মুখ্যমন্ত্ৰী মহোদয়ঃ হীৰেণ গোঁহাই যদি ৰাষ্ট্ৰদ্ৰোহী, আপুনি কি?

1,069

♦ মৃদুল কুমাৰ সন্দিকৈ

বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাই জাতিদ্ৰোহী! তেওঁৰ বিৰুদ্ধে লতাশিল থানাত ৰুজু কৰা হৈছে গোচৰ। তেওঁৰ দোষ- খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ হকে মাত মতাটো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁ থিয় দিয়াটো অপৰাধ। শাসক পক্ষই ৰাইজৰ প্ৰতিবাদ নুবুজিলে, নুশুনিলে। কিন্তু হীৰেণ গোঁহায়ে ৰাইজৰ পক্ষত থিয় হৈ শাসকৰ বিৰুদ্ধে মাত মতাৰ কথা ঠিকেই শুনা পালে।

৭ জানুৱাৰী, ২০১৯। বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ধিক্কাৰ দিৱসত অংশ লৈ অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ হকে মাত মাতি জাতিৰ এই সন্ধিক্ষণত জাতিৰ পক্ষত থিয় হ’বলৈ আহ্বান জনাইছিল। ভাৰতীয় ঔপনিবেশিক শাসকে অসম আৰু অসমীয়াৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ অব্যাহত ৰাখিলে এদিন তেওঁ স্বাধীন অসমৰ দাবী তুলিব বুলি আৰু ইয়াৰ প্ৰাসংগিকতাক লৈ মন্তব্য কৰিছিল। সেয়াই তেওঁৰ ভুল। দিল্লী বা ৰাজ্য চৰকাৰে কেতিয়াও বুজি নাপায় জাতিৰ এটা সাংস্কৃতিক পৰিচয় থাকে। ভাষাৰ সংস্কৃতিয়েই জাতিৰ মুল পৰিচয়। জাতিৰ প্ৰতি আহিব পৰা প্ৰত্যাহ্বান সুচিন্তিত আৰু গভীৰ আলোচনাৰ মাধ্যমেৰে এৰাই চলিব পাৰি। কিন্তু সকলো দেখিও, সকলো জানিও স্ব-অধিকাৰ আন্দোলনত ৰাষ্ট্ৰীয়তাবাদৰ গোলামীৰে নুই কৰিব খোজা শাসক পক্ষই জাতীয় জীৱনৰ প্ৰমূল্যক উপলব্ধিয়েই কৰিব নোৱাৰে।

অসমৰ জনগোষ্ঠীয় আন্দোলনকাৰীসকলৰ মাজত ইতিহাস আৰু চেতনা আছে। সেই চেতনাই ভৱিষ্যতৰ দৃষ্টিভংগী নিৰূপণ কৰে। অসম আৰু অসমীয়াসকলে ইতিহাসৰ পৰা শিক্ষাগ্ৰহণ নকৰাৰ বাবেই নিশ্চয় জনসমাজত ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰশ্ন উঠি আহিছে। জাতীয়তাবাদৰ প্ৰশ্নত সাংস্কৃতিক বৈষম্যই অসমত বহু অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ’বলৈ বাধ্য কৰিছে। সকলো জাতিগত বৈষম্য দূৰীকৰণ আৰু খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কোনো লোকে মাত মাতিলে সেয়া কেতিয়াও অপৰাধ হ’ব নোৱাৰে।

‘আমি কোন বাটে যাম’ শীৰ্ষক এক বিশেষ লেখাত মহীচন্দ্ৰ মিৰিয়ে লিখিছিল- ‘অসমীয়া সমাজৰ ভাবগতিত যিমান বেমেজালিয়ে দেখা দিছে, সমগ্ৰ জাতিটোৰ বেমেজালি বেছি হোৱা যেন দেখা গৈছে…। অসমীয়া ভাষী মানুহ বিলাকৰ তেওঁলোকৰ প্ৰতি মৰম-চেনেহ অলপো নাইকিয়া হোৱাত তেওঁলোকৰ তাৰপৰাই হেৰাই যাব খোজাতো একো আচৰিত নহয় যেন লাগে।’ ইয়াত এজন ভাষিক অসমীয়া বুদ্ধিজীৱীৰ সকিয়নী আছিল। ১৯২৬চনতেই দিয়া এই সকিয়নীও আমাৰ চেতনাবোধ জাগ্ৰিত কৰিব পৰা নাছিল। অসমীয়া জাতিৰ সুস্থ আৰু সবল পৰিক্ৰমা শংকৰদেৱৰ দিনৰ পৰা আৰম্ভ হৈছিল। সেই প্ৰভাৱশালী গোষ্ঠীৰ অগ্ৰাসন এক সুসংগত জাতিগত প্ৰক্ৰিয়ালৈ আজিও ৰূপান্তৰ নহ’ল।

