মই বাছ কণ্ডাক্টৰৰ ছোৱালী আছিলো…

মই বাছ কণ্ডাক্টৰৰ ছোৱালী আছিলো…

♦ মৃদুল কুমাৰ সন্দিকৈ

কোনে কয় নাৰী পিছ পৰা? নাৰীয়ে আজি কৰিব নোৱাৰা কাম কি আছে? ২৬জানুৱাৰী, ২০১৯। সমগ্ৰ দেশে গণৰাজ্য দিৱস উদযাপন কৰাৰ দিনাই দিল্লীৰ ৰাজপথত এগৰাকী মহিলা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিল। তেওঁৰ নাম খুছবু কানৱাৰ। ৩০ বছৰীয়া এইগৰাকী মহিলাই ২০১২চনতে ভাৰতীয় সেনাত যোগ দিছিল। বৰ্তমান তেওঁ আছাম ৰাইফলছৰ ডেপুটেশ্যনত আছে।

মেজ'ৰ খুছবু কানৱাৰ।
মেজ'ৰ খুছবু কানৱাৰ।

ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত ভাৰতৰ আটাইতকৈ পুৰণি পেৰামেলিটিয়া ফ'ৰ্চ আছাম ৰাইফলছৰ মহিলা জোৱান সকলক নেতৃত্ব দি গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল মেজ'ৰ খুছবুৱে। ইয়াৰ আগলৈকে আছাম ৰাইফলছৰ কোনো মহিলা জোৱান বা বিষয়াই এনে পেৰেডত অংশ লোৱাৰ উদাহৰণ নাছিল। আছাম ৰাইফলছত কৰ্মৰত সকলো মহিলা বিষয়া-জোৱানক নেতৃত্ব দিছিল খুছবুৱে। কিয়নো এই পেৰেডত অংশ লৈছিল এই অৰ্ধসামৰিক বাহিনীত কৰ্মৰত ১৪৮গৰাকী মহিলা বিষয়া-কৰ্মচাৰীয়ে।

দিল্লীৰ ৰাজপথত আছাম ৰাইফলছৰ মহিলা পেৰেড দলক নেতৃত্ব দিয়া মুহূৰ্তত মেজ'ৰ খুছবু।
দিল্লীৰ ৰাজপথত আছাম ৰাইফলছৰ মহিলা পেৰেড দলক নেতৃত্ব দিয়া মুহূৰ্তত মেজ'ৰ খুছবু।

দৈনিক প্ৰায় ৬-৮ ঘণ্টা সময় এই পেৰেডৰ বাবে অনুশীলন কৰিছিল তেওঁলোকে। ৩০ বছৰীয়া খুছবু কানৱাৰৰ ঘৰ ৰাজস্থানৰ জয়পুৰত। কিন্তু তেওঁৰ নিজৰ একাগ্ৰতাৰ জৰিয়তে এই স্থানত উপনীত হৈছিল। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল মেজৰ খুছবু। তেওঁৰ দেউতাক আছিল বাছৰ কণ্ডাক্টৰ। এটা অতি দৰিত্ৰ পৰিয়ালৰ পৰা ওলাই আহি আছাম ৰাইফলছৰ এই মহিলা বাহিনীক নেতৃত্ব দিয়াতো কম সফলতা নহয়। এই অভিজ্ঞতা সুঁৱৰি পেৰেডত অংশ লোৱাৰ পাছতেই মেজ'ৰ খুছবুৱে কৈছিল- "Leading an all-women contingent of the Assam Rifles was a matter of great honour and pride for me. We practiced very hard…I am a daughter of a bus conductor from Rajasthan and if I can accomplish this, then any girl can fulfil her dream,"

ইয়াৰ বাবে তেওঁলোকে কষ্ট কৰিছিল। ৫ মাহ ধৰি এই পেৰেডৰ অনুশীলন চলিছিল। দৈনিক ৭-৮ঘণ্টাকৈ অনুশীলন কৰি ভাগৰি পৰা নাছিল মহিলা জোৱান-বিষয়াসকল। আছাম ৰাইফলছত যোগ দিয়াৰ পাছত তেওঁ সন্ত্ৰাস বিৰোধী অভিযানকে ধৰি নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বহু অভিযানত অংশ লোৱাৰ অভিজ্ঞতা আছে। এগৰাকী মহিলা হিচাপে তেওঁ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব শিকিছে। সন্তানৰ মাতৃ, পত্নী ৰূপেও তাৰ মাজতে দায়িত্ব পালন কৰিছে। গণৰাজ্য দিৱসত ইতিহাস সৃষ্টিৰে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ মহিলা জোৱান-বিষয়াক দিল্লীৰ ৰাজপথত নেতৃত্ব দিবলৈ পাই তেওঁ সুখী- "It is for the first time in the history of the oldest paramilitary force, Assam Rifles, that an all-woman contingent participated. It's a matter of pride and privilege for me to be the first contingent commander of the all-woman contingent of Assam Rifles. We have been preparing for the last five months for this parade. We followed a rigorous drill schedule of seven-eight hours every day,"

এয়া যে এক গৌৰৱৰ সময়…
এয়া যে এক গৌৰৱৰ সময়…

মহিলা হোৱাৰ বাবে তেওঁ কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। যি কৰ্তব্যই তেওঁ কৰিবলৈ দিয়া হৈছে, সেয়া নিয়াৰিকৈ তেওঁ পালন কৰিছে। কেতিয়াবা যদি ইন্দো-ম্যানমাৰ সীমান্তত, আন কেতিয়াবা তালাচী চকীত আৰু আভ্যন্তৰীন নিৰাপত্তাৰ দায়িত্বতো আছাম ৰাইফলছৰ এইসকল মহিলাক নিয়োজিত কৰা হয়। মেজ'ৰ খুছবুৰ মতে, যি স্থানতেই এই মহিলা জোৱানসকলক নিয়োজিত কৰা হৈছে, তাতেই তেওঁলোকে সফলতাৰে দায়িত্ব পালন কৰিছে। বৰ্তমান তেওঁ মণিপুৰত কৰ্মৰত। এই অভিজ্ঞতা সুঁৱৰি আৰু নেতৃত্ব দিয়া আছাম ৰাইফলছৰ মহিলা বাহিনীৰ প্ৰসংগত ক'লে- "The idea behind the induction of Assam Rifles women is their role in the counter insurgency area of northeast. They are being deployed at the check posts at Indo-Myanmar border. They are deployed for frisking, policing, patrolling and internal security duties,"

ভাৰতীয় সেনাত মহিলাৰ ভূমিকা লক্ষণীয়। বিভিন্ন ক্ষেত্ৰত সেনাত মহিলাক নিয়োজিত কৰা হৈছে যদিও, যুদ্ধত অংশগ্ৰহণ কৰিবলৈ মহিলাক অনুমতি দিয়া হোৱা নাছিল। সাধাৰণতে ভবা হৈছিল- মহিলাই কিছুমান কাম কৰিব নোৱাৰে। নিযুক্তিৰ ক্ষেত্ৰতো সেনাৰ বিষয়া স্তৰত খুব কম সংখ্যক মহিলাহে আছে।

পুৰুষতকৈ কম নহয় মহিলা…
পুৰুষতকৈ কম নহয় মহিলা…

ভাৰতীয় স্থল সেনাত ৩৭হাজাৰ পুৰুষ বিষয়া আছে। ইয়াৰে ১৫৬০গৰাকীয়ে মহিলা বিষয়া। আনহাতে বায়ু সেনাত ১১হাজাৰ পুৰুষ বিষয়া থকাৰ বিপৰীতে মহিলা বিষয়াৰ সংখ্যা ১৬১০গৰাকী। নৌ সেনাত মুঠ ৬০হাজাৰ জোৱান-বিষয়া আছে। তাৰে ৮০০০ বিষয়া। সেই ৮ হাজাৰৰ ভিতৰত ৪৯০গৰাকীহে মহিলা।

কেন্দ্ৰীয় অর্ধসামৰিক বাহিনীত এতিয়া ৫টাকৈ মহিলা বেটেলিয়ান আছে। ১৯৮৭চনতেই গঠন চি আৰ পি এফত মহিলা বেটেলিয়ান গঠন কৰা হৈছিল। বি এছ এপত ১৯৭২চনতে মহিলাই নিযুক্তি লাভ কৰিছিল। কিন্তু নেতৃত্ব দিব পৰাকৈ মহিলাক সেই স্থান এতিয়াও এৰি দিয়া নাই।

ব্ৰিটিছ শাসন কালতেই ভাৰতীয় সেনা বাহিনীত মহিলাক মকৰল কৰা হৈছিল। ১৯৮৮চনত ভাৰতীয় সেনাক ইণ্ডিয়ান মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচ সংযোগ কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ১৯১৪ৰ পৰা ১৯১৮ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ১৯৩৯-১৯৪৫চনৰ সময়চোৱাত এই মহিলা নাৰ্ছসকলে যুদ্ধত আহত জোৱানসকলক শুশ্ৰূষা কৰিছিল। ১৯১৮চনৰ পৰা ১৯৪৫চনলৈ মুঠ ৩৫০গৰাকী সেনাত কৰ্মৰত নাৰ্ছে সেৱা আগবঢ়াইছিল।

১৯৪২চনত প্ৰত্যক্ষভাৱে সেনাত নিযুক্তি লাভ কৰিছিল এগৰাকী মহিলাই। তেওঁৰ নাম আছিল নুৰ ইনায়ট খান। তেওঁ আৰ এ এফ ষ্টেচনৰ অ'ডাৰী ৰূমত কৰ্তব্য কৰিবলৈ দিয়া হৈছিল।

১৯৪৩চনত সেনাত যোগদান কৰা নুৰ ইনায়ট খান কৰ্তব্যৰত মুহূৰ্তত…
১৯৪৩চনত সেনাত যোগদান কৰা নুৰ ইনায়ট খান কৰ্তব্যৰত মুহূৰ্তত…

তাৰ পাছত ১৯৪৫চনত নৌ সেনাত ৪গৰাকী মহিলা নিয়োজিত হৈছিল। সেই বছৰে গঠন কৰা ৱ'মেন অকজালেৰি ক'ৰ্পছৰ সদস্য আছিল তেওঁলোক। এই ক'ৰ্পৰ নৌ সেনা বিভাগৰ দায়িত্ব চম্ভালিছিল এই চাৰিগৰাকী মহিলাই।

নৌ সেনাত কৰ্মৰত চাৰিগৰাকী মহিলা…
নৌ সেনাত কৰ্মৰত চাৰিগৰাকী মহিলা…

১৯৯২চনলৈকে স্বাধীন ভাৰতৰ সেনা বাহিনীত কোনো মহিলা বিষয়াকে যুদ্ধ বা সশস্ত্ৰ বিভাগত বিষয়া ৰূপে নিযুক্তি দিায়া নাছিল। ১৯৯৩ চনত ২৫গৰাকী মহিলাক ভাৰতীয় সেনাত বিষয়া হিচাবে নিযুক্তি দিয়া হৈছিল। তাৰ ভিতৰত প্ৰিয়া জিংগান আছিল অন্যতম। তাৰোপৰি, অলকা খুড়ানা সেই বছৰে নিযুক্তি লাভ কৰা মহিলা সেনা বিষয়া আছিল। তেওঁ ১৯৯৪চনত গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা প্ৰথম মহিলা বিষয়া আছিল।

ৰাছিয়াৰ সেনাৰ সৈতে যৌথ আখৰাত এগৰাকী ভাৰতীয় মহিলা সেনা…
ৰাছিয়াৰ সেনাৰ সৈতে যৌথ আখৰাত এগৰাকী ভাৰতীয় মহিলা সেনা…

মিতালী মধুমিতা নামৰ আন এগৰাকী মহিলাই ২০০০চনত যোগ দিছিল ভাৰতীয় সেনাত। লেঃ কৰ্ণেল ৰূপে দায়িত্ব চম্ভালা মিতালীয়ে হ'ল সেনা মেডেল লাভ কৰা প্ৰথম গৰাকী মহিলা। ২০১১চনতো তেওঁ এই সন্মান লাভ কৰিছিল। কাবুলত ২০১০ত সন্ত্ৰাসবাদীয়ে ভাৰতীয় দ্ৰুতবাস আক্ৰমণ কৰাৰ সময়ত বিশেষ ভূমিকা লৈছিল এই সেনা বিষয়াগৰাকীয়ে। তাৰ পৰবৰ্তী সময়ত দিব্যা অজিত কুমাৰে ২০১১চনত গানেভে লালজীয়ে সেনাত যোগ দিয়ে। গেনেভে সেনাৰ চোৰাংচোৱা বিভাগত কাম কৰিছিল। পৰৱৰ্তী সময়ত ৬৩ ব্ৰিগেডৰ এগৰাকী ইঞ্জিনিয়াৰ হিচাবে যোগ দিছিল কেপ্টেইন স্বাতি সিঙে। তেওঁ আছে নাথুলা পাছত নিয়োজিত প্ৰথমগৰাকী সেনা বিষয়া আৰু তেওঁ ছিগনেলৰ ইনছাৰ্জ হিচাপে দায়িত্ব পালন কৰিছিল।

বি এছ এফত কৰ্মৰত ২ মহিলা…
বি এছ এফত কৰ্মৰত ২ মহিলা…

২০০৭চনৰ ১৯ জানুৱাৰীত ৰাষ্ট্ৰসংঘই প্ৰথমটো মহিলা শান্তিৰক্ষী বাহিনী গঠন কৰিছিল। সেই বাহিনীত ভাৰতৰ ১০৫গৰাকী মহিলা আৰক্ষীয়ে অংশ লৈছিল। আৰু তেওঁলোকক নিয়োজিত কৰা হৈছিল লিবিয়াত। ভাৰতীয় বায়ু সেনাত ১৯৯৪চনত প্ৰথম মহিলাক নিযুক্তি দিয়া হয়। গুঞ্জন ছাক্সেনাই ফ্লাইট অফিচাৰ ৰূপে প্ৰথম যুদ্ধজৰ্জৰ অঞ্চলসমূহত সেৱা আগবঢ়োৱা সুবিধা পাইছিল। ২০০৬চনত দীপিকা মিশ্ৰই ভাৰতীয় বায়ু সেনাৰ প্রথমগৰাকী পাইলট হিচাপে প্ৰশিক্ষণ সমাপ্ত কৰি যোগ দিয়ে। ২০১২চনত নিবেদিতা চৌধুৰীয়ে ফ্লাইট লেঃ ৰূপে যোগ দি নাৰী যে পিছ পৰা নহয় সেয়া প্ৰমাণ কৰিলে।

