও এদিন অভিনন্দন জনাইছিল তেওঁক।

তেওঁ আছিল আজিৰ তাৰিখলৈকে ফুটবল বা আন ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা উদ্যোগ স্থাপন কৰা অসমৰ প্ৰথম আৰু একমাত্ৰ উদ্যোগপতি। ১৯৬৩ চনত ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ জৰিয়তে ক্ৰীড়া সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰা মহন্তই ১৯৬৮চনত ৰংঘৰ নামৰ চ'ক পেঞ্চিল উদ্যোগ, ১৯৯৯চনত ABC অট'বেটাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ১৯৭৬চনত ফুটবলৰ বুট আৰু কেৰামবৰ্ড উদ্যোগ আৰম্ভ কৰে। ১৯৭৭চনত আৰম্ভ কৰিছিল চাটল ক'ক নিৰ্মাণৰ কাম। ২০০৮চনত ট্ৰেক ছ্যুট, টি ছাৰ্ট আদি খেলৰ পোছাক প্ৰস্তুত কৰা উদ্যোগ 'ইণ্ডাছ স্পৰ্টছ ৱেৰ' আৰম্ভ কৰে মাজু পুত্ৰ দেৱজিৎ মহন্তৰ জৰিয়তে।

সেই সময়ৰ শিৱসাগৰৰ উপায়ুক্ত মুনীন্দ্ৰ সোণোৱাল আৰু অতিৰিক্ত উপায়ুক্ত লক্ষ্মীনাথ তামুলীয়ে শিৱসাগৰৰ চেন্ট্ৰেল মাৰ্কেট ব্ৰাঞ্চৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ প্ৰতিষ্ঠানটো শুভাৰম্ভ কৰা মুহূৰ্তত।
সেই সময়ৰ শিৱসাগৰৰ উপায়ুক্ত মুনীন্দ্ৰ সোণোৱাল আৰু অতিৰিক্ত উপায়ুক্ত লক্ষ্মীনাথ তামুলীয়ে শিৱসাগৰৰ চেন্ট্ৰেল মাৰ্কেট ব্ৰাঞ্চৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ প্ৰতিষ্ঠানটো শুভাৰম্ভ কৰা মুহূৰ্তত।

কেনেদৰে অসমত এই উদ্যোগ স্থাপনৰ কথা তেওঁ চিন্তা কৰিছিল? সেই ব্যতিক্ৰমী চিন্তা তেওঁৰ মনলৈ আহিছিল। এই সন্দৰ্ভত বিশিষ্ট উদ্যোগপতিগৰাকীৰ মন্তব্য এয়া-

বৰ্তমান শিৱসাগৰত তেওঁলোকৰ আছে দুখন ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ক্ৰীড়া সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠান। ১৯৭৯চনত গুৱাহাটীতো আৰম্ভ কৰিছিল ইয়াৰ শাখা। ১৯৬৭চনত অসম চৰকাৰৰ দ্বাৰ আয়োজিত ইণ্ডাষ্ট্ৰিয়েল ষ্টাডী টুৰত শিৱসাগৰৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি দিল্লী, হাৰিয়ানা, জলন্ধৰ আদি ঠাই পৰিভ্ৰমণ কৰিছিল।

১৯৭৯চনত গুৱাহাটীত আৰম্ভ কৰা ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ শাখা উদ্বোধন কৰা সময়ত বিশিষ্ট ব্যক্তিৰ সৈতে লক্ষ্মীকান্ত মহন্ত।
১৯৭৯চনত গুৱাহাটীত আৰম্ভ কৰা ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ শাখা উদ্বোধন কৰা সময়ত বিশিষ্ট ব্যক্তিৰ সৈতে লক্ষ্মীকান্ত মহন্ত।

কেৱল ব্যৱসায়েই নহয়, সামাজিক দিশতো তেখেত সচেতন। ১৯৬০চনত যোৰহাটৰ শ্ৰীশ্ৰী লেতুকাম সত্ৰৰ প্ৰয়াত কৃষ্ণকান্ত মহন্ত আৰু নীৰদা মহন্তৰ জ্যেষ্ঠ কন্যা ছাৰু মহন্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ৫ পুত্ৰ কুশল, সুৰজিৎ, দেৱজিৎ, অভিজিৎ আৰু পাৰ্থজিতৰে এখন সম্পূৰ্ণ ঘৰ। আটাইকেইজন পুত্ৰই এতিয়া তেওঁৰ ব্যৱসায়ৰ সহযোগী। শিক্ষা-সংস্কৃতি, ক্ৰীড়া ক্ষেত্ৰৰ সৈতে ওতঃপোতভাৱে জড়িত লক্ষ্মীকান্ত মহন্ত। শিৱসাগৰ নাট্য সমাজৰ সৈতে তেওঁ ১৯৭৯চনৰ পৰাই তেওঁ জড়িত।

