চৰকাৰৰ বিৰুদ্ধে গ’লেই বিপদ!

চৰকাৰৰ বিৰুদ্ধে গ’লেই বিপদ!

► মৃদুল কুমাৰ সন্দিকৈ

কি চলিছে দেশত? গণতন্ত্ৰ নে হিটলাৰী শাসন? অতি কৌশলেৰে সকলোৰে মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ চলিছে চৌদিশে। সকলো দেখিও, সকলো শুনিও কোনো প্ৰতিবাদ কৰিব নোৱাৰাকৈ টেঁটুত চেপি ধৰিছে শাসকগোষ্ঠীয়ে। ৰাষ্ট্ৰযন্ত্ৰৰ নামত এই ফেচীবাদৰ অগ্ৰাসনে গণতন্ত্ৰৰ মৰ্যাদাক ভুলন্ঠিত কৰিছে। অতি শেহতীয়াকৈ বিভিন্ন ধৰণৰ সামাজিক-ৰাজনৈতিক আৰু প্ৰগতিবাদী চিন্তা-চৰ্চাৰে কাম কৰি থকা বেচৰকাৰী সংস্থাসমূহৰ ওপৰতো চৰকাৰে ৰঙা চকু দিছে।

শাসক পক্ষৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ, ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ হৈ মাত মতাই তেওঁলোকৰ অপৰাধ। মানৱ অধিকাৰ খৰ্ব কৰা কোনো বিষয়ৰ বিৰুদ্ধে গৰজি উঠিছিল এমনেষ্টী ইণ্টাৰনেশ্যনেল নামৰ সংস্থাটো। আন্তঃৰাষ্ট্ৰীয় এই মানৱ অধিকাৰৰ হকে কাম কৰা সংস্থাটোতো কৌশলেৰে এই চৰকাৰে মুখ বন্ধ কৰাৰ চক্ৰান্ত চলালে। ২৬ অক্টোবৰত এনফৰ্চমেন্ট ডাইৰেক্টৰেটে এমনেষ্টী ইণ্টাৰনেশ্যনেলৰ বাংগালুৰুৰ কাৰ্যালয়ত অভিযান চলালে।

ভাৰতত থকা এমনেষ্টী ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয়ত ই ডিৰ অভিযানৰ কাৰণ হিচাপে বহিঃৰাষ্ট্ৰৰ পৰা ধন অহা এই সংস্থাটোৱে এফ ডি আইৰ নিৰ্দেশনা হেনো মানি চলা নাই। সেই অভিযোগতে কাৰ্যালয়ৰ ভিতৰত তন্ন তন্নকৈ অভিযান চলোৱা হ'ল। ফ'ৰেইন এক্সেঞ্জ মেনেজমেন্ট এক্ট চমুকৈ এফ ই এম এ ভংগ কৰাৰ বিৰুদ্ধে এই অভিযান চলাবলৈ ই ডি সূত্ৰই ৰাজহুৱা কৰিলে। ১০ ঘণ্টা ধৰা চলা এই অভিযানত বহু নথি পত্ৰ জব্দ কৰা হ'ল।

চৰকাৰী পক্ষৰ এই অভিযোগৰ বিপৰীতে প্ৰকৃত বাস্তৱ পৃথক। ২০১৭চনৰ এপ্ৰিলত চৰকাৰে লোকসভাত এক তথ্য দাখিল কৰিছিল। সেই তথ্য অনুসৰি দেশৰ বাহিৰৰ পৰা ধন অহা ৫হাজাৰ বেচৰকাৰী সংস্থা (এন জি অ')ৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল। ফ'ৰেইন কন্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট (এফ চি আৰ এ)ৰ অধীনত এই বেচৰকাৰী সংস্থাসমূহৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনাইছিলল কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজুৱে। কিন্তু আন এক দৃষ্টিকোণেৰে চাবলৈ গ'লে চৰকাৰে এই আইনৰ আধাৰত প্ৰকৃততে কোনবোৰ এন জি অ'ৰ মুখ বন্ধ কৰিব বিচাৰিছে তাকো বিশ্লেষণ কৰিব লাগিব।

