মুখ্যমন্ত্ৰীৰ বেয়া অৱস্থা! শিল্পী দিৱসতো ক’লা পতাকা…

মুখ্যমন্ত্ৰীৰ বেয়া অৱস্থা! শিল্পী দিৱসতো ক’লা পতাকা…

♦ মৃদুল কুমাৰ সন্দিকৈ

শিল্পী দিৱস। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰিবলৈ প্ৰতি বছৰৰ দৰে এইবাৰো (১৭ জানুৱাৰী,২০১৯) অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু দৰং জিলাৰ প্ৰশাসনৰ সহযোগত মঙলদৈত এই দিৱস আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত অংশ ল'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পথেৰে মঙলদৈলৈ যাব নোৱাৰিলে। মঙলদৈ জিলা পুথিভঁৰালত আয়োজিত অনুষ্ঠানলৈ মাত্ৰ কেই কিঃমিঃ বাট মুখ্যমন্ত্ৰী যাব লগা হ'ল হেলিকপ্টাৰেৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত কৰি থকা প্ৰতিবাদৰ সন্মুখীন হোৱাৰ সাহস মুখ্যমন্ত্ৰীয়ে আজিলৈকে কৰা নাই। কোনো যাতে মুখ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।

কিন্তু মঙলদৈ ভ্ৰমণ মুখ্যমন্ত্ৰীৰ বাবে সুখকৰ নহ'ল। মুখ্যমন্ত্ৰীক ক'লা পতাকা দেখুৱাবলৈ ৰৈ আছিল ৭০ সংগঠনৰ প্ৰতিবাদকাৰী। নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি মঙলদৈৰ কাচাৰী মৈদামত বিয়লি ৩.৩০ বজাত মুখ্যমন্ত্ৰী উপস্থিত হোৱা অনুষ্ঠানতেই প্ৰতিবাদকাৰীয়ে প্ৰদৰ্শন কৰিলে ক'লা পতাকা।

মঙলদৈত মুখ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন…
মঙলদৈত মুখ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন…

মুখ্যমন্ত্ৰীৰ এই অৱস্থা। ইফালে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উকালতি কৰা আন এজনেও পালে তুলা-ধূনা। 'তেওঁক মই কংগ্ৰেছী গুণ্ডা বুলি জানিছিলো। মোৰ বাবে তেওঁ আছিল বেয়াৰ প্ৰতীক।'- এইদৰে ১৭ জানুৱাৰী, ২০১৯ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক সংবাদমেল যোগে আক্ৰমণৰ লক্ষ্য কৰিছিল কৃষক নেতা অখিল গগৈয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া আৰু খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে যি তিনিটা হাথিয়াৰৰ কথা কৈছিল, তাৰে এটা এই বিধেয়ক বুলি মন্তব্য কৰাৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছিল কৃষক নেতা অখিল গগৈ।

সংবাদমেলখনত অখিল গগৈয়ে অভিযোগ কৰিছিল- যি চৰকাৰ থাকে, সেই চৰকাৰৰৰ মৌ পান কৰে এইজন ৰাজনীতিবিদে। তেওঁ নিজেই বিহ পান কৰো বুলি ক'লেও, প্ৰকৃতাৰ্থত হিমন্ত বিশ্ব শৰ্মাই অমৃত পান কৰে। অৰ্থাৎ নিজকে মহাদেৱ বুলি ভাবে এইজন ব্যক্তিয়ে। অসম চুক্তিক অসমৰ সমস্যাৰ মূল কাৰণ বুলি উল্লেখ কৰা হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক এদিন 'দাসত্বৰ চুক্তি' বুলিও উল্লেখ কৰিছিল।

ইয়াৰো উত্তৰ দিছে কৃষক নেতা অখিল গগৈয়ে। তথ্য-প্ৰমাণসহ কৃষক নেতাগৰাকীয়ে বিজেপিৰ হৈ উকালতি কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল- বিজেপিৰ ভিজন ডক্যুমেন্টক তেওঁলোকে গীতা জ্ঞান কৰিম বুলি কৈছিল। কিন্তু সেই ভিজন ডক্যুমেন্টৰ ১০ নং পৃষ্ঠাত থকা অসম চুক্তি ৰূপায়নৰ কথা কি হ'ল?

