লোকসভা নিৰ্বাচন ২০১৯ঃ কি বিচাৰে অসমবাসীয়ে…

লোকসভা নিৰ্বাচন ২০১৯ঃ কি বিচাৰে অসমবাসীয়ে…

♦ পলাশ জ্যোতি গগৈ

'দলে যি সিদ্ধান্ত লয়, সেয়াই হ'ব মোৰ সিদ্ধান্ত।'- নিৰ্বাচনৰ সময়ত বহুবোৰ মৌলিক বিষয় সন্দৰ্ভতে প্ৰাৰ্থীৰ মুখত এনে উত্তৰেই সহজলভ্য। আন কি নিৰ্দলীয় সদস্যৰ ক্ষেত্ৰতো চালে বেৰে কোবোৱা কথাৰে পাৰ হৈ যায় তেওঁলোক।

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতে আমাক ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এখনৰ নাগৰিক ৰুপে গণ্য কৰা হলেও আমাৰ নিৰ্বাচনী ব্যৱস্থাটোৱে সদায় এনে কোনো শক্তিক ক্ষমতা দখলৰ সুযোগ প্ৰদান কৰে, যাৰ বাবে জনসাধাৰণৰ মৈলিক সমস্যাবোৰ গৌণ হৈ পৰাই নহয় বহু সময়ত ইয়াক সমস্যা বুলিয়ে গণ্য কৰা নহয়। যাৰ পৰিণতিতে স্বাধীনতাৰ পৰৱৰ্তী কালত শাসন ব্যৱস্থাটোৰ প্ৰতি আস্থা বিশ্বাস আদি ভংগ হোৱাই নহয়, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ, বিদ্ৰোহ আদি ক্ৰমবৰ্ধমান হাৰত অব্যাহত আছে। দেশজুৰি অব্যাহত থকা এনে প্ৰতিবাদ অথবা বিদ্ৰোহক উলাই কৰি চলাৰ বাবেই সমস্যাবোৰৰ সমাধানৰ পৰিৱৰ্তে তাৰ ভেটিতে আকৌ ন ন সমস্যাৰহে সৃষ্টি হৈছে। সমাধান বিচাৰি এনেদৰে দিশহাৰা হৈ পৰা মানুহক কিদৰে এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব পৰা যায় তাৰ বাবেও চলিছে ন ন সম্পৰীক্ষা।

চুডমাৰ্চন হলত আলোচনাৰ সময়ত…
চুডমাৰ্চন হলত আলোচনাৰ সময়ত…

অসমৰ সমস্যাৰ পটভূমিত ৰাজপথৰ আন্দোলনৰ বিকল্প হিচাপে এনে এক নতুন সম্পৰীক্ষা হ'ল 'ছানা' নামৰ স্বেচ্চাসেৱী অনুষ্ঠান এটাই 'কো-অৰ্ডিনেশ্যন কমিটী অন পাৰ্টিচিপেশ্যন অন ডেমক্ৰেছী'ৰ সহযোগত সমগ্ৰ অসমৰ সমস্যাৰ মূল উৎসৰ সন্ধান কৰি ৰাষ্ট্ৰীয় মঞ্চত সমাধানৰ সম্ভাৱ্য সূত্ৰসহ উপস্থাপন কৰাৰ বাবে প্ৰাক নিৰ্বাচনী কালত চলোৱা এক অধ্যয়ন। এই অধ্যয়নৰ কালছোৱাত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ লোকক সুকীয়া সুকীয়াকৈ লগ কৰাৰ উপৰি কেইাবালানিও আলোচনা অনুষ্ঠিl কৰাৰ পিছত অসমৰ কৃষি, শিক্ষা, স্বাস্থ্য, সমাজ ব্যৱ্স্থা, অৰ্থনীতি, উদ্যোগ আৰু বাণিজ্যকে ধৰি বিভিন্ন বিষয়ত তথ্য সম্বলিত এক প্ৰতিবেদন যুগুতোৱা হৈছিল।

৮ এপ্ৰিলত ৰাজ্যৰ ১৬খন জিলাৰ প্ৰতিনিধি আৰু বিভিন্ন স্বেচ্চাসেৱী অনুষ্ঠান তথা সমল ব্যক্তিৰ উপস্থিতিৰ লগতে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৰাজনীতিৰে জড়িত কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিত এই প্ৰতিবেদনৰ পৰ্যালোচনা কৰা হৈছিল। অসমত প্ৰথমবাৰলৈ এনে এক পদ্ধতিগত প্ৰক্ৰিয়াৰ এয়া যে আৰম্ভণি আৰু এই আৰম্ভণিয়ে যে আহি থকা বিধানসভাৰ নিৰ্বাচনৰ সময়লৈ ই যে এক নিৰ্ণায়ক ভূমিকা লবলৈ সক্ষম হ'ব সেই বিষয়ে সন্দেহৰ অৱকাশ নাই।

চুডমাৰ্চন হলত আলোচনাৰ সময়ত…
চুডমাৰ্চন হলত আলোচনাৰ সময়ত…

৮ এপ্ৰিলত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্ছন হলত অনুষ্টিত হোৱা সভা তথা ৰাজনৈতিক নেতাৰ সৈতে হোৱা ১৬ খন জিলাৰ জনসাধাৰণৰ মত বিনিময়ৰে চুড়ান্ত খচৰা প্ৰস্তত অনুষ্ঠানত কেইবাজনো ৰাজনৈতিক নেতা উপস্থিত থাকে। বিজেপি দলৰ হৈ সত্যৰঞ্জন বৰা, কংগ্ৰেছৰ হৈ ধ্ৰুৱ প্ৰসাদ বৈশ্য, নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা আৰু জোনমনি দেৱা খাউণ্ড উপস্থিত থাকে উক্ত অনুষ্ঠানত। অনুষ্ঠানটোত উপস্থিত থকা সকলো শ্ৰেণীৰ লোকে বিভিন্ন প্ৰশ্ন কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আৰু তাৰ সমাধান বিচৰা হয়।

বৰ্তমান আমাৰ সমাজৰ আটাইতকৈ মাৰাত্মক ব্যাধিটো হৈছে নিবনুৱা সমস্যা। অসমত বৰ্তমান আছে প্ৰায় ২৩ লাখ নিবনুৱা যুৱক-যুৱতী। য'ৰ প্ৰায় ২০ লাখ লোকে কৰ্মৰ সন্ধানত বৰ্হি ৰাজ্যলৈ যাবলগীয়া হৈছে। তাৰ প্ৰধান কাৰণেই হৈছে- অসমত ক্ষুদ্ৰ উদ্যোগৰ অভাৱ। অসমত উচ্চ শিক্ষা গ্ৰহন কৰিও যুৱক-যুৱতীসকলে কামৰ সন্ধানত কম টকাৰ বিনিময়তে বৰ্হি ৰাজ্যলৈ যাবলগীয়া হৈছে। অৱশ্যে এনে সমস্যা সমাধানৰ চিন্তা কৰিলে চৰকাৰৰ বাবে ই অসম্ভৱ নহয়। যুৱ চামক আগবঢ়াই নিবৰ বাবে চৰকাৰে কৰিব পাৰে বিভিন্ন কাম। চৰকাৰৰ যুৱক আৰু উন্নয়ন শীৰ্ষক এজন মন্ত্ৰীৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে দেখা যায়। যুৱ চামক কামৰ সন্ধান দিব পৰাকৈ চৰকাৰে 'যুৱ শক্তি আৰু ক্ষমতা' শীৰ্ষক এক আঁচনি ল'ব পাৰে। তাৰোপৰি 'যুৱ বেংক' স্থাপন কৰি বিভিন্ন বেংকৰ পৰা সাহাৰ্য লৈ বা ৰাজ্যত প্ৰতিস্থান চলোৱাৰ বাবদ কৰ হিচাপত পুঁজি সংগ্ৰহ কৰি অসম চৰকাৰে এক ব্যৱস্থা গ্ৰহন কৰিব পাৰে।

উল্লেখ্য যে, ৰাজ্যৰ নিবনুৱা সমস্যা সমাোধানৰ কথা ক'লে চৰকাৰে বিভিন্ন প্ৰশিক্ষণৰ মাধ্যমেৰে যুৱক-যুৱতীক স্বাৱলম্বী হোৱাৰ বাবে পথ দিয়াৰ কথা কয়। কিন্তু কোনো এজন লোকক স্বাৱলম্বী হোৱাকৈ কোনো কামৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে মাত্ৰ এমাহ বা এসপ্তাহৰ প্ৰশিক্ষণেই যথেষ্ট নহয়।

জনপ্ৰতিনিধিক প্ৰশ্ন সোধাৰ সময়ত…
জনপ্ৰতিনিধিক প্ৰশ্ন সোধাৰ সময়ত…

অসমৰ চাহ দেশৰ ভিতৰতে বিখ্যাত। চাহ উৎপাদনত অসমৰ এটা বিশেষ নাম আছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে আজি অসমৰ চাহ খেতিয়কসকলে এই কৃষি কাৰ্যৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণটোৱেই হৈছে চাহ খেতিয়কসকলে লাভ কৰিব লগা কেঁচা চাহপাতৰ মূল্য। এই মূল্য লাভ নকৰিয়েই দেহৰ ঘাম মাটিত পেলাই চাহ উৎপাদন কৰা খেতিয়কসকলে নিজৰ কৃষি কাৰ্যক লৈ অসন্তুষ্ট হৈ পৰিছে। তাৰ সমান্তৰালৈ লক্ষণীয় বিষয়টো হৈছে, এই চাহ খেতিৰ সৈতে জড়িত জনগোষ্ঠীয় লোকসকলক লৈও চলাই অহা ৰাজনীতি। একো একোটা ৰাজনৈতিক দলে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা এই চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰতি চিন্তা কৰোতা কোনো নাই। যাৰ বাবে আজিও এক পিছপৰা শ্ৰেণী হিচাপেই এই লোকসকল পৰিচিত হৈ আহিছে।

ৰাজ্যত অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, গোৱালপাৰা, কামৰূপ, ধেমাজি, উত্তৰ লখিমপুৰ, নগাওঁ, শোণিতপুৰ আৰু দৰং জিলাত অধিক চাহ উৎপাদন হয়। অসমৰ প্ৰায় কুৰি শতাংশ লোক চাহ শিল্পৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চাহে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। দেশখনত উৎপাদিত মুঠ চাহৰ প্ৰায় ৫৩ শতাংশ উৎপাদন হয় অসমত। উল্লেখ্য যে, ভাৰতত উৎপাদিত ৬০ শতাংশ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। অসমত মুঠ ৮০১খন সৰু-বৰ চাহ বাগিচা আছে। ইয়াৰে ৫০৩খন বৃহৎ আৰু ২৯৮খন ক্ষুদ্ৰ চাহ বাগিচা। ইফালে সৰু চাহ বাগিচা মুঠ অসমত আছে প্ৰায় ১.৫০ লাখ। বাগিচা সমূহত কৰ্মৰত মুঠ শ্ৰমিকৰ পৰিমাণ প্ৰায় ২০ লাখ হ'ব।

শ্ৰমিকসকলে নিজৰ উপযুক্ত প্ৰাপ্যৰ বাবে বহু সংগ্ৰাম কৰিবলগীয়া হৈছে। ১৬৭ টকাৰ পৰা মজুৰি ৩৫০ টকালৈকে বৃদ্ধি কৰাৰ বাবে বহু দাবী উঠিছে যদিও এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ৰাজ্য চৰকাৰে। তাৰোপৰি বাগিচা কৰ্তৃপক্ষই অস্থায়ী কৰ্মচাৰীৰ দ্বাৰা কাম সম্পাদন কৰাৰ বাবে চাহ বাগান এলেকাত নিৱনুৱাৰ সংখ্যাও দ্ৰুত হাৰত বৃদ্ধি পাইছে।

স্বাধীনতাই আজি ৭০ বছৰ পাৰ কৰিলে। কিন্তু আজিও অসমৰ কৃষকৰ সমস্যাৰ অন্ত নপৰিল। বান, খহনীয়া আদি সমস্যাৰ মাজেৰে কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰিলেও শেষত নাপায়গৈ সেই উৎপাদিত সামগ্ৰীৰ উচিত মূল্য। যাৰ পৰিপ্ৰেক্ষিত আজিও ৰাজ্যখনৰ ৬০ শতাংশ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত সাধাৰণ লোকে আৰ্থিক অনাটনৰ মাজেৰে পাৰ কৰিছে দুৰ্বিসহ সময়। ৰাজ্যখনৰ কৃষি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে এটা কৃষি বিভাগ থাকিলেও সেই কৃষি বিভাগটোৰ কাম বুলিবলৈ একো নাই। চৰকাৰে কৃষি ক্ষেত্ৰৰ বাবে মোকলাই দিয়া লাখ লাখ টকা শৰাধ কৰা কৃষি বিভাগটোৰ চৰম অবহেলা আৰু লাঞ্চনাৰ বাবেই আজিও পিছ পৰি ৰৈছে ৰাজ্যখনৰ কৃষক সমাজ।

অসমত প্ৰথম বাৰৰ বাবে এনে এক পৰ্যালোচনা হৈছে। সাধাৰণ নিৰ্বাচন ২০১৯ৰ অসমবাসীৰ প্ৰত্যাশাক লৈ ছ'চিয়েল একচন ফৰ নিউ অল্টাৰ্নেটিভ চমুকৈ ছানাই এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ ১৬খন জিলাত আয়োজন কৰা এটা বিষয়ভিত্তিক আলোচনাৰ জৰিয়তে প্ৰস্তুত কৰা এই প্ৰতিবেদনখন দলিল হ'ব।

ইয়াত মুলতঃ যুৱকসকলৰ আশা-আকাংক্ষা, যুৱপ্ৰজন্মৰ সংস্থাপন, প্ৰব্ৰজন, বিত্তীয় সাহায্য আৰু ঋণ, প্ৰশিক্ষণ আৰু উন্নয়ন, কৰ্মসংস্কৃতিৰ দিশবোৰ সামৰি লোৱা হৈছে। গ্ৰাম্য অৰ্থনীতি আজি এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি বিচাৰি চহৰলৈ গুচি গৈছে। সেই প্ৰব্ৰজনে এক অঞ্চলৰ গ্ৰাম্য অর্থনীতিক ভাঙি পেলাইছে।

কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীয়ে জীৱনসংগ্ৰামত ব্ৰতী হৈছে। সেই যুৱকসকলক কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে চৰকাৰে গুৰুত্ব দিব লাগে। অসমৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ কৰিবলৈ গৈ এনে উদ্যোগেৰে কেবাটাও দিশৰ সমস্যা সমাধান কৰিব পাৰে।

ইয়াৰ বাবে বিত্তীয় সাহায্য প্ৰদানত চৰকাৰৰ এক নীতি লাগে। নিবনুৱাক কিমান ঋণ মাফ আৰু প্ৰদান কৰা হয় তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ এই খচৰাৰ জৰিয়তে শাসনাধীষ্ঠ চৰকাৰখনক আহ্বান জনোৱা হৈছে।

নিবনুৱা যুৱকসকলৰ প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ কথা খচৰাত উল্লেখ আছে। মৰ্যাদা সম্পন্ন কৰ্মসংস্কৃতিৰ ওপৰত খচৰাত গুৰুত্ব দিছে। এই আঁচনিখন খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ, চাহ বাগানত বনোৱাৰ ঘৰৰ অধিকাৰ, শিক্ষা, শিশু অধিকাৰ, অনাময় ব্যৱস্থা, জীৱিকা আদি বিষয়বোৰ বৰ সচেনতাৰে ইয়াত উল্লেখ কৰা হৈছে।

ভূমি সমস্যাৰ ক্ষেত্ৰত চৰকাৰে কৰিব লগা ১০ পৰামৰ্শ দিছে ইয়াত। যিকেইটা পৰামৰ্শই অসমৰ নতুন ভূমিনীতি প্ৰস্তুত কৰাত সহায় কৰিব। ৰাজ্যখনত ছিলিং আইনৰ অধীনত অধিগৃহীত মাটিবোৰ ৰাইট আৰু দখলদাৰী খেতিয়কৰ মাজত বিতৰণ নকৰাৰ বাবেই আজি বহু ভূমি কৰ্পাৰেট গোষ্ঠী বা কোম্পানীবোৰে দখল কৰিছে।

কৃষি উদ্যোগ, কৃষি বিপনৰ ক্ষেত্ৰত চৰকাৰে ল'ব পৰা ২০টা পৰামৰ্শ আছে এই খচৰাত। এই খচৰাখনত শিক্ষাৰ ব্যৱস্থাক কেনেদৰে সংস্কাৰ কৰিব পাৰি, শিক্ষা কেন্দ্ৰিক পাঠ্যক্ৰম প্ৰকাস আৰু প্ৰস্তুতৰ ওপৰত গুৰুত্ব, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ল'ব লগা ব্যৱস্থা, গুণগত শিক্ষাত গুৰুত্ব দিয়া হৈছে।

মহিলা সমস্যাৰ আশা-আকাংক্ষাক দাঙি ধৰা হৈছে এই খচৰাত। চৰাঞ্চলৰ লোকসকলে ভোগ কৰা ভালে কেইটা সমস্যা আলোকপাত কৰিছে খচৰাখনত। তাৰ ভিতৰত কৃত্ৰিম বানপানী, নলা-নৰ্দমাৰ ব্যৱস্থা, পদপথৰ ব্যৱসায়ীসকলক লৈ সৃষ্টি হোৱা সমস্যা আৰু সমাধান, নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ, ঘৰুৱা শ্ৰমিক, খোৱাপানী সমস্যাৰ লগতে নাগৰিকৰ দৃষ্টিত নাগৰিকৰ সমস্যা উল্লেখ আছে খচৰাত।

'সাধাৰণ নিৰ্বাচন ২০১৯, অসমবাসীৰ প্ৰত্যাশা' শীৰ্ষ এই খচৰাৰ প্ৰতিবেদন কোনো ৰাজনৈতিক দলৰ বাবে নহয়। সামগ্ৰিকভাৱে অসমৰ ৰাইজৰ, বিভিন্ন শ্ৰেণী লোকৰ উপকৃত হ'ব পৰা প্ৰস্তুত কৰা তথ্যভিত্তিক এই খচৰাই নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধি তথা চৰকাৰক অসমৰ ৰাইজে কি বিচাৰে তাৰ এক আভাস দিব। ইয়াক কাৰ্যকৰী কৰিব পাৰিলে নিশ্চিতভাৱে বহু লোক উপকৃত হ'ব। এই পদক্ষেপ অত্যন্ত আদৰণীয়।

ৰজাঘৰীয়াক জগোৱাৰ বাবে এনে কাম এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপ সফল হ'বনে সেই কথা বৰ্তমান কব নোৱাৰি। এনে পদক্ষেপ সফল নোহোৱাটোৱে স্বাভাবিক। কিয়নো নিৰ্বাচনৰ পূৰ্বে এনে বহু কথা শুনে বিভিন্ন দলৰ প্ৰতিনিধিসকলে। কিন্তু সেই কথা তেওঁলোকে পাহৰি যায়। পিছে এনে ধনাত্মক পদক্ষেপে এদিন ভাৰতৰ দৰে এখন দেশৰ বাবে এক বিশেষ মাধ্যম হিচাপে পৰিগণিত হ'ব। য'ত কোনো লোকে কবলগীয়া কথাবোৰ কবলৈ সুযোগ পাব। দেশ তথা ৰাজ্যৰ সকলো লোকে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব।গণতন্ত্ৰত ৰাইজে ৰজা যদিও কেতিয়াবা নিজৰ মনৰ ভাব প্ৰকাশৰ বাবে কিছু লোকে কুণ্ঠাবোধ কৰা দেখা যায়। কিন্তু 'ছানা'ৰ দৰে সংস্থাসমূহে সেইসকল লোকক এখন মঞ্চ দিব। য'ত লোকসকলে তেওঁলোকৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ মনৰ কথা দিল্লীয়ে শুনিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in