২০১৪চনৰ শাসনলৈ অহাৰ পাছত দেশৰ ২০হাজাৰ এন জি অ'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। যাৰফলত এই এন জি অ' সমূহে তেওঁলোকৰ কাম-কাজৰ বাবে দেশৰ বাহিৰৰ দল-সংগঠনৰ পৰা ধন ল'ব নোৱাৰিব।পূৰ্বতে এফ চি আৰ এৰ অধীনত অনুজ্ঞাপত্ৰ লাভ কৰা এন জি অ' সমূহৰ অনুজ্ঞাপত্ৰ আছিল স্থায়ী। কিন্তু ২০১৬চনত এফ চি আৰ এ সংশোধনৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ সময়সীমা ৫ বছৰ কৰা হ'ল।

ইয়াৰ উপৰিও যাতে সংগঠনসমূহে এই ধন ব্যয়ৰে কোনো সামাজিক বা চৰকাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদ সৃষ্টি হ'ব পৰা আন্দোলন কৰিব নোৱাৰে তাৰ বাবে নতুন নিয়মৰো সংযোগ কৰা হ'ল। এক অৰ্থত এই এন জি অ' সমূহক লেকাম লগাবলৈকে যেন চৰকাৰে সেই কাম কৌশলেৰে কৰিছে। চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰা বেছি সংখ্যক এন জি অ' য়ে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে। তাৰ ভিতৰত- নৰ্মদা বচাও আন্দোলনৰ সৈতে জড়িত এন জি অ'ও আছে।

সমগ্ৰ দেশতে হস্তক্ষেপ আৰু অতি সাৱধানতাৰে দল-সংগঠনসমূহৰ ওপৰত চৰকাৰৰ আক্ৰমণ চলিছে। চৰকাৰৰ বিৰুদ্ধে আন্দোলন-প্ৰতিবাদ সাব্যস্ত কৰিলেই সেই আন্দোলন মষিমূৰ কৰিবলৈ অতি তলৰ পৰ্যায়লৈ নামি তেওঁলোকক নিঃশেষ কৰি দিয়াৰ চক্ৰান্ত চৰকাৰী প্ৰশাসন যন্ত্ৰৰ জৰিয়তে আৰম্ভ কৰিছে। অসমত দল-সংগঠনসমূহৰ অস্তিত্ব আৰু প্ৰতিবাদী কাৰ্যপন্থাক চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ বাবে নিতৌ নতুন জাল মেলিছে। সেই জালত কিছু কিছু স্বেচ্ছাই ভৰি দিছে।

জাতীয় অস্তিত্ব সংকটত পৰাৰ সময়ত ভাৰত ৰাষ্ট্ৰৰ সৈতে আলোচনা চলি থকা আলফাৰ মৌনতা লক্ষণীয়। তেওঁলোকক আচলতে মুখ বন্ধ কৰি থবলৈ শাসক পক্ষই যেন কঠোৰ নিৰ্দেশ দি থৈছে। যাৰ বাবে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই অহাৰ পাছতো এদিন স্বাধীন অসমৰ সপোন দেখুওৱা সকলে অসমলৈ বিদেশীহে আনিম বুলি কোৱাৰ পাছতো মাত মাতিবলৈ সাহস কৰা নাই। অৰবিন্দ ৰাজখোৱা, প্ৰদীপ গগৈ, অনুপ চেতিয়া আদি নেতাসকলৰ মুখ বন্ধ। দুই-এজনে মাত মাতিলেও অসহায়ভাৱে স্বীকাৰ কৰিছে আলোচনাৰ এই প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে মুখ খুলিব পৰা অৱস্থাত নাই।

ইয়াৰ ব্যতিক্ৰম আছিল মৃণাল হাজৰিকা, জিতেন দত্ত আদি। এওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতো এটা শব্দ ক'বলৈ সাহস গোটাব নোৱাৰিলে অৰবিন্দ ৰাজখোৱাই। ৰাইজমেলত অংশ লৈ অনুপ চেতিয়াই সেই অসহায়তাৰ কথা মুকলিকৈ কৈছিল। জাতি-মাটিৰ সংকটৰ মুহূৰ্তত ঘোৰ নিদ্ৰাত থকা সকলে আজি আলোচনাৰ পৰিণতিত ক্ষমতা দখলেৰে জাতিৰ কথা ভাবিব বুলি ভবাতো মহা মূৰ্খামি। এই সকল জ্যেষ্ঠ আলফা নেতাৰ বিপৰীতে চৰকাৰে গ্ৰেপ্তাৰ কৰি জে'লত ভৰাই থোৱা মৃণাল হাজৰিকা, জিতেন দত্তৰ ক্ষেত্ৰত চৰকাৰে কিছু পৃথক অৱস্থান লক্ষ্য কৰিছিল। জাতীয় চেতনাৰ প্ৰতি অধিক দায়ৱদ্ধশীল হোৱাৰ সেই লক্ষণেই তেওঁলোকৰ বাবে কাল হৈছিল।