ইতিহাসৰ গতি সৰল ৰেখা নহয়। ইতিহাসেই শেষ বুলি কোনো কথা নাথাকে। অসমীয়া জাতি সত্তাৰ প্ৰতি গোষ্ঠীগত সংঘাত, শাসকীয় ষড়যন্ত্ৰ, ৰাজনৈতিক অভিসন্ধি আদিয়ে ভাবুকিৰ সৃষ্টি কৰি আহিছে। হিন্দু, মুছলমানৰ শ্ৰেণীৰ বিভাজন, বৰ্ণ হিন্দুৰ প্ৰতি বিদ্বেষ আৰু একাংশ মধ্যবৃত্ত লোকৰ প্ৰাধান্যৰ বাবেই আজি অসমীয়া জাতি থানবান হৈ পৰিছে। অসমৰ আন্দোলনৰ সময়তো এনে কাৰণতেই জনজাতীয় সংগঠনসমূহে এই আন্দোলনৰ পৰা নীৰৱে আঁতৰাই নিছিল।

অসমত বিদেশী খেদাৰ প্ৰথম প্ৰস্তাৱ ১৯৪৮চনতেই উত্থাপন হৈছিল। সেই বছৰ অনুষ্ঠিত ট্ৰাইবেল সংঘৰ অধিবেশনত এই প্ৰস্তাৱ উত্থাপন হৈছিল। ১৯১১ চনত অসমৰ ৰাজনৈতিক মানচিত্ৰ সলনি হৈছিল। পৰৱৰ্তী সময়ত অসমলৈ বিভিন্ন কাৰণত বা বিভিন্ন পটভূমিত বিদেশীৰ অনুপ্ৰৱেশ ঘটিছিল। ১৯৩১চনৰ লোকপিয়লৰ প্ৰতিবেদনত চি এছ মুৰানে কৰা মন্তব্য আছিল প্ৰাচুৰ্যজনক। সেই লোকপিয়লৰ প্ৰতিবেদনৰ তথ্য মতে, ১৯২০ৰ পৰা ১৯২১চনৰ ভিতৰত মৈমনচিঙিয়াই অধিগ্ৰহণ কৰা মাটিৰ পৰিমাণ আছিল ৩৩,৪০২ একৰ। যি পৰিমাণ ১৯২৯-৩০চনত হৈছিলগৈ ১লাখ ২হাজাৰ ৩৬৩ একৰ।

থলুৱা জনগোষ্ঠীসমূহে ৫টকা চৰকাৰক দি মাটি ল’বলৈ সক্ষম হোৱা নাছিল। তেনেবোৰ কাৰণতেই জনজাতি গাঁও সমূহ হেৰাই গৈছিল। গোপীনাথ বৰদলৈয়ে ১৯৩৯চনত প্ৰথমবাৰৰ বাবে জনজাতিসকলৰ সুৰক্ষাৰ বাবে নিষিদ্ধ এলেকাৰ প্ৰস্তাৱ ৰাখিছিল। এয়াই আছিল পৰৱৰ্তী সময়ত গঠন হোৱা ট্ৰাইবেল বেল্টৰ প্ৰথমটো খোজ।

ৰাজ্যত জনগোষ্ঠীয় লোকসকলৰ সংবিধান প্ৰদত্ত বিশেষ ব্যৱস্থা আছে যদিও ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে শাসক পক্ষই কোনো কাম কৰা নাই। আজিও জনগোষ্ঠীয় লোকসকল স্বায়ত্ত শাসনৰ পৰা বঞ্চিত হৈ ৰৈছে। এক মধ্যম শ্ৰেণীৰ সৃষ্টি, চৰকাৰী পক্ষৰ অৱহেলা, থলুৱা আৰু খিলঞ্জীয়া লোকসকললৈ পিঠি দি ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি গ্ৰহণ কৰা নীতি আদিৰে অসমৰ খিলঞ্জীয়াৰ স্ব-অধিকাৰ আন্দোলনৰ বিকল্প হ’ব নোৱাৰে। অসম আৰু অসমীয়াৰ বাবে আৰু বিকল্প ঠাই অসমৰ বাদে নাই। ইতিমধ্যে লাখ লাখ বিদেশীয়ে আহি অসমৰ জনবিন্নাশ সলনি কৰি পেলাইছে। তাৰ পাছতো যদি কোনোবাই কেৱল অসম চুক্তিৰ ৬নং দফাৰ কথা কৈ বিদেশীক আদৰণি জনাবলৈ সাজু হয় আৰু তেওঁলোকৰ বাবে নাগিৰকত্ব সংশোধনী বিধেয়কৰ দৰে বিধেয়কৰ পৃষ্ঠপোষকতা কৰে তেন্তে কোনজন অসমীয়া শুই থাকিব পাৰে?