ৰাজনীতিবিদ গৰাকীৰ বিৰুদ্ধে উত্থাপিত বহু অভিযোগৰ ভিতৰত থানা-কোৰ্টৰ পৰা কেচ ডায়েৰী নাইকিয়া হোৱা প্ৰসংগ উত্থাপন কৰি অসমৰ প্ৰথমজন মাফিয়া ৰাজনীতিবিদ হিমন্ত বিশ্ব বুলি আখ্যা দিছিল অখিল গগৈয়ে। ১৯৯৩চনত কটেনলৈ আহি হিমন্ত বিশ্ব শৰ্মাক কি দৰে আৱিষ্কাৰ কৰিছিল, তাৰো আভাস দিছিল সংবাদমেলখনত অখিল গগৈয়ে।

এজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে, আনজনে এই বিধেয়কৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে। গতিকে দুয়োজনাৰ কথা-বতৰা ৰাইজে গভীৰ উপলব্ধিৰে আৰু অন্তকৰণেৰে বিচাৰ কৰিছে। ব্যক্তিগত কথাবোৰ বাদ দি জাতীয় সত্তা আৰু জাতীয় প্ৰসংগক লৈ দুয়োজনৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য থাকিলেও, দুয়োজনেই নিজৰ যুক্তিক ৰাইজৰ মাজলৈ এৰি দিছে।

অসমক গঢ়িবলৈ, সাহিত্য-সংস্কৃতিক আজিৰ পৰ্যায়লৈ আনিবলৈ বহুজনৰ অৱদান ইয়াত জড়িত হৈ আছে। সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ প্ৰভাৱৰ পৰা দুষ্কৃতিকাৰীনাশী এক সাংস্কৃতিক আন্দোলনৰ জৰিয়তে অসম আৰু অসমীয়াৰ পৰিচয় উজ্বলাই তোলা এই সকল বৰণ্য ব্যক্তিৰ অৱদানেহে অসমীয়া জাতিক সমৃদ্ধ কৰিছিল। এনে মুখ চুপতি জাতীয় কোনো কথা-বতৰাই অসমীয়াক সমৃদ্ধশীল জাতি ৰূপত গঢ়ি তুলিব নোৱাৰে।

'ৰূপান্তৰেহে মাথোঁ

জগত ধুনীয়া কৰে

এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ'

এদিন শান্তি, মৈত্ৰী আৰু প্ৰীতি চিৰসেউজীয়া মালা পিন্ধাই সুৰৰ অঞ্জলী এনেদৰে যাচিছিল জ্যোতি প্ৰসাদে। জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মদিনত অসম আৰু অসমীয়াৰ আজি শংকাক লৈ তেওঁৰ দৰ্শনেৰে কথাবোৰ বিবেচনা কৰাৰ এক সুযোগ আনি দিছে। অসমীয়াৰ সাহিত্য-সংস্কৃতিৰ স্বকীয়তা ৰক্ষা কৰি বিশ্ব সভাত অসমীয়া জাতিক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰিবলৈ এইজন মহান অসমীয়াই জীৱনজোৰা সাধনা চলাইছিল।

অসমীয়া সমাজত সুপ্ত হৈ থকা সম্ভাৱনাৰ প্ৰতি জ্যোতি প্ৰসাদ আছিল অত্যন্ত সচেতন। তেওঁ গভীৰভাৱে উপলব্ধি কৰিছিল, বিশ্ব দৰবাৰত অসমীয়াই প্ৰতিষ্ঠাৰ দৌৰত আগবাঢ়িবলৈ হ'লে নীচবোধ ত্যাগ কৰিব লাগিব। আত্মগৌৰৱ আৰু আত্মসমালোচনাৰ মাজেৰে উন্নতিৰ জখলা সংস্কৃতিৰ পথেৰে গাঁঠিব লাগিব। সেই মূল্যবোধ আৰু বিশ্বাসৰ অন্যতম প্ৰকাশ আছিল তেওঁৰ কৰ্মৰাজী।