শিশু কালত কৃষ্ণৰ গোপবালক, ৰাম আদি চৰিত্ৰত অভিনয়ো কৰিছিল। ১৯৯০চনত তেওঁ 'আমি স্বপ্নাতুৰ', উত্তৰপুৰুষ নাট পৰিচালনাৰ লগতে অভিনয় কৰিছিল। বিভিন্ন সময়ত তেওঁ বহু সামাজিক অনুষ্ঠানৰ বিষয়বাবক দায়িত্ব গ্ৰহণ কৰিছে। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক আছিল ১৯৯৯-২০০৩চনলৈ। অসমৰ ক্ৰীড়া সন্থাৰো তেওঁ আজীৱন সদস্য। কেবাখনো নাটো ৰচনা কৰিছে লক্ষ্মীকান্ত মহন্তই। সামাজিক কাম-কাজৰ মাজতে তেওঁ ব্যৱসায়কো সমানে আগুৱাই লৈ গৈছিল।

তেওঁ নিৰ্মাণ কৰা বলটোৰ নাম প্ৰথম 'অসম গৌৰৱ' নাছিল। ভাৰতীয় ফুটবল ইতিহাসৰ তাৰকা খেলুৱৈ টি আওৱে নুৰুল আমিনৰ সৈতে মিলি স্বাধীনতা কাপ ফুটবলৰ সময়ত এই নাম ৰাজহুৱা কৰিছিল। তেতিয়াৰ পৰাই 'অসম গৌৰৱ' ফুটবলে জন্মলাভ কৰিলে।

যিয়ে এই ফুটবল খেলিছিল, তেওঁলোকেই মানি লৈছিল এই ফুটবল কিমান উচ্চ মানৰ। কলকাতাৰ বহু কেইটা ক্লাৱে ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবল খেলি তাৰ স্বীকৃতি দিছিল। ফুটবলৰ লগতে নিৰ্মাণ কৰিছিল ভলী বলৰো।

কলকাতাৰ প্ৰখ্যাত ক্লাৱবোৰে স্বীকৃতি দিছিল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্টে' নিৰ্মাণ কৰা বলক।
কলকাতাৰ প্ৰখ্যাত ক্লাৱবোৰে স্বীকৃতি দিছিল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্টে' নিৰ্মাণ কৰা বলক।

ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ কি কি গুণৰ প্ৰয়োজন হয়? এজন সফলত উদ্যোগপতিৰ পৰা আমি এই কথা জানিব বিচাৰিছিলো। অভিজ্ঞতা, নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰি সফলতা অৰ্জন কৰা লক্ষ্মীকান্ত মহন্তই ক'লে- ভাল আৰু মানসম্পন্ন সামগ্ৰী দিহে মানুহৰ পৰা আস্থা অৰ্জন কৰিব পাৰি। ই হয় চিৰস্থায়ী।

ক্ৰীড়া ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৰিহণা বহু উৰ্ধত। নীৰৱে তেওঁ সেই অৰিহণা আগবঢ়াই গৈছে। ২০১৬চনৰ ১০ জানুৱাৰীত যোৰহাটৰ সাংস্কৃতিক গোষ্ঠী 'গতি'য়ে তেওঁক প্ৰদান কৰিছিল 'অসম গৌৰৱ'। বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাইছিল। শিৱসাগৰ, যোৰহাটৰ এই সামাজিক সংগঠনসমূহ জনোৱা সম্বৰ্ধনাই তেওঁক আৰু অধিক দায়ৱদ্ধশীল কৰি তোলে। ১১১সংখ্যক প্ৰতিষ্ঠা দিৱসত এই গৰাকী উদ্যোগপতিক মহাৰাণা ক্লাৱেও সম্বৰ্ধনা জনালে।

স্বীকৃতি সন্মানতকৈ তেওঁ আগবঢ়োৱা অৰিহণা বহু উৰ্ধত…
স্বীকৃতি সন্মানতকৈ তেওঁ আগবঢ়োৱা অৰিহণা বহু উৰ্ধত…

তেওঁ আছিল আধুনিক মনৰ মানুহ। সময়ৰ সৈতে তেওঁ চিন্তা কৰিব জানিছিল। দূৰদৰ্শী চিন্তা-চৰ্চা তেওঁৰ আন এক সফলতাৰ কাৰণ। এই সফলতাই তেওঁক কোনো দিনেই অহংকাৰী কৰি নুতুলিলে। সমান্তৰালভাৱে তেওঁ ধৰ্মীয়-সাংস্কৃতিক দিশতো নিজকে আগুৱাই নিলে।

আত্মবিশ্বাসেই হেনো মানুহৰ সফলতাৰ অন্যতম কাৰণ। মনৰ দৃঢ়তা আৰু আত্মবিশ্বাসে কাটে সফলতাৰ নতুন বাট। সেই অভিজ্ঞতা তেওঁ আমাক জনালে। প্ৰতিটো কথাই তেওঁ সুস্পষ্টভাৱে আৰু যুক্তিপূৰ্ণভাৱে কৈ গ'ল।