ভাৰতীয় বায়ু সেনাত কৰ্মৰত তিনিগৰাকী মহিলা পাইলট…
ভাৰতীয় বায়ু সেনাত কৰ্মৰত তিনিগৰাকী মহিলা পাইলট…

১৯৬৮চনত ড০ পুণিমা অৰোড়াই নৌ সেনাত যোগদান কৰিছিল। তেওঁ নৌ সেনাৰ দ্বিতীয় সুউচ্চ পদবী লেঃ জেনেৰেল পদতো অধিষ্ঠিত হৈছিল। নৌ সেনাত এয়াৰ মাৰ্ছেলৰূপে পদোন্নতি লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল পদ্মাৱতী বন্দোপাধ্যায়। ২০১৭চনৰ জানুৱাৰীত সাধাৰণ কৰ্তব্যত মহিলা বিষয়াক নিযুক্তি দিয়া হৈছিল। অনুৰাধা শুক্লা, স্নেহা কথ্যাত, শিৰিণ চন্দন, বসুন্ধৰা চৌকেছীয়ে সহকাৰী অধিনায়ক ৰূপে এই ভাৰতীয় উপকূল বাহিনীত দায়িত্ব পালন কৰিছিল।

বৰ্তমান দেশৰ প্ৰায়বোৰ সেনা তথা বিশেষ বাহিনীত মহিলাক উল্লেখযোগ্য দায়িত্বত নিযুক্তি দিয়া হয়। নেশ্যনেল ছিকিউৰিটী গাৰ্ড চমুকৈ এন এছ জিত ২০১১-১২চনত প্ৰথমবাৰৰ বাবে মহিলা কামাণ্ডো নিযুক্তি দিয়া হৈছিল। মায়াৱতী আৰু জয়াললিতাৰ বাবে এই ব্যৱস্থা কৰিব লগা হৈছিল এন এছ জিত। ২০১৫ত চৰকাৰে ঘোষণা কৰিছিল যে, এন এছ জিৰ ব্লেক কেট কামাণ্ডোসকলৰ বাবে যি প্ৰশিক্ষণ দিয়া হয়, এই বাহিনীত নিযুক্তি লাভ কৰা মহিলাসকলৰ বাবেও একেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

স্পেছিয়েল প্ৰটেকশ্যন গ্ৰুপ চমুকৈ এছ পি জিত ২০১৩ত মহিলাক নিযুক্তি দিয়া হয়। তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ পত্নী গুৰুচাৰণ কৌৰৰ নিৰাপত্তাত প্ৰথম নিয়োজিত হৈছিল এছ পি জিৰ মহিলা কামাণ্ডো। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ চমুকৈ আৰ পি এফত মহিলাক নিযুক্তি দি গঠন কৰা হৈছিল শক্তি স্কোৱাড। ২০১৫ চনত এই বাহিনী গঠন কৰা হৈছিল। এন ডি আৰ এফত ২০১৫চনত অধিনায়ক ৰূপে দায়িত্ব লৈছিল ৰেখা নাম্বিয়াৰে। তামিলনাডুৰ আৰাক্কোনামত থকা চতুৰ্থ এন ডি আৰ এফ বাহিনীক নেতৃত্ব দিছিল তেওঁ।

এয়া ইতিহাস আৰু তথ্য। কিন্তু আজি চৰ্চা এটাই নাম। সেয়া হ'ল 'খুছবু'। মেজ'ৰ খুছবুৱে নাৰী শক্তি যে কোনো গুণে পিছ পৰা নহয়, কেৱল সেয়া প্ৰমাণ কৰা নাই। তাৰ সমান্তৰালভাৱে তেওঁ প্ৰমাণ কৰি দিছে- একাগ্ৰতা, ইচ্ছা আৰু কষ্ট কৰিলে সকলো সম্ভৱ। যেনেকৈ তেওঁ সম্ভৱ কৰি দেখুৱাইছে। সাধাৰণ বাছ কণ্ডাক্টৰ এজনৰ কন্যা হৈয়ো খুছবু উজ্বলি উঠিছে সমগ্ৰ দেশত। মেজ'ৰ খুছবুৱে এতিয়া বহু নাৰী তথা নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in