এইখিনি কথা তেতিয়াই জ্যোতিপ্ৰসাদে উপলব্ধি কৰা কথা। আৰু আজি অসমীয়াক ৰক্ষা কৰিবলৈ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী অনাৰ ষড়যন্ত্ৰ ৰচা সকলে জ্যোতিপ্ৰসাদৰ সেই অনুভৱক আজিও বুজি পোৱা নাই। এইগৰাকী শিল্পীয়ে সপোন দিঠকত কেৱল অসমীয়া সংস্কৃতি আৰু সংগীতৰ জয়গান গাইছিল। অসমীয়া ঢোল, খোল, বৰতাল, পেঁপা, টকা, কৰতাল ইত্যাদি বাদ্যযন্ত্ৰৰ সৈতে পশ্চিমীয়া বাদ্যযন্ত্ৰ সমাবেশ ঘটাই অসমীয়া সংগীতৰ অৰ্কেষ্ট্ৰাৰ নতুন সন্ধান দিছিল।

'ৰূপান্তৰেহে জগত ধুনীয়া কৰে…' – জ্যোতিপ্ৰসাদ আগৰৱালা।
'ৰূপান্তৰেহে জগত ধুনীয়া কৰে…' – জ্যোতিপ্ৰসাদ আগৰৱালা।

তেওঁ জীৱনটোত কেৱল পোহৰ বিচৰা গীত ৰচিছিল। সৌন্দৰ্য্যৰ পূজাৰী আছিল তেওঁ। কলা-নৈপুন্যতাৰ মাজেৰে সমাজৰ কৌটিকলীয়া অলাগতিয়াল নীতি নিঃশেষ কৰাৰ বাৰ্তা তেওঁৰ নাটকৰ চৰিত্ৰই দিছিল। সত্যৰ প্ৰতি তেওঁৰ আছিল গভীৰ নিষ্ঠা। লভিতাৰ নাটকত অন্যায়ৰ হকে প্ৰতিবাদ কৰি তেওঁ লভিতাৰ চৰিত্ৰটোক আগুৱাই নিছিল।

তেওঁ নাট্যকাৰ হিচাপে কোনো দিনেই কোনো চৰিত্ৰত অসমীয়াত্বক এৰি দিয়া নাছিল। তেজস্বী সংলাপৰ মাজেৰে তেওঁ এদিন লভিতাৰ নাটকত লভিতাৰ জৰিয়তে দৰ্শকক কৈছিল- 'যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজি অসমীয়া ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশত চলি থকা অন্যায়-নিয়ম,কানুন, সংকীৰ্ণ মনৰ মানুহৰ, নিৰপৰাধী নিমাষিতৰ ওপৰত অন্যায় অত্যাচৰৰ বিৰুদ্ধে সমাজৰ সুষম পথ আনকি জীৱনকো দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই সি আজিৰ ডেকা হ'বই নোৱাৰে…' এতিয়াও যেন এয়া প্ৰাসংগিক হৈছে। লভিতাৰ সুৰতে সুৰ মিলাই ক'ব মন যায়- যি নেতাই জাতিৰ কথা ভাবিব নোৱাৰে, জাতিৰ বিপদৰ মুহূৰ্তত নিজৰ স্বাৰ্থৰ কথা ভাৱে, তেওঁ নেতা হ'বই নোৱাৰে। তেওঁ জাতিদ্ৰোহী, ঘৰৰ বিভীষণ।'

এইজনে সেইজন জ্যোতিপ্ৰসাদ, যিজনে ১৯৩৫চনৰ ১০ মাৰ্চত প্ৰথমখন অসমীয়া ছবি 'জয়মতী' কলকাতাৰ 'ৰাওনাক মহল'ত মুক্তি দিছিল। এই ছবিখন উদ্বোধন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। অসমৰ পৰা তেতিয়া ছবি নিৰ্মাণ কৰাৰ কথা কোনেও ভবাই নাছিল। ১৯২২ চনত তেওঁ তেতিয়া আছিল কলকাতা বিদ্যাপীঠৰ ছাত্ৰ। বন্ধুৰ সৈতে বঙালী বায়'স্কপ চাবলৈ গৈ অসমীয়া বায়স্ক'প নিৰ্মাণ কৰাৰ সপোন ৰচিছিল।

জ্যোতিপ্ৰসাদৰ ডায়েৰীৰ পাতত 'জয়মতী'ৰ কথা…
জ্যোতিপ্ৰসাদৰ ডায়েৰীৰ পাতত 'জয়মতী'ৰ কথা…

গীতৰ মাজেৰেই তেওঁ লিখিছিল বিপ্লৱৰ কথা। এই বিপ্লৱৰ ফিৰিঙটি এতিয়া আকৌ জ্বলিছে। এতিয়া জ্যোতিপ্ৰসাদে তেতিয়াই ৰচা সেই গীতটোৰ সুৰত জাতি আৰু দেশপ্ৰেমক জাগ্ৰত কৰি গীত গোৱাৰ সময়। এজন জ্যোতিপ্ৰসাদে লিখিছিল-

'লুইতৰ পাৰৰে আমি ডেকা ল'ৰা

মৰিবলৈ ভয় নাই…

মুকুতি মেধৰ মহান মেজিৰ

নেজাল ফিৰিঙ্গতি চাই…

জ্যোতিপ্ৰসাদৰ হাতেৰে গীতৰ স্বৰলিপি…
জ্যোতিপ্ৰসাদৰ হাতেৰে গীতৰ স্বৰলিপি…

এতিয়া সেই গীতেই যেন পুনৰ গোৱা সময়। দেশ মাতৃৰ পূজাৰ বাবে ওলাই অহাৰ আহ্বান চৌদিশে। জ্যোতিপ্ৰসাদৰ দৰ্শন, সংগ্ৰামী সত্তাক অসমীয়াই আজি অনুধাৱন কৰা নাই। অসমীয়া জাতিক কেতিয়াও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই শক্তিহীন বুলি ভবা নাছিল-

'কোনে ক'লে তোক শক্তিহীনা বুলি?

আই তোৰ পুত্ৰ শকতিৱন্ত…'

জ্যোতি সংগীতসমূহত দেশ আৰু জাতিৰ প্ৰেৰণা দিব পৰা বাৰ্তা আছে। সেই বাৰ্তাই কোনো জাতিক সংকটৰ মুহূৰ্তত শক্তিৱন্ত কৰি তুলিব পাৰে।

'জননী সন্তান জাগা

জাগা শক্তিমান, জাগা মুক্তিপ্ৰাণ।

মৃত্যু গচকি আনা জয় জিনি

কৰি দুৰ্জয় অভিযান'

অসম আন্দোলনৰ সময়ত অসমত বিদেশী সমস্যাই কি ভয়ানক ৰূপ ধাৰণ কৰিছিল তাক সৰ্বসাধাৰণৰ মাজলৈ লৈ গৈছিল এই শিল্পী দিৱসে। সেই সময়ত শিল্পী দিৱসস্থলীতেই সমেবত হোৱা লোকসকলৰ মাজত ইয়াৰ প্ৰচাৰ চলিছিল। অসমৰ সংস্কৃতিক কেনেদৰে গ্ৰাহ কৰিছিল বা এই সমস্যা সমাধানৰ ক্ষেত্ৰত দিল্লীৰ নীৰৱ ভূমিকাৰ বিৰুদ্ধে শিল্পী দিৱসৰ মঞ্চৰ পৰাই বহু বক্তাই ৰাজ্যবাসীক সচেতন কৰিছিল। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সেই বাৰ্তা সৰ্বসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰিছিল সেই সময়ত এই আন্দোলনৰ প্ৰেক্ষাপট ৰচনা কৰা নেতাসকলে।