চৰকাৰে বুজিছিল, চৰকাৰে বিচৰা ধৰণেই আলোচনাৰ টেবুলত তেওঁলোকে 'হয় হুজুৰ' হৈ নাথাকিব। আলোচনাত থকাৰ অৱস্থাতো আন বিদ্ৰোহী নেতৃত্বই প্ৰয়োজনত মাত মাতে। কিন্তু সামগ্ৰিকভাৱে আলফাৰ হৈ জাতীয় সংকটৰ এই মুহূৰ্তত সংগঠনটোৰ স্থিতি এতিয়াও স্পষ্ট কৰিব নোৱাৰিলে অৰবিন্দ ৰাজখোৱা বা অনুপ চেতিয়াই। ব্যক্তিগতভাৱে তেওঁলোকৰ মতামত আৰু এই মহাসংকটৰ সময়ত তেওঁলোকৰ দুৰ্বল স্থিতি জাতিটোৰ বাবে দুৰ্ভাগ্যজনক।

শান্তিৰ সন্ধানেৰে আলোচনাৰ মেজত বহি থকা সকলে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত বিশ্বাস ৰখাতো শুভলক্ষণ। বন্দুক, বাৰুদৰ মুক্তি সংগ্ৰামৰ পথৰ পৰা তেওঁলোক ওলাই আহি জাতীয় দায়িত্ববোধৰ প্ৰতি আজি কিমান সচেতন আৰু দৃঢ় হৈ আছে তাৰ ওপৰতো ৰাইজৰ চকু থাকে। ইমানবোৰ জাতীয় সমস্যা তথা প্ৰত্যাহ্বান অহাৰ পাছত সেই সন্দৰ্ভত অৰিবন্দ ৰাজখোৱাই আজিলৈকে দৃঢ়তাৰে কি মাত মাতিলে সেই প্ৰশ্নৰ উত্তৰ কিন্তু ৰাজখোৱা তথা আলফা নেতৃত্বৰ হাতত নাই।

হত্যা, হিংসা কোনেও কামনা নকৰে। একেদৰে বন্দুক আৰু ভীৰ্তি প্ৰদৰ্শনেৰে কোনো সমস্যা সমাধান কৰিব নোৱাৰি। এখন গণতান্ত্ৰিক দেশত জনমতক কেতিয়াও উপেক্ষা কৰিব নোৱাৰে চৰকাৰে। সেই সবল জনমতৰ বাবে ঐক্যতাৰ প্ৰয়োজন। ৬০টাকৈ দল-সংগঠনে জাতীয় স্বাৰ্থত ঐক্যবদ্ধ হৈছে। সেই মঞ্চত কিন্তু নাই এনে বহু জাতীয় স্বাৰ্থ আৰু আবেগক লৈ দীৰ্ঘদিন সংগ্ৰাম কৰা কিছু দল-সংগঠন। তেওঁলোকে চৰকাৰ বা ৰাইজৰ কোন পক্ষত আছে সেই কথা ধূসৰ ৰাখি মাজে মাজে কেৱল 'সতৰ্ক কৰি দিছো' জাতীয় নিয়ম মাফিক সতৰ্কবাণীৰে দায়িত্ব সামৰিছে।

এই দল-সংগঠনবোৰে এদিন বিপদৰ সন্মুখীন হ'ব। গণবিচ্ছিন্ন হৈ পৰাৰ পাছত তেওঁলোক নিজেই অস্তিত্ব সংকটত পৰিব। গণতন্ত্ৰৰ বিৰুদ্ধে অতি সাৱধানে ৰাষ্ট্ৰযন্ত্ৰই চলাই আছে এই অভিযান। কাৰোবাক ভীৰ্তি প্ৰদৰ্শন, কাৰোবাক নিজৰ পক্ষত ৰাখি, আন কাৰোবাক আইনৰ দোহাই দি হাত-ভৰি বান্ধি চৰকাৰৰ বিৰুদ্ধে থিয় দিয়া সকলক নিষ্ক্ৰিয় আৰু নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰিছে সমগ্ৰ দেশজুৰি।

ৰাম মন্দিৰ সন্দৰ্ভত আদালতৰ ৰায়ৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে আৰ এছ এছে। সেই আন্দোলনত পূৰ্ণ পৰোক্ষ সমৰ্থন থাকিব। একেদৰে অসমতো বঙালী সংগঠনসমূহৰ প্ৰতি চৰকাৰৰ স্থিতি সদায় নৰম। কিয়নো তেওঁলোকৰ আন্দোলন চৰকাৰৰ পক্ষ আৰু সুবিধাৰ হকে। সেই সকলৰ পৃষ্ঠপোষক হোৱাৰ বিপৰীতে চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলক চলে-বলে-কৌশলে মুখ বন্ধ আৰু নিঃশেষ কৰাৰ এই ফেচিবাদী অভিযানৰ বিৰুদ্ধে আজিও প্ৰতিবাদ হোৱা নাই।

অসমৰ প্ৰেক্ষাপটতেই সেয়া অধিক স্পষ্ট। বিলাসী জীৱনত অভ্যস্ত হৈ পৰা বিদ্ৰোহীসকলৰ জাতীয় চেতনাত এতিয়া মৰুভূমিৰ বালি। তেওঁলোকে জাতীয় স্বাৰ্থতকৈ, সংগঠনৰ লক্ষ্যতকৈ ব্যক্তিগত জীৱনৰ লাহ-বিলাহৰ প্ৰতি অধিক আগ্ৰহী যেন বোধ হয়। নহ'লেনো অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি জাতীয় স্বাৰ্থতে আলোচনাত বহা সকলে এবাৰলৈ হ'লেও ক'ব নোৱাৰিলে হেতেন নে- এনে হ'ব আমি নিদিও। সংকটত থকা জাতি-মাটিৰ হকে অৰণ্যলৈ ঘূৰি নগ'লেও ৰাজপথলৈ ঘূৰি যাম। গণতন্ত্ৰত সদায় প্ৰতিবাদৰ অধিকাৰ আছে। সেই প্ৰতিবাদ যদি ৰাইজৰ স্বাৰ্থত আৰু শান্তিপূৰ্ণভাৱে হয়, তেন্তে কোনে বাধা দিব পাৰে তেওঁলোকক।

অখিল গগৈৰ নেতৃত্বত ৬০ সংগঠনৰ যি বৃহৎ মঞ্চই চৰকাৰৰ অসম আৰু অসমীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছে, এই আন্দোলনৰ যুক্তিযুক্ততাক কোনেও নুই কৰিব নোৱাৰে। অন্তত চৰকাৰেও এনে সংগ্ৰামী সত্তাক নেতৃত্ব দিয়া সকলৰ গাত হাত দিবলৈ ১০বাৰ ভাবিব লাগিব। কিয়নো তেওঁলোক কাৰোবাৰ হাতৰ ইচাৰাত নচা নেতা নহয়। তেওঁলোক কাৰোবাৰ শ্ৰুতলিপি মানি থকা সংগঠনৰ নেতৃত্ব নহয়। কোনোবাই চুপ বুলি ক'লেই 'চুপ' নাথাকে। ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে হাজাৰ বাৰ মাত মাতিব। অৱশ্যে এই কণ্ঠ ৰুদ্ধ কৰিবলৈও ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত থাকিব ৰাষ্ট্ৰযন্ত্ৰৰ।

চৰকাৰ বিৰোধী আন্দোলনক গতিৰুদ্ধ কৰিবৰ বাবে সাৱধানে এই আন্দোলনৰ সৈতে জড়িত দল-সংগঠন, বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ পাছত এই কথা স্পষ্ট হৈছে যে- ফেচিবাদ চৰিত্ৰৰ পূৰ্ণ প্ৰতিফলন ঘটিছে চৰকাৰৰ কাম-কাজত। দেশত বিদেশী পুঁজিৰ ব্যৱহাৰেৰে লুণ্ঠন চলোৱা বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ চকুৰ কুটা, দাঁতৰ শূল হৈ পৰা সকলৰ বিৰুদ্ধে। চৰকাৰে বুজাই দিব বিচাৰিছে- চৰকাৰৰ বিৰুদ্ধে গ'লেই আহিব বিপদ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in