শিক্ষকতাৰ চাকৰি এৰি অনিশ্চিত ভৱিষ্যতক সম্বল কৰি এই ব্যৱসায়ত তেওঁ কিয় হাত দিছিল? তেওঁ নিজেই কৈছিল-  শিক্ষকৰ চাকৰি তেওঁৰ আছিল বৰ প্ৰিয়। সেই প্ৰশ্নও আমি তেওঁক কৰিছিলো। তৃতীয় শ্ৰেণীত পঢ়োতেই তেওঁ সত্ৰত কলপাতত ভকতসকলক বৰ্ণ লিখিবলৈ শিকোৱা সময়ত পিতৃয়ে সেইবোৰ চাবলৈ দিছিল। তেতিয়াৰ পৰাই তেওঁৰ শিক্ষকৰ চাকৰি প্ৰতি আছিল ৰাপ। তাৰপাছতো তেওঁ কিয় শিক্ষকতা এৰিছিল, সেই প্ৰশ্নৰ উত্তৰো আমাক দিছিল।

এইদৰে এজন ক্ৰীড়া ক্ষেত্ৰত মহীৰূহৰ ব্যক্তিৰ সৈতে আমি কথা পাতি নতুন উপলব্ধিৰে ক্ৰীড়া ক্ষেত্ৰখনক যোৱা কেইবাটাও বছৰ ধৰি আগুৱাই লৈ যাবলৈ চেষ্টা কৰা এজন মহান অসমীয়াৰ মনৰ খবৰ লৈছিলো। আজিও তেওঁ তৰুণ হৈয়ে আছে। এখন সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব তেওঁৰ শিৰত।

সকলোবোৰ চম্ভালি এক সুস্থ জীৱনবোধৰ মাজেৰে সততা আৰু নিষ্ঠাৰে ব্যৱসায় কৰি এতিয়া শতাধিক লোকক সংস্থাপন দিছে তেওঁ স্থাপন কৰা ইণ্ডাষ্ট্ৰিয়েল আৰ্টে। সেই প্ৰমূল্যবোধে তেওঁক সদায় সন্তুষ্টি দিয়ে। শান্ত, সৌম্য আৰু প্ৰশস্তিৰ মাজত তেওঁ জীৱন উপলব্ধ। কঠোৰ জীৱন সংগ্ৰামৰ পাছত অহা সফলতাৰ পাছতো তেওঁ কোনোদিনেই আত্মসন্তুষ্টিৰ মাজত বুৰ যোৱা নাই। অথচ অধিক দায়ৱদ্ধতাৰে তেওঁ নিজকে সমৰ্পণ কৰিছে এই কামত।

তেওঁৰ জীৱনৰ বিশাল অভিজ্ঞতাৰ মাজত আত্মবিশ্বাস আৰু সততা বিৰাজমান। সেয়েহে উজলি উঠিছিল ইণ্ডাষ্ট্ৰিয়েল আৰ্ট। কোনোৱে হয়তো কল্পনাই কৰিব নোৱাৰে- ৬০-৭০ দশকতেই তেওঁ প্ৰতিষ্ঠা কৰা কোম্পানীয়ে শিৱসাগৰত প্ৰস্তুত কৰা ফুটবলেৰে খেলা হৈছিল বৰদলৈ ট্ৰফী। অসমৰ গাঁৱে-ভূঞে বিদ্যালয়, ক্লাৱত চিনাকি নাম হৈ পৰিছিল 'অসম স্পিছিয়েল', 'অসম গৌৰৱ' আদি ফুটবল।

এইবোৰ কথা এতিয়া সাধু কথাৰ দৰে। ক্ৰীড়া ক্ষেত্ৰত নিজ প্ৰজ্ঞাৰে উজ্বলি উঠা ক্ৰীড়াবিদসকলৰ দৰে ক্ৰীড়াৰ আন্তঃগাঁথনিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এজন অসমীয়াই কৰা এই চেষ্টা কোনো গুণেই কম নহয়। বহুতে স্বীকৃতি পাই আজি, পদ্মশ্ৰী, পদ্মভূষণ বা আন সন্মান লাভ কৰে। কিন্তু নীৰৱে ক্ৰীড়া ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰা এইসকল ব্যক্তি আজিও উপেক্ষিত হৈ ৰয়। প্ৰাপ্তি তেওঁলোকৰ বাবে সাধাৰণ কথা। সন্মানতকৈ উৰ্ধত তেওঁলোকৰ নিজ কৰ্মক্ষেত্ৰৰ সাধনা। তথাপিও যোগ্যজনে পাব লাগে উপযুক্ত স্বীকৃতি। লক্ষ্মীকান্ত মহন্তই কোৱা নাছিল এই কথা। তেওঁৰ বিষয়ে জনাৰ পাছত হয়তো সকলোৰে এই অনুভৱ হ'ব- কিয় চৰকাৰী পক্ষই উপেক্ষা কৰে এনে বৰণ্য লোকক?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in