পৰৱৰ্তী সময়ত শিল্পী দিৱস প্ৰায় ম্লান পৰিছিল। কিন্তু লক্ষণীয়ভাৱে পুনৰবাৰ শিল্পী দিৱস অনুষ্ঠিত কৰাৰ নতুন চিন্তা-চেতনাৰ উদ্বেগ ঘটিছে ৰাজ্যবাসীৰ মাজত। মাঘৰ বিহুৰ মেজিস্থলীক প্ৰতিবাদস্থলীলৈ পৰিণত কৰা অসমীয়াই জাতীয় সংকটৰ মুহূৰ্তত শিল্পী দিৱসৰ মাধ্যমেৰে অসম আৰু অসমীয়াক নিঃশেষ কৰা সকলৰ বিৰুদ্ধে নতুনকৈ এক শক্তিশালী প্ৰতিবাদ গঢ়াৰ লক্ষ্যৰে জাগি উঠিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক বিপ্লৱ আৰু অসমীয়া সংস্কৃতিক বিশ্বমুখী কৰাৰ এই কালজয়ী গীতসমূহৰ আধাৰত এদিন ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহত নমা লোকসকলক অনুপ্ৰাণিত কৰিছিল। মুখত সেই গীতৰ কলি আওৰাই প্ৰতিবাদৰ বাবে আগবাঢ়ি গৈছিল। শান্তিপ্ৰিয় সাধাৰণ লোকসকলৰ মন-মগজু প্ৰতিবাদৰ অগ্নিয়ে দহিছিল।

তাৰপাছত জ্যোতিপ্ৰসাদৰ একেই গীতবোৰ অসম আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ কণ্ঠ ৈহৈছলি। লুইতৰ পাৰৰে আমি ডেকা ল'ৰে মৰিবলৈ ভয় নাই বুলি অবৈধ বিদেশী আন্দোলনত জঁপিয়াই পৰিবলৈ যুৱ সমাজক উৎসাহিত কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত থকা প্ৰতিবাদ-আন্দোলনৰ প্ৰেক্ষাপটত এই যুক্তি দৰ্শন আৰু সাংস্কৃতিক বিপ্লৱী সত্তা পুনৰ প্ৰেৰণাৰ উৎস হৈছে।

১৭ জানুৱাৰী, ২০১৯ত তেজপুৰৰ শিল্পী দিৱসৰস্থলীৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গে আৰম্ভ কৰিলে 'বজ্ৰনীনাদ'। ৰাজ্যৰ বিভিন্ন স্থানত শিল্পী দিৱসস্থলীত সেই প্ৰতিবাদ অনুৰণিত হৈছে। জাতিক জগাই তুলিছে জ্যোতিপ্ৰসাদৰ দৰ্শন আৰু আহ্বানে। ইয়াৰ বিৰুদ্ধে অৱস্থান লোৱে সকলে, মুখ চুপতি মৰা কাৰবাৰে, জাতি ৰক্ষাৰ নামত ভোট বেংক ৰক্ষাৰ কুটিল ৰাজনীতিৰে অসম আৰু অসমীয়াক বিভ্ৰান্তিত কৰিছে। কিন্তু সত্যক উপলব্ধি কৰিব পৰা সকলে আজি আহ্বান শুনিছে জ্যোতিপ্ৰসাদৰ। ৰূপকোঁৱৰৰ সেই গীত জাতিৰ প্ৰতি অহা সংকটৰ সময়ত সকলোৱে গাবলৈ আৰম্ভ কৰিছে- 'লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই…'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in