অসমত অসমীয়া মানুহ আজি বিপদৰ সন্মুখীন হৈছে। শোষক শ্ৰেণীৰ পৃষ্ঠপোষক হৈ অহা দিল্লীয়ে অসমৰ ৰাইজক প্ৰতাৰিত আৰু বঞ্চিত কৰিছে। নিৰন্তৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিলে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি শেষ হৈ যাব। বিশ্বৰ বুকুৰ পৰাই লুপ্ত হ’ব এইবোৰ।

সেই জাতিধ্বংসী প্ৰক্ৰিয়াক প্ৰতিৰোধ কৰিবলৈ তীব্ৰ সংগ্ৰামৰ প্ৰয়োজন আছে। ইয়াৰ সপক্ষে-বিপক্ষে বহু যুক্তি থাকিব পাৰে। কিন্তু বিস্তাৰিত আৰু যুক্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আজিও শাসক পক্ষই আলোচনা কৰিবলৈ সুযোগ দিয়া নাই। জাতীয় জীৱনৰ এই প্ৰশ্নত জাতি নে দিল্লীৰ পক্ষত থাকিব সেই সিদ্ধান্ত প্ৰতিজন অসমীয়াই ল’ব লাগিব। ইয়াত আৱেগ বা ৰাজনৈতিক চমকৰ স্থান নাই। দণ্ড, আদৰ্শ, ভেদা-ভেদ পাহৰি জাতীয় সংকটৰ মুহূৰ্তত জাতিৰ পক্ষত থিয় দিবলৈ সকলো ওলাই আহিছে।

সেয়াই কৈছিল ড০ হীৰেণ গোঁহায়ে। তেওঁৰ মৌলিক চিন্তা, জিজ্ঞাসা আৰু গভীৰ অনুধাৱনেৰে প্ৰতিবাদৰ ভাষা নুবুজা দিল্লী-দিছপুৰক সতৰ্কবাণী দিছিল। সেয়াই তেওঁৰ ভুল হ’ল। যাৰ বাবে তেওঁৰ দৰে এজন বিশিষ্ট বুদ্ধিজীৱীৰ বিৰুদ্ধে গোচৰ তৰি ধৰ্মৰ প্ৰতি প্ৰতিক্ৰিয়াশীল চক্ৰটোৱে নিজৰ প্ৰভাৱ বিস্তাৰেৰে তেওঁক অপদস্থ কৰাৰ চেষ্টা কৰিছে। তেওঁ স্বাধীনচেতিয়াভাৱে মত প্ৰকাশৰ অধিকাৰ ৰাষ্ট্ৰই কাঢ়ি ল’ব বিচাৰিছে। সেয়া কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে। যদি এই মন্তব্যৰ বাবে ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, তেন্তে ফেচীবাদী এই চৰকাৰে তেওঁলোকৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা প্ৰতিজন অসমীয়াৰ বিৰুদ্ধে গোচৰ তৰক।

এতিয়া মূল্যবোধৰ অভাৱ। শাসক পক্ষই গণতন্ত্ৰৰ মূল্যবোধৰ ওপৰত বিশ্বাস ৰাখিলে ধৰ্মীয় বিভাজনৰে নাগৰিকক শ্ৰেণী বিভাজন কৰি এক উচ্চ আদৰ্শ আৰু ৰাষ্ট্ৰীয় নিৰ্মাণত দেশবাসীক জড়িত কৰাই প্ৰগতিৰ সপোন দেখিলে হয়। কিন্তু তাকে নকৰি ভাতৃঘাটী যজ্ঞৰে ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ সলনি কৰি এনে পদক্ষেপ কেতিয়াও গ্ৰহণ নকৰিলে হয়।

সাম্ৰাজ্যবাদী অধিপত্য আৰু ভাৰত উপনিবেশবাদৰ মাজত যেন এতিয়া কোনো পাৰ্থক্য নাই। অসমীয়াৰ স্বাধীন চেতিয়া স্বাৱলম্বী, অৰ্থনীতি এইসকলৰ পৃষ্ঠপোষকতাতেই ধ্বংস হ’ল। উদাৰ আৰু মুকলি জনগোষ্ঠীয় মানুহৰ মনবোৰ শংকাৰে ভৰি পৰিল। তাৰপাছত ধৰ্মৰ সম্প্ৰদায়ৰ নামত ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত এইসকলে অসম আৰু অসমীয়াক বলিৰ পথা সজাব লৈছে। তেনে পৰিস্থিতিত স্বাধীন অসমৰ প্ৰসংগৰ কথা উত্থাপন কৰি শাসক পক্ষৰ লগতে ৰাষ্ট্ৰক তেনে নকৰিবলৈ সকীয়াই দিয়াত কি ভুল হ’ব পাৰে।

ড০ হীৰেণ গোঁহাই যদি আপোনালোকৰ দৃষ্টিত ৰাষ্ট্ৰদ্ৰোহী, তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও জাতিদ্ৰোহী। এজনে জাতিৰ স্বাৰ্থত ৰাষ্ট্ৰক সকীয়াই দিয়াৰ বাবে ৰাষ্ট্ৰদ্ৰোহী বোলা হৈছে আৰু আপুনি জাতি-মাটি-ভেটিক তেওঁলোকৰ হাতত গতাই দি জাতিদ্ৰোহী আখ্যা পাইছে। এতিয়া ৰাইজেই বিচাৰ কৰক- আচলতে অপৰাধী কোন?

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি